জংঘলী – পাৰ্থ প্ৰতীম চৌধুৰী

যেতিয়াৰেপৰা অসমৰ বাহিৰলৈ আহিলোঁ, তেতিয়াৰেপৰা কিছুমান শব্দই মোক ঘেৰাও কৰি ল’লে৷ ‘নৰ্থ-ইষ্ট’, ‘আছামিজ’, ‘আছাম’, ‘ৰাজধানী’, ‘কানেক্টিং ফ্লাইট’, ‘চাই’, ‘আফস্পা’, ‘ওলফা’, ‘মোমোজ’ আদি৷ গুৱাহাটীৰ সৰ্বসাধাৰণ মধ্যবিত্তীয় জীৱনত এইবোৰ মোৰ কাৰণে অৰ্থহীন আছিল৷ এইবোৰ নজনাকৈও জীৱন পাৰ কৰিব পাৰি৷ কিন্তু মনৰ ক’ৰবাত খং, ক্ষোভ, ঘৃণা, বিতৃষ্ণা আৰু আশ্চৰ্য লগলাগি এক জটিল মানসিক ৰসায়নৰ সৃষ্টি কৰে যিটো মোৰ দৰে আন অসমীয়াইহে বুজি পাব৷

নিত্যনতুন মানুহৰ অসমকলৈ কিমান প্ৰশ্ন! প্ৰথম অৱস্থাত ময়ো মোৰ শিক্ষাৰে অসম কি, কিয় বিখ্যাত বা অসমৰ জটিল সামাজিক-সাংস্কৃতিক জনজীৱন আৰু ইয়াৰ গাঁথনি ইত্যাদি সহজ-সৰলকৈ বুজাই দিওঁ৷ মোৰ ‘ফিল্ড’ৰ খাতিৰতে মই এইবোৰ কথা কৈ বেয়া নাপাওঁ৷ শুনিব জনা মানুহ হ’লে মই ‘ননষ্টপ’ বকি থাকিব পাৰোঁ৷

কিন্তু কিমানদিন মই একে ব্যাখ্যাকে শুনাই থাকিম? চিনাকি ৰাস্তাতে মোক বিদেশী বুলি ভাবি চাৰিগুণ বেছি ভাড়া খোজে৷ মই সলসলীয়া হিন্দী বাদেই দিলোঁ, ভঙা ভোজপুৰী ক’লেও মানুহৰ আশ্চৰ্যৰ সীমা নাথাকে৷ ভাষা-সাহিত্যৰ প্ৰতি মোৰ সদায় ৰাপ আছিল৷ ‘ব্ৰজাৱলী’ৰ সৈতে ভোজপুৰীৰ সাদৃশ্য থকাৰ সুবাদতে ভোজপুৰীক অৱহেলা কৰা নাই৷ মই হিন্দীও আন দহজন অসমীয়াই কোৱাৰ দৰে নক‌ওঁ৷ বহুবচন, পুংলিঙ্গ-স্ত্ৰীলিঙ্গ সকলো ঠিকেই থাকে৷ এটা নতুন ভাষা শিকিলে এখন নতুন পৃথিৱী মুকলি হয়৷ মানুহৰ অন্তৰাত্মাত এতিয়া মই ‘অসমীয়া’ নহয়, মই হ’লো ‘নৰ্থ-ইষ্টাৰ্ণ’৷ নগা, মণিপুৰী আৰু মই কলিতা চব সমান৷ কাৰোবাৰ যদি মণিপুৰী বা অৰুণাচলীৰ সৈতে খুব ভালদিন বা বেয়াদিন গৈছে সেয়া মানুহে মোক জনাবলৈ নাপাহৰে৷ যদি ভাল অভিজ্ঞতা হৈছে তেন্তে মোকো সেই ‘মানুহটোৰ’ নকল বুলিয়েই ভাবে বা বেয়া হ’লেও একেই তীৰ্যক ভংগীমা! ইয়াত মোৰ কৰিবলগীয়া একো নাই৷

এতিয়া মোৰ আশে- পাশে থকা মানুহৰ মতে ম‌ই দৈনিক সুৰাপান কৰোঁ৷ বিড়ি, চিগাৰেট, গাঞ্জা-ভাং একো বাদ দিয়া নাই৷ এয়া মানুহৰ মোৰ প্ৰতি থকা ধাৰণা৷ যদিওবা মই ‘ড্ৰিংক্স’ৰ বাদে বাকী একো চুই পোৱা নাই৷ মই বোলে ‘লিবাৰেল’৷ ‘লিবাৰেল’ বাৰু হয়! কিন্তু সেয়া মোৰ ব্যক্তিগত পৰিস্থিতি আৰু শিক্ষা৷ সেইকণ ‘লিবাৰেল’ মানসিকতা আয়ত্ত কৰিবলৈ পঢ়া-শুনা কৰি যুক্তি সাজিবলগীয়া হৈছে৷ কিন্তু মই যে ধুতি-নীতি মানি চলো৷ সেয়া একা?

নৰ্থ-ইষ্টৰ মানুহ বোলে বহুত ‘চিধাচাধা’৷ জানি ভাল লাগে জটিল দুনীয়াত মানুহে ‘চেকেণ্ড হেণ্ড কমপ্লিমেণ্ট’ দি হ’লেও ভালকৈয়ে কৈছে৷ কিন্তু শব্দটোৰ অৰ্থ সিমানতেই শেষ জানো?

ইমানবোৰ জটিল তত্ত্ব আলোচনা কৰাৰ পাছতো মই কাৰোবাৰ বাবে ‘লিবাৰেল ব্ৰ’ বা ‘ককটেইলসুলভ’ মানুহ৷ মোৰ বা বৃহত্তৰ অৰ্থত অসমবাসীক এয়া মূল্যায়ন!

অসমত গাড়ী চলেনে? বিহাৰৰ কুশী নদীৰ বানৰ ফলত অসমত বানপানী হয়৷ অসমত ‘ৰেড লাইট এৰিয়া’ আছেনে? “আছাম ইজ এন এক্সটেনশ্যন অৱ বংগাল৷” “আপ্ কুত্তা খাতে হ্যে?” মোৰ সাতামপুৰুষীয়া জাতীয় ঐতিহ্য মাথোঁ এটা শব্দত শেষ হৈ যায়, ‘চিংকী’৷ ‘চিংকী’ শব্দটো মোৰ গুৱাহাটীত থকা সময়ৰ ছাৰ্টৰ পকেটত থোৱা বাছ-ভাড়াৰ খুচুৰাৰ দৰেই! কোন সময়ত বাজি উঠিব, ওলাই পৰিব বা প্ৰয়োজনত ডাঙৰ নোট ভাঙিব লাগিব ঠিক নাই! মোৰ মুক্তিযুঁজাৰু ককা-আইতা, একালৰ ৰাজনীতি কৰা বৰদেউতা, ভাষা আন্দোলনত জে’ল খাটি অহা বৰদেউতা, ছাত্ৰ আন্দোলন কৰা সম্পৰ্কীয়বোৰ সকলোবোৰ শেষ হৈ মই মাথোঁ ‘জংঘলী’ হৈ যাওঁ৷ জংঘলীয়ে মাজে সময়ে গীটাৰ বজাব জানে বুলিও ভাবে৷ ‘মুনছাইন’ বনাব জানে বুলি কয়৷ মই আজিও নাজানিলো ‘মুনছাইন’ মানে কি

মানুহে মোক ‘আফস্পা'(AFSPA)- সশস্ত্ৰ সেনাৰ আইনখনৰ সম্পৰ্কে সোধে আৰু কয় যে অসমৰ ভালৰ কাৰণেই সেইখন দিয়া হৈছে৷ নহ’লে বোলে অসম ‘কাশ্মীৰ’ হ’বলৈ বেছিদিন নালাগে৷ ৬শ/৭শ অসমীয়া নাৰীক মাছবছা দি কুটি-বাছি খালে সেয়াও আমাৰ ভালৰ কাৰণেই? মই প্ৰতিবাদ কৰোঁ৷ প্ৰতিবাদ মোৰ তেজত৷ কি ঘৰত, কি বাহিৰত সদায় প্ৰশ্ন কৰোঁ৷ ডাঙৰৰ সৈতেও তৰ্কাতৰ্কি কৰোঁ৷ বিশ্ববিদ্যালয়ৰ বাটত ছোৱালী নিৰ্যাতনৰ প্ৰতিবাদ কৰা ছোৱালীৰ কাষত ‘মৰেল চাপৰ্ট’ দিবলৈ গৈ থিয় হৈছোঁ৷ ৰাবাৰ বুলেট, কন্দুৱা গেছ… এহাত দূৰত্বত আৰক্ষীৰ মাৰ খোৱাৰ পৰা বাচি আহিছোঁ৷ অজান মুলুকৰ ঘটনা৷ না মই ভুক্তভোগীক চিনি পাওঁ! একমাত্ৰ মানৱতাৰ খাতিৰতে ওলাই গৈছিলোঁ মাজৰাতি৷ তথাপিও মোৰ প্ৰাণটোৰ মৰ্যাদা যেন কম! যেন মই গ্ৰহণযোগ্য নহয়!

মাৰখোৱাজনক বচাবলৈ গৈছো৷ মাজৰাতি দুৱাৰত টোকৰ দিছে৷ মৰাৰ ধমকি দি থৈ গৈছে, ইউপি, বিহাৰ কি কৈ গৈছে, “য়ঁহা ইয়ে চব নহী চলতা হ্যে…এইচন মাৰৱ তোহাকে…৷” দুৰ্গা পূজাৰ দিনা ছোৱালী বান্ধৱী এগৰাকী লগত থকাৰ বাবেই ‘মব-লিঞ্চিং’ হ‌োৱাৰ অৱস্থা আমাৰ দুইটাৰ৷ কেনে দেশ এইখন! মই শুনা মহান দেশ আৰু আচল দেশৰ মাজত কি তফাৎ! নে ‘চিংকীৰ ৰাজ্য’ত থাকি আমি বেলেগ হ’লো?

‘এন্দ্ৰইড’ মোবাইল খুলি বন্ধুৱে দেখুওৱাই বাংলাদেশৰ হিন্দু নিৰ্যাতন৷ অবৈধ হিন্দু বাংলাদেশীক অসমত ঠাই দিয়া হ’ব৷ কিদৰে বাংলাদেশত ‘পণ্ডিত’ক হত্যা কৰা হৈছে! ৰুলিং পাৰ্টীয়ে এই সমস্যাৰ সমাধান কৰিব‌ই কৰিব!

মোৰ ককাহঁতে বা বৰদেউতাহঁতে দেশ-ৰাজ্যৰ বাবে কৰা ত্যাগৰ এনেকৈয়ে মই সাক্ষী হ’ব লাগিব?

গঙ্গাৰ ঘাটত গা-ধুবলৈ থোৱা চুৰিয়াখন ঘৰৰপৰা লৈ আনিছিলোঁ৷ ইয়াতো গামোচা, ঘৰুৱা সজকামত লগা কাপোৰ মই ৰাখি থৈছোঁ৷ আগৰেপৰাই এইখন ঠাইলৈ আমাৰ মানুহে ‘অস্থি বিসৰ্জন’ দিবলৈ আহে৷ নাজানো কোনখন দেশ মোৰ আপোন!

উপসংহাৰ –
১৯৯৩ চনত ‘নিউয়ৰ্ক টাইমছ’ত কেভিন কাৰ্টাৰৰ এখন আলোকচিত্ৰ প্ৰকাশ পাইছিল৷ য’ত আফ্ৰিকীয় শিশু এটিৰ কাষত এটা শগুণ ৰৈ আছিল শিশুটিক খাবলৈ৷ কেতিয়া শিশুটিৰ মৃত্যু ঘটিব আৰু খাব পৰা হ’ব! দুয়োটাৰে তলত আছিল শুষ্ক মাটি৷ কেতিয়াবা এনে লাগে যেন মানুহবোৰ শগুণসম! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments