ছাৰ মই ইন্দ্ৰানীয়ে কৈছো -বিদ্যুৎ বিকাশ দত্ত

ছাৰ, মোক চিনি পাইছেনে?

মই  ইন্দ্ৰানী…

আপোনাৰে ছাত্ৰী।

আপুনিযে কয় “এইজনী মোৰ লগৰ বকুলৰ জীয়েক, বৰ ধুনীয়া গাভৰুজনী হৈছে”

লাজ লাগি যায় ছাৰ আপোনাৰ চাৱনিটো দেখি…

দেউতাইটো কয় আপুনি বোলে তেঁওতকৈ ছয় বছৰমান আগৰ।

কি স্বাৰ্থত বাৰু আপুনি দেউতাৰ লগৰ বুলি

ঘৰুৱা হ’ব বিচাৰে ছাৰ!

আপোনাৰ জী মামনি মোৰ তলৰ শ্ৰেণীত পঢ়ে,

তাই জীয়ৰী হওঁতে আপুনি আমাক কৈছিল-

“মামনি ডাঙৰ হ’ল,

বিয়ালৈ যাবি”

এই “ডাঙৰ হ’ল” আৰু “ধুনীয়া গাভৰুজনী হ’ল” মাজৰ পাৰ্থক্যটো মই বুজি পাওঁ ছাৰ।

বয়সত সৰু হ’লেও,

মহাকাব্যৰ কথা নুবুজিলেও

কথাৰ ইচাৰাতে আমি বুজি পাওঁ

জগতখন কিমান নাঙঠ।

পুৱাতে বোলে আপুনি মামনিৰ মুৰ চুই আৰ্শীবাদ দিয়ে।

ভাল লাগে শুনি।

ভাৱি চাওঁ

 আপোনাৰ কন্যা হোৱা হ’লে চাগে  জীৱনেই সাৰ্থক  হ’ল হয়…

কিন্তু স্কুলৰ  নিজান কৰিড’ৰটোত মোক লগ পালে

আপুনি চিকুটি যাব বিচাৰে মোৰ ৰঙচুৱা গাল।

দি যাব বিচাৰে  আপদীয়া আৰ্শীৱাদ।

এয়া কেনে অন্যায় ছাৰ!!

মই জানো ছাৰ,

আপোনাৰ বহু ডিগ্ৰী-ডিপ্লমা আছে।

ৰাজ্যতে শিক্ষক বুলি সুনাম আছে আপোনাৰ

কিন্তু ভয় লাগে ছাৰ

কেতিয়াবাযে আপোনাৰ পৰিচয় নিউজ চেনেলৰ ৰঙা গোলটোৰ মাজত সোমাই যাব পাৰে

চিৰিয়াখানাৰ জন্তুৰ দৰে আপোনাক জুমি জুমি চাব আপোনাৰ স্কুলৰে “ধুনীয়া গাভৰু”বোৰে!

ভাৱকচোন,

 আপোনাৰ মামণিয়ে বাৰু কিমান লাজ পাব সেইদিনা!!

ময়ো লাজ পাম ছাৰ…

কাৰণ আপুনি মোৰ শিক্ষক…

কথাৰ লাগ বান্ধ নাথাকিলেও,

চিকুটিবৰ বাবে “ন যযৌ ন তস্থৌ” হাত দুখন থাকিলেও 

আপুনিযে মোৰ  শিক্ষক(!)…

বেয়া নাপাব ছাৰ

মই  ইন্দ্ৰাণীয়ে কৈছো…

আপোনাৰে স্কুলৰ

নৱম শ্ৰেণীৰ

ইন্দ্ৰানী…

(এগৰাকী ইন্দ্ৰানীৰ মনৰ কথা এয়া। ছাৰ, আপোনাৰ দৰে জ্যেষ্ঠ শিক্ষকক  কেনেকৈ বুজাম বাৰু? ইন্দ্ৰানীৰ মনৰ কথা কবিতাৰে লিখিলো। অনুগ্ৰহ কৰি সংশোধন হওক।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক