ছাৰমেনৰ দুঃস্বপ্ন  – মংগলছিং ৰংফাৰ

ফেচবুক খোলাৰ লগে লগে তাৰ হ’মপেজত নটিফিকেশ্বনৰ ৰঙা এলাৰ্ট জ্বলি থকা ছাৰমেনে লক্ষ্য কাৰিলে৷ সি এফালৰ পৰা সকলোবোৰ এটা এটাকৈ খুলি চাই গ’ল-এটা বন্ধুত্বৰ অনুৰোধ বনানী বৰুৱাৰ পৰা আৰু বাকী বন্ধু-বান্ধৱী সকলৰ পাৰ্ছনেল মেছেজ আৰু তাৰ ৱাল প’ষ্টিঙৰ ওপৰত কমেণ্ট৷ ছাৰমেনে বন্ধুত্বৰ অনুৰোধটো কনফাৰ্ম কৰাৰ আগতে বনানী বৰুৱাৰ প্ৰ’ফাইল খুলি চালে-নাই, ইনফৰ্মেচনত বিশেষ একো লিখা নাই৷ তাই ইটানগৰৰ-ইমানেই সি জানিব পাৰিলে৷ তাইৰ এলবাম খুলি চালে-সি দেখিলে এখন অচিনাকি মুখ, তাৰ চিনাকি মুখৰ ভিতৰত নপৰে৷ তাই মিচ্যুৱেল বন্ধুৰ মাজতো নাই৷ মুঠতে তাই ছাৰমেনৰ সম্পূৰ্ণ অচিনাকি৷ এলবামৰ ফটোবোৰৰ পৰা তাৰ প্ৰাথমিক ধাৰণা হ’ল যে তাই বিবাহিতা, দুজনী কিশোৰী ছোৱালীৰ মাতৃ৷ সচৰাচৰ কৰাৰ দৰে ছাৰমেনে বিশেষ একো নভবাকৈয়ে বন্ধুত্বৰ অনুৰোধটো গ্ৰহণ কৰি কনফাৰ্ম কৰি দিলে৷ এক ই-সৌজন্য-ইমানেই৷

কিন্তু এদিন বন্ধুবোৰৰ মেছেজ আৰু আপদেটবোৰ পঢ়ি থাকোঁতে হঠাতে ছাৰমেনৰ মনত পৰিল-এই যে বনানী বৰুৱা, তাই নামৰূপৰ বনানী বৰুৱা নহয়টো! সি লগে লগেই মেছেজ কৰি সুধি পঠিয়ালে-‘আপুনি নামৰূপৰ বনানী বৰুৱা নহয়নে? ’

পিছদিনাখনেই তাই লিখিলে-‘ছাৰমেন, তুমি মোক চিনি পালা৷ বৰ ভাল লাগিল৷ বিচাৰি বিচাৰি তোমাক ফেচবুকত পালো৷ কেইবাদিনো চাটিঙত কথা পাতিম বুলিও ভাবিছিলোঁ৷ কিন্তু তুমি মোক চিনি নাই পোৱা বুলিয়ে ইমান দিন অপেক্ষা কৰিলোঁ৷ কিজানি তোমাৰ মনত পৰেইবা৷ ভগৱানক ধন্যবাদ, অৱশেষত তোমাৰ মনত পৰিল৷ ইমান দিনৰ পিছত তোমাক পাই খুব ভাল লাগিছে৷ তুমি অকণো সলনি হোৱা নাই৷ অলপ শকত হৈছা অৱশ্যে৷ তুমি কি কৰা, ক’ত আছা মই নাজানো কিন্তু৷ মই তোমাক আপুনি-ছাপুনি মাতিব নোৱাৰো দেই—তুমি মোৰ সেই ক্লাছ চেভেন-এইটৰ চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ ছাৰমেন ৰংপি হৈয়েই আছা, বুজিলা? তোমাক এতিয়াও নাই পাহৰা, আৰু নাপাহৰোঁও—বহুত দিনৰ পিছত তোমাক দেখি কি ক’ম কি নক’ম লাগিছে৷ তোমাৰ শ্ৰীমতী আৰু ছোৱালীজনীৰ ফটোবোৰ চালোঁ, বৰ মৰম লগা৷ উত্তৰ নিদিয়াকৈ নাথকিবা৷ উত্তৰ পালে মোৰ কথা জনাম—বনানী’ ছাৰমেনে একে উশাহতে মেছেজটো পঢ়ি পেলালে৷ হঠাতে তাৰ স্মৃতিৰ দুৱাৰ খোল খাই গ’ল৷ বনানী বৰুৱা তাৰ শৈশৱৰ পত্ৰবান্ধবী৷ ইমানদিনে তাৰ মনত পৰা নাছিল৷

সত্তৰ-আশী দশকত অসমত ‘পত্ৰ-বন্ধুৰ এক ‘ক্ৰেজ’ আছিল৷ অসমত তেতিয়া এনেকুৱা স্কুলীয়া ল’ৰা-ছোৱালী নোলাব যাৰ পত্ৰ-বন্ধু নাই৷ ছাৰমেনো তাৰ ব্যতিক্ৰম নাছিল৷ সি চিঠি লিখি ভাল পাইছিল৷ বনানীৰ মেছেজে তাক আকৌ এবাৰ শৈশৱ আৰু কৈশোৰৰ পত্ৰ-বন্ধুৰ সেই সোণোৱালী দিনবোৰলৈ ওভতাই নিলে৷ পত্ৰ-বন্ধুবোৰৰ পৰা ডাকযোগে অহা চিঠি পোৱাৰ কি যে এক অনাবিল আনন্দ! পত্ৰ-বন্ধুৰ পৰা পোৱা চিঠিবোৰ পঢ়োঁতে সেই মিঠা মিঠা অনামি অনুভূতি আৰু উত্তেজনা এতিয়াও সি অনুভৱ কৰিলে৷ হঠাতে সি নষ্টালজিক হৈ পৰিল৷

এটা সময়ত চিঠিয়েই আছিল খবৰ আৰু মনৰ ভাৱ আদান প্ৰদানৰ একমাত্ৰ মাধ্যম৷ ছাৰমেনে সেই সময়ত বন্ধু-বান্ধবীলৈ এনফ্ৰাংকৰ ডায়েৰীৰ আৰ্হিত দীঘ্লীয়া চিঠি লিখিছিল৷ তাৰ ক’ৰবাত এবাৰ পঢ়া মনত আছে-চিঠি লিখা হেনো এটা আৰ্ট৷ এক সাহিত্য কৰ্ম৷ বিশ্বৰ বিখ্যাত লোক সকলে লিখা চিঠিবোৰ পৰবৰ্তি কালত উৎকৃষ্ট সাহিত্য ৰূপে বিবেচিত হৈছে৷ পণ্ডিত নেহেৰুৱে জেলৰ ভিতৰৰ পৰা জীয়েক ইন্দিৰালৈ লিখা চিঠিবোৰ সাহিত্যৰ কিতাপত স্থান পাইছে৷

কিন্তু সেই দিনবোৰ এতিয়া আৰু নাই৷ মানুহে এতিয়া চিঠি লিখা বাদ দিলে৷ এতিয়া আহিল ম’বাইল, এছ-এম-এছ, ই-মেইল, চাটিং, ৱাটছআপ, ছ’চিয়েল নেটৱৰ্ক ইত্যাদি৷ বহুদিন ছাৰমেনে নিজেও চিঠি লিখা নাই৷ বৰ্তমানৰ দিনত তাৰ বাবে ফেচবুকেই বন্ধু-বান্ধবী সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰা উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈ আহিছে৷ কাৰণ তাৰ স্কুল-কলেজীয়া বন্ধুবোৰক সকলোকে ফেচবুকত সি বিচাৰি পাইছে৷ কিন্তু কৈশোৰৰ ‘পত্ৰ-বন্ধু’বোৰক কাহানিও ‘ফেচবুক’ত বিচৰা কথাটো তাৰ মনলৈ সমূলি অহা নাছিল৷ আচল কথাটো হ’ল-সি সঁচাকৈয়ে ‘পত্ৰ-বন্ধু’বোৰক পাহৰি পেলাইছিল৷ শৈশৱ আৰু কৈশোৰৰ এছোৱা কালৰ কথা ছাৰমেনে পাহৰি পেলাইছে৷ বিশেষকৈ চিতুংলাংছ’ৰ লগত জড়িত কথাবোৰ৷ বনানীয়ে চিতুংলাংছ’ৰ কথা উল্লেখ কৰাত তাৰ মনত পুনৰ সেই পুৰণা দুখে খুন্দা মাৰিলে৷ চিতুংলাংছ’ গাৱৰ সিহঁতৰ ‘কৃষ্টি পঁজা’ চাংঘৰটি যে কেতিয়াবাই ধ্বংস হৈ গ’ল সি এতিয়া বনানীক কেনেকৈ ক’ব? মৰমৰ ‘কৃষ্টি পঁজা’টি ধ্বংস হোৱাৰ দুখ পাহৰি যাবলৈ চেষ্টা কৰোঁতে চিতুংলাংছ’ৰ লগত জড়িত বহুতো কথাই যে সি পাহৰি পেলাইছে৷ বনানীয়ে ফেচবুকত তাক সোধে-মনত পৰেনে তোমাৰ ’৮১ চনৰ কথাবোৰ? নাই, ছাৰমেনৰ একো মনত নাই৷ সঁচাকৈয়ে তাৰ মনত পেলাব পৰা নাই-কিবা আছিল ৮১ চনৰ কথাবোৰ!

বনানীয়ে ফেচবুকত এদিন লিখিলে-তুমি চিতুংলাংছ’ৰ জুৰিটিৰ কথা আৰু তাৰেই কাছ আৰু মাছবোৰৰ কথা লিখিছিলা, চিতুংলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰিছিলা, তুমি চিতুংলাংছ’ৰ শাৰী শাৰী ‘হেমথেংছং’ আৰু চ’মাংকান উৎসৱৰ কথা লিখিছিলা, পিনি-পেকক পোছাকৰ কথা লিখিছিলা–আৰু তুমি মোক ৰুণজুন বুলি সম্বোধন কৰি চিঠি লিখিছিলা; কিন্তু আপুনি বুলি তুমি মোক কেতিয়াও মাতা নাছিলা আগতে৷ একেবাৰে পাহৰি গৈছা যদি মনত নেপেলাও দিয়া–‘কৃষ্টি পঁজা’, চিতুংলাংছ’-এটা সময়ত এই ঠিকনাটি মোৰ বৰ চিনাকি আছিল—ইমান বছৰৰ পিছতো একেবাৰে পাহৰা নাই তোমালোকৰ হেমথেংছং ‘কৃষ্টি পঁজা’ চাংঘৰটিৰ কথা৷ সেইটো আগৰ দৰেই আছেনে? নে এতিয়া তোমালোকৰ চিতুংলাংছ’ আৰু পাহাৰখন বহুত পৰিবৰ্তন হ’ল? —

বনানী বৰুৱাই পুৰণি স্মৃতি ৰোমন্থন কৰি আৰু বহু কিবা কিবি লিখিছিল মেছেজত৷ কিন্তু ছাৰমেনৰ মনত ইতিমধ্যে এজাক ধুমুহা পাৰ হৈ গ’ল৷ যেনেকৈ সিহঁতৰ পৰিয়ালৰ মানুহৰ আৰু ‘কৃষ্টি পঁজা’ৰ ওপৰেদি এদিন এক প্ৰচণ্ড ধুমুহা পাৰ হৈ গৈছিল৷ মেছেজ লিখিবলৈ গৈও ছাৰমেন আজি থমকি ৰ’ল৷ সি বহু সময় নিথৰ হৈ বহি থাকিল৷ তাৰ মানস পটত শৈশৱৰ হেৰুৱা স্মৃতিৰ ডোখৰীয়া ছবি আৰু চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ চাংঘৰটি সজীৱ হৈ ওপঙি ৰ’ল বহু সময়৷ হঠাৎ সি আবেগিক হৈ পৰিল আৰু এজন সৰু ল’ৰাৰ দৰে উচুপি উঠিল৷

ভাবিলে এতিয়াও ছাৰমেনে বুকুৰ একোণত বিষ অনুভৱ কৰে৷ তাৰ দুখ লাগে ভাবি-নব্বৈ দশকৰ কাৰবি আন্দোলনৰ সময়ত চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’টি যে দুস্কৃতিকাৰী আন্দোলনকাৰীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল৷ সেই আক্ৰমণত ধ্বংস হৈ গ’ল তাৰ শৈশৱ-কৈশোৰৰ স্মৃতি বিজড়িত চিঠি-পত্ৰ, এলবাম, কিতাপ-পত্ৰ আৰু মাক-দেউতাকে গঢ়ি তোলা কষ্টোপাৰ্জিত সকলো সম্পত্তি৷ সেই আক্ৰমণৰ ফলতেই থান-বান হৈ গৈছিল সিহঁতৰ পৰিয়াল৷ সেই ঘটনাই ছাৰমেনক ইমান দুখ দিছিল যে এসময়ত জীয়াই থকাৰ প্ৰেৰণাই সি হেৰোৱাই পেলাইছিল৷ মানসিক ভাবে বৰকৈ ভাগি পৰা ছাৰমেনৰ হেৰাই গৈছিল মানুহৰ ওপৰত তাৰ আস্থা-বিশ্বাস৷ সি বন্ধু-বান্ধৱ আৰু মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি ফুৰিছিল৷ এই ঘটনাৰ দুখে তাক ইমান আঘাত দিছিল যে সি বহুবছৰলৈকে বহু চেষ্টা কৰিও পাহৰিব পৰা নাছিল৷

জীৱনত কাদমক লগ নোপোৱা হ’লে ছাৰমেনে জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ প্ৰেৰণা নাপালেহেঁতেন৷ তাৰ বাবে তায়েই এতিয়া বন্ধু আৰু পথপ্ৰদৰ্শক৷ তাই তাৰ প্ৰেৰণাৰ উৎস৷ তাইৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাতেই সি চিতুংলাংছ’ৰ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিছিল৷ কাদমে তাক জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী ল’বলৈ আৰু জীৱনটো নতুনকৈ যাপন কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ তাই ছাৰমেনক বুজাইছিল যে জীৱনত কেতিয়াবা কোনো আপোনজনক অথবা আপোন কোনো বস্তু হেৰুৱালে দুখ লগাটো স্বাভাবিক৷ এই দুখবোধ হয়তো কেতিয়াবা এক-দুই বছৰলৈকে থাকিব পাৰে৷ সেয়া কোনো ডাঙৰ কথা নহয়৷ কিন্তু এই দুখবোধ পাঁচ-ছয় বছৰলৈকে অনুভৱ কৰি থকা যায়, তেন্তে সেয়াহে অস্বাভাবিক কথা৷ তাই আৰু কৈছিল-‘তোমাৰ এই দুখবোধেই এদিন মানসিক ৰোগলৈ ৰূপান্তৰিত হ’ব৷ তুমি চিতুংলাংছ’ৰ ঘটনাটো একেবাৰে পাহৰি পেলোৱা৷ জীৱনক প্ৰত্যাহ্বান হিচাপে লোৱা৷ জীৱনত তুমি ইয়াতকৈয়ো ডাঙৰ বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ তেতিয়া তুমি কি কৰিবা? ’ সৰু-ক্ষীন অৱয়বৰ এই কাদমজনীৰ ভিতৰত যে এজনী শক্তিশালী ব্যক্তিত্ব লুকাই আছে সান্নিধ্যলৈ নাহিলে ধৰিব নোৱাৰি৷ কাদমৰ সাহচৰ্যত ছাৰমেনে চিতুংলাংছ’ৰ ঘটনাটো পাহৰি যাবলৈ চেষ্টা কৰিছিল৷ তথাপি তাৰ মনৰ এটা কোণত বিষণ্ণতাবোধ থকি গ’ল, যিটো সি কাহানিও কাকো প্ৰকাশ কৰা নাই৷ বনানীয়ে বাৰু হৃদয়ংগম কৰিব পাৰিবনে? তাৰ জীৱনৰ এই ‘ট্ৰেজেডি’ৰ কথা বনানীয়ে বুজিব পাৰিবনে? নিজৰ জীৱনৰ দুখৰ কথা অচিনাকি মানুহৰ আগত প্ৰকাশ কৰাত ছাৰমেন পক্ষপাতী নহয়৷ কিন্তু বনানীয়ে যে চিতুংলাংছ’ৰ আৰু ‘কৃষ্টি পঁজা’ৰ বহু কথাই জানিছিল চিঠিৰ যোগেদি৷ তাই ছাৰমেনৰ আপোন মানুহৰ দৰেই, যদিও সিহঁতৰ মাজত কোনো দিনে দেখা-সাক্ষাৎ হোৱা নাই৷ সি বহু কথাই তাইক ক’বলৈ মন গ’ল ইমান দিনে তাৰ মনত সঞ্চিত হৈ থকা খং-ক্ষোভ, দুখ-বেদনা সকলোবোৰ কথা৷ হৃদয় উজাৰি সকলো কথা প্ৰকাশ কৰিবৰ মন গ’ল ছাৰমেনৰ যাতে দুখবোৰ তাৰ মনৰ পৰা আঁতৰি যাওক৷ ছাৰমেনে ফেচবুকৰ মেছেজ বক্সটো খুলি লিখিবলৈ ল’লে–

‘বনানী, তুমি চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ কথা সুধিছা৷ কিন্তু তোমাক কি ক’ম-দেউতাই কাৰবি পৰম্পৰাগত চাংঘৰৰ আৰ্হিত আমাৰ মৰমৰ হেমতোন-হেমথেংছং ‘কৃষ্টি পঁজা’টি কাৰবি আন্দোলনৰ সময়ত দুস্কৃতিকাৰীহঁতে ভাঙি-ছিঙি ধ্বংস কৰি পেলালে৷ ‘কৃষ্টি পঁজা’ৰ এতিয়া কোনো চিন-মোকাম নাই-আমি চিতুংলাংছ’ এৰি গুচি অহা বহুবছৰেই হ’ল৷ চিতুংলাংছ’ৰ কথা মই এতিয়া একো ক’ব নোৱাৰিম৷ চিতুংলাংছ’ৰ কথাবোৰ মই এতিয়া পাহৰিব বিচাৰো; কিন্তু নোৱাৰোঁ৷ সেয়া ১৯৯৩ চনৰ কথা৷ স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন উঠিছিল তেতিয়া তুংগত৷ শান্তি হিচাপে পৰিচিত কাৰবি পাহাৰত আন্দোলনকাৰীৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অশান্তিময় পৰিবেশ, চাৰিওফালে শংকা-সংশয়ৰ চেপা উত্তেজনা৷ অনবৰতে বন্ধ, সমদল, গণ-সমাবেশ, হৰতাল, পথ-অৱৰোধ৷ মাজে মাজে দলীয় সংঘাত, আক্ৰমণ-প্ৰত্যাক্ৰমন, ভাতৃঘাতী সংঘৰ্ষ৷ দাবী একেটাই-কিন্তু বিভাজিত আন্দোলনকাৰী যেন যুযুধান দুটা দল৷

২৭ মে’১৯৯৩ চন৷ ডকমকাৰ ছিং টেৰন গাঁৱৰ পাৰি টেৰনক নৃশংসভাবে হত্যা৷ হঠাতে ১০০ ঘণ্টীয়া বন্ধ, হোষ্টেলৰ পৰা ঘৰলৈ আহি আৱদ্ধ হৈ ৰৈ গ’লো মই গাঁৱতে কেইবাদিনলৈকে৷ সেইদিনা আছিল ২জুন৷ মোৰ এতিয়াও স্পষ্টকৈ মনত আছে, যেন ঘটনাটো সৌ সিদিনাহে ঘটিছিল৷
জুন মাহৰ গৰমত আমি বহু পৰলৈকে শুব পৰা নাছিলোঁ৷ ৰাতি কিমান বাজিছিল আমি জনা নাছিলোঁ৷ সম্ভব তেতিয়া আমাৰ ঘৰৰ সকলোৰে চিলমিল টোপনি আহিছিল৷ হঠাতে মানুহৰ গুণগুণনিৰ শব্দ আৰু এটা সমদল আমাৰ ঘৰৰ ফালে আগবাঢ়ি অহা যেন লাগিছিল৷ এইটো আমাৰ পৰিয়ালৰ মানুহৰ বাবে কোনো নতুন কথা নাছিল৷ কাৰণ কেতিয়াবা আন্দোলনকাৰী সকলে আমাৰ পদূলি মূখৰ আগেদি সমদল কৰি যায়, আমাৰ ঘৰৰ বিৰুদ্ধে শ্ল’গান দি যায়, অশ্ৰাব্য গালি-গালাজ কৰি যায় অথবা শিলগুটি, মাটিচপৰা আদি দলিয়াই থৈ যায়৷ আমাৰ পৰিয়ালৰ মানুহৰ এটাই অপৰাধ-আমি আন্দোলনকাৰীৰ সেইটো পক্ষত নাই৷

আমাক সামাজিক ভাবে বৰ্জন কৰা হৈছিল৷

কিন্তু সেইদিনা সেয়া আন্দোলনৰকাৰীৰ কোনো সমদল নাছিল৷ দেউতাৰ নাম ধৰি চিঞৰি চিঞৰি মতা আমি শুনিছিলোঁ৷ হঠাতে শতাধিক মানুহ আমাৰ ঘৰৰ চাৰিওফালে আগুৰি ধৰিছিল৷ ঘৰৰ দৰ্জা, বেৰ, খুটা, চাল সকলোতে লাঠিৰে বিশ্ৰামহীন ভাবে সিহঁতে আঘাত কৰিছিল৷ সৰু ভাইটিহঁতে টোপনিৰ জালত ধুমুহা অহা বুলি ভাবিছিল৷ ঘটনাৰ আকস্মিকতাত আমি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলোঁ৷ কোন মুহূৰ্তত বহু মানুহ দৰ্জা ভাঙি সোমাই অহিল আমি তলকিবই নোৱাৰিলোঁ৷ আক্ৰমণকাৰীহঁতে আমাক সকলোকে নিৰ্বিচাৰে আক্ৰমণ কৰিলে৷ আক্ৰমণকাৰীৰ মাজৰে এজনে চিঞৰা শুনিলো-‘বুঢ়ীৰ গাত হাত নিদিবা৷ বুঢ়ীক এৰি দিয়া’৷ মাই কান্দি কান্দি আক্ৰমণকাৰীসকলক কাবৌ কৰি কৈ আছিল-‘মোৰ বুঢ়াটোক নামাৰিবা, নামাৰিবা, বেমাৰি মানুহ৷ মৰি যাব’৷ মাই চিঞৰি চিঞৰি কান্দি আছিল৷

দেউতাক সিহঁতে নিৰ্দয়ভাবে খেদি খেদি মাৰিছিল৷ উপাই নাপাই দেউতাই পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল৷ দেউতাই পুখুৰীত জাপ মাৰি পানীৰ তলেদি সাঁতুৰি পুখুৰীৰ এটা চুকত পানি মেটেকাৰে মুখ ঢাকি লুকাই আছিল৷ বুঢ়া পানীত ডূবি মৰিল বুলি আক্ৰমণকাৰীহঁত গুচি গৈছিল৷
মোৰ ভাইটি এজনে আন্ধাৰৰ সুযুগ লৈ আক্ৰমণকাৰীৰ কবলৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল৷ আৰু সি ভালেমান বাট দৌৰি গৈ খবৰ দিছিল পুলিচক৷

পুলিচৰ গাড়ী আহি পোৱাৰ লগে লগে ‘কোন ক’ত আছে সোনকালে উঠা উঠা’বুলি কৈ অমাক সকলোকে গাড়ীত উঠাই ততালিকে চিতুংলাংছ’ ত্যাগ কৰি আশ্ৰয় শিবিৰলৈ লৈ আহিছিল৷ কিছুদূৰ গৈ লক্ষ্য কৰিলো গাড়ীত ভাইটি, দেউতা আৰু মই৷ মা নাই৷ মা ক’ত, মা ক’ত? আমাৰ মাজত হাঁহাকাৰ লাগিল৷

মা পিছদিনাখন আশ্ৰয় শিবিৰলৈ নিজে আহি ওলাইছিল৷ মা হেনো সেই ৰাতি জোপোহা এটাত লুকাই আছিল৷ গাড়ী অহা দেখা পাইছিল কিন্তু সেয়া আক্ৰ্মণকাৰীৰ দল বুলি ভাবি ওলাই অহা নাছিল৷

সেই তেতিয়াই আমি চিতুংলাংছ’ এৰিলোঁ৷ বৰ্তমান আমি ডিফুত থাকো৷ আক্ৰমণকাৰীহঁতৰ আঘাতত দেউতাৰ হাত ভাঙিল আৰু ভাইটিৰ ভৰি ভাঙিল৷ দুয়ো এক প্ৰ্কাৰ পংগু৷ মাই দুখতে অনবৰতে চকুপানী টোকে৷ চকুৰ পৰা অবিৰাম চকুৰ পানী বৈ আহে৷ ফলত চকুৰ দৃষ্টি হেৰাই গৈছে৷
গুৰুতৰভাবে মোৰ একো হোৱা নহ’ল, কিন্তু আক্ৰমণকৰীহঁতৰ গচকৰ বাবে মোৰ বুকুখন এতিয়াও মাজে মাজে বিষায়৷

–চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ৷ নিজৰ মাতৃভূমিতে গৃহহাৰা, ভগনীয়া হ’বলগীয়া দুখ, নিজৰ মাটি-বাৰী হেৰুৱাব লগীয়া দুখ, নিজৰ জন্ম ঠাইৰ পৰা উচ্ছেদিত হোৱাৰ দুখবোৰ মই পাহৰিব খোজোঁ৷ –কিন্তু চিতুংলাংছ’ৰ সেই অভিশপ্ত নিশাৰ ঘটনাটো আৰু আমাৰ মৰমৰ হেমতোন-হেমথেংছং ‘কৃষ্টি পঁজা’ ঘৰটো এতিয়াও কেতিয়াবা মাজে মাজে মই মোৰ সপোনত দেখোঁ৷ এক প্ৰকাৰ ই এক দুঃস্বপ্ন–চিতুংলাংছ’ৰ সেই সমগ্ৰ ঘটনাটোৱেই মোৰ জীৱনৰ এটা দুঃস্বপ্ন’–

কথাখিনি লিখি ছাৰমেনে ৰিপ্লাই বাটনত ক্লিক কৰি পঠিয়াই দিলে৷ তাৰ মনটো বহুত পাতল পাতল লাগিল-যেন বুকুৰ পৰা এছটা গধুৰ শিল আঁতৰি গ’ল৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments