ছিক্কিটেক্স আৰু ই-নৰ্থ ইষ্ট বঁটা বিতৰণী অনুষ্ঠানৰ অভিজ্ঞতা আৰু অনুভৱ (উদ্দীপ তালুকদাৰ )

ছিক্কিটেক্স আৰু ই-নৰ্থ ইষ্ট বঁটা বিতৰণী অনুষ্ঠানৰ অভিজ্ঞতা আৰু অনুভৱ 

উদ্দীপ তালুকদাৰ

ই-নৰ্থ ইষ্ট বঁটা প্ৰদানলৈ অনুষ্ঠানত ভাগ লোৱাৰ ইচ্ছা এটা আছিল। বঁটা পাম নে নাপাম, তাতকৈও মোৰ উৎসাহৰ কাৰণ আছিল এখন সম্পূৰ্ণ ৰূপে তথ্য-প্ৰযুক্তিৰ সন্মিলনীত ভাগ লোৱাৰহে। মই পোনেই কম্পিউটাৰৰ লগত জড়িত নহয়, কিন্তু পৰোক্ষ ভাৱে আমি সকলোৱেই তথ্য-প্ৰযুক্তিৰ জগতখনৰ অংশীদাৰ। কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে অনাগত পৃথিৱীৰ মানচিত্ৰ সলনি কৰি দিব পাৰে, এইটো মোৰ বিশ্বাস। সেয়ে এনে সন্মিলনত কি ধৰণৰ কি আলোচনা হয়, তাক চাবলৈ বৰকৈ মন আছিল।

মূৰামূৰিকৈ যোৱাৰ বাবে আৰম্ভণি অনুষ্ঠান দেখাই নাপালোঁ। যিজন মানুহৰ লগত মই যোগাযোগ কৰি আছিলোঁ, সেইজনৰ ফোন নম্বৰটোত ফোন কৰিলে নম্বৰটো ভুল বুলি কোৱা আৰম্ভ হ’ল। চিধাই ‘অভ্যৰ্থনা’ কক্ষলৈ গ’লোঁ। প্ৰথমে ইংৰাজীতে ক’লোঁ, ‘মই দেৰিকৈ আহি পাইছোঁ। মই একো পাত্তাই পোৱা নাই।’ লগে লগে অভ্যৰ্থনা সমিতিত বহি থকা জনে ক’লে যে প্ৰথমে মই নামটো পঞ্জীয়ণ কৰি ল’ব লাগিব। পঞ্জীয়ণৰ বাবে নামটো দিয়াৰ লগে লগেই ল’ৰাজনৰ কথা-বতৰা অসমীয়া হৈ গ’ল। ‘অ আপুনিয়েই উদ্দীপ তালুকদাৰ নেকি ?  সাহিত্য.অৰ্গৰ নহয় জানো। মই ইয়াৰে ছিক্কিম বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ।’ ল’ৰাজনৰ নাম জয়ন্ত তামুলী। তেওঁ হেনো সাহিত্য নিয়মীয়াকৈ পঢ়ে। পঞ্জীয়ণৰ কামখিনি কৰি তেওঁ আকৌ ক’লে, ‘দাদা অলপ আজৰি হ’লে আমি কথা পাতিম।’ প্ৰথমখিনি শুনিয়েই বুকু ফুলি গ’ল। সাহিত্য.অৰ্গৰ এটা চিনাকি নাম!!

ইয়াৰ পাছত ইফালে-সিফালে ঘূৰি আছোঁ। আচলতে মই একো ধৰিব পৰা নাই। ক’ত কি হৈ আছে। পালাং-পুলুং কৰি থকা দেখি কোট-টাই পিন্ধা আদহীয়া মানুহ এজনে মাত লগালেহি। ‘ক’ৰপৰা আহিছোঁ ? কি অনুষ্ঠানৰ লগত জড়িত ? অনুষ্ঠান চাই কেনে পাইছোঁ ?’ মই বোলো মই একো দেখাই নাই এতিয়াও। ক’লৈ যাওঁ পাত্তাই পোৱা নাই। মানুহজনেই আন এজন চটফটীয়া ডেকাক মাতি মোক লগ ধৰাই দিলে। তেওঁ মোক বুজাই দিলে আমাৰ প্ৰেজেণ্টেছনৰ কাম ২ বজাৰ পৰাহে হ’ব, কনফাৰেন্স হ’লত। বৰ্তমান তাত আন এটা আলোচনা চলি আছে, আৰু মূল প্ৰেক্ষাগৃহতো আন এটা আলোচনা চলি আছে। এইখিনি সময় মই য’তে ইচ্ছা কটাব পাৰোঁ। তেওঁ ২:০০ বজাৰ আগতেই দুপৰীয়াৰ আহাৰ খাই ল’বলৈ ক’লে, লগতে আমাৰ পেন-ড্ৰাইভ আদিৰপৰা প্ৰেজেণ্টেছন ফাইলটোও আগতেই কোঠাটোতে থকা স্বেচ্ছাসেৱকৰ হতুৱাই তেওঁলোকৰ কম্পিউটাৰত সুমুৱাই থৈ লেঠাটো মাৰি থ’বলৈ ক’লে। মই গৈ প্ৰেক্ষাগৃহতে বহিলোঁ। যিটো আলোচনা চলি আছিল তাৰে একোকে বুজি নাপালোঁ। তেনেতে ফোন আহিল। য’ত আমাৰ প্ৰেজেণ্টেছন হ’ব, তালৈ গৈ নিজৰ উপস্থিতি জনাই থৈ আহিলে ভাল। তেতিয়া অনুষ্ঠানটো পৰিচালনা কৰিবলৈ সুবিধা হ’ব। গৈ জমা দি আহিলোঁ। তেতিয়াই ক’লে আমাৰ প্ৰেজেণ্টেছন হ’ব ২:৪৫ বজাতহে, কাৰণ জুৰীৰ দুজন সদস্য আনটো কোঠাত ব্যস্ত হৈ আছে, আৰু সেইটো আঢ়ৈ বজাৰ আগেয়ে শেষ কৰিব পৰা নাযাব। তেওঁ মোক খোৱা কামটোও শেষ কৰিবলৈ ক’লে। কাৰণ দীঘল ভিৰ হৈ আছে। ওলাই আহিলোঁ, আন এজন ল’ৰা লগ পালোঁ। অনুষ্ঠানস্থলীৰ বাহিৰৰ ষ্টল আদি চালোঁ।

অনুষ্ঠানটো আচলতে অকল ই-নৰ্থ ইষ্ট বঁটা প্ৰদানৰ অনুষ্ঠান নহয়। ছিক্কিম চৰকাৰে তথ্য-প্ৰযুক্তি বিষয়ক এখন সন্মিলনী বাৰ্ষিক ভাৱে পাতি আহিছে। ইয়াক Sikkitex বোলা হয়। এইবাৰ এই সন্মিলনীৰ চতুৰ্থ বৰ্ষ, আৰু একেলগেই তাত ই-নৰ্থ ইষ্ট বঁটা প্ৰদানৰ অনুষ্ঠানটোও পতা হৈছে। সমগ্ৰ আয়োজন ছিক্কিম চৰকাৰৰে।

দীঘলীয়া শাৰীত থিয় হৈ দুপৰীয়াৰ আহাৰ খাই ললোঁ। এইবাৰ আহি বহিলোঁ য’ত আমাৰ প্ৰেজেণ্টেছন দিব লাগিব তাতে। তিনি বজাত অনুষ্ঠান আৰম্ভ হ’ল। অনুষ্ঠানটো আছিল ‘স্বাস্থ্য, পৰিবেশ, পৰ্যটন আৰু সংস্কৃতি’ বিষয়ত ই-নৰ্থ ইষ্ট আলোচনা। মুঠ এঘাৰটা অনুষ্ঠানে অংশগ্ৰহন কৰিবলগীয়া আছিল যদিও, কেইটামান প্ৰতিষ্ঠান অনুপস্থিত থাকিল। মই এনাজৰী.কম-ৰ হৈও প্ৰজেণ্টেছনটো দিব পাৰিম বুলি ক’লোঁ। অনুষ্ঠানটোত ছিক্কিম চৰকাৰৰ ফালৰপৰা হাতত লোৱা দুটা প্ৰকল্প আছিল। এটা চিকিৎসা বিষয়ক, য’ত ছিক্কিমৰ থলুৱা বাসিন্দা প্ৰতিজনৰে বুনিয়াদী স্বাস্থ্য পৰীক্ষা কৰি তাক ই-সঁজুলিৰ ব্যৱহাৰেৰে তথ্য-বদ্ধ কৰি তাৰ আধাৰত প্ৰয়োজনীয় আঁচনি তৈয়াৰ কৰাৰ প্ৰকল্প আছিল। তেওঁলোকৰ কামটোৰ আটাইতকৈ ভাল দিশ আছিল যে ইয়াৰ দ্বাৰা ছিক্কিমত বহুল ভাৱে বিয়পা ৰোগসমূহক নিৰ্ণয় কৰি তাৰ আধাৰত আঁচনি তৈয়াৰ কৰাৰ পদক্ষেপ, ইয়াৰ জৰিয়তে ৰাজকোষৰ ধনৰ ন্যূনতম ব্যয়ৰদ্বাৰা অধিকতম সুফলৰ আশা কৰিব পাৰি। ইয়াৰোপৰি প্ৰতিজন ব্যক্তিৰে স্বাস্থ্য সম্পৰ্কীয় খতিয়ান নখ দৰ্পণত থকাৰ বাবে আৰু বহুতো আঁচনি কাৰ্যকৰী কৰিব পৰা যায়। তেওঁলোকে ইতিমধ্যে এনে তথ্যৰ আধাৰত কিছুমান উপায় অৱলম্বন কৰিছে, যাৰ দ্বাৰা সুফল লাভ কৰাৰ তথ্যও তেওঁলোকে প্ৰদৰ্শন কৰে।

ছিক্কিম চৰকাৰৰে আন এটা প্ৰকল্প আছিল ‘জুৰি-ৰ পানীৰ ব্যৱস্থা’। এইটো মোৰ আটাইতকৈ ভাল লাগিল। ছিক্কিমৰ পাহাৰ অঞ্চলৰ জনসাধাৰণ দৈনিক ব্যৱহাৰ যোগ্য পানীৰ বাবে পাহাৰী জুৰি বা ঝৰ্ণাৰ ওপৰত নিৰ্ভৰশীল। জুৰিৰ পানী ওখ ঠাইত থকা প্ৰাকৃতিক বা কৃত্ৰিম পুখুৰীত ধৰি তাৰপৰা পাইপেৰে তললৈ বোৱাই আনি প্ৰতি ঘৰতে নলেৰে যোগান ধৰা হয়। কিন্তু এই যোৱা দশকৰ মাজৰপৰা এই ব্যৱস্থাত আহুকাল আহি পৰিছিল। তাৰ মূল কাৰণ আছিল জলবায়ুৰ পৰিৱৰ্তন। আগতে হেনো ছিক্কিম গোটেই বছৰ জুৰি ছেগা-চোৰোকা বৰষুণ থাকিছিল, গতিকে ঝৰ্ণা, জুৰি আদিত পানীৰ অভাৱ হোৱা নাছিল। কিন্তু যোৱা দশকৰ মধ্যভাগৰপৰা বৰষুণৰ মাত্ৰা আৰু কালত পৰিৱৰ্তন অহাৰ বাবে জাৰকালি এনে ঝৰ্ণাবোৰ শুকাই যায়, আৰু ঘৰলৈ পানী যোগান ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰে। এই সমস্যাৰ সমাধান স্বৰূপে ছিক্কিম চৰকাৰে বৰ্ষাকালত হোৱা ধাৰাসাৰ বৰষুণৰ পানী নামি যোৱা পথবোৰৰ অধ্যয়ন কৰে ছেটেলাইট ছবিৰ জৰিয়তে। আৰু ইয়াৰ আধাৰত পানীৰ নামি অহা বাটবোৰ প্ৰাকৃতিক পুখুৰী লৈ কাটি দিয়া হয়। ইয়াৰ উপৰিও এনে পুখুৰীৰ স্থান আদি গুগল-মেপত নিৰ্দেশ কৰা থাকে। যাতে, ক’ৰবাত পানীৰ অভাৱ হ’লে সেই ঠাইলৈ এনে পুখুৰীৰপৰা পানী বোৱাই নিব পাৰি। বা সাধাৰণ ৰাইজকো প্ৰয়োজন অনুসৰি এনে পুখুৰীসমূহৰ স্থানৰ বিষয়ে আগতীয়াকৈ জনাব পাৰি। এনে ব্যৱস্থাৰ জৰিয়তে দ্ৰুত নামি অহা ভূ-গৰ্ভৰ পানীৰ স্তৰো উঠি অহা বুলি তাতে জনোৱা হয়। চাৰি বছৰ ধৰা এই প্ৰকল্পৰ শেহতীয়া খতিয়ান অনুসৰি আগতে কম পানী থকা ঠাইত ৭০%-ৰপৰা ৪০০%-লৈ পানীৰ পৰিমাণ বেছিকৈ পোৱা গৈছে। তথ্য-প্ৰযুক্তি আৰু ভূ-বিজ্ঞানৰ বাস্তৱিক প্ৰয়োগৰ এইটো সুন্দৰ উদাহৰণ।

স্বাস্থ্য বিষয়ক আন দুটা প্ৰেজেণ্টেছনত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাপ্ৰদানৰ দুটা নতুন প্ৰয়োগৰ বিষয়ে জনায় দুটা ব্যক্তিগত কোম্পানীয়ে। এটা কোম্পানীৰ নামটো মই পাহৰিলোঁ, আৰু এটা আমাৰ ইয়াতে চলি থকা 104 নং সেৱাৰ। প্ৰথমটোত স্বাস্থ্য পৰীক্ষাৰ বুনিয়াদী সুবিধা থকা, এটা ডবা (container) ৰাইজৰ মাজলৈ লৈ যোৱা হয়, য’ত বুনিয়াদী স্বাস্থ্য পৰীক্ষাৰ লগতে ই.চি.জি-ৰো ব্যৱস্থা থাকে। এই ৰিপোৰ্ট আদি মূল কেন্দ্ৰত থকা বিশেষজ্ঞ চিকিৎসকলৈ ‘বাস্তৱ সময়’ত প্ৰেৰণ কৰা হয়, প্ৰয়োজন অনুসৰি কেন্দ্ৰত থকা ডাক্তৰে টেলি-কনফাৰেন্সিং ব্যৱস্থাৰে ৰোগীৰ লগত কথা পতা বা ভিডিঅ; যোগে নিৰীক্ষণ কৰিবও পাৰে। আনহাতে 104 সেৱাৰ উদ্ভাৱন কৰা কোম্পানী হ’ল নিক’লাছ-পিৰামেল। তেওঁলোকে 104 ব্যৱস্থাৰ বিভিন্ন সুবিধা প্ৰদৰ্শন কৰে। অৱশ্যে এই দুয়োটা প্ৰেজেণ্টেছন-ৰে ব্যৱসায়িক ধৰণেহে আগবাঢ়িছে। এই দুয়োটা ব্যৱস্থাতে কিছুমান ন্যায়িক, আৰু নৈতিক (ethical) কথা আছে, যিখিনি মীমাংসা নোহোৱালৈকে কাৰ্যক্ষেত্ৰত ইয়াৰ বহুল প্ৰয়োগত মোৰ বোধেৰে কিছুমান অসুবিধা আছে।

ছি্কিম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা এটা নতুন সংযোগৰ ব্যৱস্থা কোৱা হৈছে, য’ত তেওঁলোকে প্ৰতিটো ঘৰৰপৰাই জুই-লগা, গেছ লিক হোৱা, বা অন্যান্য যিকোনো জৰুৰীকালীন অৱস্থা উৎপন্ন হোৱাৰ লগেলগেই তাক সাহায্য কেন্দ্ৰলৈ স্বয়ংক্ৰিয় ভাৱে প্ৰেৰণ কৰাৰ উপায়ৰ এটা দিগ্‌-নিৰ্দেশ দাঙি ধৰে। ভাল কথাটো হ’ল, অনুষ্ঠানৰ পাছতেই এই বিষয়ে কথা পাতিবলৈ ছিক্কিম চৰকাৰৰ বিষয়ে এজনে আগ্ৰহ প্ৰকাশ কৰি, বিভাগীয় মন্ত্ৰীলৈ পত্ৰ-প্ৰেৰণ কৰি যোগাযোগ কৰাৰ আশ্বাস দিয়ে।

নাগালেণ্ডৰপৰা স্বাস্থ্য সম্পৰ্কীয় আন এটা প্ৰেজেণ্টেছন দিয়া হৈছিল যদিও, এইটোৰ ঠিক আগতে মই আমাৰ প্ৰেজেণ্টেছন লৈ ব্যস্ত থাকিবলগীয়া হোৱা বাবে বিশেষ মন দিব নোৱাৰিলোঁ। আন এটা প্ৰকল্পত চিকিৎসকসকলক কিদৰে প্ৰয়োজনীয় গৱেষণা-পত্ৰ আদি যোগান ধৰিব পাৰি, কম খৰচত, তাৰ বাবে এটা আলোচনা আগবঢ়োৱা হয়। অৱশ্যে এইটো মূলত: বিভিন্ন পৰিসংখ্যান ভিত্তিক গৱেষণা পত্ৰ হিচাপে দাঙি ধৰা হয়, সেয়ে কোনো প্ৰকল্প আগবঢ়োৱা হোৱা নাই।

ইয়াৰ মাজতেই আমাৰ সাহিত্য.অৰ্গ-ৰ প্ৰেজেণ্টেছনটো আগবঢ়োৱা হয়। ব্যক্তিগত ভাৱে মই ভালকৈ ক’ব নোৱাৰিলোঁ। আত্মপক্ষ সমৰ্থনত মাথোঁ এইখিনিকে ক’ব পাৰোঁ যে, মই যেনেকৈ প্ৰস্তুতি কৰিছিলোঁ, তেনেকৈ ক’বলৈ নাপালোঁ, কাৰণ আগৰ বক্তা কেইজনে ইমানকৈ সময় ল’লে যে তেতিয়ালৈ সময় একেবাৰে কমি আহিল। আৰু সভাপতিয়ে মোক প্ৰথমেই অনুৰোধ কৰিলে যিমান পাৰি সংক্ষেপ কৰিবলৈ। আৰু সংক্ষেপ কৰিবলৈ গৈ মই যেনেকৈ ক’ম বুলি ভাবিছিলোঁ, তাৰ লাইন-চাইন নোহোৱা হৈ গ’ল। আৰু এনেকুৱা মিটিঙত টপটপাই কথা ক’বলৈ মোৰ অলপ অসুবিধাও হয়। তথাপি আমাৰ গোটৰ মূল কাৰ্যপন্থা, দৰ্শন আৰু বহুভাষিক কম্পিউটিং সম্বন্ধে অলপমান আগ্ৰহ জগাবলৈ সক্ষম হোৱা বুলিয়েই মোৰ ধাৰণা। অৱশ্যে প্ৰেজেণ্টেছনৰ পাছত সভাপতিয়ে মোক ‘বেছ ভাল’ হোৱা বুলিয়েই কৈছে। কিন্তু সেইটো বোধকৰোঁ মই নিৰ্ধাৰিত সময়-সীমাৰ ভিতৰত শেষ কৰাৰ লগতে, বেছি টেক্‌নিকেল কথা নকৈ অকল আমাৰ গোটৰ ধাৰণাখিনি কোৱাৰ বাবেহে কৈছে বুলি মোৰ ধাৰণা। অ’ আৰু মোৰ বোধেৰে আমাৰ শ্লাইড কেইখনেই কিজানি আটাইতকৈ চকুত-লগা আৰু একেবাৰে কম ‘খিচিৰ-মিচিৰ’ আছিল । দুগৰাকী বঙালী ভাষী অধ্যাপকে প্ৰেজেণ্টেছনৰ পাছত মোৰ লগত বিশেষ ভাৱে কথা পাতিছিল কাৰণ আমি ভাষাৰ অসুবিধাটো বিশেষ ভাৱে আঙুলিয়াইছিলোঁ। আমাৰ প্ৰেজেণ্টেছনৰ পাছতে আনকি আগৰ যিবোৰ প্ৰকল্পত ৰাইজৰ লগত এছ.এম.এছ আদিৰে যোগাযোগ কৰাৰ কথা কোৱা হৈছে, সেইবোৰত ইংৰাজী ভাষা প্ৰয়োগৰ ফলপ্ৰসূতা সম্বন্ধেও প্ৰশ্ন উত্থাপিত হৈছিল।

সেইদিনাৰ অনুষ্ঠান শেষ কৰি হোটেললৈ আহি থাকোঁতে গুৱাহাটীৰে এজন ডেকা উদ্যোগী লগ পালোঁ। তেখেতে northeastmart নামে এক প্ৰতিষ্ঠান খুলি তাৰ জৰিয়তে স্থানীয় বিক্ৰেতা আৰু উৎপাদকক গোলকীয় ক্ৰেতাৰ লগত যোগাযোগ কৰাৰ এক অভিলাসী আঁচনিত হাত দিছে। তেখেতলৈ শুভকামনা থাকিল।

পাছদিনাও এনে এক আলোচনা চক্ৰত ভাগ ল’লোঁ। যাৰ থীম আছিল ‘গ্ৰাম্য বিকাশ, দৈনন্দিন, ব্যৱসায় আৰু আৰ্থিক শিতান’। ইয়াতো কেবাজনো উদ্যমী ডেকাই অংশ লৈ নতুন নতুন ধাৰণা দাঙি ধৰে। নাগালেণ্ডৰ youthnet নামৰ প্ৰতিষ্ঠানে চাকৰী সম্বন্ধীয়া এক ৱেবছাইট চলাই থকাৰ লগতে, কৰ্মশালা হিচাপে বিভিন্ন প্ৰায়োগিক প্ৰশিক্ষণ দি আহিছে। তেনেদৰে মিজোৰামৰ tele taxi-য়ে মিজোৰামৰ টেক্সি-চালক সকলক এক কেন্দ্ৰীয় ডেটাবেছৰ লগত সংযোগ কৰি তাৰ জৰিয়তে যাত্ৰীৰ লগত যোগাযোগ কৰাই দি কম আয়ামতে বেছিকৈ যাত্ৰী লোৱাৰ সুবিধা কৰি দিছে। দেখাত এইটো প্ৰকল্প সিমান নতুন নহয় যদিও মিজোৰামৰ দৰে পথ-ঘাটৰ অসুচল অঞ্চলৰ বাবে এয়া এক অতি প্ৰত্যাহ্বানমূলক প্ৰকল্প। দৃষ্টি নামে অসমৰে এক প্ৰতিষ্ঠানে ষ্টেট বেংকৰ শাখাসমূহ ৰাইজৰ মাজলৈ নি ভিতৰুৱা অঞ্চলৰ ৰাইজক ৰাষ্ট্ৰীয়কৃত বেংকৰ সুবিধা প্ৰদান কৰিছে। মই এইটো প্ৰকল্প বিশেষ ভাৱে ভাল পালোঁ। অসমৰ ভিতৰুৱা অঞ্চলসমূহ বেংক ব্যৱস্থাই ভালদৰে ঢুকি নাপায় বাবে এনে অঞ্চলৰ ৰাইজে সঞ্চয়ৰ প্ৰতি আগ্ৰহী নহয়, বা বিভন্ন সময়ত এনে অঞ্চলৰ ৰাইজক সন্দেহজনক প্ৰতিষ্ঠান কিছুমান আভুৱা-ভাৰি টকা-পইচা লৈ পলাই যায়। এনে প্ৰতিষ্ঠানৰ বাতৰি কাকতে-পত্ৰে ওলায়েই থাকে। ৰাষ্ট্ৰীয়কৃত বেংক যদি গাঁৱলৈ যায়, তেন্তে এনে ভুৱা প্ৰতিষ্ঠানসমূহ সহজেই নিৰ্মূল হ’ব। northeastmartৰ কথা আগতেই ক’লো। ছি্ক্কিম চৰকাৰৰ আন এক প্ৰকল্পত mnrega আঁচনিৰ ধন আদায়ৰ বাবে আঙুলিৰ চাপেৰে প্ৰত্যায়িত কৰি সঠিক হিতাধিকাৰীক ধন আদায়ৰ এক প্ৰকল্প দাঙি ধৰে। এই প্ৰকল্প ইতিমধ্যেই চলি আছে। এনে প্ৰকল্পৰ দ্বাৰা বিভাগীয় স্বচ্ছতা, কাৰ্যক্ষমতা কিমান বাঢ়ি যাব সেয়া সহজেই অনুমেয়। ইয়াৰোপৰি অসম স্থিত সংগীতভিত্তিক আলোচনী eclectic vibes-এ নিজৰ ব্যৱসায়িক পৰিৱৰ্ধনৰ বাবে গোলকীয় প্লেটফৰ্মৰ লগত সংযোগ কৰি নিজৰ প্ৰকাশনক গোলকীয় স্তৰলৈ নিয়াৰ সফলতাৰ কাহিনী কয়। উল্লেখনীয় যে তেওঁলোকেই বিনোদন বিভাগৰ বিজয়ীৰ পদক অৰ্জন কৰে।

আলোচনা চক্ৰৰ মাজৰ খালী সময়ত আগতে চিনাকি কৰি দিয়া জয়ন্ত তামুলীয়ে কথা পাতিবলৈ লগ ধৰিলে। আমাৰ গোটৰ বাবে সুখৰ কথা যে ছি্ক্কিম বিশ্ববিদ্যালয়ত ‘সংঘাত গৱেষণা’ (conflict studies) অধ্যয়নৰত এই ছাত্ৰজন আৰু তেখেতৰ আনজন বন্ধু দীপ গগৈ, দুয়োজনেই সাহিত্য.অৰ্গ বেছ মনোযোগ দি নিৰীক্ষণ কৰি আহিছে। আৰু গোটৰ কেবাজনো লেখকৰ লেখাৰ লগত ভালদৰেই পৰিচিত। তেওঁলোকে দুটামান কথা আঙুলিয়াই দিছে। সেইখিনি অলপ পাছত আলোচনা কৰি আছোঁ।

ইয়াৰ পাছতে আহিল বঁটা বিতৰণী অনুষ্ঠান। প্ৰথমে ছিক্কিটেক্স সম্পৰ্কীয় বঁটাসমূহ বিতৰণ কৰা হয়। বঁটা বিতৰণ কৰিবলৈ আহ্বান জনোৱা হ’ল ছিক্কিম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহোদয়ক। তেখেতক দেখি মোৰ আচৰিত হোৱাৰ পাল। সেই যে প্ৰথম দিনা মোৰ কাষত থিয় দি থকা আদহীয়া মানুহজন আছিল, তেৱেই আছিল ছিক্কিমৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী! বঁটা বিতৰণী অনুষ্ঠান আছিল একেবাৰে নিখুঁত। নিৰ্ধাৰিত ঠিক ৩:৩০ বজাত আৰম্ভ হোৱা সভাত মন্ত্ৰী মহোদয়ৰ পাঁচ মিনিটীয়া ভাষণত বাদে আন কাৰো ভাষণ প্ৰদানৰ অনুষ্ঠান নাছিল। মন্ত্ৰীৰ ভাষণতো তেখেতে সকলোকে ধন্যবাদ জনোৱাৰ লগতে ছিক্কিটেক্স-ৰদ্বাৰা কিদৰে চৰকাৰ লাভৱান হৈছে তাৰ উল্লেখ কৰে। যিবোৰ চৰকাৰী প্ৰকল্পৰ খতিয়ান এই অনুষ্ঠানত মই আগতে দি আহিছোঁ, সেইবোৰৰ বেছিভাগৰে আৰম্ভণি হেনো প্ৰথম আৰু দ্বিতীয় ছিক্কিটেক্সত হোৱা আলোচনা। আৰু এটা কথা, মই এটা কোঠাত হোৱা অনুষ্ঠানসমূহে চাইছোঁ, আন এটা কোঠাতো সমান্তৰাল ভাৱে আলোচনা-চক্ৰ অনুষ্ঠিত হৈ আছিল। সেইখিনি মই গমেই নাপালোঁ।

প্ৰতিটো বিজয়ী প্ৰতিষ্ঠানৰ বাবেই একোখন ১ মিনিটীয়া ছবি বঁটা প্ৰদানৰ আগে আগে দেখুওৱা হৈছিল। যিখিনি অনুষ্ঠান পৰিচালনা সমিতিয়ে জমা দিয়া শ্লাইডৰ আধাৰত নিৰ্মাণ কৰি ৰাইজক দেখুৱাইছিল। অস্কাৰৰ বঁটা লোৱাৰ দৰে লাগিছিল !! বঁটাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত জুৰীয়ে কিদৰে আগবাঢ়িছিল, তাকো এক চুটি চলচ্চিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। এই নিৰ্বাচনৰ বাবে সকলো জুৰীয়ে সমবেত হৈ কেবাটাও দিশ চালি-জাৰি চাইহে বঁটাৰ বাবে নিৰ্বাচন কৰিছিল। কোনে বঁটা লাভ কৰিব সেইটো আগতেই পঠিওৱা প্ৰেজেণ্টেছনৰ আধাৰতহে নিৰ্ধাৰণ কৰা হৈছিল। শেহ মুহূৰ্তত দিয়া প্ৰেজেণ্টেছনটোৰ লগত বঁটা নিৰ্ধাৰণ কৰা হোৱা নাই। বঁটা প্ৰদানৰ পাছত গোট ফটোত ভাগ লৈ ওলাই আহিছিলোঁ। নৈশ ভোজ তেতিয়াও বাকী আছিল। এইখিনি সময়ত জয়ন্ত আৰু দীপ গগৈৰ লগত আৰু দিঘলীয়াকৈ অলপ কথা পাতিলোঁ।

সাহিত্য.অৰ্গ- সম্বন্ধে একেবাৰে নিষ্ঠাৰে মই দিবলৈ দিয়া মন্তব্যত দুয়োজনেই কৈছিল বানান সমূহ ঠিক কৰাৰ কথা। সেইটোৰ বাবে আমি লোৱা ব্যৱস্থাৰ বিষয়ে তেওঁলোকক মই জনাইছোঁ, আৰু এইবাৰৰপৰা বানান ভুলৰ মাত্ৰাও কমিব বুলি আশ্বাস দিছোঁ। কথাটো এই চেগতে আমাৰ ‘বানান-শুদ্ধি’ গোটৰ কাণ চোৱালোঁ। ইয়াৰ বাহিৰেও তেওঁলোকে কৈছিল কবিতাৰ মান-ৰ কথা। এইটো বিষয়ে মোৰ নিজাকৈ জ্ঞান কম বাবে, মই নিজাকৈ মন্তব্য দিয়া নাই। কিন্তু তেওঁলোকে কোৱা কথাখিনি হ’ল, কবিতাসমূহ ব্যক্তিগত প্ৰেম-ভালপোৱাৰপৰা স্থিতিৰপৰা ওলাব লাগে, আৰু বহল সমাজ-জীৱনক কথা ক’ব পাৰিব লাগে। অৱশ্যে দুয়োজনেই কয় যে বৰ্তমান কেইখনমান অসমীয়া আলোচনীত প্ৰকাশিত কবিতাতকৈ এই গোটৰ কবিতা নিশ্চয় উন্নত মানৰ। গদ্য সম্বন্ধে তেওঁলোকৰ মতামত হ’ল, আমি ঘাইকৈ স্ৰজনীমূলক সাহিত্য-হে প্ৰকাশ কৰি আছোঁ, কিন্তু তেওঁলোক বা তেওঁলোকৰ বন্ধুসকলে বিচাৰে গৱেষণা সমৃদ্ধ লেখা। স্ৰজনীমূলক সাহিত্য সম্পৰ্কে তেওঁলোকৰ আপত্তি নাই, কিন্তু তাৰ সমান্তৰাল ভাৱে তেওঁলোকে বিচাৰে ভাল ভাল প্ৰৱন্ধও প্ৰকাশ হওক। তেওঁলোকেই আৰু এটা খবৰ দিলে, সাহিত্য.অৰ্গত মৃণালজ্যোতি গোস্বামীৰ সম্পাদনাত প্ৰকাশিত নৰেন পাটগিৰীৰ বুঢ়ী আইৰ সাধুৰ আলোচনী সম্পৰ্কীয় লেখাটো তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ গৱেষণাৰ কামত বিশেষ ভাৱে সহায়ক হৈছে। এই প্ৰৱন্ধটো প্ৰকাশ কৰাৰ বাবে মোৰ জৰিয়তেই তেওঁলোকে মৃণালজ্যোতি গোস্বামীলৈ ধন্যবাদ জনাইছে।

ছি্ক্কিমলৈ প্ৰথমবাৰ গৈছোঁ। তেনেকৈ ফুৰিবলৈ ক’লৈকো যোৱা নাই। গতিকে ক’বলৈ একো নাই। কিন্তু যিখিনি দেখিলোঁ ছিক্কিমখন ৰঙেৰে ভৰপূৰ। কেমেৰাটো নুলিয়াই নোৱাৰিলোঁ । আৰু ৰাস্তাই-ঘাটে লগ পোৱা ছি্ক্কিমৰ মানুহখিনিৰ মাত-কথা ভাল আৰু ভদ্ৰ। দিল্লীত থকাৰ অভিজ্ঞতা থকা সকলে ৰাস্তাৰ মানুহক কিবা এটা সুধিবলৈ অলপ ভয়েই লাগে। কিন্তু ছি্ক্কিমৰ মানুহে অন্তত: গেঙেৰি মাৰি নুঠে।

সাহিত্য.অৰ্গৰ এই বঁটা লাভ মূলত: ইয়াৰ বুনিয়াদী ধাৰণাৰ বাবেহে। দুটা কথাত সাহিত্য.অৰ্গ এক অভিনৱ অনুষ্ঠান। প্ৰথম, ইয়াৰ যোগেদি ফেচবুকত থকা অসমীয়া ভাষা (আচলতে যিকোনো ভাষা, এটা ভাষাক ভাল পাই, আনটোক বেয়া পাব নোৱাৰি) ভাল পোৱা সকলে একগোট হৈছে,আৰু এই সদস্যসকলে মিলিত হৈ স্বেচ্ছামূলক অৱদানেৰে কৰোঁ বুলিলে বহুত কিবা-কিবি কৰিব পাৰে। অকব- সাহিত্য.অৰ্গৰ মেৰুদণ্ড । সাহিত্য.অৰ্গে লাভ কৰা বঁটাটো আচলতে আপোনালোক সকলো সদস্যই লাভ কৰা বঁটা। দ্বিতীয়তে, এই গোটে ভাৰতীয় ভাষাসমূহৰ এটা ভাষাক ইণ্টাৰনেটত প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰিছে। আমাৰ এইখিনি কামে, তথ্য-প্ৰযুক্তিক তৃণমূল পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত ভাষিক কম্পিউটিং-ৰ প্ৰয়োজনীয়তা আঙুলিয়াই দিব পাৰিছে।

মই সমগ্ৰ ছিক্কিটেক্সৰ অভিজ্ঞতা অলপ বেছিকৈয়ে বহলাই লিখিলোঁ। কাৰণ ছিক্কিটেক্স-ত উপস্থিত থকা সময়খিনিত মই বহুতো কথা নতুনকৈ শিকিছোঁ। এইখিনিৰপৰা আমি সকলোৱে আৰু ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব পাৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক