জণ্ডিছ (ডাঃ ভূপেন্দ্ৰ শইকীয়া)

“ জণ্ডিছ” সম্বন্ধে জানিব লগীয়া লাগতিয়াল কথা

ডাঃ ভূপেন্দ্ৰ শইকীয়া

এদিন বন্ধু মহন্তৰ চিন্তাক্লিষ্ট মাত টেলিফোনত ভাঁহি আহিল – ১২ বছৰীয়া ল’ৰা অম্লানৰ চিৰিয়াচ অসুখ ৷ ওচৰৰ ডাক্তৰক দেখুৱাই ভাল পোৱা নাই৷ ইফালে দুসপ্তাহৰ পিছত সৰ্বভাৰতীয় ডবা খেলৰ প্ৰতিযোগিতাত ভাগ লবলৈ চেন্নাইলৈ যাব লাগে ৷ মোক লগ পাব খোজে ৷ মই তেতিয়া দুসপ্তাহৰ ছুটীত গুৱাহাটীৰ ঘৰত ৷ পিছদিনা পুৱা অম্লানক চালো ৷ ল’ৰাজনৰ অসুখৰ বিৱৰণ এনেকৱা – এসপ্তাহমানৰ পৰা ভোক নলগা হৈছে, ওকালি আহি থাকে, বলপূৰ্বক কিবা খালে বমি হয়, শৰীৰ দূৰ্বল, গাত সাধাৰণ জ্বৰ, প্ৰসাৱৰ ৰঙ হালধীয়া ৷ শৰীৰটো পৰীক্ষা কৰি দেখিলো চকুকেইটা অলপ হালধীয়া পৰিছে , পেটত লিভাৰটো কিছু বাঢ়িছে ৷ ৰোগ “ভাইৰেল হেপাটাইটিচ – এ” বুলি অনুমান কৰিলো ৷ প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষাখিনি কৰিবলৈ দি চিকিৎসা আৰম্ভ কৰিলো ৷ আবেলিলৈ মোৰ অনুমান সত্য প্ৰমাণিত হ’ল ৷ এসপ্তাহ বেজী, ড্ৰিপ আৰু ঔষধ-পথ্যৰ ব্যৱহাৰ কৰি ৮০ ভাগ আৰোগ্য হ’ল আৰু সময়মতে ডবা খেলত ভাগলৈ পু্ৰস্কাৰ জিকি আহিল ৷ এমাহৰ পিছত মোলৈ ই-মেইল আহিল – অম্লানৰ তেজৰ ৰিপৰ্ট এতিয়া সম্পূৰ্ণ স্বাভাৱিক ৷ গাত দেখা দিয়া “জণ্ডিচ” এতিয়া নোহোৱা হ’ল ৷ এনেকুৱা ৰোগী সকলো ডাক্তৰে প্ৰায় পায়েই থাকে ৷ সাধাৰণতে মানুহে কোৱা “জণ্ডিচ” এবিধ বেমাৰ নহয় – ৰোগৰ লক্ষণহে ৷ জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী “জৌনে” শব্দৰ পৰা – যাৰ অৰ্থ হ’ল হালধীয়া ৷ চকুৰ বগা অংশ, শৰীৰৰ ছালৰ বৰণ হালধীয়া হলে; প্ৰসাবৰ ৰঙ হালধীয়া হলে সাধাৰণতে জণ্ডিচ হোৱা বুজায় ৷ লিভাৰৰ, পিত্তথলীৰ(গলব্লাডাৰ) বা পেনক্ৰিয়াচৰ অসুখ হলে মানুহৰ জণ্ডিচে দেখা দিয়ে ৷ ঠিক যি দৰে জ্বৰ এবিধ ৰোগ নহয় – ৰোগৰ লক্ষণহে ৷ মেলেৰিয়া,টাইফয়েড,টিবি, নিউমোনিয়া,খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হব পাৰে৷জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ এ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখ, চিৰচিচ, লিভাৰৰ টিউমাৰ আদি হলে দেখা দিব পাৰে ৷ পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে৷ পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে৷গতিকে জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যুনতম কৰিবলগীয়া পৰীক্ষা সমূহ হ’ল- প্ৰসাবৰ পৰীক্ষা, তেজৰ তেজৰ ৰুটিন পৰীক্ষা ( TC,DLC,ESR, Hemoglobin), বিলিৰুবিন, SGOT, SGPT, Alkaline phosphatase, serum Electrolytes, এমাইলেজ, লাইপেজ , Card test for Hepatitis –B, Hepatitis –C; বুকুৰ এক্সৰে আৰু পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল৷ এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়৷ সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ ৰোগৰ সবিশেষ জানিবলৈ চিটি স্কেন, এম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড ক’লেঞ্জিঅ’ পেনক্ৰিয়াটগ্ৰাফি (ERCP ) আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়৷ লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হব পাৰে৷ এইখিনিতে কেৰোটিনেমিয়া ( Catotenemia) নামৰ এক অৱস্থাৰ বিষয়ে পাঠকক অৱগত কৰাব খুজিছো৷গোটা খাদ্য খাবলৈ আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে৷ তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, বিশেষকৈ হাতৰ আৰু ভৰিৰ তলুৱাৰ৷ কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল (Mucus membrane ) কেতিয়াও হালধীয়া নহয় ৷ ই এক বিপদজনক অৱস্থা নহয় ৷অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য খুউৱাৰ ফলত কেৰোটিনেমিয়া হয়৷ গাজৰ,ৰঙালাউ, মিঠা আলু, ব্ৰুকলি আৰু বিভিন্ন সেউজীয়া শাক-পাচলিত বিটা-কেৰটিন থাকে৷ বিটা-কেৰটিন হ’ল ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ব৷কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো যে শৰীৰৰ উপযোগী নহয় ইয়েই প্ৰমাণ কৰে৷

মানুহৰ তেজৰ ৰক্ত কণিকাৰ(Red Blood Cell) উৎপত্তি হাড়ৰ মজ্জাত (Bone Marrow) হয়৷ আমাৰ শৰীৰৰ বৃক্কই (Kidney) এৰিথ্ৰপয়েটিন (Erythropoetin) নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়৷ ৰক্ত কণিকাৰ আয়ুস ১২০ দিন৷ ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে৷ ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত (Spleen) ভাঙিলে তাৰ ‘হীম’ বা লৌহ অংশৰ পৰা পৰা ‘বিলিৰুবিন’ (Bilirubin) নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়৷ বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল(Bile) ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়৷ বাইল ৰসে আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে৷ লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত বিলিৰুবিন জমা হয় ৷ তেজত সাধৰনতে ০.২ ৰ পৰা ০.৮ মিলিগ্ৰাম % বিলিৰুবিন থাকে ৷ তেজত ১.৫ মিলিগ্ৰাম %ৰ ওপৰৰ পৰিমাণৰ বিলিৰুবিন হলে জণ্ডিচে দেখা দিয়ে৷ জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে এনেকুৱা – ১) ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ (Breakdown) হলে যেনে মেলেৰিয়া , কে্ঞ্চাৰ, ঔষধৰ বিষক্ৰিয়াৰ ফলত ৷ ২) লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে ৷ ৩) পিত্তত পাথৰ বা কেঞ্চাৰ হলে ৷ পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলে, কোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত (Stricture) হলে ৷ ৪) পেনক্ৰিয়াচৰ অসুখ বা টিউমাৰ হলে ৷ এইবিলাকৰ ওপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে৷ তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়, কিয়নো ই সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ আনহাতে নৱজাতকৰ জণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকীয়া হব লাগে৷ নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়৷এটা কথা মনত ৰাখিবলগীয়া – মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰতৰ জণ্ডিচ হয়৷কিছুমান বংশগত বা জন্মগত এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে ৷ এইবিলাকৰ ভিতৰত থেলাচেমিয়া, চিকল চেলএনিমিয়া , জি৬পিডিৰ অভাৱ আদি হ’ল প্ৰমুখ ৷
জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ( ) এক চমু আভাস ডাঙি ধৰিব খুজিছো – সেইবিলাক হ’ল : হেপাটিক এনকেফাল’পেথি – অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা ; হেপাট’- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলত কিডনি বিকল হোৱা ; এচাইটিচ – অৰ্থাত উদৰত পানী জমা হোৱা; হেমাটমেচিচ আৰু মেলিনা – তেজ বমি আৰু কলা পাইখানা হোৱা ৷ এজন জণ্ডিচত ভোগা ৰোগীৰ লক্ষণসমূহ আৰম্ভণীতেই উল্লেখ কৰা হৈছে৷ লগত দুটামান কথা আৰু যোগ দিব খুজিছো ৷ খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ চিগাৰেটৰ প্ৰতীও অনীহা ওপজে৷ তেজত বিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়৷ জণ্ডিচত ভোগা ৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেল,ঘিউ,মাখন,গাখীৰ,পনীৰ,মাংস,কণী সম্পূৰ্ণ বৰ্জিত কৰা ভাল৷ গ্লুক’জ, মিচিৰি, ফল-মূল, শাক পাচলি, কুহিয়াৰৰ ৰস, ডাবৰ পানী আদি হ’ল উপকাৰী খাদ্য৷ গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়াল ঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments