জন্মদিন- হিৰন্ময়ী গগৈ কোঁৱৰ

পৰীৰ জন্মদিনৰ নিমন্ত্ৰণ! ফোনত পৰীৰ মাকৰ মাতটো বৰ শুৱলা শুনি৷ মানসীয়ে তেওঁক কেইবাবাৰো লগ পাইছে আৰু মানুহগৰাকীৰ ধুনীয়া মুখখন তাইৰ মনত ৰৈ গৈছে৷ তেওঁলোকৰ ঘৰলৈ যাওঁ যাওঁ বুলিও সিহঁতৰ যোৱা হৈ উঠা নাছিল৷ সেইবাবে পৰীৰ মাকে অসন্তোষ প্ৰকাশ কৰিলে৷
“কাইলৈ আহিবাই কিন্তু! “ পৰীৰ মাকে সুৰীয়া মাতটোৰে বাৰে বাৰে আব্দাৰ কৰি উঠিল৷
নেওচা দিব নোৱাৰা আদৰ! মানসীৰ আজিয়েই যাওঁ যেন লাগিল৷
পিছদিনা মানসীয়ে দিনৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰি দিলে৷ তাইৰ নিজৰ বাবে আৰু ৰাজীৱৰ বাবেও৷ তাতে সেইদিনা আছিল বন্ধবাৰ! প্ৰিয়জনৰ সৈতে একেলগে ওলাই যোৱাৰ উলাহ তাইৰ চকুৱে-মুখে কামে-কাজে টুকটুকাই থাকিল৷ তাই বেছ সাজি-কাচি ওলোৱা দেখি ৰাজীৱে জোকালে৷ সাধাৰণতে তাই বেছি সাজোন-কাচোন নকৰে৷
আজি মানসীক নতুনকৈ ফুলি উঠা এপাহ ফুলৰ ধুনীয়া দেখাইছে৷ বাইকৰ পিছৰ চিটত মানসীক বহুৱাই ওলাই যাওঁতে ৰাজীৱৰ মনলৈ এনে ভাৱ এটিয়েই আহিল৷ মানসীৰ দেহৰ পৰা ফুৰফুৰকৈ অহা এটি চিনাকি মৃদু সুঘ্ৰাণে তাকো বুৰাই পেলালে৷ প্ৰথমবাৰ মানসীক বাইকত তুলি নিয়াৰ দিনটোৰ দৰে এটি অনামী শিহৰণত সি তন্ময় হৈ পৰিল৷ নকইনা মানসীৰ পাটৰ সাজৰ খমখমনি আৰু হাতৰ খাৰুৰ জুনজুননিয়ে সেইদিনা তাৰ বাইকৰ পিছৰ চিটটো ভৰাই পেলাইছিল আৰু ক্ৰমাৎ আপোন হৈ অহা এটি সুঘ্ৰাণে তাক আলফুলকৈ মেৰিয়াই ধৰিছিল৷ সি আশা কৰিছিল মানসীয়েও তাক এনেকৈ মেৰিয়াই ধৰক! সন্মুখৰ গ্লাছত চকামকাকৈ মানসীৰ মুখখনে ধৰা দিছিল৷ মানসীৰ চকুৱে চকুৱে পৰিলত কম লাজ লাগিছিলনে বাৰু তাৰ!
“কিবা এটা লব লাগিব দেই৷ “ মানসীয়ে তাৰ পিঠিত লাহেকৈ হেচুকি দিয়াত ৰাজীৱৰ তন্ময়তা ভাগিল৷ হয়তো! উপহাৰ একো কিনাই হোৱা নাই নহয়! মানসীয়ে ঘৰতে সোঁৱৰাই নিদিয়া নহয়৷ সিহে পাহৰি গৈছিল৷ বজাৰৰ ফালে সোমাই এডোখৰ ঠাইত সি বাইকখন ৰখালেগৈ আৰু এখন দোকানৰ ফালে আগবাঢ়িল৷ তাৰ কাষে কাষে মৃদু সুঘ্ৰাণ বিয়পাই মানসী! লাহেকৈ আন্ধাৰ নামি আহিছিল আৰু লাইটৰ পোহৰেৰে সালংকৃতা হৈ উঠিছিল ঠাইখিনি৷ ভাল লাগিল তাৰ সময়খিনি৷
দোকানৰ সন্মুখ পোৱাৰ লগে লগে আদবয়সীয়া দোকানীজনে “আহক বাইদেউ“ বুলি মানসীক লক্ষ্য কৰি আলহ-দুলহকৈ মাতিলে৷ যেন সিহঁতৰ বাবেই তেওঁ অপেক্ষা কৰি আছিল! দোকানত তেতিয়া আন গ্ৰাহক নাছিল৷ দোকানখন বহুত ডাঙৰ নহয় যদিও সিহঁতে পচন্দৰ বস্তু পায়৷ দামো ঠিকেই লয়৷
ফ্ৰক চাবলৈ বিচৰাত দোকানীজনে তাইৰ ফালে এবাৰ চাই ওপৰৰ চেল্ফৰ পৰা পেকেট এঠাক নমাই আনিলে৷ বাহিৰৰ পৰা পেকেট কেইটা দেখিবলৈ ধুনীয়া৷ মানসীৰ মনটো ভাল লাগিল৷ কিন্তু খুলি এটা উলিয়াই দেখুৱাওঁতেই মানসীৰ মনটো কোঁচ খাই গ’ল৷ তাই বাকীকেইটা পেকেট দাঙি দাঙি চালে ৷ এটাও চকুত নালাগিল৷ তাই এইখিনি উলিয়াব নালাগে বেলেগ চাওঁ বুলি কোৱা স্বত্বেও দোকানীয়ে কেইবাটাও খুলিয়েই পেলালে৷ তায়ো কোনোবাটো পচন্দ হব নেকি বুলি চকু ফুৰালে৷
তাই একো নমতা দেখি তেওঁ অন্য এটা ঠাক নমাই আনিলে৷ তাই কিবা কবলৈ পোৱাৰ আগতেই তেওঁ আৰু দুটামান খুলিলেই৷ এইবোৰ কথাত ৰাজীৱে মূৰ নঘমায়৷ এনেয়ো সি বস্তু কিনিব নেজানে বুলি মানসীয়ে কয়৷ সি আলেখ লেখ চাই থাকিল৷
তাই হেহোঁ-নেহোঁ কৰি বেলেগত চাওঁগৈ বুলি কোৱাৰ লগে লগেই দোকানীয়ে আৰু কেইবাটাও ঠাক নমাই আনি ফ্ৰকৰ সৰুসুৰা এটা পাহাৰেই বনাই পেলালে৷ আজি তাৰমানে তাইক কিনাইহে এৰিব! তেতিয়ালৈ কিন্তু এটাও তাইৰ চকুত নপৰিল৷
“এইটো চাওক বাইদেউ ৷ “ অভিজ্ঞ দোকানীজনে হয়তো তাইৰ মনটো পঢ়ি পেলাইছিল৷
কোমল গুলপীয়া ৰংটো দেখিয়েই তাইৰ মনটো ভৰি আহিল৷ ঠিক এনেকুৱা এটা কোমল ৰঙেই তাই বিচাৰি আছিল৷ এনেও গুলপীয়া ৰংটো ছোৱালীবোৰে খুব ভাল পায়৷ পেকেটৰ ভিতৰতে ইমান ধুনীয়া লাগিছে৷ সেইটো তাই খুলি দেখুৱাবলৈ কলে৷ দোকানীয়ে চকুৰ পলকতে ফ্ৰকটো তাইৰ সন্মুখত মেলি ধৰিলে৷ তাই চুই চালে৷ গোলাপৰ পাহি যেন কোমল কাপোৰটো! ৰাজীৱৰো পচন্দ হ’ল হেনো! সাধাৰণতে সি এইবোৰ কথাত ভাগ নলয়৷ ফ্ৰকটো সিহঁতে লম বুলিয়েই ঠিক কৰিলে৷
দামদৰ কৰি ফ্ৰকটো লৈ টকাকেইটা দি সিহঁত ওলাই আহিল৷ তাই গম পাইছিল, ৰাজীৱৰ খঙেই উঠিছিলগৈ৷
পচন্দৰ বস্তু পাই তাইৰ মনত আনন্দ৷ সেইটো তাই ধুনীয়াকৈ গিফ্টপেক কৰোৱাই ললে৷
সিহঁত পৰীহঁতৰ ঘৰ পালেগৈ৷ ঘৰটো দূৰৰ পৰাই জিলিকি আছিল, ৰাস্তাটোহে বৰ ভাল নহয়৷ পৰীহঁতৰ চোতালত ৰভা দিয়া হৈছে৷ লাইটৰ পোহৰত জিলিকি আছে বেলুনেৰে সজোৱা ৰভাখন৷ তাইৰ বিয়াৰ ৰভাখন ইয়াতকৈ সৰুহে আছিল চাগৈ! পৰীৰ জন্মদিনৰ ডাঙৰেই আয়োজন চাগৈ! অভ্যাগতৰ অহা যোৱা হৈ আছিল৷ সিহঁতলৈ পলকা পলককৈ চালে কেইবাজনেও৷
সিহঁত সোমাই গ’ল৷ কোনোবা এজনে সিহঁতক ৰভাতে বহিবলৈ দিলে৷ তাই চিনি নাপালে৷ ৰভাত পাৰি থোৱা প্লাষ্টিকৰ চকীবোৰ খালী হৈ আছিল৷
সিহঁতে অহাটো সোণকাল হ’ল নেকি!
ৰঙ-বিৰঙী বেলুন আৰু লাইটেৰে ঘৰ সজাই পেলোৱা হৈছে৷ এখন টেবুলো বেলুনেৰে সজাই থোৱা হৈছে৷ সেইখনতে বোধহয় পৰীয়ে জন্মদিনৰ কেক কাটিব৷ সেইবোৰকে চাই চাই সিহঁত বহি থাকিল৷
কোনোবা এজনে কফি একাপ যাঁচিলেহি৷ গৰম কফিকাপ খাই ভাল লাগিল৷ অলপ ঠাণ্ডা অনুভৱো কৰিছিল সিহঁতে৷
পৰীয়ে কলা দীঘল ফ্ৰক এটা পিন্ধি জঁপিয়াই জঁপিয়াই ওলাই আহিল৷ লগত আৰু এজনী ছোৱালী৷ তাইৰ বান্ধৱী চাগৈ! ফ্ৰকটোত এপাহ ডাঙৰ ৰঙা ৰঙৰ গোলাপ ফুল৷ বৰ ধুনীয়া লাগিছিল তাইক! আজি তাইক ডাঙৰ ছোৱালীৰ দৰে লাগিছে৷ তাইৰ গাৰ ৰঙটোও খুব ধুনীয়া৷ গুলপীয়া ফ্ৰকটোৰে তাইক এজনী পৰীৰ দৰেই লাগিব৷
“হেপ্পী বাৰ্থদে পৰী৷ “ মানসীয়ে তাইলৈ উপহাৰৰ পেকেটটো আগবঢ়াই দিলে৷
হাঁহি এটা মাৰি থেংক ইউ বুলি কৈ তাই মানসীয়ে দিয়া উপহাৰটো হাত পাতি ললে আৰু
লগে লগেই পেকেটটো খুলি মুখখন এমেলাই পেলালে৷ মই পিংক কালাৰ বেয়া পাওঁ বুলি কৈ তাই পেকেটটো এৰি থৈ দৌৰ মাৰিলে৷ মানসীৰ মুখৰ মাত হেৰাল৷ কি প্ৰতিক্ৰিয়া কৰিব তাই নিজেও ভাবি পোৱা নাছিল৷ সৰু ছোৱালী, একো নাজানে বুলি তাই মনে মনে বহি থাকিল৷ আঁৰ চকুৰে ৰাজীৱলৈ চালে৷ তাৰ কপালৰ ৰেখা থূপ খাই গৈছিল৷ আলহীক মাত লগাবলৈ মাক ওলাই আহিছিল৷
কেলেই জানো তাই পিংক কালাৰ বেয়া পায় বুলি কৈ মাকেও মিঠা হাঁহিটি মাৰি ৰঙীন চফৰ বঁটাটো সিহঁতলৈ আগবঢ়াই দিলে আৰু পেকেটটো লৈ যাবলৈ কাৰোবাক কলে৷ পৰীৰ হাঁহিটি মাকৰ দৰেই৷ পৰীৰ মাকেও আজি বেছ সাজোন-কাচোন কৰিছে৷ তাই ধৰিবই পৰা নাছিল প্ৰথমে৷ সিহঁতে বঁটাটোৰ পৰা চফ দুটামান মুখত লৈ চোবাই থাকিল৷ পেকেটটো কিছুসময় তেনেকৈয়ে পৰি থকাৰ পাছত কোনোবাই উঠাই নিলে৷ মানসীয়ে ভেবা লাগি চাই থাকিল৷ তাই সলাই আনিম বুলি কৈছিল যদিও ৰাজীৱে মানা কৰিলে৷ তাই অনুমান কৰিলে তাৰ হয়তো খং উঠিছিল৷ মাজতে এপাকত পৰীৰ দেউতাকে মাত লগালেহি৷ তেওঁৰো কথা বতৰা বৰ ভাল৷
এজন দুজনকৈ মানুহৰ সমাগম বাঢ়িল৷ মানুহবোৰে একেবাৰে বিয়া খাবলৈ অহাৰ দৰে আহিছে৷ হাতত ডাঙৰ ডাঙৰ উপহাৰৰ টোপোলা৷ সিহঁতৰ চিনাকিও দুজনমান ওলাল৷ ভালেমান সময় তেওঁলোকৰ লগতে কথা পাতি থাকিল ৷ কেক কটাৰ সময় হোৱা নাই চাগৈ৷ ৰাজীৱে যাওঁগৈ বুলি উঠিছিলেই৷ তাইহে জোৰকৈ বহুৱাই থলে৷ সিহঁত ৰেল ষ্টেচনত ৰেললৈ অপেক্ষা কৰি থকা যাত্ৰীৰ দৰে বহি থাকিল৷ মাজে মাজে মছলাৰ গোন্ধ এটা আহি থাকিল৷
এটা সময়ত ডাঙৰ কেক এটা উলিয়াই অনা হ’ল আৰু টেবুলখনত থোৱা হ’ল৷ বৰ ধুনীয়া কেকটো৷ মানসীয়ে মূৰ দাঙি দাঙি চালে৷ বহি থকা মানুহবোৰে ট্ৰেইনত উঠিবলৈ ভিৰ কৰাৰ দৰে কেকৰ কাষে কাষে ভিৰ কৰিলে ৷ সকলোকে দেখি মানসীহঁতো থিয় হ’ল৷ পৰীয়ে মাক-দেউতাকৰ সৈতে লগ লাগি কেক কাটিলে৷ কেমেৰাৰ ফ্লাছৰ শব্দেৰে মুখৰিত হৈ উঠিল পৰিবেশটো৷ মানুহবোৰে সমস্বৰে হেপ্পী বাৰ্থদে টু য়ু বুলি গাই উঠিল৷ সিহঁতে দূৰৰ পৰা চাই থাকিল৷ কিছুমানে ফটো উঠিবলৈ হেতা-ওপৰা কৰিলে৷ কিছুসময় পাছত কোনোবাই টুকুৰা টুকুৰকৈ কটা কেকৰ ট্ৰে এখন ৰাইজৰ মাজত ঘূৰাই ফুৰালে৷ তাইৰ ফালে ট্ৰেখন আগবঢ়াই দিয়াত তাই কেক এডোখৰ ললে৷ খোৱাৰ পৰ্ব আহিল৷ বুফে চিষ্টেমৰ খোৱা বোৱা৷ সকলোৰে লগত সিহঁতেও শাৰী পাতিলে ৷ বিবিধ ব্যঞ্জন৷ কিছুমানৰ তাই নামেই নাজানে৷ সেইদিনা বাৰ্থদে খাই আহোঁতে সিহঁতৰ ৰাতি ভালেখিনি হ’ল৷ পৰীৰ মাকে সুৰীয়া মাতটোৰে সকলোকে বিদায় জনালে৷
পৰীৰ মাক দেউতাক সিহঁতৰ সম্বন্ধীয় হোৱা বাবে ঘৰুৱা অনুষ্ঠানবোৰত তেওঁলোকক প্ৰায়ে লগ পাই থাকে৷ পৰীকো লৈ আহে৷ সঁচাকৈয়ে পৰীক কাহানিও তাই গুলপীয়া বস্তু ব্যৱহাৰ কৰা দেখা নাই৷
সকলো ছোৱালীয়ে গুলপীয়া ৰং ভাল পায়েই বুলি তাই যে ইমান ভুল ধাৰণা এটা লৈ আছিল!
এদিন পৰী লোকৰ ঘৰৰ বোৱাৰী হবলৈ সাজু হ’ল৷ কথাটো শুনি মানসী আচৰিত হ’ল৷ তাইৰনো বয়স কিমান! সৌদিনা জঁপিয়াই ফুৰা কণমানি ছোৱালীজনী৷ পঢ়া শুনা কি হব তাইৰ! কলেজলৈ গৈছেহে মাথোঁন!
ভাল দৰা পাইছে বোলে! এৰি দিব বিচৰা নাই৷ কোনোবাই তাইক কলে৷ আন অনুষ্ঠানৰ দৰেই আঙুঠি পিন্ধোৱা আৰু জোৰোণলৈও সিহঁতে নিমন্ত্ৰণ পালে৷ পৰীৰ মাকে তাইলৈ এদিন ফোনো কৰিলে৷
আঙুঠি পিন্ধোৱালৈ পিছে সিহঁত যাব নোৱাৰিলে৷ ইতিমধ্যে সিহঁতৰো সংসাৰ বাঢ়িছিল, ব্যস্ততাও বাঢ়িছিল৷
জোৰোণৰ দিনা সিহঁত উপস্থিত থাকিল৷
ৰামে দি পঠোৱা পাটৰ সাজ আৰু স্বৰ্ণ অলংকাৰ লৈ জোৰোণ আহিল৷ ৰঙা পাটৰ কাপোৰযোৰেৰে সেইদিনা পৰীক এজনী পৰীৰ দৰেই ধুনীয়া লাগিছিল৷ মানসীয়ে মন কৰিলে জোৰোণত এযোৰ বৰ ধুনীয়া গুলপীয়া ৰঙৰ পাটৰ কাপোৰ দিছিল৷ জোৰোণ যোৱাৰ পাছত তাই সেইযোৰৰ বাহিৰে বাকীকেইযোৰ গাত লগাই লগাই চালে৷
অইনৰ চকুত নপৰিলেও মানসীয়ে এই কথা লক্ষ্য কৰিলে৷
পৰীৰ জন্মদিনটো পাহৰিব পৰা নাছিল তাই!
পৰীৰ বিয়া হৈ গ’ল৷ ৰাজকন্যাৰ দৰে উজ্জ্বল সাজ আৰু অলংকাৰ পিন্ধি পৰী কইনা হ’ল৷
আজিকালি পৰীক তেনেকৈ লগ পোৱা নহয়েই৷ পৰীৰ মাকক মাজে মাজে লগ পায়৷ জীয়েকৰ হনীমুনৰ পৰা আৰম্ভ কৰি জোঁৱাইয়ে দিয়া বাৰ্থদে গিফ্টলৈকে নানা কথাৰে ভৰি থাকে তেওঁৰ হৃদয়৷
আজিকালি পিছে তেওঁ জীয়েকৰ বাবে চিন্তিত হৈ থাকে৷ পৰীৰ বিয়াৰ দহবছৰ হ’ল৷ গুলপীয়া ৰেখা দুডালৰ বাবে বোলে তাই এতিয়া চিকিৎসকৰ ওচৰলৈ দৌৰাদৌৰি কৰি আছে৷
মানসীৰো চিন্তা লাগিল৷ পৰীয়ে সোনকালেই মাতৃত্বৰ সুখ লাভ কৰক৷
সঁচাকৈয়ে সোনকালেই এদিন সেই সুখবৰটো আহিল৷ সেইদিনাও পৰীৰ মাকে তাইলৈ ফোন কৰিলে৷ অতি আনন্দিত আৰু গৌৰৱান্বিত তেওঁ৷ হোৱাৰ কথাই৷ এই প্ৰথম নাতিনীৰ মুখ দেখিছে তেওঁ৷ তাকো ইমান দিনৰ মূৰত!
কেঁচুৱা চাবলৈহে সিহঁত যাব নোৱাৰিলে৷
কণমানিজনীৰ প্ৰথম জন্মদিনটোৰ নিমন্ত্ৰণ জনাবলৈ পৰীয়ে ফোন কৰিছিল৷ কোনোবা হোটেলত পাতিছে৷ তাইৰ মাতটোও মাকৰ দৰেই সুৰীয়া৷ নিমন্ত্ৰণ পাই সিহঁত ওলালগৈ৷
হোটেলখনৰ সন্মুখ পাওঁতেহে তাইৰ মনত পৰিল যে এইবাৰো তাই কণমানিজনীলৈ কোমল গোলাপী ৰঙৰ ফ্ৰক এটাই কিনি পেলালে৷ গধূৰ লাগি আহিল তাইৰ মনটো৷ সলাই আনিবনেকি বাৰু! ৰাজীৱক কব লাগিলে তাৰ খঙেই উঠিব৷
এখোজ দুখোজকৈ সিহঁত ভিতৰলৈ সোমাই গ’ল৷ চিনাকি অচিনাকি বহুত মুখেৰে হোটেলকক্ষ ভৰি আছিল৷ কোমল গুলপীয়া ৰঙৰ ফ্ৰক এটা পিন্ধি থুপুক থাপাককৈ খোজ কাঢ়ি ফুৰা কণমানিজনী একেবাৰে পৰীৰ দৰেই৷ তাইক দেখি মানসীৰ বহুদিনীয়া বোজা এটা হুৰুসকৈ খহি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments