ছিঃ অসমীয়া (ঈশানজ্যোতি বৰা)

অসমীয়া ভাষাসাহিত্য সভাৰ উপদেষ্টা দণ্ডীৰাম ৰাজখোৱাৰ মুখত কথাটো শুনিয়েই সভাৰ মুখ্য প্ৰচাৰ সম্পাদক হৃদয়ানন্দ বৰঠাকুৰৰ কাণমূৰ ভীষণ ক্ৰোধ আৰু আক্ৰোশত ৰঙা পৰি গল। হাতত লৈ থকা চাহৰ কাপটো প্ৰচণ্ড জোৰেৰে বেৰলৈ দলিয়াই দিলে। লগে লগে কাপ দুফাল। কোন ননচেঞ্চৰ ইমান সাহস!! বৰঠাকুৰৰ দৰে এজন মহাপুৰুষ, এজন পূণ্যাত্মা, সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ অসমীয়া জীয়াই থাকোতে কেওকিছু নোহোৱা, ভাষাসাহিত্যৰ কোনো জ্ঞান নথকা, অল্পমতি ঘটিৰামবাটিৰাম এজন অসমীয়া ভাষাসাহিত্য সভাৰ প্ৰেছিদেণ্ট হয়!

কোন কত আছ! ধৰি আন তাক। আঁঠু কঢ়াই থম মোৰ গেটৰ সমুখত। ইমান দু:সাহস! চিনি পোৱা নাই এই বৰঠাকুৰক! এটা বাঘ ঢকাতে সিফলীয়া কৰিম বাপ্পেকে!!” – বৰঠাকুৰৰ তীব্ৰ গৰ্জন শুনি ভিতৰৰ পৰা তেওঁৰ পুতেকটো লৰি আহিল।

পাপ্পা!! ইমানকৈ চিল্লাইছাকিয়?” – পুত্ৰৰ প্ৰশ্ন।

তই নুবুজিবি। এইবোৰ আমাৰ জাতীয় সমস্যা। জাতিৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শন নকৰা কিছুমান জাতিদ্ৰোহী মানুহৰ নীচ কৰ্মৰ ফল আমিবোৰে ভোগ কৰিব লগাত পৰিছোঁ। মইয়ো চাই লম সিহঁতক!! মোক পাছ পেলাই কোনে প্ৰেচিডেণ্টৰ আসন চোয়ে, ময়ো চাই লম।” বৰঠাকুৰে ফেঁটি সাপৰ দৰে ফোঁচফোঁচাবলৈ ধৰিলে।

মাই গড! তুমি নিষ্ঠাক কেনেকৈ চিনি পোৱা? তাই মোৰ ক্লাছমেট।” আশ্চৰ্য প্ৰকাশ কৰি সৰল পুত্ৰই কৈ উঠিল।

তই সেইবোৰ বাদ দে। অসমীয়া ডিকচনেৰীখন লৈ আনচোন। দুটামান শব্দ চাই লওঁ। মিটিঙত গৈ আজি ঠিকচে্ গালি দিব লাগিব। কোনোদিনে কোনোকালে নুশুনা দুটামান বিয়াগোম অসমীয়া শব্দ আজি হলহলকৈ মাতি মোৰ প্ৰতিভা প্ৰদৰ্শন কৰিব লাগিব। যা, যা পটাপট যা।” একান্ত বাধ্য সন্তানৰ দৰে পুত্ৰই অভিধান বিচাৰি ভিতৰলৈ গমন কৰিলে।

বৰঠাকুৰো পেণ্টচোলা কোঁচাই মিটিঙলৈ যাবলৈ সাজু হল। পুতেকে ভিতৰৰ পৰা কঢ়িয়াই অনা অভিধানখন আজুৰি দুটামান নতুন শব্দও মুখস্থ কৰি ললে।

আজি কাৰো ৰক্ষা নাই, মিটিং ফালি দিম আজি।‘ – মিটিঙলৈ ৰাওনা হোৱাৰ আগমুহূৰ্তত পুতেকক উদ্দেশ্যি বৰঠাকুৰৰ প্ৰতিশ্ৰুতি।

মিটিঙত এজনদুজনকৈ ইতিমধ্যেই অনেক মানুহ গোট খাইছে। ভিৰ ঠেলি বৰঠাকুৰো গৈ প্ৰেক্ষাগৃহত সোমাল। বৰঠাকুৰৰ আগমণে অৱশ্যে ৰাইজৰ দৃষ্টি তেতিয়ালৈকে আকৰ্ষণ কৰিব পৰা নাই। বৰঠাকুৰো উলামূলাবিধৰ মানুহ নহয়। ইজনৰ গাত খুন্দিয়াই, সিজনৰ ভৰিত গচকি বৰঠাকুৰগৈ মঞ্চত পাৰি থোৱা চকীত বহিলগৈ।

হেৰি মহাশয়! এইখন আমাৰ প্ৰাক্তন সভাপতিৰ বাবে থোৱা চকীহে।” কাষতে বহি থকা এজনে কলে।

থৈ দিয়া হে প্ৰাক্তন সভাপতি!! এইবোৰক মই কেয়াৰ নকৰোঁ। এইবাৰ সভাপতি মই হম। বুজিছা মই।” মানুহজনক ধমক এটা দি হৃদয়ানন্দই মেজৰ ওপৰত থকা মাইকটো নিজৰ গাৰ ফালে টানি আনিলে।

শুনক ৰাইজ! মিছাতে হুলস্থুল কৰি লাভ নাই। সাহিত্য সভাৰ হেৰোৱা গৌৰৱ, কীৰ্তি পুনৰুদ্ধাৰ কৰিবৰ বাবে সভাক এতিয়া এক উজ্জ্বল ব্যক্তিত্বৰ আৱশ্যক। আই মিন টু চেই মানুহজন অলপ ইয়ং এণ্ড এনাৰজেটিক। আমাক এতিয়া হাজাৰহাজাৰ কবিতা, গল্প লিখি লাখলাখ কাগজৰ শৰাধ কৰা মানুহৰ দৰকাৰ নাই। এনেই অসমত বাঁহগছৰ আকাল। বাৰ মাহত তেৰখন কিতাপ লিখি মোমায়েকভাগিনৰ হতুৱাই পেপাৰত ক্ষুৰধাৰ সমালোচনা লিখা বিয়াগোম লেখকো আমাক এতিয়া নালাগে। ভাষাসাহিত্যৰ নামত সভাৰ বাহিৰেভিতৰে এতিয়া কেৱল হতাশা আৰু নিৰাশা। তাৰ বাহিৰে অত বছৰে আমি কি পালোঁ? এটা বৃহৎ গোলাকাৰ হাঁহৰ কণী। নহয় নে?”

বৰঠাকুৰ। কি কব বিচাৰিছে চিধাচিধি কওক। আমিও আজি বহুত কিবাকিবি কম বুলি আহিছোঁ। আপোনাৰ ফটুৱা লেকচাৰ শুনিবলৈ আমি ইয়ালৈ অহা নাই।” বৰঠাকুৰৰ উদাত্ত ভাষণ চলি থকাৰ মাজতে সভাৰ প্ৰথম শাৰীত বহি থকা সুলেখিকা তথা সচেতন নাগৰিক বন্দনা দত্তই চকু ৰঙা কৰি কলে।

মিছেছ দত্ত, কথা ভালকে ক! আপুনি নাজানে আপুনি কাৰ আগত কথা কৈ আছে!! বাই দি বাই, তৰ্ক নিউজ চেনেলত কৰিম। আগতে মোৰ মনৰ কথাখিনি কৈ লওঁ। মই ভাবিছোঁ, মানে ডিছিচনটো প্ৰায় লৈয়েই পেলাইছোঁ। এইবাৰ প্ৰেছিডেন্টৰ আসনখনত মই বহিম। মোৰ ভাৱ হৈছে, এইসময়ত লেহেমীয়া হৈ থকা সাহিত্য সভাৰ গাড়ীখনক ফুল স্পীডত চলাই লক্ষ্য স্থানত পহুচাবৰ বাবে, মানে উপনীত কৰাবৰ বাবে মোৰ দৰে এজন উজ্জ্বল জ্যোতিষ্ক, ভোটাতৰা তথা সৰ্বগুণসম্পন্ন মহাপুৰুষৰ দৰকাৰ। আশা কৰোঁ, আপোনালোকে মোকেই পৰৱৰ্তী প্ৰেছিডেণ্ট হিচাপে গ্ৰহণ কৰিব। আপোনালোকেতো জানেই, মোৰ একো বেয়া গুণ নাই। অসমৰ মানুহে মোক হাড়েহিমজুৱে চিনি পায়। মোৰ মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে কেৱল এটা বস্তুৱেই আছে-‘অসমীয়াত্ব। জাতীয় চেতনা, জাতীয়তাবাদ, দেশপ্ৰেম আদি গুণবোৰ মোৰ শৰীৰত উভৈনদী। সন্ধিয়া বেলা বিলাতৰ হুইস্কি দুইতিনি পেগ পান কৰাৰ বাহিৰে বাকী সকলো দৈনন্দিন কামতেই মই অসমৰ থলুৱা বস্তুৱেই ব্যৱহাৰ কৰোঁ। অৱশ্যে, চাৰিআলিৰ কাষৰ কনপাইৰ দোকানত মাহেকেপষেকে লোকেল চুলাই অকণমান নোখোৱা নহয়। হে হে হে” অন্তৰ পৰশি যোৱা হাঁহি এটা মাৰি বৰঠাকুৰে মনৰ কথাবোৰ ৰাজহুৱা কৰিলে।

নেভাৰ। আপোনাৰ দৰে মানুহ এজন সাহিত্য সভাৰ প্ৰেছিডেণ্ট হব নোৱাৰে! এইয়া সভাৰ অপমান। আই থিংক, মোৰ হাবিয়েই এইবাৰ সাহিত্য সভাৰ প্ৰেছিডেণ্ট হোৱা উচিত।”

হাবি মানে কোনখন? কাজিৰঙা নে নামেৰী? চাহিত্য চভাই যদি প্ৰকৃতিৰ ফালৰ পৰা ৰিপ্ৰেচেন্টটেটিভ বিচাৰিছে, তেন্তে মোতকৈ উত্তম মানুহ আৰু দুনীয়াত নাপাব।” চিয়েল একটিভিষ্ট নন্দিনী খাউন্দৰ ওচৰতে বহি থকা প্ৰকৃতিপ্ৰমীজনে নন্দিনী খাউন্দে কথা কৈ থকাৰ মাজতে তেওঁৰ মনৰ কৌতূহলখিনি প্ৰকাশ কৰিলে।

মই মোৰ হাচবেণ্ডৰ কথা কৈছোঁ। তেওঁ এজন চিন্তাশীল কাম সৃষ্টিশীল কাম অনুভূতিশীল লেখক। প্ৰথমখন নভেল লিখিয়েই দুটা বঁটা পালে। সদায় নিউজ চেনেলত ওলায়েই থাকে। কেইবাটাও বিতৰ্কত তেওঁ একটিভলি পাৰটিচিপেট কৰিছে। ফেচবুকত তেওঁৰ লাখলাখ ফেন আছে। ৰাইজ, এতিয়া আপোনালোকেই চাওক, আপোনালোকক কেনেকুৱা টাইপৰ প্ৰেছিডেণ্ট লাগে। এৱাৰ্ড ৱিনাৰ প্ৰেচিদেণ্ট নে মদ খাই মাতলামি কৰি ফুৰা এনেধৰণৰ উতনুৱা প্ৰেছিডেণ্ট?”

আপুনি কাক মদপী বুলি কৈছে খাউন্দ? মুখ চম্ভালি কথা কব। নহলে..” – বৰঠাকুৰ গৰজি উঠিল।

নহলে কি কৰিব?” – খাউন্দে ফেপেৰি পাতি ধৰিলে।

নহলে নহলে মই আপোনাক সভাৰ পৰা বহিষ্কাৰ কৰি দিম। চিনি পোৱা নাই মোক?”

মিছেছ খাউণ্ড। আপুনি চিন্তা নকৰিব। আমি মহিলা সন্থা আপোনাৰ লগত আছোঁ। চাওচোন, এওঁ কি কৰে!” – মিছেছ দত্তকে প্ৰমুখ্য কৰি কেইবাগৰাকীও মহিলাই পিছফালৰ পৰা সমস্বৰে চিঞৰি উঠিল।

ইমান অপমান! তাকো সভাৰ ফিউচাৰপ্ৰেছিডেন্টক? হেৰি, গগৈ কি চাই আছে? নাহে কিয়! আজি এওঁলোকক এসেকা নিদিলে নহব।” মহিলা সন্থাৰ সৈতে এঘড়ী যুঁজাৰ প্ৰত্যাশা বুকুত বান্ধি বৰঠাকুৰ মঞ্চৰ পৰা খঙাল হাতীৰ দৰে নামি আহিল। বৰঠাকুৰৰ পিছে পিছে তেওঁৰ একান্ত সহযোগী গগৈও নামি আহিল।

ৰঙা চকু দেখুৱাই কথা নকব। মই আপোনাৰ কাজিৰঙা হাবিনহয়।” – বৰঠাকুৰে শ্ৰীমতী খাউন্দৰ চকুত চকু থৈ আকৌ এবাৰ হুংকাৰ দিলে।

হাউ দেয়াৰ ইউ? মোৰ হাছবেণ্ডক ইনচাল্ট কৰিছে! তোক আজি মই সুদাই নেৰোঁ। আজি হয় ৰঙামাটি নহয় গুৱাহাটী।” ধমকিটো দিয়েই মিছেছ খাউণ্ডে ইফালেসিফালে কিবা এটাৰ সন্ধান কৰাত লাগিল। ইপিনে, সভাৰ বাকীসকল দৰ্শকৰ দুইএজনে বৰঠাকুৰৰ ফৌজত যোগ দিলে। নাৰীশক্তিৰ গুৰুত্ব উপলব্ধি কৰা আন কেইজনমানে মিছেছ খাউন্দৰ দলত চামিল হল।
ৰাইজ, আজিৰ এই যুঁজত যি জয়ী হয়, তেওঁকেই অসমীয়া ভাষাসাহিত্য সভাৰ প্ৰেছিডেন্ট বুলি ঘোষণা কৰা হওক। চব দুধ কা দুধ আৰু পানী কা পানী হৈ যাব।” ক্ৰমাৎ গৰম হৈ উঠা সভাৰ পৰিবেশক আৰু অধিক উত্তপ্ত কৰি বৰঠাকুৰে চিঞৰিলে।
আক্ৰমণ!! আক্ৰমণ!! মাৰ ইয়াক!!!” – মহিলা সন্থাৰ এগৰাকী বীৰাঙ্গনাই যুদ্ধৰ ৰণশিঙা বজাই দিলে।

মিছেছ খাউণ্ডে একো বিচাৰি নাপাই বহি থকা চকীখনকে দুহাতেৰে দাঙি লৈ বৰঠাকুৰৰ গালৈ দলিয়াই দিলে। যুদ্ধৰ আৰম্ভণি হল বুলি অলপ পলমকৈ বুজি উঠা বৰঠাকুৰৰ মূৰতে গৈ চকীখন পৰিলগৈ। আঘাতপ্ৰাপ্ত সিংহৰ দৰে বৰঠাকুৰ গৰজি উঠিল। মজিয়াত পৰি ৰোৱা চকীখন এইবাৰ তেওঁ তুলি ধৰি মিছেছ খাউন্দলৈ নিক্ষেপ কৰিলে। সদাসতৰ্ক মিছেছ খাউন্দ আঁতৰি দিয়াত চকীখনে গৈ শ্ৰীমতী দত্তক আঘাত কৰিলে। পূজাৰী খং আৰু ক্ষোভত ফাটি পৰিল। বেগৰ পৰা পানীৰ বটলটো উলিয়াই তেওঁ বীৰদৰ্পে বৰঠাকুৰৰ একেবাৰে কাষ পালেগৈ। বৰঠাকুৰে একো তৰ্কিব নোৱাৰিলেই, শ্ৰীমতী দত্তই বটলৰ সাঁফৰখন খুলি বটলৰ পানীখিনি বৰঠাকুৰৰ গালৈ মাৰি পঠিয়ালে। বাকবিতণ্ডাৰে আৰম্ভ হোৱা যুঁজখন ক্ৰমাৎ ভয়াৱহ আৰু আতংকময় হৈ উঠিল। প্ৰেক্ষাগৃহৰ চকী, মেজ, ফুলৰ টাব, বৈদ্যুতিক সামগ্ৰী সকলো লণ্ডভণ্ড হল। বহুকেইজন আহত হল। নন্দিনী খাউন্দলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই বন্দনা দত্তই বৰঠাকুৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই গল।

যুঁজ চলি থকাৰ মাজতে ছেগ বুজি মহিলা সন্থাৰ দুগৰাকী মহিলা খৰখোজেৰে প্ৰেক্ষাগৃহৰ বাহিৰলৈ ওলাই গল। সভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখতে গৰুৰ গোবৰ অলপ পৰি আছিল। ঘৃণাসংকোচ সকলো পৰিহাৰ কৰি মহিলা দুগৰাকীয়ে দুহাতত অলপ অলপ গোবৰ লৈ পুনৰ ভিতৰলৈ সোমাই আহিল। যুদ্ধক্ষেত্ৰত শত্ৰুপক্ষলৈ ৰকেট দলিওৱাৰ দৰে তেওঁলোকে গোবৰখিনি মাৰি পঠিয়ালে বৰঠাকুৰ আৰু তেওঁৰ সংগীবৃন্দলৈ। সেই সময়তে বন্দনা দত্তৰ সোঁহাতেৰে এটা প্ৰচণ্ড ঘোঁচা খাই বৰঠাকুৰ মজিয়াত দুই লুটি খাই বাগৰি পৰিল। ফলত বৰঠাকুৰলৈ বুলি নিক্ষেপ কৰা গোবৰৰ লডাকেইটা বৰঠাকুৰৰ দেহত নপৰি তেওঁৰ পিছফালৰ বেৰত ওলমি থকা “চিৰ চেনেহী অসমীয়া ভাষা জগত সভালৈ যাব”ৰ পষ্টাৰখনত পৰিলগৈ। পষ্টাৰৰ প্ৰায়কেইটা শব্দকে গৰুৰ গোবৰখিনিয়ে লুকুৱাই পেলালে। কেৱল জিলিকি থাকিল – “চি অসমীয়া” শব্দাংশ।

সভাৰ অতিথিক চাহ খুৱাবলৈ চাহ, বিস্কুট লৈ তেনেমুহূৰ্ততে সভাগৃহলৈ সোমাই অহা লক্ষ্মীনাথে ৰাইজৰ তয়াময়া ৰণ দেখি পৰম আনন্দ লভিলে। পলকতে তেওঁ দৃষ্টি কাঢ়িবলৈ সক্ষম হল গোবৰৰে পোত খাই থকা পষ্টাৰখনেও।

ছেহঃ বানান এটা দেখোন ভুল হৈ আছে।” মনৰ ভিতৰতে কথাষাৰ কৈ তেওঁ পষ্টাৰখনৰ দিশে অগ্ৰসৰ হল। সময় অপব্যয় নকৰি পকেটৰ পৰা তেওঁ কলমটো উলিয়ালে আৰু পূৰ্বৰ ভুলবানানটো শুদ্ধ কৰি তাক নতুন ৰূপ এটা দিলে – “ছিঃ অসমীয়া।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments