ছিগমুণ্ড ফ্ৰয়েড আৰু তেওঁৰ মনোবিশ্লেষণ -ৰঞ্জন ভূঞা

 

মানুহে কৰা তিনিটা আৱিষ্কাৰে পৃথিৱীত মানুহৰ অহংকাৰক বহু পৰিমাণে অৱনমিত কৰিলে৷ প্ৰথম আৱিষ্কাৰ-ক’পাৰনিকাছৰ সৌৰজগতৰ ধাৰণা৷ ক’পাৰনিকাছে যুক্তিসন্মত ভাৱে বিশ্ববাসীৰ আগত প্ৰতিপন্ন কৰিলে যে, সৌৰজগতৰ কেন্দ্ৰ সূৰ্য আৰু সূৰ্যক কেন্দ্ৰ কৰিয়েই পৃথিৱীকে আদি কৰি সকলোবোৰ গ্ৰহই প্ৰদক্ষিণ কৰি আছে৷ ইয়াৰ আগলৈকে মানুহে বিশ্বাস কৰিছিল যে, এই বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আমাৰ পৃথিৱী আৰু আমাৰ পৃথিৱী আৰু মানুহক কেন্দ্ৰ কৰিয়েই জোন, বেলি, তৰা আদি সকলোবোৰ ঘূৰি আছে৷ দ্বিতীয় আৱিষ্কাৰ-ডাৰউইনৰ বিৱৰ্তনবাদ৷ ডাৰউইনে বিজ্ঞানসন্মত তথ্য-প্ৰমাণেৰে ঘোষণা কৰিলে যে, এই পৃথিৱীৰ মানুহৰ সৃষ্টি প্ৰথমে হোৱা নাই, বান্দৰকে আদি আন আন অনুন্নত প্ৰজাতিৰ জীৱবোৰৰহে প্ৰথমে সৃষ্টি হৈছিল আৰু মানুহ ইহঁতৰে বংশধৰ! ! আৰু তৃতীয় আৱিষ্কাৰ হৈছে ছিগমুণ্ড ফ্ৰয়েডৰ অচেতন মনৰ আৱিষ্কাৰ৷ অচেতন মনৰ আৱিষ্কাৰ কৰি ফ্ৰয়েডে ঘোষণা কৰিলে যে, মানুহৰ অহঙে(Ego)মানুহক পৰিচালিত নকৰে৷ অৰ্থাৎ মানুহে নিজেই নিজক পৰিচালিত নকৰে৷ মানুহক পৰিচালিত কৰে অচেতন মনত লুকাই থকা কিছুমান পশুসুলভ কামনা-বাসনা আৰু প্ৰবৃত্তিয়েহে৷ কিন্তুু ফ্ৰয়েডে এই কথাও স্পষ্টকৈ কৈছে যে, সভ্য সমাজত এই প্ৰবৃত্তিবোৰে নিজকে প্ৰকাশ কৰিবলৈ সদায়েই কিছুমান ছদ্মবেশী ৰূপ লয় আৰু কাচিৎহে ইয়াৰ ব্যতিক্ৰম ঘটে৷
এতিয়া ছিগমুণ্ড ফ্ৰয়েড নো কোন আমি তাকে জানি লওঁ আহক৷ ছিগমুণ্ড ফ্ৰয়েডে জীৱিকাৰ আৰম্ভণি কৰিছিল এজন স্নায়ুৰোগৰ চিকিৎসক হিচাপে আৰু জীৱন বা জীৱিকাৰ সামৰণি মাৰিছিল এজন বিশ্ববিখ্যাত মনোবিজ্ঞানী হিচাপে৷ ছিগমুণ্ড ফ্ৰয়েডৰ জন্ম হৈছিল ১৮৫৬ চনৰ ৬ মে তাৰিখে ম’ৰাভিয়াৰ ফ্ৰেইবাৰ্গ নামৰ চহৰত(বৰ্তমান চেক গণৰাজ্যৰ অন্তৰ্গত)৷ তেওঁৰ দেউতাক জেকব ফ্ৰয়েড আছিল এজন কাপোৰৰ ব্যৱসায়ী৷ তেওঁলোকৰ পৰিয়ালটোৱে ছিগমুণ্ড ফ্ৰয়েডৰ তিনি বছৰ বয়সতেই প্ৰথমে লিপজিগলৈ আৰু পিছত ভিয়েনালৈ আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লয়৷ এই ভিয়েনাতেই ফ্ৰয়েডে তেওঁৰ জীৱনৰ ৮০ বছৰ কাল কটায়৷ ফ্ৰয়েড আছিল জেকব ফ্ৰয়েড আৰু আমেলিয়া ফ্ৰয়েডৰ প্ৰথম আৰু আটাইতকৈ প্ৰিয় সন্তান৷ সৰুৰে পৰা পঢ়া-শুনাত চোকা বুদ্ধিৰ প্ৰদৰ্শন কৰা ফ্ৰয়েডে প্ৰথমে এজন লেখক আৰু দাৰ্শনিক হোৱাৰ সপোন দেখিছিল যদিও পিছলৈ তেওঁ নিজৰ ঘৰখনৰ আৰ্থিক দিশটোৰ প্ৰতি গুৰুত্ব দি ১৭ বছৰ বয়সত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ মানসেৰে ভিয়েনা বিশ্ববিদ্যালয়ত ভৰ্তি হয়৷ এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ ১৮৮১ চনত এম.ডি. ডিগ্ৰীসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ১৮৮২ চনত তেওঁ ’ভিয়েনা জেনেৰেল হস্পিটেল’ত চিকিৎসক হিচাপে চাকৰিত যোগদান কৰে৷ তাত তেওঁ প্ৰধানকৈ স্নায়ুৰোগ আৰু মনোৰোগৰ চিকিৎসা আগবঢ়াইছিল৷
ভিয়েনা জেনেৰেল হস্পিটেলত চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাতে ফ্ৰয়েডলৈ এটা সুযোগ আহে৷ ১৮৮৫ চনত তেওঁলৈ ভিয়েনা বিশ্ববিদ্যালয়ে এটা আৰ্থিক অনুদান আগবঢ়াই আৰু সেই অনুদানেৰেই তেওঁ পেৰিচলৈ গৈ সেইসময়ৰ ফ্ৰান্সৰ আটাইতকৈ বিখ্যাত স্নায়ুবিশেষজ্ঞ জুঁ মাৰ্টিন চাৰ্কটৰ ওচৰত ৫ মাহৰ বাবে স্নায়ুৰোগৰ শিক্ষা লয়৷ চাৰ্কটৰ ওচৰত তেওঁ প্ৰধানকৈ হিষ্টিৰিয়া ৰোগৰ চিকিৎসা পদ্ধতি শিকি আহিছিল৷ এই চিকিৎসা পদ্ধতিটো আছিল সন্মোহন পদ্ধতি৷ এই সন্মোহন পদ্ধতিৰে চিকিৎসা কৰোতেই তেওঁ সিদ্ধান্তলৈ আহিছিল যে, হিষ্টিৰিয়া ৰোগৰ মূলতেই হ’ল কিছুমান মানসিক আৰু যৌনমূলক সমস্যা৷
পেৰিচৰ পৰা উভতি অহাৰ পাছত ফ্ৰয়েডে ভিয়েনাৰ এজন প্ৰথিতযশা চিকিৎসক যোচেফ ব্ৰুৱাৰৰ সৈতে একেলগে হিষ্টিৰিয়া ৰোগৰ বিষয়ে গৱেষণা কৰিবলৈ লয় আৰু তেওঁলোক দুয়ো মিলি হিষ্টিৰিয়া ৰোগৰ চিকিৎসাৰ নিত্য নতুন কৌশল আৱিষ্কাৰ কৰি যায়৷ ১৮৯৫ চনত এইজন যোচেফ ব্ৰুৱাৰৰ সৈতেই যুটীয়াভাৱে তেওঁ লিখি উলিয়ায় ’ষ্টাডিজ অন হিষ্টিৰিয়া’ নামৰ গ্ৰন্থখন৷ এইখন গ্ৰন্থই তেওঁলৈ ভিয়েনাৰ চিকিৎসক মহলৰ মাজত কিছু খ্যাতি কঢ়িয়াই আনে৷ কিন্তুু দুৰ্ভাগ্যবশতঃ গ্ৰন্থখন লিখি উলিওৱাৰ পিছতেই তেওঁৰ বহুদিনীয়া বন্ধু আৰু সহযোগী যোচেফ ব্ৰুৱাৰৰ সৈতে মনোনালিন্য ঘটে আৰু শেষত সম্পৰ্কৰো অন্ত পৰে৷
১৮৯৯ চনত ফ্ৰয়েডে লিখি তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ ’সপোনৰ ব্যাখ্যা’(Interpretation Of Dreams)৷ এইখন গ্ৰন্থ আছিল তেওঁৰ নিজৰ আৰু ৰোগীসকলৰ সপোনবোৰৰ ওপৰত দীৰ্ঘদিন ধৰি কৰা বিশ্লেষণৰ ফচল৷ এইখন গ্ৰন্থতেই তেওঁ মনৰ তিনিটা স্তৰ চেতন( conscious), পূৰ্বচেতন(pre-conscious) আৰু অচেতনৰ(unconscious) বিষয়ে পোনপ্ৰথমবাৰৰ বাবে অৱতাৰণা কৰিছিল৷ কিতাপখনত সপোনৰ সংজ্ঞা দি ফ্ৰয়েডে কৈছে-“আমাৰ অৱদমিত ইচ্ছা-বাসনাবোৰৰ ছদ্মবেশী পৰিপূৰ্ণতাই হৈছে সপোন৷ “অৰ্থাৎ, আমাৰ মনৰ মাজত উদয় হোৱা যিবোৰ সুতীব্ৰ ইচ্ছা আমি বাস্তৱিকতে পূৰণ কৰিব নোৱাৰো সেইবোৰকে আমি ৰাতি সপোন হিচাপে দেখো৷ ১৯০০ চনত প্ৰকাশ পোৱা এই কিতাপখনেই ফ্ৰয়েডলৈ কঢ়িয়াই আনে তেওঁ অতদিনে বিচাৰি ফুৰা এক আন্তৰ্জাতিক খ্যাতি আৰু সন্মান৷ এই স্বীকৃতিয়ে তেওঁৰ মন আত্মবিশ্বাসেৰে ভৰাই তুলিলে আৰু ইয়াৰ পাছত তেওঁ লিখি গ’ল এখন এখনকৈ বহুতো গুৰুত্বপূৰ্ণ কিতাপ যিবোৰে কেৱল মনোবিশ্লেষণৰ ভেটি প্ৰতিষ্ঠা কৰাই নহয়, মানুহৰ মানসিক ক্ৰিয়া-প্ৰক্ৰিয়াবোৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত মনোবিশ্লেষণক এক নিৰ্ভৰযোগ্য আহিলা হিচাপেও প্ৰতিষ্ঠা কৰালে৷ ১৯০০ চনৰ পৰা১৯০৫ চনৰ ভিতৰত প্ৰকাশ পোৱা এই গ্ৰন্থসমূহ হ’ল যথাক্ৰমে- On Dreams(১৯০১), The psychopathology Of Everyday Life(১৯০১), Three Essays On The Theory Of Sexuality(১৯০৫), Jokes And Their Relation To The Unconscious(১৯০৫)৷
১৯০২ চনত ফ্ৰয়েডে ভিয়েনাৰ কেইজনমান ডেকা চিকিৎসকক তেওঁৰ ঘৰলৈ প্ৰতি সপ্তাহৰ বুধবাৰে বিভিন্নধৰণৰ মনস্তাত্বিক বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ মাতি আনিছিল৷ বছৰটোৰ শেষলৈ ফ্ৰয়েডকে ধৰি আন চাৰিজন নিমন্ত্ৰিত ব্যক্তি যথাক্ৰমে আলফ্ৰেড এডলাৰ, উইলহেল্ম ষ্টেকেল, মেক্স কাহান আৰু ৰুডলফ ৰেইটলাৰে লগ হৈ ’বুধবৰীয়া মনোবৈজ্ঞানিক সমিতি’ গঠন কৰে৷ ফ্ৰয়েড আছিল এই আলোচনাবোৰৰ গুৰি ধৰোতা৷ ১৯০৮ চনত তেওঁলোকে এই সমিতিখনৰ নাম ’ভিয়েনা মনোবৈশ্লেষিক সমিতি’ নামেৰে নামাকৰণ কৰে৷ উল্লেখযোগ্য যে, এই সমিতিৰে প্ৰতিষ্ঠাপক সদস্য আলফ্ৰেড এডলাৰৰ পিছলৈ ফ্ৰয়েডৰ সৈতে বিভিন্ন বিষয়ত মনোমালিন্য ঘটে৷ আৰু ১৯১১ চনৰ অক্টোবৰ মাহত তেওঁ ফ্ৰয়েডৰ সংগ পৰিত্যাগ কৰি নিজাকৈ ’ব্যক্তি মনোবিজ্ঞান’ নামেৰে এটি মনোবৈজ্ঞানিক ভাৱধাৰাৰ সৃষ্টি কৰে৷ তেওঁৰ এই ভাৱধাৰাই পাছলৈ বিশ্ববাসীৰ বিশেষ সমাদৰ লাভ কৰে৷
১৯১০ চনত ফ্ৰয়েড আৰু তেওঁৰ অনুগামীসকলে লগ লাগি গঠন কৰে ’আন্তৰ্জাতিক মনোবৈশ্লেষিক সমিতি’৷ তেওঁলোকে এই সমিতিখনৰ সভাপতি পাতে ছুইজাৰলেণ্ডৰ জুৰিখৰ কাৰ্ল গুষ্টাভ য়ুঙক৷ ফ্ৰয়েডে য়ুঙৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ বাবে৷ ইয়াৰোপৰি যুং আছিল এজন অনা-ইহুদী লোক৷ কিনয়ো তেতিয়ালৈকে ফ্ৰয়েডৰ যিসকল অনুগামী আছিল তাৰ প্ৰায় সংখ্যকেই আছিল ইহুদী লোক৷ ফ্ৰয়েডে ভাবিছিল এনেহ’লে মনোবিশ্লেষণ কেৱল এটা ইহুদী শিবিৰৰ ভিতৰতে সীমাবদ্ধ হৈ পৰিব৷ কিন্তুু দুৰ্ভাগ্যবশতঃ এইজন কাৰ্ল গুষ্টাভ য়ুঙৰ লগতো ফ্ৰয়েডৰ পিছলৈ বিতৰ্কৰ সূত্ৰপাত হয় আৰু ১৯১৩ চনত তেওঁলোকৰ সম্পৰ্কৰ শেষ হয়৷ য়ুঙেও আলফ্ৰেড এডলাৰৰ দৰে ফ্ৰয়েডৰ সংগ পৰিত্যাগ কৰি ’বিশ্লেষানাত্মক মনোবিজ্ঞান’ নামেৰে মনোবিজ্ঞানৰ এটা সুকীয়া ভাৱধাৰাৰ সৃষ্টি কৰে আৰু পিছলৈ এজন বিশ্ববিখ্যাত মনোবিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰে৷
প্ৰথম বিশ্বযুদ্ধৰ(১৯১৪-১৯১৮) বছৰকেইটা আছিল ফ্ৰয়েডৰ বাবে বৰ কষ্টকৰ আৰু তিক্ততাপূৰ্ণ৷ সেইসময়ত ফ্ৰয়েডে তেওঁৰ বিশ্বাসী অনুগামীসকলৰ লগত যোগাযোগ কৰিব পৰা নাছিল, তেওঁৰ ৰোগীচোৱাও বহু পৰিমাণে কমি গৈছিল, যাৰ বাবে তেওঁৰ গৱেষণাৰ কাম-কাজো পিছ পৰি গৈছিল৷ তেওঁ আৰু তেওঁৰ পৰিয়ালে সেই সময়ত খাদ্যৰ অভাৱত ভোকেৰে থাকিব লগা হৈছিল, কেতিয়াবা আনকি তেওঁ নিজৰ ঘৰত জুইৰ ব্যৱস্থাও কৰিব পৰা নাছিল৷ ইয়াৰ উপৰি সেইসময়তে তেওঁৰ মৰমৰ জী ছ’ফিৰো মৃত্যু(১৯২০ চন) হৈছিল৷ এনেবোৰ তিক্ততাপূৰ্ণ অভিজ্ঞতাই ফ্ৰয়েডক তেওঁৰ মনোবিশ্লেষণৰ তত্ত্বটো সংশোধন কৰিবলৈ বাধ্য কৰিছিল৷ ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য সংশোধনীটো হৈছে যে তেওঁ মানুহৰ মানসিকতাৰ গঠনত আগ্ৰাসন বা আক্ৰমণাত্মক(aggression) প্ৰবৃত্তিক যৌনতাৰ(Sexuality) সমপৰ্যায়লৈ উন্নীত কৰিছিল৷ ইয়াৰ উপৰি তেওঁ অৱদমনক(repression)মানুহৰ অহং (Ego)ৰ এক ধৰণৰ প্ৰতিৰক্ষা হিচাপেও অন্তৰ্ভুক্ত কৰিছিল৷ এই সকলোখিনি কথা তেওঁ প্ৰকাশ কৰিছিল ১৯২০ চনত প্ৰকাশ পোৱা তেওঁৰ ’Beyond The Pleasure Principle’নামৰ গ্ৰন্থখনত৷
১৯২৩ চনত ডাক্তৰে ধৰা পেলালে যে, ফ্ৰয়েডে দুৰাৰোগ্য ডিঙিৰ আৰু মুখৰ কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত হৈছে৷ এই ৰোগটোৱে ফ্ৰয়েডৰ জীৱন দুৰ্বিষহ কৰি পেলালে আৰু তেওঁ ৩৩ বাৰকৈ অপাৰেচনৰ সন্মুখীন হ’ব লগা হ’ল৷ কিন্তুু তেওঁ নিজৰ গৱেষণাৰ কামক অকণো পিছ পৰি ৰ’বলৈ নিদিলে৷ সেই বছৰতেই প্ৰকাশ পালে তেওঁৰ এখন অন্যতম উল্লেখযোগ্য গ্ৰন্থ’The Ego And The Id’৷ এইখন গ্ৰন্থতেই ফ্ৰয়েডে তেওঁৰ মন সম্পৰ্কে থকা আগৰ ধাৰণাবোৰতকৈ এক উন্নত ধাৰণাৰ অৱতাৰণা কৰে৷ মনৰ কাৰ্যাৱলীৰ ফালৰ পৰা তেওঁ মনক তিনিটা ভাগত ভাগ কৰে৷ সেইভাগকেইটা হৈছে-ইড(Id), ইগ’(Ego), ছুপাৰ ইগ’(Super Ego)৷ ইয়াৰ পাছৰ সময়ছোৱাত তেওঁ মানুহৰ ইগ’ অৰ্থাৎ অহঙে কেনেকৈ ইডৰ পৰা উৎপত্তি হোৱা অসামাজিক কামনা-বাসনাবোৰ দমন কৰে সেইবিষয়ৰ গৱেষণাত ব্যস্ত থাকে৷ মানুহৰ ইগ’ই অৱলম্বন কৰা এই ব্যৱস্থাবোৰক তেওঁ ’প্ৰতিৰক্ষা কৌশল’(Defence Mechanism) নামেৰে নামাকৰণ কৰিছে৷
১৮৮৬ চনত ফ্ৰয়েডে তেওঁৰেই প্ৰাক্তন ৰোগী মাৰ্থা বাৰ্নেইজক বিয়া কৰিছিল৷ ফ্ৰয়েড দম্পতীৰ মুঠ ৬টা সন্তান আছিল৷ এওঁলোকেভিতৰৰে কনিষ্ঠ সন্তান(কন্যা) আন্না ফ্ৰয়েডে দেউতাকৰ দৰেই মনোবিজ্ঞানত বিশেষ বুৎপত্তি প্ৰদৰ্শন কৰিছিল৷ শিশু মনোবিজ্ঞান আৰু অহং মনোবিজ্ঞানৰ ক্ষেত্ৰখনত কৰা তেওঁৰ বহুতো গৱেষণাৰ আজিও বিশ্ববিখ্যাত৷
ফ্ৰয়েডৰ জীৱনত কোনোদিনে নবেল বঁটা পোৱাৰ সৌভাগ্য নহ’ল যদিও ১৯৩০ চনত মনোবিজ্ঞান আৰু জাৰ্মান সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ’গ্যেটে পুৰস্কাৰে’ৰে সন্মানিত কৰা হয়৷ ফ্ৰয়েডৰ জীৱনীকাৰ সকলৰ মতে, জাৰ্মান ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত ফ্ৰয়েডৰ বিশেষ নিপুণতা আছিল, যাৰ বাবে তেওঁ নিজকে কুৰি শতিকাৰ এজন আগশাৰীৰ চিন্তাবিদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছিল৷
১৯৩৩ চনৰ ৩০ জানুৱাৰী তাৰিখে হিটলাৰ আৰু নাজি বাহিনীয়ে জাৰ্মানীত ক্ষমতা দখল কৰে৷ লগে লগে জাৰ্মানীকে ধৰি প্ৰায় গোটেই ইউৰোপতে ইহুদী বিদ্বেষে তীব্ৰ ৰূপ ধাৰণ কৰে৷ লাখ লাখ ইহুদী মানুহ বিনা কাৰণতে অত্যাচাৰৰ সন্মুখীন হ’ল৷ গৃহহাৰা হ’ল৷ ইয়াৰে বহুতক নিৰ্দয়ভাৱে হত্যা কৰা হ’ল৷ ১৯৩৮ চনৰ মাৰ্চ মাহত হিটলাৰে অষ্ট্ৰিয়া আক্ৰমণ কৰি দখল কৰে আৰু জাৰ্মানীৰ সৈতে চামিল কৰে৷ হিটলাৰে অষ্ট্ৰিয়া দখল কৰাৰ লগে লগে এজন ইহুদী হিচাপে অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ ভিয়েনা নিবাসী ফ্ৰয়েডৰ জীৱনলৈকো কাল অমানিশা নামি আহিল৷ নাজি প্ৰশাসনে ফ্ৰয়েডৰ ৰচনাৰাজিক পৰ্ণ’গ্ৰাফী বুলি অভিহিত কৰি ৰাজহুৱা ভাৱে দাহ কৰে! তেওঁৰ সকলোবোৰ ধন-সম্পত্তি বাজেয়াপ্ত কৰে আৰু মিছা গোচৰৰ ভিত্তিত এক বৃহৎ পৰিমাণৰ ধনৰ জৰিমনাও বিহে৷ অৱশেষত নাজি প্ৰশাসনে তেওঁক অষ্ট্ৰিয়া এৰি যাবলৈ বাধ্য কৰে৷ তেওঁ ১৯৩৮ চনৰ জুন মাহৰ ৬ তাৰিখে পৰিয়ালৰ কেইজন মান সদস্যৰ সৈতে কোনোমতে পলাই আহি লণ্ডনত উপস্থিত হয়৷
লণ্ডনলৈ অহাৰ পাছত ফ্ৰয়েডৰ মুখৰ কেঞ্চাৰৰ বিষ বাঢ়িবলৈ ধৰে৷ ডাক্তৰে ঘোষণা কৰে যে, তেওঁৰ ৰোগে অন্তিম পৰ্যায় পাইছেগৈ৷ অৱশেষত ফ্ৰয়েডে আত্মহত্যা কৰাৰ সিদ্ধান্ত লয় আৰু ডাক্তৰ সৈতে আলোচনা কৰি তেওঁ তিনি পালি মৰফিন খাই ২৩ ছেপ্তেম্বৰৰ পুৱতি নিশা তেওঁৰ ৮৩ বছৰীয়া জীৱন পৰিক্ৰমাৰ সামৰণি মাৰে৷
ফ্ৰয়েড আছিল কুৰি শতিকাৰ এক বিস্ময়কৰ প্ৰতিভা৷ তেওঁ ৰচনাৰাজিয়ে আজিও মানুহক চিন্তিত আৰু বিমূঢ়িত কৰি ৰাখিছে৷ তেওঁ পৃথিৱীৰ লাখ লাখ মানুহক মানসিক সমস্যাৰ পৰা মুক্তি দিয়াই নহয় মানুহৰ জীৱন, প্ৰেম আৰু যৌনতাৰ লগতে সমাজ, সংস্কৃতি আৰু ধৰ্ম সম্পৰ্কে থকা প্ৰচলিত ধ্যান-ধাৰণালৈকো ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments