জংগম -(নীত কাশ্যপ)

জংগম

নীত কাশ্যপ

 

মোহন _ _ _হয়তো মই খুব জোৰেৰেই চিঞৰিছিলো! মোহন উধাতু খাই সোমাই আহিল৷ মোৰ চকুত চকুপানী৷ সি থতমত খালে৷ সি সোমাই আহাৰ আগতেই মই মচি পেলাব লাগিছিল৷ কিন্তু নোৱাৰিলো! চকুপানী মচিবলৈ সোঁহাতখন উঠালেই উৰা মাৰিব মোৰ বাঁওহাতৰ অক্ষমতাক ইতিংকি কৰি সোঁহাতৰ তেজ শুহি শুহি দুগুণ হৈ পৰা মহজনী৷ নিজৰ অক্ষমতাত হাৰ মানি নিশব্দে কিমান সময়ৰ পৰা মোৰ চকুৰে পানী বৈ আছিল নাজানো৷ মোহন দৌৰি আহি থাপকৈ মহজনী মাৰি চেপেটা কৰি পেলালে৷ এসোপা তেজ! মই চাই ৰ’লো৷ লাহে লাহে বৈ যাব ধৰিছে তেজ মোৰ দেহৰ ভিতৰতো৷ হঠাৎ চেঁকুৰ মাৰিলে তাৰপৰা এটুকুৰা তেজ, ক্ৰমাৎ ক্ষিপ্ৰতৰ সেই তেজৰ চেঁকুৰাই মোৰ মস্তিকৰ পিনে গতি ল’লে আৰু তেজৰ প্ৰবাহত দিয়া তাৰ বাধাত ফাঁট মেলিলে মোৰ মস্তিস্কৰ সিৰা৷

– কিন্তু মোৰেই কিয়? ৩০ বছৰ বয়সতো জানো ষ্ট্ৰোক হয়! হতাশা আৰু আক্ষেপেৰে মই ডাক্টৰজনক সুধিছিলোঁ৷

 

বাহিৰত ক’ৰবাৰ পৰা গান এটা ভাঁহি আহিছিল৷ সুন্দৰ মাত৷ কিন্তু জীৱনটোক উপভোগ কৰি ইমান সুন্দৰকৈ গোৱা গানটোৱে মোক অতিষ্ঠ কৰি তুলিছিল৷ জীৱনটো কিমান সুন্দৰ হ’লে কোনোবাই এনেকৈ গান এটা গাব পাৰে৷ মই মোৰ নিথৰ দেহৰ বাঁওফালটো চালো! -“ মোহন মোক ভিতৰলৈ নে” পাচ মুহূৰ্ততে মই মোহনক চিঞৰিলোঁ৷ সি নি পুনৰ মোক উকা বেৰখনৰ সন্মুখত ৰাখিলে৷ আজিকালি দিনটোৰ বেছিখিনি সময় এই উকা বেৰখনৰ সন্মুখতেই অতিবাহিত হয় মোৰ৷ লাহে লাহে উকা বেৰখনত হেৰাই যায় মোৰ পৰা এটা এটাকৈ আঁতৰি যোৱা সুখবোৰ৷ ডাক্টৰৰ মতে মই ষ্ট্ৰোকৰ পাছত হোৱা Depressionৰ চিকাৰ৷ নহ’মেই নো কিয় এতিয়া মোহন নহ’লে যে মই কোঠাটোত পৰি থকা বাকীবোৰৰ দৰে নিথৰ আঁচবাব এটা মাত্ৰ৷

“ভৱনদী পাৰ কৰি দিয়া হে

নাৰায়ণ ভৱনদী পাৰ কৰি দিয়া

এই মানবী দেহা

কত যে কৰিলা বেহা”

– ৰাস্তাৰ পৰা ভাঁহি আহা গানটোৱে মোক পুনৰ চঞ্চল কৰি তুলিছে৷ মোহনক চিঞৰিলোঁ৷ মোহনে হুইল চেয়াৰখন থেলি লাহে লাহে মোক বাহিৰলৈ লৈ অহিছিল৷ ফুটপাথত আধা বহি আধা শুই থকা এজন মানুহ৷ এখন উজ্জ্বল মুখ, এটা প্ৰাণোদীপ্ত কণ্ঠ আৰু…আৰু দুখন ভৰিৰ সলনি কঁকালৰ তলত লাগি ৰোৱা সৰু সৰু মাংসপিণ্ড দুটুকুৰা মাথোন৷ থৰ লাগি চাই ৰৈছিলো মই কিছু সময়৷ ফিৰপাকত নিজৰ শৰীৰটোলৈ চাইছিলোঁ৷ কাৰোবাৰ কাৰণে জীৱনটো কিমান সুন্দৰ হ’লে দুখৰ গান এটাও এনেকৈ সুন্দৰকৈ গাব পাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments