ছোৱালী চাবলৈ যোৱা প্ৰথম অভিজ্ঞতা(- নিতুল বৰা)

যোৱা বছৰ এনে এটা দিনত ছোৱালী চাবলৈ গৈছিলোঁ।জীৱনত প্ৰথম এনেকৈ ছোৱালী চাবলৈ যোৱাৰ সৌভাগ্য হৈছিল। গৈছিলো মানে মোৰ বাবে নহয় আকৌ, মোৰ বন্ধু (শিক্ষক) এজনৰ বাবেহে। তাক আমি লগৰ বোৰে মাষ্টৰ বুলি মাতিলেহে সকলোৱে ভালকৈ বুজি পায়। নগাঁৱৰ পৰা প্ৰায় ১৫ কি.মি. দুৰৰ পুৰণিগুদাম চলচলি গাঁৱত। খৱৰটো সিয়েই আনিছিল, তাৰ লগৰ শিক্ষক এজনৰ খুলশালি ছোৱালী। আটাইকেইটাৰ সময় মিলাই ওলালো সেইদিনটোত ছোৱালী চাবলৈ বুলি। আমি একেলগৰ ৫টা সাঁজিকাচি ওলাইছোঁ। সি মাষ্টৰ আনদিনা চাৰিআলীৰ আড্ডালৈ ফিটফাট হৈ যায়, কথা কি নাজানোঁ, সেইদিনা কিন্তু জধলা-মধলাহৈ ওলাইছে, কিবা পোচাক যোৰেই তাক চজা নাই। সি আহি পোৱাৰ লগে লগে মই কলো, বোলো হেৰৌ সদায় ফিটফাট হৈ থাক, আজি আকৌ কি চাৰ্ট পিন্ধিলি এইটো ? এনেই তাৰ ৰংটো অলপ কম, তাতে কলপতীয়া ৰঙৰ চোলা এটা পিন্ধিলে সি । সি বোলে হৱ দে, ছোৱালীয়ে পচন্দ কৰে যদি এনেকৈয়ে কৰিব। বোলো ছোৱালীয়ে তোক চাবলৈ মাতিছেনে তইহে ছোৱালীক চাবলৈ ওলাইছ। কিছু সময়ৰ পাছত সমনীয়া আটাইকেইটা গোট খালে। মাষ্টৰৰ অল্ট গাড়ীখনৰ এক্সেলেটৰত ডবাই দিলোঁ। ঠিক ৩.৪৫ মান বজাত গৈ ছোৱালী ঘৰ পালোগৈ। গাড়ীখন চোতালতে ৰখাই নামিছোহে ছোৱালী ঘৰৰ অঙহী-বঙহী সকলোৱে আগবাঢ়ি আহি আদৰি-সাদৰি ভিতৰলৈ মাতি নিলে। বহক বহক, ভালে ভালে পালেহি নহয়? বাটত একো অসুবিধা হোৱা নাইতো? ইত্যাদি বহুকেইটা প্ৰশ্ন একেলেঠাৰীয়ে বয়সস্থ মানুহ এজনে সুধি পেলালে। মনতে ভাবিলোঁ সেইজন ছোৱালীৰ দেউতাকেই হৱ নিশ্চয়। ইফালে সিফালে ডিঙি মেলি মেলি চালো ছোৱালীবা কোনজনী এতিয়া ? দুই এজনী ছোৱালীয়ে জুমা-জুমি কৰি ফুচফুচোৱা শুনিছোঁ, দৰাটোবা কোনটো এতিয়া ? মোৰ বুজিবলৈ বাকী নাথাকিল যে সিহঁত কেইজনীয়ে কোনটোৰ বাবে ছোৱালী চাবলৈ আহিছো ধৰিব পৰা নাই, অকল সিহঁত কেইজনীয়েই নে? ছোৱালীঘৰৰ বাকীবোৰেও ধৰিব যে পৰা নাই…. বুজিবলৈ আৰু বাকী নাথাকিল…যেতিয়া দেউতাক বুলি ভবা মানুহজনে কিছুসময়ৰ পাছত পুনৰ প্ৰশ্ন কৰিলে আমাৰ আটাইকেইটালৈ চাই। চিধা প্ৰশ্ন— এতিয়া কথা এটা হ’ল নহয়?—আমি বোলো কওঁকচোন ? ক’লে— ল’ৰাবা এতিয়া কোনজন সেইটোহে ধৰিব পৰা নাই আমি? আপোনালোকে আকৌ বেয়া নাপাব দেই সোধাৰ কাৰণে?…আমি বোলো নাই নাই কিয় বেয়া পাম….ল’ৰা আমাৰ সেইজন…. মাষ্টৰলৈ আঙুলি টোৱাই একেলগে দুটাই কৈয়েই পেলালোঁ। লগতে মই যোগ দিলো –বোলো আপুনি আমাক আপুনি বুলি নকলেই ভাল পাম, কাৰণ আমি আপোনাৰ ল’ৰাৰ সমনীয়াহে…..মানুহজনে হ’ব বাৰু বুলি শলাগিলে। লগে লগেই মইও মোৰ মনৰ খু-দুৱনিটো বোলো এই সুযোগতে মাৰি লওঁ… বোলো পিছে আপুনি ছোৱালীৰ দেউতাক হ’ব পাই ? বোলে নহয়, মই ছোৱালীৰ দেউতাক নহয়, মই খুড়াকহে দেই, কাষতে মোৰ ঘৰ, ছোৱালীৰ দেউতাক সামৰিক বাহিনীৰ কিবা বোলেনে কামণ্ডাৰ। বাৰু তোমালোক অকনমান বহাচোন মই ভিতৰৰ পৰা আহিছো? ভাল বাৰু বুলি শলাগিলো। এই সুযোগতে মাষ্টৰক বোলো হেৰৌ ছোৱালীৰ দেউতাক কিন্তু আৰ্মি কামাণ্ডাৰ দেই, টেৰিবেৰি নকৰিবি, চিধাই ফুটাফুটা কৰিদিব চালনিৰ নিচিনাকৈ, লগে লগে আটাইকেইটাই হা হা কৈ হাঁহি দিলে। মাষ্টৰে লাজতে ৰঙাচিঙা পৰি— ধেৎ ৰহ অ’! শুনিব কেনেবাকৈ, বেয়া হ’ব কথাটো। তাক বোলো হেৰি ঐ— ছোৱালী সমাজলৈ মাতিব লাগিব নেকি, নাহেহে নাহে যে, কেতিয়া চাওঁ কেতিয়া চাওঁ লাগি আছে। ক-বেগেতে দেখুৱাবলৈ। এনেকৈ কোৱাকুই কৰি থাকোঁতেই মাতিলে ভিতৰলৈ চাহ খাবলৈ, এক দুই কৈ খোজ ললোঁ, পিৰিক পাৰাকৈ ইফালে সিফালে চালোঁ, নাই দেখোন ছোৱালীৰ শুংসূত্ৰই নাই। (চেহ-মনতে ভাবিলোঁ, আমি কিবা চাহ-ভাত খাবলৈ আহিছো নেকি, ছোৱালীহে আগতে দেখুৱাব লাগে, পচন্দ নহলে খোৱা বোৱাৰ কথাই নাহে।) ভিতৰত ডাইনিং টেবুলত দেখিলোঁ…….. (মনতে ভাবিলো)বাপৰে…ইমানবোৰ খাব পাৰিমনে আজি… ইমান আদৰ সাদৰ কৰে যে আজিহে গম পালোঁ।..ছোৱালী চাবলৈ আহিলে এই গতি হয় নেকি, মাষ্টৰক ফুচফুচাই বোলো হেৰৌ ভাতগাল খাই আহিছো হে এতিয়া৷ এইসোপা কোনটো পেটত খাও? তেনেতে খুড়াকে মাত লগালেই নহয়, বোলে – কিবা অসুবিধা পাইছা নেকি ?,,.. লগে লগে চৰচৰনি খোৱাদি মুখৰ পৰা যেনেতেনেহে কলো নাই নাই একো অসুবিধা পোৱা নাই—ন মাষ্টৰ ? মাষ্টৰে পোন্দোৱাকৈ মোলৈ চালে, সুবিধা পাই ভৰিত গচক এটাও দিলে, মই আইঔ বুলিলোঁ—মুখৰ পৰা ওলাই গল অ’, ৰাখিবই নোৱাৰিলো নহয়–মোক কলে সি পালি ? চেপচেপাই থাক….মনে মনে খাই থাক।

খাই হোৱাৰ পাছত পুনৰ আমি আহি ড্ৰয়িং ৰুমত বহিলোহি, তেতিয়ালৈকে ছোৱালী দেখাই নাই, যিমানে সময় পাৰ হ’ল সিমানে মনৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। তেনেকৈ ভাবি থাকোতেই… দেখিলোঁ হাতত তামোল-পাণৰ বঁটা এটা লৈ ধুনীয়া অসমীয়া সাজ এযোৰ পিন্ধি ঠিক ন-কইনাৰ দৰে সোমাই আহিছে ছোৱালীজনী, ইহতে কি চাইছিল নাজানোঁ, মই কিন্তু ভৰিৰ পৰা মূৰলৈকে চাইছিলোঁ, ভাল, ছোৱালীজনী ধুনীয়াই দেখোন, চুলিকোচাও দীঘল, তেনেকৈ ভাবি থাকোতেই কেতিয়াযে আহি ছোৱালীয়ে প্ৰথমে মোৰেই মুখৰ আগত তামোলৰ বটাতো আগবঢ়াই দি কলেহি— তামোল খাওঁক৷ হু…হমম…..মই খপজপকৈ বটাৰ পৰা তামোল আৰু চপ অলপ লৈ হ’ব বুলিকৈ পাছ দিলোঁ, মাষ্টৰে আকৌ মোলৈ কেৰাহিকৈ পোন্দোৱকৈ চাইছে যে মই গম পাইছোঁ। তাৰ পাছত কথা পাতিবলৈ দি খুড়াক মাক ভিতৰলৈ গল। দুই এষাৰ কথা আৰম্ভ হল….লগৰ কেইটাই কিবা কিবি, মানে কিমানলৈ পঢ়িলা….বিয়া হ’বলৈ মন আছেনে নাই…ইত্যাদি ইত্যাদি সুধি আছে। মই চাই আছোঁ…ছোৱালীজনীয়ে সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজে মাজে মোলৈ চাই থাকিল, কিয় নাজানোঁ…..এনেকৈ এবাৰ হোৱা হ’লে কথা নাছিল, কিন্তু বুজিব পাৰিলোঁ মই….. তেওঁ প্ৰায়ে মোৰ ফালেহে চাবলৈ ধৰিছে, অলপ অপ্ৰস্তুত অনুভৱ কৰিলোঁ যদিও কথাৰ প্ৰসঙ্গ সলাই তেওঁ চকুৰ চাৱনিৰ পৰা পলাব বিচাৰিছিলোঁ৷ মনতে ভাবিলো তেওঁ কিজানি মোকে চাবলৈ অহা লৰাটো বুলি ভূল কৰা নাইতো, চেহঃ কি যে ভাব বোৰ মনলৈ আহিছে। এহ যি ভাবে ভাবক, মই কিবা কৈছোঁ নেকি মোলৈকে চাই থাকা বুলি। মাষ্টৰে ধৰিব পাৰিছে কথাটো…. তাৰ পেটে পেটে মোৰ ওপৰত বৰ খং যে উঠিছে ধৰিব পাৰিছিলোঁ মই। লাহে লাহে সন্ধিয়া হৈ আহিল, কথা শেষ কৰি আমিও যাৱলৈ ওলালোঁ, সকলোকে মাত লগাই আমি বাহিৰ পালোগৈ। আকৌ গাড়ীৰ ড্ৰাইভাৰ ময়েই হ’ব লগা হ’ল। সকলো বহিল গাড়ীত, মইও দুৱাৰখন খুলি যাওঁ বুলি মাতষাৰ লগাই ক’ব নোৱাৰাকৈ এবাৰ চাই পঠিয়ালোঁ, দেখিলোঁ তেতিয়াওঁ তেওঁৰ একেই চকুৰ ভাষা। মোৰ বুজিবলৈ আৰু একো বাকী নাথাকিল। গম পালো, নিজকে নিজে মনতে ক’লো আজি মাষ্টৰৰ গালি খাবলৈ সাজু হ বোপাই। বাটতত মাষ্টৰে মই ভবাটোকে কবলৈ ধৰিলে, ৰঞ্জিতে তাক জুখি চাবলৈ বুলি শুধিলে,— হেৰা মিতা, কোৱা এতিয়া ছোৱালী কেনে লাগিল, মই একো মাতবোল কৰা নাই, একান্তমনে গাড়ী চলাই আছোঁ। মাষ্টৰে যেন কোনোবা এটাই কিবা কোৱালৈহে বাটচাই আছিল— হুহ তহঁতক লৈ ছোৱালী চাবলৈ আহে নেকি, ছোৱালীয়ে মোক পাট্টাই নিদিলে, তাকহে পাট্টা দিলে, চকুৰ কি চাৱনি, সিয়েই বিয়া পাতিব এইজনী ছোৱালী। গোটেই বাটতো মোকেই একাবেকাকৈ বকি বকিয়েই আহিল সি, মোৰ মনে মনে হাঁহি উঠিল। এবাৰ ক’লো মোৰ গাত কি দোষ, মই এতিয়া বুকুত লিখি ৰাখিলেহে হ’ব—যে ইয়াত চকু নিদিবা বুলি৷ আটাইকেইটাই ধেক-ধেকাই হাঁহিলে… মাষ্টৰৰ খং দুগুণে বাঢ়িল। মই ক’লো তোকনো কিহে পাইছিল আজি সেই কলপতীয়া চাৰ্টটো পিন্ধি আহিবলৈ ? এনেয়ে হ’লে চাৰ্টৰ স্ত্ৰী ভাগিবলেকে নিদিয়। ছোৱালী চাবলৈ আহিলে অলপ সাঁজি কাচি আহিব লাগে যে নাজান তই ? এতিয়া মোৰহে দোষ হল, মই কিবা কৈছো নেকি ছোৱালীজনীক যে মোলৈকে চাই থাকিবা বুলি? একো নামাতি মনে মনে বহি থাকিল।
এইবাৰ বহাগত তাৰ বিয়া হৈ গ’ল, পিছে সেইজনী ছোৱালীৰ লগত নহ’ল আৰু। তাৰ কইনাৰ ঘৰ মৰিকলংতহে। কিন্তু এইবাৰ আমাৰ লগৰ কাকোকেই প্ৰথমবাৰ চাবলৈ যাওঁতে লগত নিনিলে ।তাতে আকৌ পাছদিন আমাৰ ঘৰলৈ আহোতে তাক আমাৰ আকৌ ককাইদেউৱে এধানিকে দুধানি কৰি লগালে- বোলে হেৰি কৰিবি, তই এইবাৰ ছোৱালী চাবলৈ গলে ইহঁত কেইটাক নিনিবি, অকলেই চাই আহিবি। সেয়ে হৱলা পাছৰ বাৰ মৰিকলঙত ছোৱালী চাই আহিহে কৈছে আজি ছোৱলী চাই আহিছো বুলি। আকৌ আটাইকেইটাই জোকালে তাক, যোৱাবাৰৰ দৰে হয় বুলিয়েই নিনিলি আমাক……..হা হা হা হা…আটাইকেইটাৰ হাঁহিৰে আমাৰ সংঘটো ৰজনজনাই গ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments