জনম – কোকিল শইকীয়া

(১)
যি জন্মই মোক নিজাকৈ নিদিলে এটা জীৱন
সেই জন্মৰ জৰায়ুৰ জুইবোৰ পুহি ৰাখি
মই তাত জাহ যাওঁ
কুঁকুহা হৈ উৰোঁ
যি জন্মৰ বাবে এই আন্ধাৰ আৰু শূন্যতা
হে মোৰ জন্ম, মই আকৌ জন্মিছোঁ
কেতিয়াবা বুদ্ধ হৈ
কেতিয়াবা কল্কি;
এটি মাটিমাহী হৈ
(২)
যি নদীতেই বিচাৰোঁ পোহৰ
তাতেই পাওঁ এটা মৰা মাছ
নিজকে বিচাৰি হেৰুৱাওঁ নিজৰেই বাট
মোৰো যে আছিল নিজাকৈ এটা ঘাট
(৩)
খিড়িকী খুলি পাঠ কৰোঁ নীৰৱতা
দুখ মোৰ আত্মাৰ অবিনাশী সত্তা
চকুতে ছাই কৰোঁ অযুত স্বপ্ন
(৪)
মই জুমি চালেই দেখা পাওঁ নিসংগ ঈশ্বৰ
উপজিয়েই দেখা প্রথমকণ পোহৰ
ক্রমশঃ পিয়াহৰ লোটক তেজৰ অন্ধত্ব
ছাঁয়া নাই কতো এই দীঘল বাটৰ
ছাঁয়া মাথোঁ জহন্নামৰ সিপাৰেই এই কৰুণতম যুদ্ধৰ…

পৰিশিষ্ট: মই কোন ?
অর্থহীন অর্থত জীৱন এক তৃপ্তি মাথোন…
************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক