জন-অৰণ্যত চিগমণ্ড ফ্ৰয়েড ( অজয়লাল দত্ত )

জন-অৰণ্যত চিগমণ্ড ফ্ৰয়েড

অজয় লাল দত্ত

(১) নাৰীমনৰ গৱেষক সকলৰ হাতত একলমঃ

আবেলিৰ ভাতঘুমটিৰ মনোৰম বাগৰটোৰ মাজতে সাৰ পাই টিভিটো লগাই ল’লো। এওঁ সাৰ পাইছে যদিও চকু-মুদি পৰি থকাৰ বিলাসীতাকণ উপভোগ কৰি আছে। টিভিৰ পৰ্দাত ভাঁহি আহিল এটা বিজ্ঞাপন, হোমেন বৰগোহাঞিৰ সতে কথা-বাৰ্তা। তেখেতৰ মুখখন ক্ল’জাপত ভাঁহি আহিল৷
তেখেতে ক’লে- “পৃথিৱীৰ আটাইতকৈ মহান মনস্ব-তত্ববিদ চিগমণ্ড ফ্ৰয়েড। তেওঁ প্ৰায় ত্ৰিশ বছৰৰো অধিক কাল নাৰী মনৰ ওপৰত কৰা গৱেষণাৰ শেষত ঘোষণা কৰিলে যে নাৰী মনে কি বিচাৰে তেওঁ সেই কথা সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰিলে। এতিয়া তুমিওটো এগৰাকী নাৰী, এটা শাৰীত কোৱাচোন যে তোমালোকে প্ৰকৃততেনো কি বিচৰা ?” লগে লগে কেমেৰাই সমুখত বহি থকা মোৰ অচিনাকী নাৰী এগৰাকীৰ মুখখনক পৰ্দালৈ টানি আনিলে। তেওঁ উত্তৰ দিবলৈ চেষ্টা কৰিছে যে নাৰী বা তিৰোতাৰ মনৰ কথাবোৰ……হোমেন বৰগোহাঞি সন্তুষ্ট হোৱা নাই উত্তৰত, তেখেতৰ অস্থিৰতা খিনি কেমেৰাই তুলি ধৰিছে, “নহয়, মই সোধা প্ৰকৃত কথাখিনি হল….”
হঠাত্‍ শ্ৰীমতীৰ মাতত তথা চাৱনিত টিভিৰ ভলিউমটো কমাই দিবলৈ বাধ্য হ’লো, এওঁৰ মাতটো কঠোৰ বিদ্ৰুপতা সানি ভাঁহি আহিল….এওঁ এতিয়াও আৰু কিমান নাৰী নাৰী কৰি থাকিবহে! উত্তৰ যিহেতু নাই, লাজতে টিভিটোকে কটপকৈ বন্ধ কৰি দিলো।  কথা সলাবৰ বাবে এওঁক ক’লো- হেৰা বুইছা, আমাৰ ইঞ্জিনীয়াৰিং কলেজৰ বিদায়ৰ সময়ত ওলোৱা slam book এখনত এজনৰ সৰ্ম্পকে লিখা মন্তব্য এটা কি আছিল জানা- He hats girls’ like a botanist hates plants. কিছুমানে নাৰীমনৰ ওপৰত গৱেষণা কৰাৰ ক্ৰেডিট লবলৈ গৈ চিৰদিন এগৰাকীৰ পাছত এগৰাকীৰ পাছ লয়। অৱশেষত যেতিয়া ঘৰৰ গৃহিনীয়েও লগ এৰা দিয়ে, তেতিয়া নিজকে চিগমণ্ড ফ্ৰয়ড হোৱাৰ ভাও দিয়ে- বুইছা নাৰীমন বুজাটো বৰ টান, ফ্ৰয়েডেও কৈ গৈছে৷
সৰল ভাৱে কথাষাৰ মানি লবলৈ সহজ কথাটো হ’ল বিদেশী বিশেষজ্ঞৰ কথাত হয়ভৰ দিয়াৰ সেই দাস মানসিকতাটোৰ বিসৰ্জন। অসমীয়া প্ৰৱচনৰ কথাবোৰকে সাৰোগত কৰিও প্ৰকৃততে সুন্দৰ জীৱনৰ সন্ধান বা পথ দেখুৱাব পাৰি। এনে দুৰ্বল মনৰ মানুহক এষাৰ প্ৰৱচনেই ধুই নিবলৈ যথেষ্ট। “ধনে ধনে কৰি জগতে ভ্ৰমিলো ঘৰতে আছিলে ধন!” ভাল নাৰী, ভাল মনৰ সন্ধানৰ শেষত বেছি ভাগেই পোৱা শেষ ফলাফলটো হ’ল- তেওঁৰ এই অস্থিৰতাক হজম কৰি সংসাৰৰ সকলো বোজা বৈ ঘৰখন টানি থকা প্ৰকৃত লখিমীস্বৰূপা স্ব-গৃহিণী গৰাকীকে আৱিস্কাৰ কৰাটো এক সাৰ্বজনীন আৰু মৌলিক কথা।
তেনে নাৰী মনৰ বিশেষজ্ঞ হবলৈ ওলোৱা সকলকে কটাক্ষ কৰি মোৰ “নাৰীসংগ” কবিতাটোত লিখিছিলো-

“এদিন আপুনি হোমৰ জুইৰ উম লৈছিল
আৱিস্কাৰৰ সকলো উত্তাপ হেৰুৱাই দিনবোৰ বিস্বাদ, ৰাতিবোৰ যেন ৰংহীন
সেয়েহে ঘৰত দেৱীহেন এগৰাকী পত্নীৰ বৰ্তমানটো
চুৰেইল এজনীৰ সতে ৰামধেনু সজাৰ সপোনে
খেদি ফুৰে নেকি আপোনাক অহৰহ…..”
অসমীয়া ভাষাৰ গানতে আছে, “দেৱতাইয়ো নুবুজিলে তোমালোকৰ মন, আমি তে

নেহলে কোন বাৰু কোৱা তোমালোকৰ মন পাবলৈ???….” এইবিষয়ত আৰু বিশেষ গৱেষণাৰ প্ৰয়োজন নাই ! স্বয়ং ফ্ৰয়ডেই হাত ডাঙি গৈছে বিদেশত, আমাৰ দেশত স্বয়ং দেৱতাই!
হেন জানি, যি সকলৰ গৱেষণা কৰাৰ মন, অথচ প্ৰিয় বিষয় নাৰীমন ! তেওঁ সকলে হাজাৰ নাৰীৰ মনে কি বিচাৰে তাৰ তুলনামূলক অধ্যয়ন সামৰি, ঘৰত গৃহিণীয়ে কি বিচাৰে কি বিচাৰে তাত মনোনিবেশ কৰিলে, শেষ ফলাফলত অধিক, সুখ, সমৃদ্ধি তথা সন্মান পাব সেয়া নিশ্চিত!

(২) সাংসাৰিক সাহিত্যঃ

কিছুমান মানুহে একেটা বিষয়ৰে বিভিন্ন ৰেফাৰেন্স বুক পঢ়ে। মই মাত্ৰ পাঠ্যপুথিখনেই খৰচি মাৰি পঢ়ো। আৰু তাকেই কৰি জীৱনৰ পৰীক্ষাবোৰত সত্তৰ শতাংশৰ সফলতা এটা বহন কৰিছো। একেই ফৰমূলা সংসাৰৰ ক্ষেত্ৰটো প্ৰয়োগ কৰি, চাৰি বছৰীয়া জ্ঞানৰ পৰা কিছু ফাইণ্ডিঙছ বা পৰ্যবেক্ষন আপোনাসৱক জনাব খুজিছো।
সংসাৰ যেনেকৈ স-আখৰেৰ আৰম্ভ হোৱাৰ পাছত তাৰ সফলতাৰ প্ৰায়বোৰ উপাদানক স-সমৃদ্ধ শব্দৰ মাজতে বিচাৰি পাইছো। এইখিনি উপাদানক লৈ অনুকূলতম তাপ-মাত্ৰা আৰু চাপত ৰন্ধন কৰিলে সংসাৰৰ এখন সুস্বাদ্যু খিচিৰ খাবলৈ পোৱা যাব বুলি ভাবিছো। লগতে সাংঘাতিক সংসাৰত সংঘাত পৰিহাৰ কৰিব পাৰি।
সংসাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান কেইটা হল- সু-স্বাস্থ্য, সময়, সান্নিধ্যতা, সাহচৰ্য, সহবাস আৰু স্বচ্চলতা !
মোৰ দৃষ্টিত এইকেইটা উপাদানকে এটা কম পৰিলে আন এটাৰে অলপ ভৰ-পাই কৰি সমতা অক্ষুন্ন ৰাখিব পাৰি৷
১. সু-স্বাস্থ্যঃ মৌলিক তথা পৰম সম্পদ এইটো। এক সুষম জীৱন নিৰ্বাহৰ ধৰণে গঢ় দিয়ে ইয়াক। স্বাস্থ্যহানিয়ে সংসাৰলৈ সকলো ধৰণৰ যন্ত্ৰণাৰ আগমণি কৰে।
২. সময়ঃ ঘৰখনক, সাৰথিক সংসাৰৰ সমস্যাৰ সমাধানৰ সময়ত প্ৰয়োজনীয় সময় দিয়াৰ অতীৱ প্ৰয়োজন।
৩. সান্নিধ্যতাঃ পিতৃ-মাতৃ-পত্নী-পুত্ৰ-কণ্যাৰ সতে সান্নিধ্যতাই সংসাৰখনক অনুপম কৰি তোলে আৰু এক মায়াৰ বান্ধোনৰ অনুভূৱে আপোনাৰ বিচ্ছিন্নতাবাদী মনক কক্ষচ্যুত নোহোৱাকৈ বান্ধি ৰাখিব৷

৪. সাহচৰ্যঃ কৰিব খোজা কামত সহমত, এখোজ আগুৱাই দিয়া, প্ৰেৰণাৰে প্ৰলুব্ধ কৰাৰ অভ্যাসে জীৱনৰ পথ মসৃণ কৰি তোলে। একেবোৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে দুয়ো হাতে হাত ধৰি আগুৱাবলৈ ধৰাকে ইয়াত সাহচৰ্য বুলি কবলৈ বিচৰা হৈছে। সেয়ে একেটা জীৱন বাটত আগুওৱা সকলে সপোন আৰু হেঁপাহবোৰ সুনিশ্চিত ভাৱে ঠিক কৰি লোৱাটো, সুন্দৰ সংসাৰৰ অন্যতম জৰুৰী কথা। সামঞ্জস্যহীন অলৌকিক সপোনৰ পম খেদিবলৈ থকা হেপাঁহক বাৰণ কৰাটো এখন সজীৱ সংসাৰৰ আন এক গুৰুত্বপূৰ্ণ কথা। সমস্যাৰ সন্মুখীন হোৱাৰ সময়তো আপোনাৰ সাহসী সৱল সাহচৰ্য থাকিলে সংসাৰখন ৰঙীন হৈ উঠিবই।
৫. সহবাসঃ আজিকালি ডাইভৰ্চৰ কেচত বছৰি ১০% বৃদ্ধিৰ কাৰণ যৌন-জীৱনৰ পৰিতুষ্টিহীনতা বুলি ডিএনএ নামৰ ৰাষ্ট্ৰীয় বাতৰি-কাকত এখনত এটা সমীক্ষাৰ আধাৰত তথ্য প্ৰকাশ হৈছে। ই মূলত মানসিক স্থিৰতা, শাৰিৰীক সুস্থতাৰ লগত জড়িত সমস্যা। ইয়াৰ সমাধান বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শত সহজতে উপলবব্ধ। সমাধান বিচৰাৰ মুকলি মন থাকিলে আটাইতকৈ সহজে দূৰ কৰিব পৰা সমস্যা।
৬. স্বচ্চলতাঃ ই আটাইতকৈ বিতৰ্কিত বিষয়। কিমান বজাৰে, কিমান টকাৰে এগৰাকী নাৰীৰ মনত প্ৰশান্তি আনি দিব পাৰে, সেয়া নিৰ্ণীয় কৰা যথেষ্ট টান। তথাপি প্ৰয়োজনীয়, নিত্য-ব্যৱহাৰ্য, অতি গুৰুত্বপূৰ্ণ, ভৱিষ্যতৰ বাবে আদি শব্দ প্ৰয়োগেৰে বিবেচনা কৰিলে, অতি কম টকাৰেই আৰ্থিক স্বচ্চলতা অনুভৱ কৰিব পাৰি। এই ক্ষেত্ৰত মনক ধৰি সন্তুলিত কৰিব নোৱাৰিলে, ধন-সম্পদ আহৰণৰ ক্ষুধাই সংসাৰক সহজেই নিঃশেষ কৰে। কাৰণ ইয়েই আগৰ কেইটা উপাদানক সমতাৰ কক্ষৰ পৰা প্ৰথমেই বিচ্যুত কৰিব।
কিছুমানে আকৌ নাম কমাবৰ বাবেও সকলো ত্যাগ কৰে, মনত ৰখা ভাল, ভোকৰ নিবাৰণ আছে, ক্ষুধাৰ নাই ! এইখিনিতে মানস ৰবীনৰ এটা জনপ্ৰিয় গানৰ কলি উল্লেখ কৰিবলৈ মন গৈছে- “বুজিছানে লিলিমাই, এই জীৱনত একো নাই, বহু পায়ো কিয় বহুতে, সকলো হেৰুৱাই…..”৷ পোৱা সকলোখিনিক তুচ্ছ জ্ঞান কৰি নোপোৱা খিনিৰ মৰিচীকাৰ সন্ধানয়েই সোনৰ-সুখৰ সংসাৰ এখনক বিধস্ত কৰাৰ মূল। সেয়ে পোৱা খিনিত পৰিতুষ্ট হৈ পাৰ-পাব-পৰা যৌথ সপোনৰ পম খেদাই অন্তহীন সুখৰ আঁকৰৰ সন্ধান দিব বুলি নিশ্চিত হৈ আগবাঢ়ক। শুভেচ্ছা থাকিল।

৩. ফেৰমেন বিলাসীঃ

প্ৰত্যেক নাৰীৰে হেনো বেলেগ গোন্ধ থাকে৷ ই কাৰোবাৰ বাবে সুগন্ধি, অথচ কাৰোবাৰ বাবে একে গন্ধৰ অনুভৱ নাকত লগাহে! (ই হেনো ফেৰমেন নামৰ নাৰীৰ এক হৰমনৰ প্ৰভাৱত সৃষ্ট৷) সেয়ে ঘৰত পত্নীৰ বা মাকৰ ঘৰত প্ৰেয়সীৰ বৰ্তমানতো আন নাৰীসংগলৈ হেপাঁহ ৰখা সকলকে ফেৰমেন বিলাসী বুলি কবলৈ বিচৰা হৈছে। (তেখেত সকলৰ মানৱীয় গুণতকৈ জান্তৱতা খিনি বেছি প্ৰকট হৈ উঠাত গৰুৰ শুঙি ফুৰা চৰিত্ৰৰ নিদৰ্শনৰূপে গঞা-চৰণীয়া পথাৰৰ সুলভ দৃশ্যৰ পৰা এই শব্দটিৰ সৃষ্টিত প্ৰেৰণা লোৱা হৈছে!)
একৈশ শতিকাৰ চলিত দশকটোত ধনীক শ্ৰেণীৰ ফেৰমেন বিলাসীসকলৰ আকৰ্ষণৰ কেন্দ্ৰ-বিন্দু ৰূপে বাৰ,পাব, বা ৰিজৰ্ট জাতীয় শব্দবোৰ প্ৰিয় হৈ উঠা দেখা গৈছে। বিগত কিছু দিনতে খোদ গুৱাহাটীত এনে এজন বিলাসী মানুহে ছয়-গাঁৱলৈ সুগন্ধিৰ সন্ধানত যাওঁতে অৱলীলাক্ৰমে অপহৰণকাৰীৰ জালত পৰে। বাতৰিত প্ৰকাশ যে কাকতলীয়ভাৱে তেখেত আকৌ ৰিজাৰ্ভ বেংকৰ পৰা আন আন বেংক সমূহ তথা এটিএম মেচিন সমূহলৈ টকা নিয়া তথা সুৰক্ষা প্ৰদান কৰা কোম্পানীটোৰ মূৰব্বী বিষয়া। মনত লাগিল, স্ত্ৰী-ধনৰ সন্ধানত তেখেতৰ নিজৰ সুৰক্ষাতে চিপজৰী লাগিল দেখোন। এসপ্তাহৰ ভিতৰতে আমাৰ কাবিল আৰক্ষী বাহিনীৰ সক্ষম অপাৰেচনৰ ফলত তেখেতক সুকলমে-সুৰক্ষিত ৰূপত উদ্ধাৰ কৰি আনি বিলাসী হস্পিটেলৰ বেডত বিশ্ৰামৰত অৱস্থাত ৰখাৰ দৃশ্যই টিভিৰ পৰ্দা শুৱনি(?) কৰিছে।
এই সন্দৰ্ভত বিদেশৰ কথা হ’লেও নিলিখি নোৱিৰিলো, উনৈশ শতিকাৰ ৰাচিয়াৰ জীৱন-যাত্ৰাৰ বিশ্লেষণৰ ছবিৰে ভৰা টলস্তয়ৰ “গল্প আৰু উপন্যাস” নামৰ কিতাপখনৰ বুকুলৈ মনটো উৰা মাৰি গল। তাত লেখা আছিল কেনেকৈ সেই সময়ৰ সামন্ত মানে মাটিৰ মালিক ধনীক শ্ৰেণী, জাৰ সকলৰ পৰিয়াল তথা চন্তৰীৰ এক অৰ্থনৈতিকভাৱে সৱল শ্ৰেণীৰ চাৰিত্ৰিক স্খলনে সমাজ-জীৱনত খলকিন তুলিছিল। টলস্তয়ে শাসক-ব্যৱস্থাক উপলুঙা কৰি লিখিছিল- “চৰকাৰে এই শ্ৰেণীৰ লোকৰ বাবে ইমানেই চিন্তা কৰে যে মনোৰঞ্জনৰ বাবে বেশ্যাখানা বা ব্ৰথেল খুলি দিছে। যি সকল যৌন ৰোগ গনোৰিয়া, মেনিনজাইটিছ আদিত আক্ৰান্ত হৈছে সেই সকলৰ বাবে চিকিৎসালয় খুলি বিনামূলীয়া চিকিৎসা দিছে, পদে পদে দিয়ে সুৰক্ষা….”৷
বিগত কেইদিনৰ ঘটনাটোৱে মোক বাৰে বাৰে কলে- আমাৰ সমাজ ব্যৱস্থা একৈশ শতিকাটো সেই উনৈশ শতিকাৰ ৰাচিয়াতকৈও এখোজো আগবঢ়া নাই। বেশ্যালি কৰাৰ বাবে গৈ অপহৃত এজনৰ ক্ষেত্ৰত মানৱতা জাগি ৰাজহুৱা সময়-সম্পদৰ খৰছ কৰি উদ্ধাৰ কৰি ফুৰাক মই কোনো পধ্যেই সমৰ্থন কৰিব নোৱাৰো।
ৰাজহুৱা সুৰক্ষা- সম্পদৰ সু-ব্যৱহাৰৰ বাবে আমাৰ সমাজত সমস্যাৰ আকাল হোৱা নাই। এনে ফেৰমেন বিলাসীক উদ্ধাৰ কৰাতকৈ সমাজৰ দৈন্য-জনক উদ্ধাৰ কৰক। সমাজত নাৰী মনৰ বৈচিত্ৰ্যতাৰ সন্ধানতকৈ সমাজৰ বৌদ্ধিক পণ্ডিতে মৌলিক সমস্যাৰ সমাধানত বৌদ্ধিক ভূমিকা গ্ৰহণ কৰক। সদৌটিলৈ শুভাকামনাৰে সামৰিছো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক