ছাৰ আৰু বাইদেউ! – জ্যোতিৰূপম দত্ত

শিক্ষা–প্ৰতিষ্ঠানত চাকৰি কৰা প্ৰায় বহু বছৰেই হ’ল৷ চাকৰি জীৱনৰ আৰম্ভণিতে বহুবছৰ শিক্ষকতাও কৰিছিলো৷ এজুম উজ্জ্বল চকুৰ ল’ৰা-ছোৱালীক কাৰিকৰী কথা কেইটিমান নিৰহ-নিপানীকৈ বুজাই দি পোৱা সন্তুষ্টিৰ কথাই সুকীয়া আছিল৷ নানা প্ৰশ্নৰ উত্তৰ বিচাৰি হায়ৰাণ হোৱা এজাক ল’ৰা-ছোৱালীক দিকদৰ্শন দি পোৱা অদ্ভুত তৃপ্তিৰ কথা বুজাজনেহে বুজিব৷ বহু সময়ত সিহঁতে মোৰ ধমকি বা কেতিয়াবা স্ক্ৰু-ড্ৰাইভাৰৰ কোব পৰ্য্যন্ত বিনাদ্বিধাই হজম কৰিছিল৷

এতিয়া আচল কথালৈ আহো৷ কৰ্মক্ষেত্ৰতে মই দীপজ্যোতি মানে বৰ্তমানৰ সহধৰ্মিনীকো লগ পাইছিলো৷ কেইদিনমানৰ ভিতৰতেই চকুৰ পৰা মনলৈ গতি কৰা আত্মিক সম্বন্ধটোৱে মোৰ জীৱনটোক নতুনকৈ গতি দিছিল৷ পিছে আমাৰ বাবে সেই সময়ছোৱাত আজিৰ যুগৰ দৰে ডেটিং বোলা বস্তুটো ইমান সহজ নাছিল৷ সপ্তাহৰ আন বাৰত সময় নাথাকে বাবেই ৰবিবাৰ বা আন বন্ধৰ দিনতহে প্ৰায়েই আবেলি পৰত মোৰ ভেচপা স্কুটাৰখনত উঠি দুয়ো গুৱাহাটীখন ঘূৰি ফুৰিছিলো৷

কেতিয়াবা চানমাৰিৰ ফ্লাইঅভাৰৰ ৰেলিঙত ভেজা দি দুআষাৰ কথা পতা, কেতিয়াবা সমুখত ধোঁৱাই থকা চিকেন চাওমিন লৈ ইউ-টাৰ্ণ ৰেস্তোৰাঁত এখন্তেক বহা, কেতিয়াবা দীঘলীপুখুৰীৰ পাৰে পাৰে খোজকঢ়া, কেতিয়াবা চানাচুৰ চোবাই চোবাই লুইতৰ পাৰৰ পৰা সূৰ্য্যাস্ত চোৱা, কেতিয়াবা বন্দনা-অনুৰাধাৰ বেলকনিত বহি মেটিনি শ্ব’ চোৱা, এইবোৰেই সেই সময়ত আমাৰ দুয়োৰে বাবে প্ৰেমৰ সৰগীয় মুহূৰ্ত আছিল৷

পিছে সেই সৰগীয় মুহূৰ্তকেইটিৰ ৰসভংগ ঘটাবলৈ এটি মাত্ৰ শব্দই যথেষ্ট আছিল৷ কেতিয়াবা ৰেস্তোৰাঁত বহি গৰম চাওমিন একপ্লেট আগত লৈ আমাৰ দুয়োৰে মাজত লগা আগদিনাৰ কাজিয়াখন ওৰ পেলাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোহে মাত্ৰ, এনেতে শুনিমেই নহয় সেই আপুৰুগীয়া সম্বোধনটো –

: “ছাৰ! অ’, বাইদেৱো আছে দেখোন!”

কেতিয়াবা আকৌ বন্দনা চিনেমা হলৰ বেলকনিৰ ছিটত আৰামেৰে বহি ৰোমান্তিক চিনেমাৰ জুতি লবলৈ আৰামেৰে দুয়ো বহিছো মাত্ৰ, এনেতে পিছফালৰ পৰা মিহিকৈ মাত এটা শুনিম –

: “ছাৰ! চিনেমা চাবলৈ আহিছে নেকি? ”

হে পৰভূ! কীৰ্ত্তন পাঠলৈ অহা নাই অ’ বোপাই, চিনেমাহে চাবলৈ বুলি আহিছিলো! সকলোতে কেবল ‘ছাৰ’ আৰু ‘বাইদেউ’৷ এনেদৰেই কেনেবাকৈ সেইবোৰ দিন পাৰ কৰা হৈছিল৷

এনেকৈ এদিন বিয়াখনো হৈ গ’ল৷ বিয়াৰ কেইসপ্তাহমান পাছত হনিমুনলৈ ওলালো৷ মানালি, আগ্ৰা, জয়পুৰ, দিল্লী এনেকৈ এটি বৰ দীঘলীয়া হনিমুন পৰ্ব নিৰ্দিষ্ট কৰি থোৱা আছিল৷ যথাসময়ত ৰেলেৰে দিল্লীলৈ যাত্ৰা আৰম্ভ হ’ল৷ বঙাইগাওঁ পাবৰ হওতেই মই দীপজ্যোতিক ক’লো, “আৰু চিন্তা নাই! অলপ পৰ পাছতে অসম পাৰ হ’ম৷ কেইদিনমানলৈ এই ‘ছাৰ’, ‘বাইদেউ’ মাতকেইষাৰি নুশুনাকৈ থাকিম৷ ৰক্ষা দেউ! ” পিছে মোৰ কথাষাৰ শেষ হ’ল কি নহল পিছৰ পৰা থহৰকৈ মাত এষাৰ শুনিলো –

: “ছাআআআৰ! ইয়ে বাইদেৱো দেখোন! বিয়ালৈ নামাতিলে ন’?”

ঘূৰি চালো৷ ডবাটোত মোৰেই পুৰণা ছাতৰ এজন৷ সি হেনো এলাহাবাদলৈ যাব৷ অকলে ওলাইছে৷ বচ! কোনে পায় আৰু৷ কথাচহকী ল’ৰাজনে পিছদিনা এলাহাবাদ নোপোৱালৈকে মাজে মাজে ‘ৰাউণ্ড’ত আহি আমাৰ দুয়োৰে খবৰ-পাতি লৈ আড্ডা জমাই থাকিল৷ আনকি ৰাতি আহি দুয়োকে ‘গুডনাইট’ দিবলৈকো নাপাহৰিলে!

এই ‘ছাৰ-বাইদেউ’ৰ আতিশয্য পিছে এতিয়াও শেষ হোৱা নাই৷ বজাৰে-সমাৰে এতিয়াও প্ৰায়েই মাতষাৰ শুনিবলৈ পাওঁ৷ সিদিনা ফাঁচীবজাৰত ছোৱালীজনী আৰু মাকে বজাৰ কৰিবলৈ সোমোৱা খাৰু-মণিৰ দোকানকেইখনৰ কাষত টুল এখন বিচাৰি বহি লৈ হামিয়াই-হিকটিয়াই জুকাৰবাৰ্গৰ থাপনাখন মানে ‘ফেচবুক’ খুলি লওতেই পুনৰ সেই মৌ-বৰষা মাতষাৰ কাণত পৰিল!

: “ছাৰ! বজাৰ কৰিছে? ”

মোৰ আঙুলিৰ ফাকত অমুক বস্ত্ৰ-ভাণ্ডাৰ, অমুক মণিহাৰী দোকানৰ ছাবমৰা মোনাকেইটিয়ে জাননী দিয়াৰ পাছতো সেই প্ৰশ্নবান কেতিয়াবা আকৌ ৰাষ্টাই ঘাটে থৰে থৰে সজাই থোৱা খাদ্য-সামগ্ৰী এবিধৰ লোভ সামৰিব নোৱাৰি ইফালে সিফালে চাই খৰখেদাকৈ দুই-এটা মুখত ভৰাওতেই শুনো –

: “ছাৰ! ফুচকা খাইছে? ”

সেয়াই কথা৷ পিছে কেতিয়াবা বিৰক্ত হলেও বহুসময়ত এই সম্বোধনটো ভালেই লাগে৷ প্ৰত্যক্ষ শিক্ষাদান প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি আজি ভালেমান দিন শিক্ষা-ব্যৱস্থাপনাৰ কামত আত্মনিয়োগ কৰাৰ পাছতো এতিয়াও মাজে মাজে এই সম্বোধনটি শুনো৷ কথাষাৰ শুনি প্ৰায়েই সেই তাহানিৰ দিনলৈ মনটো উৰা মাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক