ছিৰিয়েল জ্বৰ – কৌশিক নন্দন বৰুৱা

কণপিতৌহঁতৰ ঘৰত সিদিনা সকাম৷ ঘৰখনৰ গ্ৰহ দোষ কাল দোষ নোহোৱা হওক বুলিয়েই সি কথাটো ভাবিলে৷ বোলে গ্ৰাহ গজেন্দ্ৰ এক আধ্যাকে পঢ়োৱা যাওক৷ সেইবুলি গাঁৱৰে মাঘি দাইটিকে ধৰি চাৰিজন ভকতক মাতি সেৱাভাগ পাতিবলে আয়োজন কৰিলে৷ মাঘি দাইটিয়ে পাঠ পঢ়ি আছে৷ ইফালে আকৌ আখলত চাউল সিজোৱাৰ আয়োজন৷ কণপিতৌয়ে দুয়োফালে তাল মিলাই আছে৷ এফালে যদি গজেন্দ্ৰৰ জলকেলিৰ কথা শুনিছে সিফালে আকৌ আখলত মাটি দাইলত দিয়া নিমখৰ জোখো লৈ আছে৷ সকাম বুলিয়ে অহা তাৰ শাহুৱেকেও মাজে মাজে জীয়েকক মানে কণপিতৌৰ মানুহজনীৰ ওচৰে ওচৰে থাকি দিহা পৰামৰ্শ দি আছে৷ লগতে ভাইবোৱাৰী কেইজনী আছেই, হৈ যাব আৰু৷ গ্ৰাহে গজেন্দ্ৰৰ ভৰিত কামোৰি ধৰোঁতেই কৃষ্ণ বুলি কণপিতৌ এপাক ভিতৰ সোমাল৷ সোমাইয়ে শাহুৱেক আৰু ঘৈণীয়েকৰ আলোচনা শুনি কণপিতৌ কাণ মূৰ গৰম৷
“তাই বেটিয়ে গিৰিয়েকটোৰ মুখে মুখে যেনেকেহে উত্তৰ দিছে, মই বোলো হৰি হৰি দেই যমে নি সুদা ভাত খোৱাব ঐ তোক” শাহুৱেকে ফুচফুচাই কৈছে৷ লগে লগে চকু কেইটা ৰবাব টেঙাটোৰ সমান কৰি কণপিতৌৰ মানুহজনীৰ মাত, “এনে নিলাজী তিৰোতা ঐ, মই জানোৱেই তাইৰ চৰিত্ৰ৷”
কণপিতৌ জ্বৰে ঘমাদি ঘামিবলৈ ল’লে৷ আগফালে সেয়া হৰিনাম, আৰু ভিতৰত এয়া! তাতে কাৰ বা গুণ গোৱা হৈছে, কণপিতৌৰ ভাইবোৱাৰী মিনতিৰ মুখখন অকণ চোকা হয় বাৰু সেইবুলি এনেকৈ!

“হেৰৌ মনে মনে থাকহঁত ঔ, মিনতিয়ে শুনিলে এইখন ৰণথলী হ’ব, নাপায় নহয় ঘৰত হৰিসেৱা পাতি পৰচৰ্চা কৰিব“ বুলি কণপিতৌৱে বুজাবলৈ লওঁতেই শাহুৱেকে মুখতে কৈ উঠিল-

“হেই ৰ’বাহে জোঁৱাই, এই কালি চান্দিনী ছিৰিয়েলখন নাচালে বোলে, মই তাকেহে বুজাই আছোঁ৷“

“অঁ, মায়ে অলপ দেউকণৰ ম’বাইলৰ ইউটোব নে কি তাতে চাই মোক ক’বলৈ আহিল৷ আপুনি যাওকচোন, ৰঙালাউৰ ভাজিখন অকণ লৰাই দিব” -মানুহজনীয়ে বুজাই ক’লে কণপিতৌক৷

তাতেই থৰ লাগিল আমাৰ কণপিতৌ৷ “পাৰ কৰা ৰঘূনাথ সংসাৰ সাগৰ“ বুলি ৰঙালাওৰ ভাজিকণৰ ওচৰলৈ লৰ মাৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments