“ছ্যেং“ গ্ৰন্থ সমালোচনাঃ নৱজিৎ মেধি

লেখিকাৰ পৰিচিতি : কুসুমাঞ্জলি শৰ্মা। শ্ৰীমতী শৰ্মা কেন্দ্ৰীয় বিদ্যালয়, বৰঝাৰৰ প্ৰধান শিক্ষয়িত্ৰী আৰু কেইবাখনো উপন্যাস আৰু কবিতা সংকলনৰ লেখিকা।

তথ্য-সমৃদ্ধ মৌলিক লেখাৰ জড়িয়তে লিখা এই ২৫৬ পৃষ্ঠাৰ উপন্যাসখনি উচৰ্গা কৰিছে আধুনিক কাৰ্বি আংলঙৰ নিৰ্মাতা চেমচন ছিং ইংতিৰ স্মৃতিত আৰু সুলেখক, তথ্যচিত্ৰ নিৰ্মাতা মংগল ছিং ৰংফাৰ দেৱৰ হাতত।
তথ্য-সমৃদ্ধ মৌলিক লেখা বৰ সহজ নহয়। ইয়াত মৌলিক শব্দটো লিখাৰ কাৰণ হ’ল এই যে- এই তথ্যবোৰ অতীব কষ্ট, সময়ৰ খৰচৰ দ্বাৰা লেখা য’ত সৰু তথ্য এটিৰ কাৰণেই লেখিকাই কাৰ্বি আংলঙৰ বিভিন্ন ঠাই আৰু মানুহৰ লগত আলোচনা কৰিব লগা হৈছিল। আগে-পিছে মই জনাত এনেধৰণৰ কাৰ্বি আংলঙৰ ওপৰত তথ্য-সমৃদ্ধ উপন্যাস দেখা মনত নপৰে।

এই উপন্যাসে কাৰ্বিসকলৰ ইতিহাস, খাদ্যাভাষ, চিন্তাধাৰা. কৃষ্টি-সংস্কৃতি, বিয়া-বাৰু, লোকাচাৰ ইত্যাদি সকলো বিষয়কে সামৰি লৈছে। মিকিৰ নাম গুচি কাৰ্বি কেনেকৈ হ’ল তাকো জানিব পাৰিলোঁ। আচৰিত কথা যে বিয়া পাতিলে কাৰ্বিসকলে কোনো ধৰণৰ বয়-বস্তু ছোৱালীৰ ঘৰৰ পৰা গ্ৰহণ নকৰে। সিংহাসন পাহাৰৰ ভিতৰুৱা অঞ্চলৰ পৰা আধুনিক ডিফুৰ বিষয়েও জানিব পাৰিব।

উপন্যাসখনত থকা কিছু বাক্যৰ শাৰী এনেধৰণৰ-

কোনো এটা সম্প্ৰদায়ৰ আত্মাক জানিবলৈ হ’লে তেওঁলোকৰ ভাষাক জানিব লাগিব।
দৰাৰ ঘৰৰ অত্যন্ত খৰচ হয়। আনকি কইনাৰ গা-ধনো দিব লাগে।
একো নহয় ছ্যেং, তুমি মোৰ ওচৰত থাকিলে পৃথিৱীৰ একো বস্তুৰে মোৰ দৰকাৰ নাই।
বিয়া মানেইটো পোৱা আৰু হেৰুওৱাৰ সমন্বয়। হাঁহি-চকুলো, হৰ্ষ-বিষাদৰ সমষ্টি।
ধোঁৱাত শুকুওৱা গাহৰি মাংস জ্বলাকৈ বনাইছে। পলু আৰু ৰঙালাউৰ তৰকাৰী আৰু মচুৰ দাইলত জুইত সেকা বৰালি মাছৰ টুকুৰা…।
মোকনো জীৱনত আৰু কি লাগে ? দুই এটা সমাজৰ ভাল কাম কৰি যাব পাৰিলেই জীৱন সাৰ্থক।

উপন্যাসখনত মই দেখা ভুলখিনি :

প্ৰুফ ৰিডিঙৰ ভুলে মনত অলপ কষ্ট দিলে। পৃষ্ঠাৰ পৰিমান কমোৱাৰ অৱকাশ আছে।
চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰা কিতাপ খনৰ দাম ২৫০ টকা যদিও দহ-বাৰ শতাংশ ৰেহাই পাইছোঁ। পঢ়ি ভাল পাব।

(লেখাটো নিতান্ত সাধাৰণ পঢ়ুৱৈ হিচাপে মই বিচাৰি পোৱাখিনিহে লেখিছোঁ-এই গ্ৰন্থ-সমালোচনাত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক