জঁকা (ভাস্কৰজ্যোতি দাস)

জঁকা

ভাস্কৰজ্যোতি দাস

চহৰখনৰ পৰা পাণবাৰী গাৱৰ দুৰত্ব বৰ বেছি নহয়। গাওঁখন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নাথুৰাম জয়দয়াল চাহ বাগিছা। খেমানী গ্ৰুপে ক্ৰয় কৰাৰ পাছৰেপৰা বাগানৰ মেনেজমেন্ট আৰু লেবাৰ পাৰ্টিৰ মাজত বানচ আৰু অন্যান্য সা-সুবিধাবোৰ দিয়া-নিদিয়াক লৈ আৰম্ভ হোৱা কাজিয়া পেচাল আৰু আন্দোলন আগতকৈ বহুত বাঢ়িল। লেবাৰ পাৰ্টিৰ আন্দোলন মানেই জংগী আন্দোলন আৰু তেনে অৱস্থাত কাজেই বাগানখনৰ এক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ প্ৰভাৱ পাণবাৰী গাঁৱতো পৰে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ হৈ চহৰলৈ যোৱাৰ চমু পথটোৱেই হ’ল এই বাগানৰ মাজেৰে যোৱা বাৰফুটীয়া ৰাস্তাটো। কিবা কাৰণত লেবাৰ পাৰ্টিয়ে বাগানখন অচল কৰি দিলে এই পথটোৰ লগতে অচল হৈ পৰে পাণবাৰী। তেনে পৰিস্থিতিত পাণবাৰীৰ মানুহবোৰে তিনিশ মিটাৰ আঁতৰৰ ঘাইপথত উঠিবলৈ পাঁচমাইলমান দুৰৰ পহুচুঙী হৈ বাট বুলিবলগীয়া হয়।

 

 

 

আঘোণ মাহ। দিনবোৰ এনেয়ে অলপ চুটি হয়। তাতে ঠাণ্ডাও ভালেই পৰে পাণবাৰীত। এইবছৰ কিন্তু ঠাণ্ডাৰ প্ৰকোপ আগতকৈ অলপ বেছি। গাঁও বুলি ক’বলৈ গ’লে ইয়াত পিচে মানুহ ২৫-৩০ ঘৰ মানহে আছে। চৌদিশ ওখ ওখ গছেৰে ঢাকখোৱা। ৰতন মন্ডলৰ ঘৰৰ বাহিৰে গাওঁখনৰ সকলো ঘৰেই কেঁচা। ৰতন বৰাৰ চাকৰি দহ বছৰমানৰ আগতেই শেষ হ’ল। গাওঁখনৰ মানুহবোৰৰ মুঠ সা-সম্পত্তি যিমান আছে একালত ৰতনৰ অকলেই তাতকৈ বহু বেছি পৰিমাণৰ সম্পত্তি আছিল। ৰতনৰ পত্নী বৰ লখিমী আছিল। কিন্তু মানুহজনীৰ গাত বৰবেমাৰটো ধৰা পৰাৰ পিচৰেপৰা মানুহজনীৰ লগতে ৰতনৰ ধনৰ ভঁৰালো ক্ৰমাত শুকাই-ক্ষীণাই আহিল। একালত মানুহজনীয়ে তিনিজনী ছোৱালী আৰু ৰতনক এৰি থৈ কোনো এক অজান ধামলৈ গ’লগৈ। ৰতনেও এতিয়ালৈ বেমাৰ এজাৰ এসোপামান গোটাই লৈ দিনৰ দিনটো বিচনাখন ওপৰতে তাৰ “লাচ”টো পেলাই থলেহি।
ৰতনৰ ছোৱালী তিনিজনীৰে মাজুজনীক বিয়া দিয়াৰ এমাহমানৰ আগতেই সৰুজনী বাগানৰ লেবাৰ পাৰ্টীৰ লিডাৰ লখ্খুৰা মাহাতুলৈ পলাল। বাকী থাকিল ঘৰত থকাজনী, যাৰ নাম হ’ল সুবৰ্ণ।
“মৰিবলৈ যোৱাহ’ত, বাইক চলাই বৰমতা ওলাইছ। ৰাস্তাটো কঠিয়া ৰুব পৰা হ’ল দেখা নাই? মাটি এচপৰা দি বা পাথৰ কেইটামান চতিয়াই পোৱা নাই জীৱনত, এতিয়া বাইকৰ চকাৰে বোকা ফালি দেখুৱাইছ”- মেখেলাখনৰ বোকা লগা অংশবোৰ কচুপাত এখনেৰে মচি মচি সুবৰ্ণই চিঞৰি চিঞৰি গাঁৱৰ লৰাকেইটাক গালি পাৰিবলৈ ধৰিলে। দূৰত ৰৈ বাইকৱালা কেইটাই তাইক জোকাবলৈ ধৰিলে –“অ’ এক্সপাইৰি বাইদেউ, ইমান সাঁজিকাচি ওলাইছে যে। আজি বোলে আপোনাৰ বিয়া! হয়নেকি?”।
সুবৰ্ণৰ বয়স প্ৰায় ৪০বছৰমানেই হ’ল। হ’লেও তাই বাইকৱালা কেইটাই ভবাৰ দৰে বুঢ়ী হোৱা নাই। মাজে সময়ে তাই আইনাখনলৈ চাই নিজকে সোধে আৰু উত্তৰ এটা পায় যে তাই বুঢ়ী হোৱা নাই। তেজবোৰ শুকাই কৰকৰিয়া মাৰিলেও তাইৰ গাত যৌৱনৰ বয়বস্তুবোৰ শুকাই শেষ হৈ যোৱা নাই। চালখনহে অলপ শুকাইছে। চকুৰ তলবোৰ অলপ ক’লা পৰিছে যদিও সিমান চিন্তা কৰিবলগীয়া হোৱা নাই সুবৰ্ণৰ। তাইৰ বিয়া হোৱা-নোহোৱা, সা-সম্পত্তি, বাঢ়ি অহা খঙটো আৰু চৰিত্ৰ বিষ্লেষণ ইত্যাদিবোৰ বিষয়ত আলোচনা কৰিবলৈ গাঁৱৰ মাইকীমখাৰ বাবে নৈৰ ঘাট, নামঘৰ ইত্যাদিবোৰ আছে। সুবৰ্ণৰ কিন্তু সেইবোৰৰ ওপৰত কোনো চিন্তা পুহি ৰখাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত ৰাতিপুৱাৰ পৰা গধুলিলৈকে তাই অনৰ্গল অভিযোগেৰে চিঞৰি চিঞৰি গাঁৱৰ মানুহবোৰৰ লগতে বাপেকৰ লাচটোও গিলি থাকে। সাৰি নাযায় ইন্দ্ৰেশ্বৰৰ ঘৰৰ মেকুৰিটোও। ৰাতিপুৱা শুই উঠি বাহি-বন কৰি গা ধোৱাৰ অভ্যাসটো এৰা সুবৰ্ণৰ প্ৰায় ২০ বছৰমানেই হ’ল। তিথিয়ে-ভাওনাই কেতিয়াবা মন গ’লেহে তাই নামঘৰলৈ যায় যদিও কাৰো লগত মাতবোল নকৰে। তেনেকুৱাত কেতিয়াবা সোনকালে গা ধুব লগীয়া হ’লে তাইৰ গালিৰ পৰা ঠাণ্ডা পানীৰ বাল্টিটোও বাচি নাযায়। এসময়ত ধান-চাউল, মাছ-পুঠিৰে নদন-বদন হৈ থকা ঘৰখনৰ আজি হুদূপৰা অৱস্থা। ঘৰখনত বনকৰা মানুহ হিচাবে মঙ্গলা বহুদিন সিহঁতৰ ঘৰতে আছিল যদিও সূবৰ্ণৰ বাঢ়ি অহা কেঙকেঙনীত সিও দুবছৰমান আগতেই ঘৰ এৰিলে। এতিয়ালৈ মঙ্গলাৰ জীয়েক কলিমেইহে কম বেছি পৰিমাণে তাইৰ ওচৰলৈ আহে বা আহিবলৈ সাহস কৰে। তাকো ভয়ে ভয়ে। গাওঁখন বা বাগানখনৰ ভিতৰত জীৱ বা নৰ-মনিচ বুলিবলৈ কলিমেইয়েই একমাত্ৰ মানুহ যি সুবৰ্ণৰ লগত কথা পতাৰ বা সূবৰ্ণহঁতৰ ঘৰলৈ অহাৰ সাহস গোটাব পাৰে। গাৱৰ মানুহমখাই কৰি থকা কাম আৰু পাতি থকা কথাবোৰৰৰ লগতে বাগানৰ বা-বাতৰিবোৰ কলিমেইয়ে সুবৰ্ণক দি থাকে। বিনিময়ত সুবৰ্ণই মানুহমখাক গালিৰে উপচাই পেলাই আৰু কলিমেইক ফেৰীৱালাৰ লিপষ্টিক, নখপালিচ ইত্যাদিবোৰ দি থাকে। কলিমেইৰ পোচাকী নাম কি সেয়া সুবৰ্ণই নাজানে আৰু জনাৰ প্ৰয়োজন আছে বুলিও নাভাবে।
সুবৰ্ণই কাৰোবাক যদি সমীহ কৰি চলে সেয়া হ’ল বিপিন। বিপিন সুবৰ্ণৰ একালৰ বান্ধবী ময়ুৰীৰ ককায়েক। চাকৰি বাকৰি নকৰা বিপিনৰ বাগানৰ মাজৰ পথটোৰে গৈ মুল পথত উঠোতে হোৱা তিনিআলিটোৰ চুকতে গেলামালৰ দোকান আছে। ৰাতিপুৱা দোকান খুলিবলৈ যাওতে বিপিনে ঘৰৰ বাহিৰত সুবৰ্ণক দেখা পালে মাত এষাৰ লগাই যায়।
“বাই, ত’কে বিপিন দোকানি বুলাইছে”-ফেপাই গেঁথাই কলিমেইয়ে সুবৰ্ণক খবৰটো দিলেহি। সুবৰ্ণই কিয় মাতিছে কাৰণ সোধাত কলিমেইয়ে ক’লে –“আমাকে কোৱা নাই, মুঠতে ত’কে জল্‌দিকৰি বুলাইছে দোকানতে” সুবৰ্ণই এবাৰ গোবৰমাটিত চৰিয়াটো আৰু মচিবলৈ বাকী থকা চোতালখনলৈ চালে আৰু পুনৰ চোতালখন মচি মচিয়েই কলিমেইক ক’লে – “তই পানী অলপ ডেক্সিত তুলি দেগৈ। লগতে বুঢ়াটোকো চাই আহিবি”।
ভৰি জোকাৰি জোকাৰি বেতৰ চকীখনৰ ওপৰত কলিমেইয়ে বহি টি.ভি. চাই আছে। সুবৰ্ণই গা ধোৱাৰ পাচত চুলিখিনি গামোচাখনেৰে ঘঁহি ঘঁহি কোঠাটোলৈ সোমাই আহিল আৰু আইনাখনৰ আগত বহি চিঞৰি উঠিল-“দিনৰ দিনটো খালি টি.ভি. টি.ভি | বেলেগ কাম নাই নেকি তোৰ? বান্দৰী, যা চাহ বনাগৈ” কলিমেইয়ে একেজাপে উঠি গৈ পাকঘৰ পালেগৈ। সুবৰ্ণই আইনাখনত তাইৰ দেহাটোলৈ মন কৰিলে আৰু ভাবিলে-“নাই নাই, তাই এতিয়াও শেষ হৈ যোৱা নাই। যৌৱনৰ বিয়লিবেলা হ’লে কি হ’ব। তাইৰো এটা মন আছে। অনবৰতে খং কৰি কৰি খহতা পাথৰৰ দৰে হৈ গ’লেও তাইৰ মাজত কোমল কিবা এটা আছে যিটোৱে অনবৰতে কুটকুটাই থাকে। মাকৰ অসুখ হোৱা দিনধৰি আজিলৈকে তাই বুজিয়েই নাপালে জীৱন কি বা যৌৱন কি। হ’লেও তাইৰ এখন কলিজা আছে। কেনেকুৱা ৰঙৰ কলিজা সেইটো তায়ো নাজানে আৰু গাঁৱৰ মানুহবোৰেও বুজি নাপায়।

চাহৰ প্লেটখনৰ ওপৰত চাহৰ কাপটো আৰু বিস্কুট কেইটামান লৈ কলিমেইয়ে ড্ৰেচিং টেবুলৰ ওপৰতে থৈ সুবৰ্ণক ক’লে-“বাই তুই চ্চা খাবি, মুই যায়। কাল থেকে চ্ছ মাসিয়া পৰীক্ষা চুৰু হ’বে। এই বটচ্ছৰো ফেল কৰলে মা-বাবাই চাদি কাৰাই দিব ম’কে” সুবৰ্ণই আচৰিত হৈ সুধিলে “কি! তোক চাদি কৰাই দিব! টেন পাইচগৈহে?” কলিমায়ে মুখেৰে একো নক’লে আৰু লাহে লাহে কোঠাটোৰ পৰা ওলাই ৰাস্তাৰফালে খোজ দিলে। সুবৰ্ণইও পলম নকৰি লৰালৰিকৈ চাহটোপা পি, মেখেলাখন গুজি, চাদৰখন ঘেৰাই বাটত ভৰি থলে আৰু বিপিনৰ দোকানখনলৈ বুলি বাগানৰ মাজেৰে বাট বুলিলে।

“কি হ’ল ইমান দেৰি কৰিলি যে”-বিপিনৰ এই প্ৰশ্নৰ উত্তৰত দমকলৰ কাষত ভৰি ধুই থকাৰ পৰাই তাই এবাৰ বিপিনত ফালে চালে কিন্তু কোনো উত্তৰ নিদিলে। বিপিনে তাইক দোকানৰ ভিতৰলৈ মাতিলে আৰু বহিবলৈ দি ক’লে-“আজি ল’ৰাটো আহিছিল। তই দেৰি কৰা দেখি তঁহতৰ ঘৰলৈ যাও বুলিও কৈছিল। কিন্তু ময়ে ভাবিলো বাহিৰতে এবাৰ লগ কৰাই ভাল হ’ব নেকি। সিদিনা তোক কথাষাৰ কোৱাৰ পাচত তই একোৱেই সঁহাৰি নিদিলি। চা সুবৰ্ণ, মই তোৰ ককায়েৰৰ দৰেই। তোৰ ভালৰ কথা চিন্তা কৰিয়েই কথাটো কৈছো। ল’ৰাটো ভালেই। আৰ্মীত চাকৰি কৰিছিল। যোৱাবছৰ ৰিটায়াৰ হৈছে। সেই হিচাবে বয়সো বেছি নহয়। তাৰ ঘৈণীয়েক বেলেগলৈ যোৱাৰ আগতে ল’ৰা এটা হৈছিল। তাকো আইতাকৰ ঘৰলৈ লৈ গ’ল। এতিয়া তাৰ বোজা বুলিবলৈও একো নাই। চিকিওৰিটিৰ চাকৰি এটাও বিচাৰি আছে। তাৰ পৈত্ৰিক সম্পত্তি বুলিবলৈ একো নাই। তোৰ বাপেৰে গোটাই থোৱা ২০-২৫ পুৰাকৈ মাটি আজি অতবছৰে চন পেলাই থৈছ। নিজৰ ভৱিষ্যতৰ কথাও চিন্তা কৰি চা এবাৰ। বুঢ়া বয়সত কথা এষাৰ পাতিবলৈওতো তোক মানুহ এটা লাগিব। তাতে ল’ৰাটো চাপিবলৈও সন্মত হৈছে” বিপিনৰ বুজনিৰ পাচত সুবৰ্নই বহুপৰ মনে মনে দোকানৰ তক্টাপুচ খনত বহি থাকিল। এপৰত বিপিনৰ মাতত সম্বিত ঘুৰাই পাই তাই ভাবগধুৰ কন্ঠেৰে ক’লে-“হ’ব দে মই এতিয়া যাও। ময়ো ভাবি চাও। তই পাৰিলে আজি গধুলি দোকান বন্ধ কৰি ঘৰলৈ ওভটোতে আমাৰ ঘৰত সোমাই যাবিচোন” ঘৰলৈ অহা বাটচোৱা তাই কেৱল তাইৰ মাকৰ কথাবোৰ চিন্তা কৰিয়েই ঘৰ পালেগৈ। মাক থক হ’লে তাই হয়টো কথাটো আলোচনা কৰিলেহেঁতেন। এতিয়াটো কোনো নাই সেইবোৰ কথা পাতিবলৈ। ভাতকেইটা ৰান্ধি-বাঢ়ি ৰতনক কেইচামুচমান খোৱাই নিজেও এমুঠি খাই বিচনাখনত দুবাগৰমান সলাওতেইযে আন্ধাৰ হ’ল সেই কথাটোত তাই আচৰিত হ’বলগীয়া একো বিচাৰি নাপালে। আজিকালি তাইৰ ভাগৰ অলপ বাঢ়িছে। গধুলি ৬ মান বজাত বিপিন আহি তাইক একেটা কথাকেই সুধিলে। তাই অলপ ভাবি চিন্তি উত্তৰ দিলে-“হ’ব দে। আকৌ আহিলে ঘৰলৈকে লৈ আহিবি” বিপিন যোৱাৰ পাচত তাই এবাৰ আইনাখনৰ আগত বহি নিজকে চালে। আজি যেন তাইৰ গাত শুকাই লদা মাৰি থকা তেজবোৰ আলকাটাৰাৰ দৰে অলপ গলিছে আৰু শিৰাই-ধমনিয়ে অলপ চলাচল কৰিছে।

পিচদিনা দুপৰীয়া স্কুলৰ ইউনিফৰ্মেৰেই কলিমেইয়ে দৌৰি দৌৰি আহি ঘণ উশাহতে সুবৰ্ণক কথা এটা সুধিলে-“বাই, তুই মাটিবোৰ কি বিক্ৰী কৰবি নেকি ?
সুবৰ্ণই তাইৰ প্ৰশ্নৰ উত্তৰ এটা প্ৰশ্নৰেই দিলে-“নাই, কেলৈ সুধিছ?”
“মুই পৰিক্ষা দিয়াৰ পাচ্চত মহুৱা দোকানীৰ তাতে গৈছিলো। মহুৱাই তোৰ জমিনেৰ কাচ্চে বুটভাজা বিক্ৰী কৰিবলৈ দোকান দিচ্ছে। তাতে গৈছিলো বুটভাজা খাৱাৰ কাৰ্ণে। তাতে বিপিন দোকানী গাড়ী একখনৰ পৰা নামিছিল। চঙ্গে আৰ দুটা মানুষ। তোৰ মাটিবোৰ দেখুৱাই আছিল আৰু বিক্ৰী কৰাৰ কথা পাতি আছিল গাড়ীত অহা চফেদ মানুষটোৰ চঙ্গে” – কলিমায়ে ফোঁপাই গেঁঠাই উত্তৰ দিলে।
অবাক হৈ তথা সন্দেহৰ চকুৰে সুবৰ্ণই কলিমাইক সুধিলে-“আৰু সিটো মানুহ?”
“নাই মুই চিনিতে নাই পাৰলো। মোটাকে আছিল আৰ একটো ডাঙাৰ মোচ, দেখলে ভয় লাগা। পুলিশেৰ দৰে চুইটাৰ একটা পিন্ধিয়া আছিল’।
সুবৰ্ণৰ কথাবোৰ বুজিবলৈ বেছিপৰ নালাগিল। তাৰমানে বিপিনৰ এই মৰম চেনেহবোৰ তাৰ স্বাৰ্থৰ খাতিৰতহে আছিল। সুবৰ্ণৰ গাত ঘিণভাব এটা জিলিকি উঠিল আৰু চকুদুটা ৰঙা হৈ আহিল। আঘোণমহীয়া ঠাণ্ডাতো তাইৰ গাত থকা তেজ নামৰ আলকাতৰাবোৰ গলি গলি এপৰত জ্বলি উঠিল। তাৰমানে তাইৰ আইনাখনে তাইক গুটেই জীৱনটো মিছা কথায়েই কৈ থাকিল। খঙত একো নাই হৈ তাই ওচৰতে থকা দাখন আইনাখনলৈ দলিয়াই দিলে। তাইৰ হৃদয় ভাঙি চুৰমাৰ হৈ যোৱাৰ দৰে আইনাখনো ভাগি চুৰমাৰ হৈ গ’ল। ঠাংকৈ ভাগি যোৱা কাঁচৰ শব্দত বিচনাত পৰি থকা ৰতনৰ লাচটোৰ লগতে কলিমেইয়ো কঁপি উঠিল। কেও কিছু নাভাবি তাই হাতত দাখন লৈ চকুপানীৰে বাট নেদেখা হৈ ৰাস্তাৰ ওপৰেৰে বিপিনৰ দোকানৰ ফালে দৌৰিল কিন্তু আধাৰাস্তাতে কাষৰ ঘাঁহনিত পৰি হিয়া ভুকুৱাই ৰাউ-ৰাউকৈ কান্দিবলৈ ধৰিলে।
অলপ দুৰতে থকা বাগানৰ পৰা কিছূমান হুলস্থুল ভাঁহি আহিল। বাগানলৈ সোমোৱা ৰাস্তাটোৰ এই মুৰত ৮-১০ টা মান ডেকাল’ৰাই চিঞৰ বাখৰ কৰি চাৰিডালমান লোহাৰ পাইপ বান্ধি দিলে আৰু এটাই এখন ফলক আঁৰি দিলে য’ত লিখা আছিল ‘বাগান বন্ধ’।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments