ছেকেন্দ্ৰাবাদ আৰু হায়দৰাবাদৰ অলিয়ে গলিয়ে(-মৃণাল কুমাৰ বৰা)

মৃণাল কুমাৰ বৰা


২০১০ চনৰ কথা। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰ হায়দৰাবাদত ৮ মাহৰ কাৰণ আছিলোঁগৈ। তাৰে দুটামান তিতা-মিঠা অভিজ্ঞতাৰ সমল এয়া।তাতে লগ পোৱা কেইজনমান বিশেষ মানুহক লৈ এইলানি লিখনি লিখিবলৈ আৰম্ভ কৰিছিলোঁ।

“ওস্তাদ”!

ট্ৰেইনত লগ পালোঁ এইজন ওস্তাদক। আপোনালোকেও নিশ্চয় লগ পাইছে এনেকুৱা ওস্তাদক, ট্ৰেইনৰ বিষয়ে সৰ্বজান্তা, কেইটা বজাত ট্ৰেইন কোনটো ষ্টেচনত আহি পাব সেয়া কাষৰ মানুহকেইজনক উপযাচি শুনাই থকা, ট্ৰেইন কিমান পলমকৈ চলিছে কৈ দিব পৰা ইত্যাদি গুণৰ সমাহাৰ থকা ব্যক্তি এই ওস্তাদ। ৰাতিপুৱা শুই উঠিয়েই টাৱেলখন, মাগটো, চাবোন আৰু Fair and Lovely টো লৈ দৌৰ মাৰে বাথৰুমলৈ। Fair and Lovelyটো কিয় নিয়ে তাৰ ৰহস্যটো ৰহস্য হৈয়েই থাকিল আমাৰ কাৰণে। কাৰণ বাথৰুমৰপৰা ওলাই অহাৰ পাছতহে দাপোণখন উলিয়াই লৈ এসোপামান ক্ৰীম গালে মুখে সানি চিকুণটো হৈ পৰে। তাৰ পাছত কি চাবা ওস্তাদৰ কোব! যিমানকেইটা ফেৰীৱালা আহে চবকে ৰখায় ওস্তাদে। বস্তু-বাহানিৰ দাম-দৰ কৰে। শেহত কয় বোলে এইটো কেমেৰা ভাল নহয় পানী পৰিলে বেয়া হৈ যাব, এইখন কাপোৰ ভাল নহয় ৰ’দত শুকোৱালে ৰং গুছি যাব। Charging pointটো ওস্তাদৰ। ওস্তাদে দিনটো গান লগাই থাকে আৰু ম’বাইলটো charging কৰি থাকে, কুমাৰ চানুৰ উপদ্ৰৱত ৰাইজৰ অৱস্হা যে কাহিল সেয়া চাবলৈ আহৰি নাই ওস্তাদৰ! খানাৰ অৰ্ডাৰ লব’লৈ আহোঁতে ওস্তাদে সোধে muttonবিৰিয়ানি আছেনে নাই, chicken বেয়া; নামেই নুশুনে ওস্তাদে chickenৰ। হিজৰা  আহিলে ওস্তাদে টোপনিৰ ভাও ধৰে। গাত হেচুকি থাকিলেও খবৰ নাই ওস্তাদৰ, যেন যমৰাজৰ লগত কিবা বিশেষ আলোচনাতহে ব্যস্ত তেখেত। অৱশেষত ওস্তাদে ফেৰীৱালাৰপৰা বস্তু এটা কিনিলে – এ.টি.এম কাৰ্ড থোৱা বাকচ এটা (বাকচ বুলি ক’মনে?)। ৩০টকাৰ বস্তুটো লাগি লাগি ওস্তাদে কিনিলে ১৫ টকাত, মুখত সন্তুষ্টিৰ হাঁহি। অলপ পাছতে আৰু এজন ফেৰীৱালা আহিল একেই সামগ্ৰীবিধ লৈ। দৰ-দামটো কৰিবই ওস্তাদে। কিমান দাম এইটোৰ? “১৫ টকাত দুটা “- ফেৰীৱালাৰ উত্তৰ। ওস্তাদৰ মুখখন চাবলগীয়া হৈছিল তেতিয়া।

 

“Versatile”!

এওঁৰ নামটোৰ অসমীয়া প্ৰতিশব্দ এটা বিচাৰি হাবাথুৰি খাইছোঁ। আচল নাম কৃষ্ণা, ছোৱালী নহয় আকৌ দেই। এওঁৰ নামাকৰণৰ অৰ্থ হ’ল এয়াই যে এওঁ কৰিব নোৱৰা কাম একো নাই। হায়দৰাবাদৰ এবিডচ(Abids)ত Paying Guest বিচাৰি ঘুৰি ফুৰোঁতে এজন মানুহক লগ পালোঁ। তেওঁ আমাক হোষ্টেল দেখুৱাবলৈ লৈ যাম বুলি ক’লে। আমাৰ হাতত দুই-তিনিটামান বেগ থকাৰ কাৰণে ক’লে যে গাড়ী এখন মাতি দিব হেনো। অলপ পাছতে দেখোঁ যে ভগা-চিগা luna এখন লৈ আমাৰ নায়কৰ প্ৰবেশ, একদম বিবেক অবেৰয়ৰ “ৰক্ত চৰিত্র”ত প্ৰৱেশ ঘটাৰ দৰে। এতিয়া ৩ টা মানুহ কেনেকৈ যাওঁ সেইখনত, লগতে দুটা বেগ! Versatileএ আমাক অভয় দিলে “টেনচন নাক্ক’।” লৈ গ’ল উঠাই আমাক। Lunaই নাটানেহে নাটানে, পাছে Versatile জানোঁ শুদাই এৰা ভকত, লৈ গ’ল টানি আজুঁৰি। হায়দৰাবাদৰ ৰাজপথত গৈ পোৱাৰ প্ৰথম দিনাই lunaত উঠি ভ্ৰমণ, তাকো তেলেগু চিনেমাৰ ভিলেইনৰ দৰে দেখা এজন প্ৰকাণ্ড মানুহৰ লগত। হোষ্টেলত সোমালোঁ। আবেলি দেখিলোঁ যে Versatile গাড়ীৰ চালকৰ ৰূপত, চব্জিৰ বজাৰ লৈ আনিছে সৰু ট্ৰাক জাতীয় গাড়ী এখনত। সন্ধিয়া পুনৰ দেখা পালোঁ আন এটা ৰূপত, চব্জি ৰন্ধাত ব্যস্ত Versatile। মুখত একোমোৰা হাঁহি। আন এদিনা আকৌ দেখা পালোঁ হোষ্টেলৰ ইলেকট্ৰিচিটিৰ কাম কৰাত ব্যস্ত Versatile, মুখত সেই একেই হাঁহি। তাৰ পাছত দেখি থাকিলোঁ এখেতৰ বিভিন্ন ৰূপ। কেতিয়াবা যদি টি.ভি ভাল কৰাৰ কামত আন এদিনা হয়তো গছৰ ডাল কটাৰ কামত, কেতিয়াবা যদি mess dues বিচাৰি ৰূমে ৰূমে ঘুৰাৰ কামত আন এদিনা হয়তো গনেশ পূজাৰ কাৰণে পূজাথলী সজোৱাৰ কামত, কেতিয়াবা যদি ৰুটী বেলি থকাৰ কামত, কেতিয়াবা হয়তো কাগজ-পত্র লৈ কিবা-কিবি হিচাপ কৰাৰ কামত। এইটো নহয় যে হোষ্টেলত কাম কৰিবলৈ মানুহ কম আছে, বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ মানুহ আছেই। এদিন ৰাতি আমি চিনেমা চাবলৈ ওলালোঁ, ৰাতি ৯ বজাৰ পৰা show। হোষ্টেলৰ মালিকক ক’লোঁ যে আমি চিনেমা চাবলৈ যাম, ১২ মান বাজিব ৰাতি। মালিকে বোলে তাৰ কাৰণে তোমালোকে হোষ্টেলৰ Security Inchargeৰপৰা written permission ল’ব লাগিব। ৰূম এটালৈ আঙুলিয়াই দিলে। তাত বহি আছে Security In-chargeজন। তাত গৈ দেখোঁ ভীমকায় চেহেৰাৰ Versatile বহি আছে!

 

“শৰ্ম্মাজী” ( চৰ্মাজী)!

আমি থকা হোষ্টেলটোৰ কেয়াৰ-টেকাৰ আছিল শৰ্ম্মাজী। এটা ৰুমত হিচাপৰ ল’ৰা আছেনে নাই, ল’ৰাবিলাকে কোনোবাদিনা দুবাৰ breakfast কৰিছে নেকি, কোনোবাই নিজৰ ৰুমতে সিবিধ গলাধকৰণ কৰা নাইতো, কোনোবাই কোঠাত ‘extra’ মানুহ সুমুৱাই ৰখা নাইতো – এইবোৰ চোৱা-চিতা কৰাটোৱেই হ’ল কেয়াৰ-টেকাৰৰ কাম। শৰ্ম্মাজী নামৰ বিজয়ৱাড়াৰ এই পকামূৰীয়া চুলিৰ ব্যক্তিজনে হোষ্টেলটোত এক গাম্ভীৰ্যতা বজাই ৰখাত অৰিহণা যোগাইছিল যেন মোৰ বোধ হৈছিল। হোষ্টেলৰে এটা কোঠালিত তেখেত থাকিছিল। তেখেতে হিন্দী আৰু ইংৰাজী এটা ভাষাও ভালকৈ ক’ব নাজানিছিল আৰু অন্ধ্ৰপ্ৰদেশৰ বাহিৰৰ ল’ৰাবিলাকৰ লগত ভগা-ভগা হিন্দী আৰু ইংৰাজী মিহলি কৰি কথা কৈছিল।

প্ৰথমদিনাখন ৰুম চোৱাৰ পাছত হোষ্টেলৰ ফিজ জমা কৰিবৰ কাৰণে পইছা উলিয়াবৰ কাৰণে এ.টি.এম যাব লগীয়া হ’ল। শৰ্ম্মাজীক সুধিলোঁ ক’ত আছে এ.টি.এম। শৰ্ম্মাজী আমাৰ লগতে ওলাল এ.টি.এম লৈ বুলি। বয়সিয়াল মানুহ, আমি বোলো হ’ব দিয়ক আপুনি নগ’লেও হ’ব আমাক এ.টি.এম লৈ যোৱা ৰাস্তাটো বুজাই-মেলি দিলেই হ’ল। শৰ্ম্মাজীয়ে পকেটৰ পৰা চিগাৰেট এটা উলিয়াই আমাক দেখুৱাই ক’লে, ইংৰাজীতে, “I am coming for this evil actually. It is not allowed to smoke in the hostel premises.”। ইয়াৰ পাছত প্ৰায়েই শৰ্ম্মাজীক দেখা পাইছিলোঁ হোষ্টেলৰ বাহিৰৰ এক বিশেষ ঠাইত থিয় হৈ একান্তমনে চিগাৰেট হুপি থকা।

ম’বাইলৰ চিম-কাৰ্ড উলিয়াবলৈ local addressৰ ইলেকট্ৰিচিটিৰ বিল এখনো লাগে driving license ৰ লগতে। শৰ্ম্মাজীক খুজি আমি ল’লোঁ বিল এখন। ইয়াৰ প্ৰাইভেট হোষ্টেলৰ বেপাৰ দেখিলে আচৰিত হোৱাৰ লগতে খঙো উঠি আহে। বিলখন দিব, কিন্তু ১০০০ টকা জমা দিব লাগিব। উপায় নাপাই আমি পইছা জমা দি বিলখন লৈ তাৰ কেবাটাও আলোক-প্ৰতিলিপি (Photostat) কৰি থৈ দিলোঁ। পাছত যেতিয়া হোষ্টেল এৰাৰ সময়ত পইছা খুজি শৰ্ম্মাজীৰ ওচৰলৈ যাওঁ শৰ্ম্মাজীয়ে কয় ভগা-ভগা হিন্দীত, “তুমতো মেৰা বচ্চা হে’ জী। হাম দে দেগা পেইচা।”, কিন্তু নিদিয়ে কেতিয়াওঁ। (এটা চালাকি কৰিহে পইছাখিনি উলিওৱা হ’ল পাছত, সেইটো এটা বেলেগ অধ্যায়।)

শৰ্ম্মাজীক ক’লো যে মোৰ mess ফিজ দিয়াত পলম হ’ব  দুদিনমান। শৰ্ম্মাজীয়ে মিচিকিয়া হাঁহি মাৰি ক’লে, “টেনচন নেহী লেনে কা। তুম ত’ মেৰা বচ্ছা হে’। মে’ আজ ঘৰ ক’ যাতা’, পৰৰচ’ আতা’। তুম দে দেনা মুঝে তব।” এনেকুৱা এটা সুৰত কথাষাৰ ক’ব যেন পৰহিটো আৰু এমাহমানৰ পাছতহে আছে।

যি নহ’লেও মানুহজনে হোষ্টেলটোত যি গাম্ভীৰ্য্য বজাই ৰখাত সহায় কৰিছিল তাৰ কাৰণে সকলোৱে তেওঁক যথেষ্ট সন্মান কৰিছিল।

 

“বাবে”!

“বাবে”। এইটো আমাৰ বাবেটো নহয় আকৌ, মানুহৰ নামহে।

লাহে লাহে হোষ্টেলত অসুবিধা বাঢ়ি অহাত আমি বেলেগকৈ ৰুম লৈ থকাৰ চিন্তা-চৰ্চা কৰিলোঁ। যদি আপোনাৰ দিন-কাল বহুত বেছি ভালে নাথাকে তেন্তে ইয়াত আকৌ ভাৰাঘৰ বিচাৰিবলৈও দালাল বিচাৰিব লাগিব প্ৰথমতে। আৰু যদি আপোনাৰ ফুটা কপাল তেন্তে আপুনি দালাল বিচাৰিবলৈও প্ৰথমে দালাল বিচাৰিবলগীয়া পৰিস্হিতি এটাৰো সন্মুখীন হ’বলগীয়াত পৰিব পাৰে। এদিন ওলালোঁ আমি ৰুম বিচাৰি, দালালক পইছা নিদিওঁ বুলি। প্ৰায় ৫ ঘন্টামান ঘুৰি অৱশেষত লগ পালোঁ এজন মানুহৰ ঠিকনা। কোন সেইজন? তেওঁ হেনো দালালৰ ঠিকনা দিব। তেখেতক তাতে নমস্কাৰ জনাই সেইদিনাৰ যাত্রাৰ সিমানতে পৰিসমাপ্তি ঘটোৱা হ’ল।

পাছদিনা কোনোমতে দোকানী এজনৰপৰা পালোঁ এজন দালালৰ ঠিকনা। কি নাম? “বাবে”! কি নামটো? “বাবে”। গ’লোঁ বাবেক বিচাৰি। কচাইখানাত বহি আছে বাবে। প্ৰকাণ্ড মানুহ, হাতত তেজলগা দা, প্ৰকাণ্ড পেটটোৰ ওচৰতে ফটা গেঞ্জিটোৰ অ’ত-ত’ত তেজৰ দাগ, সমুখত ওলমি আছে কটা গো-মাংস। আচহুৱা পৰিবেশ মুঠৰ ওপৰত। ঘৰ বিচাৰি অহা বুলি জানিব পাৰি উঠি আহিল বাবে আমাৰ লগত কথা পাতিবলৈ। চোলা এটা পিন্ধি ঘৰ দেখুৱাবলৈ লৈ গ’ল আমাক অটো’ এখনত তুলি। ঘৰ চালোঁ, পচন্দ নহ’ল আমাৰ। আমি ভাবিলোঁ ঘৰটোত নাথাকোঁৱেই যেতিয়া অটো’ৰ ভাৰাটো আমি দি দিয়াই ভাল হ’ব। বাবেই আমাক বিনম্ৰভাৱে ক’লে যে, “হাম মেৰে লিয়ে হি কাম কৰ ৰহে হে’ না, আপলোগ’ চে নেহী লে চকতা মেই পেইছা। আপল’গ তহ পঢ়নে আয়ে হে’ না। অচ্ছে চে পঢ়াই কীজিয়ে।” অলপ আগতে অনুভৱ কৰি থকা ভয়ংকৰ মানুহজনৰ ৰূপটো নিমিষতে সলনি হৈ পৰিল। মনটো ভাল লাগি গ’ল কিবা এটা।

 

“মাছুদ ভাই আৰু খান চাহাব”!

হায়দৰাবাদত থাকোঁতে ভাড়াঘৰ বিচাৰি ঘুৰি ফুৰা দিনৰে কথা এয়া। ঘৰ বিচাৰিবলৈ দালাল লাগে। কাৰণ ঘৰৰ মালিকসকলেও দালালৰ জৰিয়তেহে ঘৰ ভাৰালৈ দিয়াটো পচন্দ কৰে হেনো ইয়াত। কোন এক কুক্ষণত জানো মাছুদ ভাই নামৰ দালালজনৰ খবৰ পাইছিলোঁ আমি। যি কি নহওঁক, এদিনাখন ৰাতিপুৱা ৯ মান বজাতে ফ’ন কৰিলোঁ মাছুদ ভাইক। মাছুদ ভায়ে আমাক ক’লে বোলে ধেৰ ঘৰ আছে হেনো, কেইটা ঘৰ লাগে সেইটো ক’লেই হ’ল তেখেতক, ঘৰ একেবাৰে ভেটিৰে সৈতে উঠাই আনি তেওঁ পাৰিলে আমাৰ মুখৰ আগতে পোৱাই দিবহি। আমাক মাতিলে লগ কৰিবলৈ ১০ বজাত, হাই-লাইন হোটেলত। গ’লোঁ সময়মতে। বহি আছোঁ মই আৰু মোৰ লগৰজন। মাছুদৰ ছাঁটোকে দেখিবলৈ নাই, ফ’ন কৰাত কয় আহি আছোঁ। গৰম বহুত। আমি দুটাকৈ cold-drinks ৰ বটল খালী কৰিলোঁ তেতিয়ালৈকে। অৱশেষত ১০.৪৫ মান বজাত Royal Enfield ৰ বাইক এখনত উঠি প্ৰকাণ্ড, ওখ-পাখ, পালোৱান মানুহ এজন আহি ওলালহি, চকুত Ray-Ban ৰ চানগ্লাছ। আমি আইদিয়া কৰিলোঁ এইজনেই হ’ব লাগিব মাছুদ ভাই। হয়, আমাৰ অনুমান নিৰ্ভুল, এৱেই আমাৰ আজিৰ কাহিনীৰ অন্যতম নায়ক মাছুদ ভাই। মাছুদ ভায়ে নিজৰ পৰিচয়পৰ্ব আৰম্ভ কৰিলে, মই এইটো এলেকাৰ সকলোতকৈ ডাঙৰ দালাল, মোক ইয়াত সকলো মানুহে সমীহ কৰি চলে, মোৰ এইটো বিজনেছত ২০ বছৰৰ experience আছে, বাকী যিসকল দালাল আছে সিহঁতে মোৰ তলতে কাম কৰে ইত্যাদি  ইত্যাদি। মাছুদ ভাইৰ কায় দেখি আমি অলপ থ’তমত খায়েই আছিলোঁ, কথাবোৰ শুনি আমি বুজিলোঁ যে আজি আমাক ঘৰত সুমুৱাইহে এৰিব ভায়ে।

ভাইৰ বাইকৰ পাছফালে উঠি হায়দৰাবাদৰ ৰাজপথত দেখা পোৱা গ’ল অলপ পাছত আমাক। ৰাস্তাত লগ পোৱা যথেষ্টসংখ্যক মানুহে ভাইক দেখি “চালাম ভাই” বুলি মাত লগাই যায়, ভায়েও প্ৰতি চালাম কৰে। মই মাজত, মোৰ লগৰজন একেবাৰে পাছত। আমাৰ দুটাৰ মুখত টু শব্দ এটাও নাই। ভায়ে বুজায়েই আছে আমাক, “য়ে চব হামৰা ইলাকা হ্যায়। য়হা চবল’গ চালাম থ’কতে হে’ হামে। হামাৰা বাত চলতা হ্যায় পুৰা ইলাকা মে’।” আমি দুটাই “হা ভাই”, “আচ্চা ভাই” জাতীয় দুটামান কথাৰ বাহিৰে একো কথা কোৱা নাই। চুপ-চাপ গৈ আছোঁ।

অৱশেষত বাইক থমিল। নামি গ’লোঁ। বাইকৰ দোকান এখনৰ সমুখত। (হায়দৰাবাদত ভাৰতৰ ভিতৰতে অন্যতম ডাঙৰ এখন বাইকৰ বজাৰ আছে, পুৰণি বাইকৰ, এবিদছৰ ওচৰত। ইয়াত ৰাস্তাৰ দাঁতিতে থিয় হৈ বাইকৰ দৰ-দাম কৰি ৫ মিনিটতে বাইক বেচা-কিনা হৈ যোৱা নিজ চকুৰে দেখা পাইছোঁ।) দোকানতে অলপ ডাঙৰ চকী এখনত বহি আছে এজন তপা ব্যক্তি, যথেষ্ট বয়সিয়াল। ভায়ে আমাক ক’লে, “য়ে খান চাহাব হে’, চালাম ব’ল’ চাহাব ক’।”  ভায়ে খান চাহাবৰ ভৰি চুই প্ৰণাম  কৰাৰ দৰেই কৰিলে প্ৰায়। আমাৰ বুজিবলৈ বাকী নাথাকিল যে খান চাহাবেও নিজৰ এক গৌৰৱোজ্বল সময় পাৰ কৰি থৈ আহিছে  এই এলেকাত। আমিও চালাম জনালোঁ চাহাবক। লৈ গ’ল ভায়ে আমাক ঘৰ দেখুৱাবলৈ। ঘৰ মানে ডাঙৰ হ’ল ঘৰ এটা, কাষৰ ৰুমকেইটাত মানুহ আছেই। আমি যদি তাত থাকোঁ, আমাৰ থকা ৰুমটোৱেই ৰাইজৰ কাৰণে ফুটপাথ বা ৰাষ্ট্ৰীয় ঘাইপথ যিয়েই নকওঁক হৈ পৰিব। আমি ভাইক ক’লোঁ যে আমাক নিজাকৈ ৰুম এটাহে লাগে আচলতে। ভাইৰ চিধা কথা, “য়হা ক’ই  problem নেহী হ’গা তুমক’। অগৰ কিচিনে ভি কুচ ব’লা তহ মে’ হু না।” যথেষ্ট সময় বুজোৱাৰ পাছতহে ভায়ে আমাৰ কথা বুজি পালে আৰু বেলেগ এটা ঘৰ দেখুৱাবলৈ লৈ গ’ল। যোৱাৰ আগে আগে আমি পুনৰ খান চাহাবক চালাম কৰিব লগা হ’ল আৰু তেখেতকো বুজাব লগা হ’ল যে তেখেতৰ হ’লটো আচলতে এটা হ’লহে, ৰুম নহয়। তাৰ পাছতো দুই তিনিবাৰ সেইটো ৰাস্তাৰে পাৰ হৈ যাওঁতে দেখা পাই থাকোঁ “খান মটৰচ” নামৰ দোকানখনৰ  সেই বিশেষ চকীখনত বহি থকা খান চাহাবক, ধৰিব নোৱাৰি দূৰণিৰপৰা সেয়া খান চাহাব নে ফিৰোজ খান।

এইবাৰ মাছুদ ভায়ে লৈ গ’ল আমাক আন ঠাইত ঘৰ দেখুৱাবলৈ। এইবাৰ মাছুদ ভাইৰ যেন মুখ বন্ধই নহ’ব। “মোক দেখিলে কেই বছৰীয়া যেন লাগে বাৰু”, “মই এতিয়াও কলেজত পঢ়িব পৰা হৈ আছোনে”, “ছোৱালীবোৰে মোক হিৰ’ বুলি ক’বনে” – আঃ। অৱস্হা বেয়া আমাৰ মাছুদ ভাইৰ বাইকৰ পাছফালে বহি থাকি। এটা চুবুৰী পাৰ হৈ আন এটা চুবুৰীত সোমালোঁ। ভায়ে ক’লে, “য়ে posh ইলাকা হ্যে য়হা কে।” আমাৰে দুৰ্দশা। আমি দুয়োটাই আকৌ posh শব্দটো সেইদিনাহে শুনিলোঁ প্ৰথম। ময়েই ভাইক সমৰ্থন জনাবলৈ ক’লোঁ, “হা ভাই। ross ইলাকা।” এইবাৰ ভাই অকঁৰা মৈত উঠাদি লাগিল। শব্দটো শুদ্ধকে কোৱাইহে এৰিব আমাক। ভায়ে বাৰে বাৰে কয় posh আৰু আমি ক’বলৈ চেষ্টা কৰি থাকোঁ posh শব্দটোৰ বাহিৰে সেই শব্দটোৰ দৰে একে উচ্চাৰণৰ হোৱাই নোহোৱাই এগালমান শব্দ। অৱশেষত বাইক ৰখাই লৈ আমাক শব্দটো শিকাইহে ভাই ক্ষান্ত হ’ল।

দুই-তিনিটা ঘৰ দেখুৱালে ভায়ে। অৱশেষত এটা ঘৰ পচন্দ হ’ল আমাৰ। ভাড়া ৮০০০ টকা মাহে। ভাইক ক’লোঁ যে ঘৰ পচন্দ হৈছে আমাৰ। আমি শুনি আহিছিলোঁ যে ইয়াত দালালে ২০০০/২৫০০ টকা বা এমাহৰ ঘৰভাড়াৰ আধা টকা অৰ্থাৎ এইক্ষেত্রত ৪০০০ টকা, ফিজ হিচাপে লয়। এতিয়া মাছুদ ভাইক যেতিয়া সুধিলোঁ বোলো প্ৰথমতে কিমান দিব লাগিব আমি ঘৰটোত সোমাওঁতে তেতিয়াহে উত্তৰটো শুনি আমাৰ মুখৰ মাত হৰিল। ২ মাহৰ ঘৰভাড়া আৰু লগতে মোৰ ফিজ ৮০০০ টকা। ফিজ ৮০০০ টকা? কিয় ইমান বেছি ফিজ? বাকীসকলে দেখোন ২০০০/২৫০০ টকাহে লয়। “হা। মেৰা ফিজ জ্যাদা হ্যে। ২০চাল কা experience হ্যে হমাৰা। ঔৰ, ৱহ ল’গ ত’ মেৰা জুনিয়ৰ হ্যে, ইচীলিয়ে কম লেতা হ্যে ৱহ ল’গ।” চালা, ৩৫০০ টকাত এতিয়া থকা-খোৱা সকলো হৈ আছে। তোক আকৌ ঘৰটো চাই দিয়াৰ কাৰণেই ৮০০০ টকা দিব লাগে। ভাইৰ মুখৰ আগত কোৱা নাই আকৌ দেই, আমি দুয়োটাই মনে মনেহে ক’লোঁ সেইষাৰ কথা। ভাইক ক’লোঁ যে আমি ৬ জন ল’ৰা থাকিবলৈ আহিম , গতিকে বাকীকেইজনকো সুধি-মেলি আপোনাক জনাম কেতিয়াৰপৰা আমি আহিম। ভায়ে সোনকালে জনাবলৈ কে গ’ল আৰু ক’লে যে বেছিদিন খালী হৈ নাথাকে ঘৰ। আমি হ’ব বুলি বিদায় মাগিলোঁ। তাৰ পাছত আৰু আমি ভাইক যোগাযোগ কৰাৰ দুঃসাহস কোনোদিনেই নকৰিলোঁ।

 

(বি: দ্ৰ: বিশেষ ধন্যবাদ জনাইছোঁ হায়দৰাবাদত মোৰ ৰুমমেট হিচাপে থকা মিৰজাউল কৰিম হুছেইন আৰু আনৱাৰ হাবিব শ্বেখক।)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments