জন্মদিন — তাপস দত্ত

  • হেল্ল’ মা! কি কৰি আছা?
  • অ’ বাবা! এনেয়ে বহি আছিলোঁ। ভালনে তোমালোকৰ?
  • অ’ ভাল। অহা সোমবাৰে তোমাৰ জন্মদিন নহয় জানো?
  • অ’ হয় দেখোন!! মই পাহৰিয়েই আছিলোঁ।
  • তোমাৰ কাৰণে কিবা এটা পঠিয়াইছোঁদেই! সোমবাৰৰ আগতে পাই যাবা। কিন্তু তুমি সোমবাৰেই খুলিবা।
  • হ’ব বাৰু।
  • মই তোমাৰ একাউণ্টটোত পইচাও জমা কৰি দিছোঁ।
  • পইচানো কিয়?
  • পাৰ্টি দিবা আকৌ! মাহীহঁতকো মাতিবা।
  • তুমি আহিবা নেকি?
    ( দুয়োমূৰে কিছুক্ষণ নীৰৱতা।)
  • মা তুমি জানাই দেখোন!
  • অ’ হ’ব দিয়া তেনেহ’লে।
  • তুমি কিন্তু পাৰ্টি নিদিয়াকৈ নাথাকিবা আৰু মাহীক সেইদিনা আমাৰ ঘৰতে থাকিবলৈ ক’বা।
  • হ’ব বাৰু চাওঁচোন!
  • ও হ’ব। এৰিছোঁ তেন্তে এতিয়া। ভালকৈ থাকিবা।
    ফোনটো থৈ অনুৰাগ লাহেকৈ বহি পৰিল। অনুৰাগে পত্নী পূৰৱী আৰু পুত্ৰ অনাদিৰ সৈতে কলিকতাত থাকি কোম্পানীৰ চাকৰি কৰে। ঘৰ ডিব্ৰুগড়ত যদিও কলিকতাতো নিজাকৈ ফ্লেট কিনিছে। অনাদিকো কলিকতাৰ স্কুলত পঢ়ুৱাইছে। পত্নী পূৰৱীয়ে ঘৰখনৰ বাকী দায়িত্ব সুচাৰুৰূপে পালন কৰে। কলিকতাত থকা অসমীয়া পৰিয়ালবোৰৰ লগতো আহ-যাহ ৰাখিছে। মুঠতে বাহিৰৰ পৰা দেখাত এখন সুখৰ সংসাৰ। কিন্তু এই অময়া সুখৰ মাজত থাকিও পৰিয়ালৰ প্ৰতিজন সদস্যই কিবা এটা যেন অভাৱ অনুভৱ কৰে।
    পূৰৱীক বিয়া কৰাই অনাৰ সময়ত অনুৰাগে ডিব্ৰুগড়তে চাকৰি কৰিছিল। অনাদিৰ জন্মও ডিব্ৰুগড়তে হৈছিল। সুখৰ দিনবোৰ হেনো বৰ চুটি হয়। অনুৰাগহঁতৰ জীৱনতো সুখৰ সেই কেইটামান বছৰ সঁচাকৈয়ে যেন কাঁড়ৰ গতিৰে পাৰ হৈ গৈছিল। তাৰপিছতে যেন ঘৰখনত কিছুমান অশান্তিৰ সৃষ্টি হ’বলৈ ধৰিছিল। অনুৰাগৰ দেউতাক হঠাতে ঢুকাই থাকিল। অনুৰাগৰ মাকে সৰু সৰু কথাতে পূৰৱীৰ দোষ ধৰিবলৈ ল’লে। দেউতাক ঢুকোৱাৰ পিছত হয়তো তেওঁ অনুৰাগৰ ওপৰত বেছিকৈ অধিকাৰ দাবী কৰিবলৈ লৈছিল। পূৰৱীৰ তাতেই আপত্তি আছিল। এনেকৈয়ে সৰু-সুৰা কথাতে লাগি অনুৰাগৰ মাক আৰু পূৰৱীৰ মাজত এদিন মাত-বোলেই বন্ধ হ’ল। ঘৰখনত এক গোমা পৰিবেশ বিৰাজ কৰিবলৈ ধৰিলে। তেনেতে কোম্পানীৰ পৰা অনুৰাগলৈ কলিকতালৈ বদলিৰ হুকুম আহিল। তাৰপিছতো অনুৰাগ মাকৰ জন্মদিনটোত ডিব্ৰুগড়ৰ ঘৰলৈ গৈ আছিল। পিছে এইবাৰ কথাবোৰ সলনি হ’ল।
    পূৰৱীয়ে অনাদিৰ স্কুল বন্ধৰ দিনকেইটাতে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা উলিয়ালে। পিছে সেই দিনকেইটাৰ মাজতে অনুৰাগৰ মাকৰ জন্মদিনটোও পৰিল। স্বাভাৱিকতে এই কথাটোৱে অনুৰাগক বিমোৰত পেলালে। ইফালে পূৰৱী নাচোৰবান্দা। ফুৰিবলৈ সেইকেইদিনতে যাব লাগিব আৰু অনুৰাগ পূৰৱীহঁতৰ লগত যাবই লাগিব। খঙতে অনুৰাগে একো কথাতেই ভাগ নোলোৱা হ’ল। পূৰৱীয়ে কিন্তু পুতেকৰ সৈতে ব্যস্ত হৈ আছে। ফুৰিবলৈ যোৱাৰ বাবে টিকেটকে আদি কৰি কাপোৰ-কানিলৈকে সমস্ত যোগাৰ পূৰৱীয়ে নিজে কৰিছে।
    অনুৰাগ সৰু হৈ থাকোতে অনুৰাগ আৰু দেউতাকে মিলি মাকক জন্মদিনৰ দিনা হঠাতে একোটা উপহাৰ দি অবাক কৰি তুলিছিল। আজলী মাকজনীৰ তেতিয়াহে তেওঁৰ জন্মদিনৰ কথা মনত পৰিছিল। অনুৰাগৰ জন্মদিনৰ বেলিকা কিন্তু ৰাতিপুৱাৰে পৰাই ঘৰখনত খদমদম লাগি গৈছিল। মাকে ৰাতিপুৱাতে গোঁসাইঘৰত চাকিগচি জ্বলাই পায়সৰ ভোগ আগবঢ়াইছিল। অনুৰাগৰ সমনীয়া ল’ৰা-ছোৱালীবোৰে অনুৰাগৰ লগতে সিহঁতৰ ঘৰত পেট ভৰাই পায়স খাইছিল। ৰাতিলৈ আকৌ পাৰ্টি হৈছিল। সেইদিনা অনুৰাগৰ মাহীয়েক অনুৰাগহঁতৰ ঘৰতে থাকিছিল। আলহী-অতিথিবোৰ যোৱাৰ পিছত ঘৰৰ সকলোৱে খাবলৈ বহিছিল। এটাৰ পিছত এটাকৈ কৌতুক কৈ মাহীয়েকে সকলোকে হহুঁৱাইছিল।
    কথাবোৰ মনত পৰি অনুৰাগৰ হাঁহি উঠি গ’ল আৰু সেই সময়তে পূৰৱী আহি সেইখিনি পালেহি। অনুৰাগক হাঁহি থকা দেখি তাইৰো ভাল লাগিল। “কেতিয়াবা এনেকৈয়ে হাঁহিবা আকৌ”, পূৰৱীয়ে জোকাই চালে। পূৰৱীক দেখাৰ লগে লগে অনুৰাগৰ মনটো আকৌ মৰি গ’ল। এইবাৰেই প্ৰথম সি মাকৰ জন্মদিনটোত মাকৰ কাষত থাকিব নোৱাৰিব। পূৰৱী আকৌ সৰৱ হৈ পৰিল, “মই অকলে যে সকলো যোগাৰ কৰি মৰিছোঁ, তোমাৰ অলপো বেয়া লগা নাই নে?” অনুৰাগেও লাহেকৈ ক’লে, “ঘৰত যে জন্মদিনৰ দিনা মাও অকলে থাকিব, সেইটো একো ডাঙৰ কথা নহয়?” তেনেতে কোঠাটোলৈ অনাদি সোমাই আহিল। এইবাৰ দুয়ো মনে মনে ৰ’ল। অনাদিৰ সন্মুখত তৰ্কাতৰ্কি কৰিব নোৱাৰি। এই দিশত দুয়ো সমানে সজাগ।
    যাত্ৰাৰ দিনা এয়াৰপৰ্টলৈ গৈ পৰিয়ালসহ অনুৰাগ বহি আছে। ফ্লাইট এৰাৰ দুঘণ্টা আগতেই যাত্ৰীসকলক উপস্থিত হ’বলৈ কোৱা হয়। অনুৰাগহঁতৰ ফ্লাইট পুৱা প্ৰায় ছয় বজাত আছিল বাবে অনুৰাগহঁত আন্ধাৰ হৈ থাকোতেই ঘৰৰ পৰা ওলাইছিল। অনাদিৰ টোপনি আহিছিল। এয়াৰ ইণ্ডিয়াৰ কাউণ্টাৰটোত যাত্ৰীসকলে ভীৰ কৰিছিল। হাতত লোৱা বেগৰ বাদে অন্য গধুৰ বয়-বস্তু লাগেজত দিয়াৰ আগতে স্কেনিং কৰাব লাগে। অনাদি টোপনি যোৱাৰ বাবে হাতত লোৱা বেগটো ৰাখি ডাঙৰ চুটকেচটো স্কেনিং কৰাবলৈ পূৰৱীয়ে অনুৰাগকে পাচিলে। অনুৰাগে যন্ত্ৰৱৎভাৱে টিকেটকেইটা লৈ চুটকেচটো এয়াৰ ইণ্ডিয়াৰ স্কেনিং কৰা ঠাইডোখৰলৈ গৈ স্কেনিং কৰাই এয়াৰ ইণ্ডিয়াৰ ষ্টিকাৰ লগাই আনিলেগৈ। ইতিমধ্যে কাউণ্টাৰত ভীৰ কমিছিল। “বলা বৰ্ডিং পাছকেইখন লৈ লওঁগৈ”, পূৰৱীয়ে অনুৰাগৰ মুখলৈ চাই ক’লে। অনুৰাগৰ মুখখন ক’লা পৰি থকাৰ বাবে তাইৰ বেয়াও লাগিল। প্ৰত্যেকৰে পৰিচয়পত্ৰ দেখুৱাই পূৰৱীয়ে নিজেই বৰ্ডিং পাছ কেইখন সংগ্ৰহ কৰিলে।
    ফ্লাইট এৰিবলৈ তেতিয়াও ভালেখিনি সময় আছিল বাবে অনুৰাগহঁত গৈ আকৌ আগতে বহা ঠাইতে বহিলগৈ। কিছুপৰ পিছত পূৰৱীয়ে অনুৰাগক ওচৰৰ ডিচপ্লে বৰ্ডখনত ফ্লাইটৰ নম্বৰটো চাই যাত্ৰীসকলৰ চিকিউৰিটি চেক আৰম্ভ হৈছে নেকি চাই আহিবলৈ অনুৰোধ কৰিলে। “ফ্লাইট নম্বৰটো কিমান?” অনুৰাগৰ মাতত বিৰক্তিৰ সুৰ স্পষ্ট। “এ আই চেভেন জিৰ’ ফাইভ”, পূৰৱীয়ে লাহেকৈ ক’লে। অনুৰাগ উঠি গ’ল। ডিচপ্লে বৰ্ডত ফ্লাইটৰ নম্বৰটো চাই অনুৰাগ আচৰিত হ’ল। শুনোতে কিবা ভুল হ’ল বুলি ভাবি আকৌ পূৰৱীৰ ওচৰলৈ ঘূৰি আহিল। “টিকেটটো চাওঁ দিয়াচোন”, অনুৰাগে কৈ পূৰৱীলৈ হাত মেলিলে। “কি হ’লনো?” পূৰৱীয়ে টিকেটতো দি সুধিলে। টিকেটটো চাই অনুৰাগ অবাক হৈ পৰিল। “এইকেইটা দেখোন ডিব্ৰুগড়লৈ যোৱা ফ্লাইটৰ টিকেট?”, অনুৰাগে পূৰৱীলৈ চাই সুধিলে। “অ’ আমি ডিব্ৰুগড়লৈকে ওলাইছোঁ। মাৰ জন্মদিনৰ বাবে।”, পূৰৱীৰ মুখত দুষ্টালিভৰা হাঁহি। “কিন্তু তোমাৰ দেখোন মাৰ লগত মাত-বোলেই বন্ধ?”, অনুৰাগে সন্দেহেৰে সুধিলে। “অ। পিছে বয়সত সৰু যেতিয়া ময়ে প্ৰথমে মতাটো ভাল নহ’ব জানো?”, পূৰৱীয়ে হাঁহি হাঁহিয়েই ক’লে। আনন্দৰ আৱেশত অনুৰাগে পূৰৱীক সাৱটি ধৰিলে। “অঁকৰাটো ক’ৰবাৰ!! তোমাক যদি মাৰ জন্মদিনৰ দিনাই তেওঁৰ পৰা আতঁৰাই ৰাখোঁ, তেন্তে অনাদিয়ে আমাৰ পৰা কি শিকিব?”, পূৰৱীয়ে আবেগত থুকাথুকি মাতেৰে ক’লে।
    অনুৰাগৰ মুখখন নিমিষতে পোহৰ হৈ পৰিল। “অ মই পাহৰিছিলোঁৱেই !! চিকিউৰিটি চেকিং আৰম্ভ হৈ গ’ল।”, অনুৰাগে হঠাতে মনত পৰাত ক’লে। অনাদিক লৈ এইবাৰ দুয়োটাই হাতত ধৰাধৰিকৈ নিৰাপত্তামূলক আৱেষ্টনীৰ ফালে আগুৱাই গ’ল। ফ্লাইট সঠিক সময়ত এৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments