জখলা (গীতা দত্ত)

“…Illusion never changed
Into something real
I’m wide awake and I can see
The perfect sky is torn
You’re a little late, I’m already torn..“

কম পোহৰ, কিন্তু ৰঙীন পোহৰ৷ পোহৰবোৰ চিচাঁৰ দাপোণবোৰত প্ৰতিফলিত হৈ সমগ্ৰ ৰুমটোতে সিঁচৰিত হৈ পৰিছে৷ গানটো কোনেও ভালকৈ শুনা নাই, বেছিভাগেই এনেই অলসভাবে এখন ভৰি বা মুৰটো গানৰ মুৰ্ছণাৰ সৈতে লৰাই আছে৷ যেন এটা স্বয়ংক্ৰিয় অৱস্থা৷

সন্ধিয়া হোৱাৰ লগে লগেই ৰঙীন লাইটবোৰ জ্বলি উঠা এখন বিলাসী ৰেষ্টুৰাঁ৷ ৰেষ্টুৰাঁ বুলি ক’লে শুনিবলৈ ভাল, আচলতে এয়া হ’ল নিজকে নিচাত ডুবাই হেৰাই যোৱাৰ এটি পথ৷ একাকীত্বৰ ফালে এটা খোজৰ দৰেই ইয়াৰ জীৱন৷ গানটোৰ প্ৰতিটো শব্দ দেৱালত ঠেকা খাই তাইৰ কাণত সোমাল৷ “I’m already torn” … এই শব্দকেইটাই তাইৰ মগজুত হাতুৰীৰ দৰে কোবাই থাকিল৷ তাইৰ চেম্পু কৰা চুলিকোচা আজি খোলা৷ মুখত দামী প্ৰসাধন৷ মসৃণ ভৰি আৰু হাতৰ নখবোৰত কোনোবা চিত্ৰকাৰে নিখুঁতভাবে ব্ৰাছেৰে কেনভাছত ৰং সনাৰ দৰেই ৰঙা নেইল পলিচ লগোৱা৷ চিগাৰেটৰ ধোঁৱাৰ মাজেৰে তাই কাষৰ টেবুলখনলৈ চালে৷ এহাল যুৱক যুৱতী৷ হাঁহি হাঁহি দুয়ো দুয়োৰে হাতত ধৰি কিবা কথাত মচগুল৷ বেঁকা হাঁহি এটা মাৰি তাই ভাবিলে ..প্ৰেম৷ এটা মায়াবী শব্দ৷ তাই জীৱনৰ পৰা এই শব্দক নিৰ্বাসন দিয়া আজি বহুদিনেই হ’ল৷

ব্যস্ত মহানগৰীৰ জীৱন, এটা ব্যস্ত প্ৰাইভেট ক’ম্পেনীৰ চাকৰি৷ সকলোৰে সৈতে তাইৰো উচ্চাকাংক্ষা আছে৷ সফলতাৰ চিৰিৰে তাই আগুৱাব খোজে৷ পিছে তাইৰ সময়খিনিহে বৰ আটকীয়া৷ প্ৰতিযোগিতাৰ প্ৰতিটো ৰাতিপুৱা এযোৰ স্মাৰ্ট কাপোৰ, দামী পাৰ্ফিউম আৰু কিছু আধুনিক প্ৰসাধনেৰে আৰম্ভ হয়৷ দুই ইঞ্চি ওখ হিলজোৰ পিন্ধি খোজকাঢ়োতে তাইৰ মনত পৰে, নিয়ৰ পৰা দুবৰিত ভৰি দিয়া আজি বহুদিনেই হ’ল! তাই নিজকে ধমকি দিয়ে, নাই, একো নাভাবিবি, ভাবিলেই তই মৰিলি৷ লুডুখনৰ দৰে এই জীৱন৷ সাপে গিলিলে চুচৰি একেবাৰে গাঁও পাবিগৈ!

এই কথাখিনিকেই তাই নিজকে বাৰে বাৰে কৈ থাকে৷ বিপদৰ আগজাননী দিয়া এটা স্বয়ংক্ৰিয় যন্ত্ৰৰ দৰেই একেখিনি কথাই বাৰে বাৰে নিজকে কৈ থাকে৷

তাই এটা মৃদু ইংগিতেৰে ৱেটাৰজনক মাতি ক’লে –প্লিজ ৰিপিট! এইবাৰ ঘড়ীটোলৈ চালে৷ তেখেত আহিবৰ হৈছে৷ তেওঁ তাইৰ প্ৰেমিক নহয়৷ তাইৰ সমুখৰ জখলাদাল বগোৱাৰ বাট এটা৷

গধুৰ নিশ্বাস এটা এৰি তাই গ্লাচটোত চুমুক দিলে, এজনী বলিয়া প্ৰেমিকাৰ দৰে ..৷

তাইৰ দেউতাকলৈ বেয়াও লাগে, কিন্তু খঙো উঠে৷ তেওঁ সমগ্ৰ জীৱন নিজৰ আদৰ্শকেই সাৱটি থাকিল৷ গাৱঁৰ বিদ্যালয়ত তেওঁ ইংৰাজী পঢ়াইছিল৷ তেওঁৰ উচ্চাৰণ সাৱলীল, নিখুঁট৷ সেই গহীন মানুহজনক সকলোৱে ভয় নে সমীহ কৰিছিল তাই এতিয়াও সঠিককৈ নাজানিলে৷ কিন্তু বুঢ়া বয়সত সেই একেজন মানুহে পুতেকৰ অকথ্য গালি শুনে, নীৰৱে৷ পুতেকৰ প্ৰতি ভয় নে তেওঁৰ পলায়নবাদ সেয়া তাই নাজানে৷ মানুহজনে সদায় সন্ধিয়া সময়ত কাঠৰ চকী এখনত বহি দূৰ দিগন্তলৈ চাই থাকে৷ অস্তগামী সূৰ্য্যৰ পোহৰবোৰ তেওঁৰ পকা চুলিত পৰি সিঁচৰিত হৈ পৰে৷ তাই ভাবে, সম্ভৱ সেইখিন সময়ত দেউতাই মোৰ মালৈ মনত পেলায়৷ এসময়ত সেই কাঠৰ চকীখনত বহি এই মানুহজনেই সকলোকে ফৰাচী বিপ্লৱৰ কাহিনী শুনাইছিল৷ তাইৰ ককায়েকজনো গাঁওখনৰ ভিতৰত চোকা ল’ৰা আছিল৷ এসময়ত সি সুন্দৰ ছবি আঁকিছিল৷ পিছে তাৰ মাজৰ সেই শিল্পীজনৰ কাহানিবাই মৃত্যু হ’ল৷ দেউতাৰ আদৰ্শৰ বোজাটোৱে তাক হেঁচা মাৰি ধৰি থাকিল৷ দেউতাই কাম কৰা বিদ্যালয়খনতো পইচা দি চাকৰি এটা গোটাব নোৱাৰিলে!

বৌৱেকজনী এসময়ত কলেজৰ শ্ৰেষ্ঠ গায়িকা আছিল৷ এসময়ত ককায়েকৰ লগত প্ৰেম হ’ল৷ এই মেঘ, জোনাকত উৰি থকা জাতীয় প্ৰেম৷ এতিয়া খা মাৰ! কব নোৱাৰাকৈয়ে তাইৰ মুখেৰে অশ্লীল শব্দ এটা ওলায় গ’ল৷ সব জধা মুৰ্খ, সব চাল্লা ইম’শ্যনেল ফুল! যোৱাবেলি ঘৰলৈ যাওঁতে ককায়েকে মদ খাই তাইক উদ্দেশ্যি কোৱা অশ্লীল দুটা তাইৰ কাণৰ থহৰকৈ বাজিছিল৷ পিছে আচৰিত ভাবে তাইৰ অলপো দুখ লগা নাছিল ৷ তাৰ হতাশা দেখি বৰঞ্চ তাইৰ হাঁহি উঠিছিল৷

দেউতাকে কাঠৰ চকীখনত বহি আছিল, সন্ধিয়া নামি আহিছিল ৷ আৰু, তাইৰ চকুৰ আগত ক্ৰমান্বয়ে স্পষ্ট হৈ আহিছিল এডাল জখলা ..৷

তাই লাহে লাহে এটা অদ্ভুত প্ৰাণীলৈ ৰূপান্তৰিত হৈছিল৷ প্ৰথমে অফিচত দিনে ৰাতিয়ে কাম কৰিছিল৷ গতানুগতিক এটা জীৱন৷

এটা সন্ধিয়াৰ কথা, তাইৰ চিনিয়ৰ এজনে তাইক একাপ কফি খাবলৈ লগ ধৰিলে৷ ভদ্ৰতাৰ খাতিৰত তাইও ওলাই গ’ল৷ এখন সুন্দৰ ৰেষ্টুৰাঁত কফি একাপ খোৱাৰ পাছত চিনিয়ৰজনে তাইক ফ্লেটত থৈ আহিম বুলি ক’লে৷ এসময়ত গাড়ীৰ ভিতৰত তাইৰ পিঠিত তাৰ হাতৰ অবাধ বিচৰণ হবলৈ ধৰিলে৷ কফিৰ দাম! এটা চৰ মাৰি দিবলৈ মন গলেও তাই একো কৰিব নোৱাৰিলে৷ সিদিনাই জখলাডালত প্ৰথম খোজটো পৰিছিল! পিছদিনাৰ পৰা তাইৰ টেবুললৈ কমকৈ ফাইল অহা হল৷ পিছে, একে ঠাইত তাইৰ ৰৈ থকাৰ মন নাই৷ ৰেষ্টুৰাঁৰ কফিৰ মেজৰ পৰা বাৰলৈ, চিনিয়ৰৰজনৰ পৰা অফিচৰ বছলৈ, গাড়ীৰ ছিটৰ পৰা বিছনালৈ, তাইৰ এই অন্তহীন যাত্ৰা বৰ দ্ৰুতভাৱে আৰম্ভ হৈ গ’ল৷

কেতিয়াবা তাইৰ সেই ল’ৰাটোলৈ মনত পৰে৷ ভালপোৱাই আছিল কিজানি৷ “চুপকে চুপকে ৰাত দিন, আঁচু বহানা য়াঁদ হে ..” তাই গুচি অহাৰ পাছতো সি মাজে মাজে ফোন কৰিছিল৷ এদিন একো নকৈ মনে মনে আছিল সি৷ তাই তাকো মাতিছিলে চহৰলৈ৷ চাকৰি এটা পোৱা যাব তাই নিশ্চিত৷ কিন্তু, সি আকৌ তাইকহে কয়, চৰকাৰী চাকৰি বহুত ওলাইছে, টে’ট পৰীক্ষা নিদিয়া কিয়, ইত্যাদি ইত্যাদি৷ কথাবোৰ শুনিলেই তাইৰ বিৰাট খং উঠে৷ কি মুৰ্খ অ’ এইসোপা!

তাৰ পাছত তাই তাৰ ফোন উঠাবলৈ এৰি দিলে৷ পিছে তাৰ ফোন উঠাবলৈ এৰি দি কিবা এটা হেৰুৱাই পেলোৱা যেন লাগিছিল তাইৰ৷ সঁচাকৈয়ে! চিগাৰেটৰ ধোঁৱাৰ দৰে যেন উৰি গৈছে সকলো ভালপোৱা৷ প্ৰেমৰ সমষ্ট অনুভৱ যেন বাষ্প হৈ উৰি গ’ল৷ নাহ্ ! এইবোৰ ভাবি সময় নষ্ট কৰি লাভ নাই৷ তাই নিজকে সকিয়ালে৷ জখলা বগাব লাগিব৷ নহলে সাপৰ মুখত পৰিব লাগিব৷ এই জীৱনটোও একপ্ৰকাৰৰ লুডু খেল ..৷

আহ্, তেওঁ আহিছে৷ তাই মুখত এটি সুন্দৰ হাঁহি সজালে৷ তেওঁক সুধিলে “হুইস্কী, চাৰ?”

তেওঁ মুৰ দুপিয়াই ক’লে, “বেবী! ডণ্ট কল মি ছাৰ ! অফিছৰ বাহিৰত ছাৰ বুলি নামাতিবা৷”

ৰাতিটো লাহে লাহে আগবাঢ়ি গল ৷ নিচাত ডুবি যোৱাৰ সময়৷ নিচাত থাকোতেই তাইৰ চকুৰ আগত এখন দীঘল ডাঙৰ গাড়ী ভাঁহি উঠে৷ গাঁৱলৈ মামাকে অনা খনৰ নিচিনা সৰু গাড়ী নহয়৷ মামাকৰ গাড়ীৰ পাছফালে ধূলিত আঙুলিৰে লিখাৰ মাদকতা৷ তাই এইবাৰ এখন দীঘল গাড়ী কিনিব৷ এদিন ধূলি উৰুৱাই গাঁওলৈ যাব৷ দেউতাকক গাড়ীত উঠাব৷

এনেতে তাইৰ কাষত বহি থকাজনৰ ফোনটো বজাত তাই উচপ খাই গল৷ তাই স্পষ্টকৈ শুনিলে, এক নাৰীৰ মাত, সম্ভৱ তেওঁৰ পত্নী৷ “মাইনিৰ জ্বৰ উঠিছে, আপুনি কেতিয়া আহিব বাৰু ?” মানুহজনৰ মুখত আবেগৰ এটাও প্ৰলেপ নাই৷ এটা চিগৰেট জ্বলাই সহজ ভাবেই কৈ গ’ল, “ডণ্ট ৱৰী, ডাক্টৰজনক মাতি দিয়া, মই দুগুণ পইছা দিম বুলি কৈ দিয়া৷ বাই দ্য ৱে, মই আজি ঘৰলৈ নাযাওঁ!”

এক চেকেণ্ডৰ বাবে তাইৰ কবলৈ মন গৈছিল যে তেওঁ আজি ঘৰলৈ যোৱাই ভাল হব৷ পিছ মুহূৰ্ততে তাইৰ মগজুৱে আদেশ দিলে ‘নেভাৰ’! আগতে সদায় তাইৰ মনটো জয়ী হৈছিল৷ আজিকালি তাই জানিবুজিয়েই মনক হৰুৱাই দিয়ে৷ ৰাতি আৰু গভীৰ হৈ আহিল৷ এটা অক্টোপাছৰ দৰে অচিনাকি হাত এখনে তাইক সাৱটি ধৰিলে৷

পিংক ফ্ল’ইডৰ গানৰ শব্দৰ টুকুৰাবোৰে তাইৰ মগজুত খুন্দিয়াই থাকিল৷
“So, so you think you can tell Heaven from Hell, blue skies from pain.
Can you tell a green field from a cold steel rail?
A smile from a veil?
Do you think you can tell? ..“

তাইৰ নিচাসক্ত মাস্কাৰা বোলোৱা চকুৰ দুই পতাত ভাঁহি থাকিল এখন দীঘল গাড়ী আৰু এডাল জখলা৷ বহু ওপৰলৈ বগালে তাই! এই উচ্চতাৰ পৰা সেই কাঠৰ চকীখন ৰিণি ৰিণিকৈহে দেখা পোৱা যায়৷

অক্টোপাছটো লাহে লাহে তাইৰ শৰীৰত বগাই গ’ল৷ লগে লগে এঢাপ এঢাপকৈ তায়ো জখলাডাল বগাই গ’ল .. ৷
##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক