ছিটিকা – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

ম’বাইলৰ পৰ্দাত জিলিকি উঠা অচিনাকি নম্বৰৰ পৰা অহা ফ’নটো দেখি আজিও অৰ্পিতাৰ ভালেই লাগিল৷ আচলতে ফেচবুকত একাউণ্টটো খুলি নিজৰ দুখনমান ফটো আপল’ড্‌ কৰাৰ পাছৰ পৰা এইকেইদিন তাইলৈ অহা ফ্ৰে’ণ্ড্‌ ৰিকুৱেষ্টৰ সংখ্যা ঢল বাগৰা পানীৰ দৰে বাঢ়ি আছে৷ ফেচবুক প্ৰো’ফাইলত তাইৰ মো’বাইল নম্বৰটোও দিয়া আছিল, আৰু সেইটোৰ আলম লৈ অত্যুৎসাহী এচামৰ পৰা তাইলৈ অহা ফোনৰ সংখ্যাও দিনে দিনে বাঢ়ি আহিছে৷ তেনেদৰে সহজতে আনৰ চকুত পৰাকৈ মো’বাইল নম্বৰটো দি তাই যে এটা খুবেই বুধিয়কৰ কাম কৰিছিল সেই কথাটো এইকেইদিন তাই ভালকৈয়ে অনুভৱ কৰিছে৷ শৈশৱত সিহঁতৰ চোতালত ঢলে নমোৱা একাঠু পানীতেই টুলুং-ভুটুং কৰা কলৰ ভুৰত উঠি কিবা এক আমেজত মজাৰ দৰে এই অনুভৱেও যেন তাইক ক্ৰমশঃ সন্মোহিত কৰি তুলিলে৷

সুখ্যাতিৰে কলেজ পাই লগৰ কেইজনীমানে অহৰহ মো’বাইল ফোনটোতেই মচগুল হৈ থকা দেখি প্ৰথমতে তাই আচৰিত হৈছিল৷ ইস! একেবাৰে মাত এষাৰ দিবলৈও সময় নাই;  যেন তাইৰ লগৰীয়া নহয়, সিহঁত কোনোবা বেলেগ গ্ৰহৰ প্ৰাণীহে! এনেদৰে তাত মজি থাকিবলৈ কিনো ইমান মোহনভোগডাল আছে?  পিচে ঘোঁকাট গাঁও এখনৰ পৰা নগৰলৈ পঢ়িবলৈ যোৱা তাইৰ দৰে ছোৱালীজনীয়েহে কথাটো ভাবি প্ৰথমতে একো উৱাদিহ পোৱা নাছিল৷ আচলতে উৱাদিহ পাবলৈও তেতিয়ালৈ সিহঁতৰে সৈতে তাইৰ তেনেকৈ চিনা-জনায়ে হোৱা নাছিল৷ এদিন সিহঁতৰ স’তে তাইৰ চিনাকি হ’ল, ক্ৰমশঃ ঘনিষ্ঠতা বাঢ়িল আৰু এদিন তাই সম্ভেদ নোপোৱা কথাটোৰো ওৰ পালে৷ একালত এলিয়েন্‌ বুলি ভবা সকলৰে সৈতে একে গ্ৰহৰ বাসিন্দা হোৱাৰ দুৰ্বাৰ আকাংক্ষা এটাই কম সময়তে তাইকো মোহাচ্ছন্ন কৰিলে।

সাধাৰণ ভাবে খেতি-বাতিৰে তাল মিলাই থকা দেউতাকে তাই কোৱা সেই পৰিমাণৰ অংক বুজি প্ৰথমতে তভক খালে৷ কিন্তু বংশৰ নাম উজলাবলৈ নগৰলৈ পঠোৱা জীয়েকৰ কোনো কামতেই বাপেক হেঙাৰ হ’ব নোখোজে৷ যেনেকৈয়ে নহওক জীয়েকৰ আব্দাৰ পূৰাবই লাগিব৷ দৰকাৰ পৰিলে ৰূপিত মাটি অলপেই বেছিব৷

এনেয়ো অৰ্পিতাৰ পকা বিলাহীৰ দৰে তুল্‌তুলীয়া চেহেৰা৷ যিসময়ত সমাজত মঙেলী, ফাগুনী, নেউলী আদিৰ দৰে নাম ৰখাৰ প্ৰৱণতা আছিল, তেনে সময়তেই গঢ়-পিট চাই তাইৰ মাকক সকলোৱে দিয়া নাম আছিল প্ৰতিমা৷ প্ৰতিমা মানে প্ৰতিমাই৷ অৰ্পিতাৰ গঢ়-পিটতো মাকৰ প্ৰতিচ্ছবি বিয়পি পৰাটো স্বাভাৱিক কথা৷গতিকে তাইৰ মো’বাইলৰ হাই মেগা পিক্‌চ্চেল কেমেৰাৰে তোলা দুখনমান ফটো ফেচবুক প্ৰো’ফাইলত আপলোড কৰাৰ পিছত তাইৰ স’তে বন্ধুত্ব গঢ়িবলৈ আগ্ৰহী হোৱা লোকৰ সংখ্যা এনেদৰে হোৰাহোৰে নবঢ়াটোহে অস্বাভাবিক!

   দুদিনমানৰ পৰা এটা নম্বৰ সঘনে তাইৰ মো’বাইলৰ পৰ্দাত জিলিকি উঠা হৈছে৷ তেনেদৰে অইন দুটামান নম্বৰো তাইৰ চিনাকি হৈ নপৰা নহয়, তথাপি এইটোৰ মাজত কিবা যেন এক সুকীয়া আমেজ আছে, কিবা এক অবুজ শিহৰণ আছে৷ অন্ততঃ এই কেইদিন সেই নম্বৰৰ গৰাকীৰ স’তে কথা পাতি এই ক্ষেত্ৰত তাই নিশ্চিত হৈছে৷আজিকালি তাইৰ এনে লাগে সেই নম্বৰৰ মায়াবী মাতষাৰ যেন বতাহে উৰুৱাই আনি অহৰহ তাইৰ কাণত পেলায়৷ ৰিণিকি ৰিণিকি বাজি উঠা সেই মাতটোৰ বাবে এতিয়া তাইয়ো প্ৰতিক্ষণ উদগ্ৰীৱ হৈ থাকে৷ তাইৰ এনে লাগে, সঁচাকৈয়ে যেন সুখৰ নিজৰা এটা তাইৰ জীৱনলৈ জিৰি জিৰি বৈ আহিছে; তাই আশা কৰে নিজৰাৰ সেই কুলু কুলু স্বৰ ক্ৰমাৎ বাৰিষাৰ ঢল হৈ বাগৰক আৰু সেই ঢলে তাইক ভালকৈয়ে উটুৱাই নিয়ক৷ কথাবোৰ ভাবিলেই তাইৰ দুচকু মুদ খাই আহে, সেই আমেজে মিচিকি ৰূপ লৈ অধৰৰ মাজেৰে তাইৰ অগোচৰে ভুমুকি মাৰে৷

‘য়ূ, য়ূ অৰ্পিতা? ৱট্‌ আৰ্‌ য়ূ ডূ-ইং?’

ৰো’মিঅ’-জুলিয়েট পঢ়াই থকা ইংৰাজীৰ মেডামৰ ধমকত তাই উচপ খাই উঠে৷ তাইৰ মুখেৰে নিগৰি ওলোৱা সেই হাঁহি পলকতে ম্লান পৰে৷

সপোনৰ অকাল পৰিণতি নমাই অনা মেডামৰ কথাত অৰ্পিতাৰ খুবেই খং উঠে৷ আৰে, পঢ়াশুনা কৰিবলৈ জীৱনত অনেক সময় আছে, কিন্তু এনে সু-সময় জানো জীৱনলৈ সদায় আহে? তেখেতৰ বয়স হৈছেতো, এইবোৰ কিবা বুজি পালেহে!সেয়েহে ক্লাছৰ পৰা ওলাইয়ে তাইৰ মন পুনৰ উৰা মাৰে৷তেনেতেই তাইৰ ফোনটো বাজি উঠে৷ ফোনৰ লগতে আনন্দত তাইৰ মনটোও নাচে৷ সঁচাকৈয়ে এইবাবেই তাক তাইৰ ভাল লাগে,  কেনেকৈ যে সি বুজি পায় নহয়  তাইৰ মনৰ খবৰ!

   সঁচাকৈয়ে সি অকল নামেৰেই নহয়, কামেৰেও সৌভিক! আৰু আজিও সৌভিকৰ কথাত তাইৰ থৌকি-বাথৌ লাগিল৷ অৱশ্যে তাৰ আজিৰ কথাই তাইক অলপ চিন্তাতো নেপেলোৱা নহয়৷ হাজাৰ হওক তাইৰ মাক-বাপেকে গম পালে কম কথা হ’বনে?  অৱশ্যে তাই যিমানখিনি গম পাইছে, মাক-বাপেকৰ আপত্তি কৰিবলগীয়া তেনেকৈ বিশেষ একোৱেই নাই;  তাৰ ফেচকৰ প্ৰো’ফাইলটো চাই তাই বুজি পাইছে সি যে উচ্চ শিক্ষিত আৰু ধনী ঘৰৰ একমাত্ৰ সন্তান৷ আৰু সিহঁতৰ জাত-পাতো একেবাৰে মিলিছে৷ আচলতে তাইৰ নৈষ্ঠিক বাপেকৰো আপত্তি কৰাৰ একো সুৰুঙাই নাই।গতিকে এক ন-উন্মাদনাৰে সময়ত তাই সাজি-কাচি ওলাল৷তাৰ গাড়ীত নিজৰ গাটো এৰি দি তাইৰ নিজকে কোনোবা ৰাজকুঁৱৰী যেন লাগিল৷ আৰু নালাগিবনো কিয়?  হাতখন মেলি পোৱা দূৰত্বতেই আজি তাইৰ অ’তদিনৰ সপোনৰ ৰাজকোঁৱৰ! গাড়ীৰ কোমল আসনেই যেন ৰাজমহলৰ মখমলৰ আভৰণ৷ সঁচাকৈয়ে বাস্তৱেই নে এইয়া?  কিবাচোন সপোন সপোন যেনহে লাগে তাইৰ৷ তাই এবাৰ নিজকে চিকুটি চালে- নাই নাই, সপোন নহয়!

গাড়ীৰ ভিতৰত বাতানুকূল পৰিৱেশৰ মাজত থাকিলেও পাহাৰৰ এঢলীয়া বাটৰ খলা-বমাৰে গাড়ী আগবঢ়াৰ সময়ত তাইৰ দেহৰ ভিতৰৰ পৰা উজাই অহা কিবা এক উষ্ণতাই গা-মন তোলপাৰ লগায়৷ ৰাজকোঁৱৰে ৰাজকুঁৱৰীৰ শৰীৰৰ মাজে মাজে কৰা হিৰা-মৰকতৰ সন্ধানে এই শিহৰণ আৰু হেজাৰগুণে প্ৰৱল কৰি তোলে৷ তাৰ আচৰণে তাইক এক সলাজ সংকোচত কোচঁমোচ খুৱালেও তাইৰ যেন বাধা দিয়াৰ শক্তি নাথাকে৷

তেনেতেই তাইৰ ফোনটো বাজিল- মো’বাইল স্ক্ৰীনত ঘৰৰ নম্বৰটো জিলিকি আছে৷ এই সময়তহেনো বাৰু এইটো আহিব লাগেনে?  ফোনটোৱে তাইৰ মনত বিৰক্তি জগালেও তাইৰ বাবে অহৰহ কষ্ট আৰু চিন্তা কৰা মাক-দেউতাকৰ মুখ দুখন কিন্তু তাইৰ সমুখত ভাহি উঠিল৷

কিবা এটা চেতনাই মতলীয়া বতাহত উটিব খোজা ছোৱালীজনীক হঠাতে সচেতন কৰি তুলিলে৷ বেজেৰুৱা মন এটা লৈ হ’লেও সময়মতেই তাই আহি হোষ্টেলত সোমাল৷

সৌভিকক লৈ তাইৰ মনত উগুল-থুগুলতা বৰ্তি থাকিলেও জন্মগত ভাবে পোৱা সংস্কাৰে তাইৰ মনৰ এই হেঁপাহত সিদিনাৰ তাৰ আচৰণ এটা ঘুণ পোক হৈ সোমাল আৰু এই পোকটোৱে তাইৰ বুকুখন এফালৰ পৰা খুলি খুলি খাবলৈ ধৰিলে৷ কি যে এক কুক্ষণত তাইৰ জীৱনে এই লংগৰ পেলাইছিল নহয়!

তাইৰ অভিমানী আৰু সংস্কাৰী মনে সেইফালৰ পৰা অহা ফোন নধৰাত দুদিনমানলৈ দৃঢ়তা দেখুৱালে ঠিকেই, কিন্তু ঘনে ঘনে সি পঠোৱা মেছে্‌জ্‌বোৰ চাইহে তাইৰ কোমল মন লাহে লাহে শিথিল হৈ উঠে৷ ঠিকেই, অকল তাক দোষ দিলেই নহ’ব;  জেওৰা ঠিক থাকিলে খেতিডৰা যিমানেই লহ্‌পহীয়া নহওক কিয় লোকৰ ছাগলীয়ে লুৰুকিবলৈ সুযোগ পায়নে?  কথাবোৰ এনেদৰে তাইৰ মনত পাক লোৱাৰ সময়তে সৌভিকৰ প্ৰতি তাইৰ আচাৰ লঘু দোষত গুৰু শাস্তি যেন লাগিল৷                   

প্ৰথমতে তাই দোধোৰ-মোধোৰত পৰিল৷

তাইৰ মাজত সি ইমান কি বিচাৰি পাইছে তাই নাজানে, কিন্তু তাইৰ এনে লাগে যে তাৰ দৰে অভিজাত ল’ৰাজন আচলতে তাইৰ বাবে হ’ব লাগিছিল দূৰ আকাশৰ তৰাহে৷ তাই ভাবি ওৰ নাপায়, তাৰ বাবে বহু অভিজাত ছোৱালীয়ে উন্মুখ হৈ থকা সময়তো তাইৰ দৰে সাধাৰণ ছোৱালীজনীৰ মাজত সিনো জীৱনৰ কি এনে অমূল্য মাণিকৰ সন্ধান পাইছে৷ আচলতে প্ৰেম কিজানি এনেকুৱাই, যি একো ভেদাভেদ চিনি নাপায়৷ আৰু তাইৰ মনৰ সংশয় নিৰসনৰ বাবে সি এতিয়াই এনে এটা পদক্ষেপ ল’ব ওলোৱাটোও নিশ্চয় তাইৰ প্ৰতি তাৰ নিৰ্ভেজাল প্ৰেমৰেই নিদৰ্শন!

আৰু সি কোৱা কথাটোও মিছা নহয়, সকলো ফালৰ পৰা সি উপযুক্ত হ’লেও বৰ্তমান সময় সিহঁতৰ অনুকূল নহয়৷ সিহঁতৰ দুয়ো ঘৰে যে সিহঁতৰ এই বাটত হেঙাৰ হৈ নুঠিব তাৰ কি নিশ্চয়তা আছে?  কিন্তু সময় জানো বোঁৱতী নৈ নহয়? বাৰিষা পাৰ উপচি নৌকা-বিহাৰৰ বাবে উপযুক্ত হৈ উঠা নৈখনেই খৰালি শুকাই কোনো কামৰ বাবে সুচল হৈ নাথাকে৷ আৰু সিও শিক্ষাৰ মোল নুবুজা নহয়, বংশৰ নাম উজলাবলৈ তাই পিছে-পৰেও পঢ়াৰ সুযোগ পাব৷ এতিয়া সময়ৰ শৰ সময়ত মৰাহে উচিত৷ বৰ্তমান সিহঁতৰ বাবে প্ৰতিকূল যেন লগা পৰিস্থিতিও কোঁচত লৈ যোৱা নাতিৰ মুখ দেখাৰ মুহূৰ্ততে দুয়ো ঘৰত অনুকূল হৈ উঠিব৷

সৌভিকৰ বুজনিত অৰ্পিতাৰ মুখত সলাজ হাঁহি আৰু অবুজ সন্তুষ্টিয়ে লুকা-ভাকু খেলে, তাক তাইৰ স্বৰ্গীয় সুষমা লৈ নামি অহা কোনোবা দেৱদূত যেন লাগে৷

সেয়েহে জীৱনটো নকৈ গঢ় দিয়াৰ বাসনাৰে সকলোৰে অগোচৰে এদিন তাই তাৰে সৈতে পশ্চিমীয়া ৰে’লত বহিল৷ তাই জানে তাৰ চাকৰিও সেইফালেই ক’ৰবাত৷

ক’ৰবাৰ পৰা ভাহি অহা আজানৰ স্পষ্ট মাতত অৰ্পিতাৰ তন্দ্ৰালু দুচকু মেল খালে৷ তাই বাগৰি থকাৰ পৰা উঠি বহিব খুজিলে, পিছে পুনৰ বাগৰি পৰিল৷ আস! এই কেইদিনৰ পাশৱিক অত্যাচাৰে তাইৰ সৰ্বশৰীৰ ইতিমধ্যে জৰ্জৰিত কৰি তুলিছে৷

কাষৰ কোঠালিৰ পৰা কাৰোবাৰ স’তে আজিও তাইক লৈ চলোৱা দৰা-দৰি ভাহি আহি তাইৰ কাণত পৰিল৷ এই পৰিস্থিতিত নিজকে তাইৰ কচাইখানাত বিক্ৰীৰ বাবে ওলোমাই থোৱা মাংসৰ টোপোলা এটা যেনেই লাগিল৷ কচাইটোৰ চলাহী কথাত ভোল যোৱাৰ দিনাই যে আচলতে তাই নিজৰ কবৰ খন্দাৰ আৰম্ভণি কৰিছিল কথাটো দুদিনমান আগতেহে তাই বুজি পালে৷ কথাবোৰ মনলৈ অহাৰ লগে লগে তাইৰ দুচকুৰ পানী পুনৰ ঢল হৈ বাগৰিল৷ ধলৰ পানীত কলৰ ভুৰত উঠি বানৰ আমেজ ল’ব খোজা ছোৱালীজনীৰ ভুৰখন যে ইতিমধ্যে থাউনি নোপোৱা অথাই সাগৰত পৰিল তাই নিশ্চিত হ’ল৷

দু:সহ যাতনাত তাই পুনৰ চিৎকাৰ কৰি উঠা সেই সময়তেই চয়তানটোৱে পাশৱিক উন্মাদনাৰে নতুন চিকাৰৰ সন্ধানত অভিযান চলাই আছিল;  এপাকত তাৰ দুচকু উদ্ভাসি উঠিল আৰু ফেচবুকত প্ৰো’ফাইল এটা নকৈ সজোৱাত লাগিল৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments