জ’ম্বি (শান্তনু চাংমাই)


পুৰণি মডেলৰ চেভ্ৰলে’ট গাড়ীখন আহি ঘৰৰ সন্মুখত ৰোৱাত আগবাঢ়ি গ’লোঁ | ক’লা অভাৰকোট, মূৰত টুপি, হাতত দীঘল লেডাৰ গ্লা’ভছ পিন্ধি সাগৰ বংকিম ফুকন নামি আহিল | একেই সেই পুৰণি অভং হাঁহিটো ওঁঠত লৈ সাগৰে মোক সাবট মাৰি ধৰি পিঠিত দুবাৰ মান লাহে লাহে চপৰিয়ালে – এয়া তাৰ মৰম প্ৰকাশ কৰাৰ পদ্ধতি |

“প্ৰভু, একেবাৰে বুঢ়া হৈ গৈছে দেখোন ? আগফালে দেখোন চুলি প্ৰায় ফিনিছ্ বুলিয়েই ক’ব পাৰি?” , মোৰ আগফালৰ অৱশিষ্ট চুলিখিনি লিৰিকি-বিদাৰি সাগৰে যেন মই নজনা কথা এষাৰহে ক’লে | একচল্লিশ বছৰ বয়সত চুলি নপকি পাৰেনে? আজি কালি দেখোন একো বস্তুৰে দুবছৰতকৈ বেছি গাৰাণ্টি নাথাকে !
“হয় ঈশ্বৰ, আপোনাৰ দৰে সকলো মানুহ ফিট ফাট হৈ থাকিব পৰা হ’লে কথাই নাছিল মেজৰ ফুকন চাহাব – পিছে কোন কিমান ডেকা হৈ আছে অলপ পাছত হে গম ওলাব”

“মানে?” বুজি নোপোৱাৰ অভিব্যক্তি স্পষ্ট হৈ উঠিল সাগৰৰ চেহেৰাত | চকুটিপ এটা মাৰি হাতেৰে অলপ ভংগিমা কৰি বুজাই দিওঁতে সি ঢেকঢেকাই হাঁহি উঠিল, “ হা: হা: হা: , ঠিক আছে চাবি চাবি, এতিয়াও তোতকৈ বেছি গিলিব পাৰোঁ বুজিছ… ব’ল ব’ল |” মোৰ ঘৰ যদিও দুৱাৰখন খুলি সাগৰ আগে আগেই সোমাই গ’ল |

দীপাংকৰ শৰ্মা- মানে মইে আৰু সাগৰ বংকিম ফুকন ল’ৰালি কালৰ বন্ধু | সাগৰৰ দেউতাক কৰ্ণেল যুধিষ্ঠিৰ ফুকন দেশপ্ৰেমী হোৱাৰ লগতে বংকিম চট্টোপাধ্যায়ৰ ডাঙৰ অনুৰাগী আছিল, সেই কাৰণে বংকিমটো মাজতে যোগ দি থ’লে | ক্লাছ ফাইভৰ পৰা টুৱেলভ লৈকে একেখন বৰ্ডিং স্কুলতে পঢ়িলো দুয়োটাই | প্ৰথমতে সিমান বন্ধুত্ব হোৱা নাছিল আমাৰ মাজত | এদিন ক্ৰিকেট খেলোতে ছিনিয়ৰ ল’ৰা দুজনে মোক অলপ নগুৰ-নাকতি কৰোতে সাগৰে দুয়োটাকে ক্ৰিকেট বেটেৰে উধাই মুধাই মাৰি মোক ৰক্ষা কৰাৰ লগতে প্ৰিন্সিপালৰ অফিছৰ সন্মুখত তিনিটা পিৰিয়ড আঠু কাঢ়ি থাকিল | তাৰ পিছত কাহিনীয়ে বেলেগ ৰূপ ল’লে – হায়াৰ ছেকেন্ডাৰী পাছ নকৰালৈকে মোৰ বেস্ট ফ্ৰেন্ড আৰু বডীগাৰ্ড ওৱান এন্ড অ’নলি সাগৰ, আৰু মইন তাৰ হোমৱৰ্ক কমপ্লিট্‍ কৰাৰ পৰা তাক কাণত ধৰি পঢ়া টেবুলত বহোৱা দীপু মাস্টৰ |

হায়াৰ ছেকেন্ডাৰীৰ পাছত আমাৰ এৰা এৰি হ’ল, মানে হ’ব লগাত পৰিল- মইা পঢ়িবলৈ গুচি আহিলো দিল্লীলৈ, আৰু দেউতাকৰ সপোন পূৰা কৰিবলৈ সাগৰ পালেগৈ ইণ্ডিয়ান মিলিটাৰী একাডেমী | মাজতে যে যোগাযোগ হোৱা নাই এনে কথা নহয়, চিঠি-পত্ৰৰ যোগেদি আমি ইটোৱে সিটোৰ খবৰ ঠিকেই ৰাখিছিলো, প্ৰথম ছমাহত মোৰ খবৰ খাতি জনাই মইচ এখন চিঠি লিখো – যে মোৰ পঢ়া- শুনা ঠিকেই চলিছে, সকলোৱে খীণ বুলি জোকায় কাৰণে মইই নিতৌ পুৱা উঠি গাখীৰ-কল আৰু ৰাতি সিজোৱা কণী খাবলৈ ধৰিছো, আৰু তাৰ ফল অলপ অলপকৈ ধৰিবলৈ আৰম্ভ কৰিছে | তাৰ ছমাহৰ পাছত সাগৰৰ এখন চিঠি আহে, যে সি বেস্ত কেডেট আখ্যা পাইছে, কিন্তু ইমান বেছি ডিছিপ্লিনৰ মাজত তাৰ টোপনি কেতিয়াও হেনো পূৰেই নহয়- ইত্যাদি ইত্যাদি |

এম.বি.এ. প্ৰগ্ৰামত মই| টুম্পীক লগ পোৱাৰ পাছত আমাৰ যোগাযোগ একেবাৰে কমি আহিল | মাজতে এখন চিঠিত সি জনাইছিল যে, তামিলনাডু ৰেজিমেন্টৰ এজনী ছোৱালী এজনীৰ প্ৰেমত পৰিছে সি | মনটো ভাল লাগি গৈছিল কথাটো জানি, যে বন্ধুও পাছ পৰি থকা নাই | তিনি বছৰ পাছত মোৰ টুম্পী আৰু মোৰ বিয়ালৈ আহিছিল সাগৰ, বেছি দেৰি নাথাকিল, বিয়াত ব্যস্ত হৈ থকাত তাৰ লগত বেছি কথা পতা নহ’ল |

তাৰ পাছত কৰ্মব্যস্ত জীৱন- কেতিয়াবা মুম্বাই, কেতিয়াবা বাংগালোৰ, কেতিয়াবা দিল্লী | কেতিয়াবা তো টুম্পী আৰু কণমানি কেইজনীকে দেখিবলৈ নাপাওঁ কত দিন- দুজনী ছোৱালী হ’ল বিয়াৰ পিছত, ৰিমলি আৰু জিমলি | সিহতৰ পঢ়া-শুনা, আপডাল, কোম্পানীৰ টাৰ্গেট পূৰা কৰোতে কৰোতে সাগৰ ক’ৰবাত হেৰাই থাকিল |

পোন প্ৰথমবাৰৰ বাবে পষ্টিং পৰিছে ডিব্ৰুগড়ত – প্ৰমোছনৰ লগতে গধুৰ গধুৰ দায়িত্ব্বও দি পঠাইছে ওপৰৱালাই | নতুন নতুন আউটলেট খোলাৰ লগতে অলপ ফিল্ড-স্টাডী কৰিব লাগে উজনি অসমৰ | নিজৰ ঠাইখনক অধ্যয়ন কৰাৰ সোণালী অৱসৰ টো পাই হাতৰ পৰা যাবলৈ নিদিলো | টুম্পী আহিব নোৱাৰিলে- ছোৱালী কেইজনীৰ পৰীক্ষা শেষ হোৱাৰ পাছত হে একবাৰে আহি পতি পৰমেশ্বৰক সেৱা কৰিব পাৰিবহি | কোম্পানীয়ে টাউনৰ পৰা অলপ নিলগত ঘৰ এটা আৰু সদ্যহতে কাম চলাবৰ কাৰণে গাড়ী এখন দিছে | এদিন অলপ ডিগবৈৰ মাহীহতৰ ঘৰৰ পৰাই পাক এটা মৰি অহা যাওক বুলি গাড়ী দৌৰাই দিলো | ডিগবৈ ৰিজাৰ্ভ ফৰেস্ট আৰম্ভ হোৱাৰ অলপ পাছতে ৰাস্তাত সৰু-সুৰা ভিৰ দেখা পালো | আৰ্মি চেকিং | লাহে লাহে গাড়ী খন আগুৱাই নি থাকিলো | হঠাত্‍ ক’লা গ্লাছ লগা বগা ৰঙৰ স্কৰপিঅ’ গাড়ী এখন ৰ’লহি মোৰ গাড়ীখনৰ কাষতে- মোৰ অবাক কৰি গাড়ীখনৰ দুৱাৰ খুলি নামি আহিল মেজৰ সাগৰ বংকিম ফুকন | মোৰ বিয়াৰ পাছত সেয়াই আমাৰ প্ৰথম দেখা | আৰ্মি কনভয়টো নিৰীক্ষণ কৰিবলৈ বিশেষভাৱে সময় উলিয়াই আহিছিল সাগৰ – কোনোবাই হেনো টিপ দিছে ক’ৰবাত কূটাঘাতমূলক কাণ্ডৰ প্ৰস্তুতি চলি থকাৰ কথা | সেইকাৰণে উজনি অসমত বিশেষ ডিউটি পৰিছে সাগৰ হতৰ ৰেজিমেন্টটোৰ | ভীষণ ব্যস্ত সি | মোবাইল নাম্বাৰ অদলা বদলি কৰি মেজৰ সাগৰ গুছি গ’ল |

দুসপ্তাহ ধৰি লগ পোৱাৰ প্লেনিং কৰি কৰি জাষ্ট এয়া দেউতাকৰ পুৰণি জধলা চেভ্ৰ’লেট গাড়ীখন লৈ সাগৰ ওলাইছেহি মোৰ অস্থায়ী আবাস | যোৱা কালি ৰাতিয়েই ফোনত ফাইনেল কৰি পেলাইছিলো যে আজি সন্ধিয়া প্ৰিয় বন্ধুদ্বয় লগ হৈ অলপ ৰাগিৰ নাৱত উঠি উভতি যাম আমি এৰি থৈ অহা পুৰণি উপত্যকাবোৰলৈ |

“তোৰ ইমান ঠাণ্ডা লাগিছে নে? ইমানসোপা যে মূৰে গায়ে ঢাকি কাপোৰ পিন্ধি আহিছ?” মোৰ প্ৰশ্নৰ উত্তৰত মূৰ দুপিয়াই দাঁতকেইটা উলিয়াই হাঁহিলে সাগৰে | চিচাৰ গিলাচত পনীয়াবোৰ বাকি বাকি মই কৈ গ’লো, “ দিল্লীত জান, ইয়াৰ তিনিগুণ ঠাণ্ডা— সেই কাৰণে চা, ম্ই এই হাইনেকটো পিন্ধিয়েই থাকিব পাৰিছোঁ; আৰু বাংগালোৰত যে কি সুবিধা ৰে বাবা, ঠাণ্ডাৰ কোনো টেনছনেই নাই বুজিছ?”

“হয় হয় পণ্ডিত, মইল গাঁৱলীয়াই নো কেনেকৈ জানিম ইমান বোৰ কথা? হেৰৌ, তইক চাগে ইমানবোৰ ঠাইৰ নামেই শুনা নাই যিমানবোৰ ঠাইলৈ আমি মিছনত গৈছোঁ বুজিছ?নাই কমেও এতিয়ালৈকে পঞ্চলিছখন মান ঠাইত পস্টিং হৈ গ’ল মোৰ…”

“মইই কিবা বহু ঠাই দেখিছোঁ বুলি ওফাইদাং মাৰিছোঁ নেকি?” নিজকে তল নেপেলাই ক’লো, “তোৰ গৰম কাপোৰ পিন্ধাৰ ঢঙ দেখি হে কৈছিলোঁ… বাদ দে সেইবোৰ, তোৰ ভাল লাগে যদি পিন্ধি থাক, কম চে কম হাতমোজাজোৰ তো খুলি থ’, আৰাম পাবি গিলাচটো ধৰি…”

“অভ্যাস আছে এনেকৈ ধৰাৰ… আৰু ক’চোন, বৌ, ভাগিন কেইজনীৰ কি খবৰ?”
“ভাগিন নহয়, ভতিজা হ’ব তোৰ বুজিছ? হা: হা: হা:, তোৰ চাগে নিচা আৰম্ভ হ’লেই”
“নিচা মোৰ নহয়, তোৰ হে লাগিছে…. ভতিজা নহয়, ভতিজী বুজিছ? হা: হা: হা: হা:”

“কিবা এটা ভাল লাগিছে এনেকৈ ইমান দিনৰ পাছত লগ পাই মেজৰ, কিন্তু তই ইমান দিনে বিয়া বাৰু কৰোৱা নাই কিয়? এতিয়া আৰু কিবা আশা আছেগৈ নে? আশাৰ ৰেঙণি?? হুঁ ???”
পাতল সুৰতে কথাষাৰ সুধিছিলোঁ যদিও ভূল ঠাইত গৈ লাগিল হবলা… সাগৰ ছিৰিয়াছ হৈ পৰিল, মূখখন মোহাৰি সি বাথৰুমৰ ফালে গ’ল, আৰু মই নিজৰ জিভাখনক লেকাম নোহোৱাৰ কাৰণে দাঁতেৰে কামুৰি দিলোঁ | কথা-বতৰাত মইত সাধাৰণতে বৰ সাৱধান হওঁ যদিও কেতিয়াবা কিবা এষাৰ কথা মূখেৰে ওলাই যাওঁতে কিবা এষাৰহে হয়গৈ | কাকো আঘাত নকৰাৰ আন্তৰিক ইচ্ছা থাকিলেও বহুতকে এনেদৰে অনিচ্ছাকৃতভাৱে দুখ দি পাইছোঁ | বিশেষকৈ মোৰ কলিজাৰ টুকুৰা টুম্পীক আৰু আজি মোৰ মৰমৰ বান্ধৈ সাগৰক দুখ দিয়াৰ পিছত — নিজকে চৰ এপাট দিবৰ মন গ’ল |

বাথৰুমৰ পৰা আহি নিজৰ গিলাচটো একেশোহাই শেষ কৰি তঅক চাৰি নম্বৰৰ বাবে পূৰ কৰি ল’লে সাগৰে | দুহাতেৰে গিলাচটো এক বিশেষ ভংগীত ধৰি লৈ ঘুৰাই ঘুৰাই ক’লে সি, “ জান দীপু? তাইৰ নাম কি আছিল জান?”

নাসূচক ভংগীত মূৰটো জোকাৰিলোঁ|
“গীতা… গীতা নায়াৰ আছিল তাইৰ নাম” দীঘলকৈ উশাহ ল’লে মেজৰ সাগৰে, “ কেৰালাৰ ছোৱালী আছিল তাই, বৰ সাহসী আৰু বিশাল হৄদয়ৰ গৰাকী আছিল — ধুনীয়াও আছিল, ফুলৰ দৰে নিৰ্মল আৰু একেসময়তে বাঘিনীৰ দৰে ক্ষীপ্ৰ আছিল গীতা ! তাইৰ দৰে আন কাকো হয়তো কেতিয়াও ভাল পাব নোৱাৰিম বন্ধু”
“তেনেহ’লে বিয়া কৰাই লৈ নাহিলি কিয় একবাৰে? নে তাই আন কাৰোবাক…?” মোৰ চকুত এইবাৰ স্বাভাৱিক কৌতূহল |
“নহয় নহয়, তায়ো মোকেই ভাল পাইছিল, হিয়া উজাৰি মৰম কৰিছিল, কিন্তু…”
“কি?”
“বাদ দে, গ’ল কথা গুছিল”
“আৰে… ক’ না, প্লীজ ক’ না, মইনতো আজিলৈকে একো কথা লুকুৱা নাই তোৰ পৰা… মোৰ আৰু টুম্পীৰ প্ৰেমৰ এপিছ’ড বিলাকৰ কথাওতো তোক ক’লো অথ’নিৰে পৰা” কিবা এটা নজনা কথা জানিবৰ মন গ’লে মোৰ নিচিনা পেঘেনিয়াই পেঘেনিয়াই উলিওৱা মানুহ খুব কম ওলাব |
“না, দীপু, বাদ দে”
“কৱ যদি ক’, নহ’লে আমাৰ দোস্তি ইয়াতে শেষ বুলি জানিবি ধুৰূপ” এয়া ইম’চনেল ব্লেকমেইল, যাৰ পিছত সাধাৰণতে কঠিনৰ পৰা কঠিন মানুহেও সৈ মানে | মেজৰ সাগৰ বংকিম ফুকনেও হাৰ মানিলে |
“ঠিক আছে, তইা বুলিহে কৈছোঁ, কিন্তু শপত খা, তোৰ বাহিৰে কোনো দ্বিতীয় প্ৰাণীয়ে এই কথাবোৰ জানিব নোৱাৰিব!”
“অ’কে ভাই, মা কচম… চা, ডিঙিত ধৰি শপত খাইছোঁ”
“ঠিক আছে শুন… তোক যে অলপ আগতে কৈছিলোঁ, আমাক মাজে মাজে বিভিন্ন ধৰণৰ অভিযানলৈ পঠায় বুলি, মনত আছেনে?” মূৰ দুপিয়ালোঁ, কথা কৈ তাক মাজতে বাধা দিয়াৰ মন মোৰ মুঠেই নাই | সি কৈ গ’ল, “তেনেকুৱা এটা ছিক্ৰেট মিছনৰ কথা, তহতঁৰ দৰে সাধাৰণ মানুহে গম নোপোৱা মিছন সেইবোৰ – বাতৰি কাকততো নোলায়, টি.ভি.তো নিদিয়ে সেইবোৰ মিছনৰ কথা | ভাৰত চৰকাৰৰ টপ্ ছিক্ৰেট মিছন সেইবিলাক | বাৰু ক’চোন, তইত জ’ম্বিৰ কথা কিমান জান?”

“জ’ম্বি? কি জ’ম্বি?” মিছনৰ মাজত আক’ জ’ম্বিৰ কথা ক’ৰ পৰা আহিল? আন্তৰ্জাতিক ম্যুজিক বেণ্ড ক্ৰেনবেৰিজৰ জ’ম্বি নামৰ গানটো নুশুনা নহয় অৱশ্যে, আৰু পত্নীৰ এৰাব নোৱাৰা চিনেমা চোৱা অসুখৰ চাইড-এফেক্ট হিচাপে জ’ম্বিবোৰ থকা কেইখনমান চিনেমাও চাইছোঁ | “ চা সাগৰ, ইমানেই জানো যে জ’ম্বি এটা কাল্পনিক চৰিত্ৰ, টুম্পীয়ে ভূতৰ আৰু জ’ম্বিৰ চিনেমা চাই খুব ভাল পায়, সেইকাৰণে চিনেমাতে দেখিছোঁ সেই জ’ম্বি সোপাক”
“ কাল্পনিক? হা: হা:, মানে তই ও সেই সাধাৰণ দৰ্শকৰ নিচিনাকৈয়ে ভাব?”
“আৰু নহ’লে কেনেকৈ ভাবিব লাগে?” নিজৰ কাহিনী নকৈ জ’ম্বিৰ কথা উলিওৱাত মইা অলপ ক্ষুণ্ণ হ’লোঁ |
“ভাব চোন এবাৰ দীপু? তেনেকুৱা এটা বা এদল জ’ম্বি যদি তোৰ আগত ওলাইহি, কেনেকুৱা লাগিব তোৰ?”
“ইস্‍, তইভ এনেকৈ কৈছ যেন তই তেনে এদল জ’ম্বি সঁচাকৈয়ে দেখিছ”
উত্তৰত একো নকৈ সাগৰে মাথোঁ মিচিকিয়াই হাহিঁলে, তাৰ এই বিশেষ হাহিঁটো মইৈ চিনি পাওঁ | লগে লগে মই্ উঠি গৈ সি বহি থকা তিনিজনীয়া চোফাখনত বহিলোঁগৈ, “ন’ ৱে’… ন’ মেন… একেবাৰে আতিঁৰ পৰা গুৰিলৈকে ক’ছোন কথাবোৰ… ক’ৰ জ’ম্বি, ক’ৰ গীতা, কি কাহিনী, কি গল্প?”
গিলাচত চুমুক দি দি মেজৰ সাগৰ বংকিম ফুকনে কৈ গ’ল—
“ আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগৰ কথা- তোক সঠিক তাৰিখটো ক’ব নোৱাৰিম, কাৰণ আমি সাধাৰণ মানুহক এইবোৰ কথাৰ সকলো ডিটেইলচ দিব নোৱাৰোঁ | গীতা আৰু মোৰ প্ৰেম তেতিয়া পকি উঠিছে- এবছৰ মানৰ পাছতে আমি বিয়া হোৱাৰ কথা | ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ পৰা সৰ্বোত্তম কমাণ্ডো কেইজনমানক লৈ এটা স্পেছিয়েল ৱিং বা সহজ ভাষাত ক’বলৈ হ’লে এটা টীম বনোৱা হৈছে | গীতা, মই্ আৰু কেইজনমান হাইলি ট্ৰেইন্ড কমাণ্ডো লৈ আমাৰ টীম- সুবিধাৰ কাৰণে ধৰি লোৱা হওক আমাৰ টীমটোৰ নাম আছিল “ব্লেক ঈগল” – আচল নামটো তোক কিয় ক’ব নোৱাৰোঁ বুজি পাইছইক …”
“কেইজন কমাণ্ডো আছিল তহঁতৰ এই ব্লেক ঈগল টীমটোত?’ খপকৈ মাজতে মাত লগালোঁ |
“ ক’ম ধৈৰ্য্য ধৰছোন- কিন্তূ তাৰ আগতে তোক জ’ম্বিৰ জন্ম-বৃতান্তৰ কথা অলপ কৈ নল’লে তোৰ বুজাত অসুবিধা হ’ব” মূৰটো চোফাৰ পিছফালে হেলান দি সাগৰ অলপ ৰ’ল | হয়তো কথাবোৰ কেনেকৈ আৰম্ভ কৰিব জুকিয়াই ল’লে | চকু কেইটা মুদি কিছু সময় তেনেদৰে থকাৰ পিছত হঠাত সি তেনেকৈ চকু মুদি মুদিয়েই ক’বলৈ ধৰিলে, “ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা- যিবোৰ দেশ সাঙুৰ খাই পৰিছে যুদ্ধত, তাৰ প্ৰায়ভাগেই নিজাববীয়াকৈ যুদ্ধ জিকাৰ বিভিন্ন উপায় চিন্তা কৰিছে, গৱেষণা কৰিছে | নিউক্লীয়াৰ এক্সপেৰিমেণ্টৰ কথা সকলোৱে জানে, তাৰ পৰিণতিৰ কথাও তই্ গম পাৱ … কিন্তূ, একে সময়তে দুখন শক্তিশালী দেশে যৌথভাৱে জীৱন্ত আৰু মৃত মানুহৰ শৰীৰ কিছুমান লৈ এক ভয়ংকৰ গৱেষণাত নামি পৰিল | জ’ম্বিৰ চিনেমাবোৰত হয়তো বেলেগ বেলেগ কিবা বাৰে বিংকৰা কাৰণ দেখুৱাব পাৰে জ’ম্বি উত্পন্ন হোৱাৰ | কিন্তূ প্ৰকৃততে এই দেশ দুখনৰ যুটীয়া প্ৰচেষ্টাতে জ’ম্বি নামৰ এই প্ৰাণীবিধৰ উত্পত্তি হ’ল- প্ৰাণী বুলি কোৱাতো ছাগে ঠিক নহ’ব | কাৰণ আমি সিঁহতক কওঁ জীৱন্ত-মৃত বুলি | অৰ্থাত্‍ জ’ম্বিবিলাক জীয়াই থাকে, উশাহ নিশাহ চলে, খোৱা বোৱা কৰে- কিন্তু অনুভূতি আৰু চিন্তা কৰাৰ শক্তি একেবাৰে লোপ পায় | মানুহৰ দৰে চিন্তা কৰিব নোৱাৰে বুলিয়েই আজিলৈকে এই স্পেচিমেনটোক যুদ্ধক্ষেত্ৰত নমাব পৰা হোৱা নাই | নহ’লে এবাৰ ভাবছোন… এনেকুৱা এটা বস্তু যাৰ শৰীৰ আছে কিন্তূ অনুভূতি নাই, প্ৰাণ নাই … কিমান লাভদায়ক হ’ল হেঁতেন, কিমান সৈনিকৰ বহুমূলীয়া প্ৰাণ সংকটত নপৰিলহেতেন?”

মূৰ দুপিয়ালোঁ- কোন দেশৰ কিমান লাভ হ’ব, সেই কথা জনাৰ ইচ্ছা এতিয়া মোৰ মুঠেও নাই | মইং শুনিব বিচাৰিছোঁ আচল কাহিনীটো |

সাগৰেও মোৰ একাগ্ৰতা দেখি কাহিনীটো আগবঢ়াই নিলে- “জেনেটিক কনফিগাৰেছন, হৰম’নৰ মাত্ৰা আৰু আন কিছুমান কাৰণৰ কাৰণে জ’ম্বি কেইবাপ্ৰকাৰৰো হ’ব পাৰে | কিছুমান বেছি হিংস্ৰ হ’ব পাৰে, কিছুমানৰ লক্ষণবোৰ এমাহ বা ছমাহৰ পাছতো প্ৰকট হ’ব পাৰে | শৰীৰত কোনো দুখ বা আঘাতৰ অনুভৱ নহয় বাবে জ’ম্বিবোৰে যিকোনো কাইঁটীয়া বেৰাৰ মাজেৰেও হেলাৰঙে পাৰ হৈ গুছি যাব পাৰে- শৰীৰ তেজেৰে তুমুৰলি হ’লেও এচিকুটমানো বিষ অনুভৱ নকৰে | সৃষ্টিৰ মূহুৰ্তৰে পৰা ইহঁত হয় মাংসাহাৰী | মাংস আৰু তেজৰ গোন্ধ নাইবা উমান পালে জ’ম্বিবোৰ হৈ পৰে অতি হিংস্ৰ | পেটত ভোক থাকক বা নাথাকক চিকাৰৰ ওপৰত জপিয়াই পৰি ৰক্তপান বা মাংস নোখোৱালৈকে জ’ম্বিবোৰ থিৰেৰে থাকিব নোৱাৰে — এই খিনিতে এটা গুৰুত্বপূৰ্ণ কথা | জ’ম্বি এটাই কোনো মানুহক আক্ৰমণ কৰি তেজত যদি দাঁত নতুবা লেলাউটিৰ যোগেদি নিজৰ শৰীৰৰ জীৱাণু সুমুৱাই দিয়ে- তেন্তে সেই মানুহজনো আন এক জ’ম্বিলৈ পৰিৱৰ্তিত হয় | যদি জ’ম্বিয়ে আক্ৰমণ কৰা মানুহজনৰ মৃত্যু ঘটে, তেনে হ’লে তাতক্ষণিকভাৱে জীৱাণুবোৰে ক্ৰিয়া কৰি মানুহজনৰ শৰীৰ টোক আন এক মাংসাহাৰী জ’ম্বিলৈ ৰুপান্তৰিত কৰে | আনহাতে যদি মানুহজন ঘূণীয়া হৈ বাচি থাকে, তেনেহ’লে তেওঁ জ’ম্বিলৈ পৰিৱৰ্তিত হ’বলৈ চৌব্বিশ ঘন্টাও লাগিব পাৰে, দুমাহো লাগিব পাৰে |”

“বাপৰে, ইমানেই যদি ভয়ংকৰ, তেনেহ’লে জ’ম্বিবোৰৰ প্ৰডাকচন বা গৱেষণা বন্ধ কৰি দিয়াই যুগুত” নিজৰ মতামত নজনাই নোৱাৰিলোঁ |

মোলৈ চাই মিচিকিয়াই হাঁহিলে সাগৰে, “এইটো চা” -গিলাচটো অলপ ডাঙি ধৰি সি ক’লে, “এই বস্তুটো‍ও কিমান ভয়ংকৰ নহয় জানো? তথাপি জানো আমি বাদ দিছোঁ? ধূম্ৰপান ইমান হানিকাৰক বুলি জানিও কিমান মানুহে এৰিব পাৰিছে? জ’ম্বি গৱেষণাৰ লগতো সেই একে কথা… জ’ম্বিৰ দীৰ্ঘ জীৱন আৰু আঘাত অমানুষিকভাৱে সহ্য কৰিব পৰা গুণৰ কাৰণেই বিজ্ঞানীসকল আৰু কেইখনমান দেশে জনসাধাৰণে গম নোপোৱাকৈ বিভিন্ন ধৰণৰ পৰীক্ষা কৰি আছে সিহঁতৰ ওপৰত |
যেইকি নহওক, পাতনিখনকে দীঘলকৈ বখলিয়াই নাথাকি মূল কথালৈ আহোঁ| ভাৰত চৰকাৰেও আন এখন দেশৰ সহায় লৈ যোৱা বিশ বছৰৰ পৰা পৰীক্ষা-নিৰীক্ষা চলাই আহিছে এই আচৰিত বস্তুবোৰৰ ওপৰত | তাৰবাবে ব্যৱহাৰ কৰিছে কিমান মৃত শৰীৰ আৰু কিছু সংখ্যক জীৱন্ত মানুহ- চব টপ্‍ ছিক্ৰেট কথা | দেশৰ মাত্ৰ তিনিটা মান লেবৰেটৰীত গোপনীয়ভাৱে এই কাৰ্য্য কৰা হয়, আৰু তাৰ খবৰ জানে এক মুষ্টিমেয় মানুহে | খোলাখুলিকৈ এই গৱেষণা নকৰাৰ দুটা কাৰণ- এফালৰ পৰা চাবলৈ গ’লে যদিও মানৱ জাতিৰ উন্নতিৰ বাবে এই গৱেষণা, কোনো হিউমেন ৰাইটছ অৰগেনাইজেছন বা ধৰ্মইফ ইয়াৰ অনুমতি নিদিয়ে | দ্বিতীয়তে সাধাৰণ মানুহৰ মাজত এনে ৰিচাৰ্চ কৰাতো অতি ৰিস্কৰ কথা- কেতিয়া সাধাৰণ মানুহ এজন জীৱাণুৰ প্ৰভাৱত জ’ম্বিলৈ পৰিবৰ্তিত হয় কোনো ভৰসা নাই |”

“ আই চি…” গিলাচ কেইটা পূৰ কৰি আৰু জানিবৰ বাবে বন্ধুৰ মূখলৈ চালোঁ |
“ কিন্তু মানুহে ভূল কৰেই- চৰকাৰ বা বিজ্ঞানীসকলো মানুহ | এবাৰ সিদ্ধান্ত লোৱা হ’ল যে জ’ম্বিবিলাকৰ ওপৰত অলপ খোলা ঠাইত পৰীক্ষা কৰা উচিত | তাৰ বাবে বাচি লোৱা হ’ল আন্দামানৰ সৰু দ্ৱীপ এটা- যিটো সাধাৰণ মানুহৰ ব্যৱহাৰৰ বাবে নহয় | কেইজনমান উচ্চমানৰ বিজ্ঞানী গ’ল তালৈ জ’ম্বিৰ চেম্পল কেইটামান লৈ | কি ৰিচাৰ্চ চলিছিল ক’ব পৰা নাযায়- কিন্তূ কেইমাহমানৰ পাছত তেওঁলোকৰ লগত একো যোগাযোগ নোহোৱা হ’ল | আন এটা টীম পঠোৱা হ’ল খবৰ কৰিবলৈ… কিন্তূ সেই টীমটোৰ লগতো যোগাযোগ হেৰাল | এইবাৰ চৰকাৰ বিপাঙত পৰিল আৰু ওচৰ চাপিল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ মূখ্য বিষয়াসকলৰ | আৰু বিষয়া সকলে প্ৰজেক্টটো গতালে “ব্লেক ঈগল”- মানে আমাৰ স্পেচিয়েল টীমটোক | বাৰজন কমাণ্ডোক চিলেক্ট কৰা হ’ল | তাৰ ভিতৰত আছিল তোমাৰ এই বন্ধু আৰু গীতা নায়াৰো… |”

গীতাৰ নাম লোৱাৰ পিছত সাগৰ অলপ ভাবুক হৈ পৰা যেন দেখা গ’ল | তাৰ কান্ধত দুবাৰমান চপৰিওৱাৰ পাছত শেঁতাকৈ হাঁহিলে সি | পকেটৰ পৰা পাৰ্চটো উলিয়াই এখন সৰু চাইজৰ ফটো মোৰ আগত দাঙি ধৰিলে সাগৰে- হাঁহি থকা এজনী মটীয়া বৰণৰ হৃষ্ট-পুষ্ট ছোৱালী, কিন্তূ কিবা এটা যেন চিৰিয়াছনেছ লাগি আছে চকুকেইটাত | ফটোখন ভালকৈ চোৱাৰ পাছত যিটো সুধিব নালাগিছিল, কৌতুহলবশত: সুধি পেলালোঁ- “ এতিয়া ক’ত আছে গীতা?”

শেঁতাকৈ হাঁহি থকা সাগৰৰ মূখখন আৰু শেঁতা পৰি গ’ল – “ ক’ম ৰ’… তাইৰ কথাও ক’ম | তেনেহ’লে আমাৰ ব্লেক ঈগল টীমটোক পঠোৱা হ’ল আন্দামানৰ সেই অভিশপ্ত দ্বীপটোলৈ হেলিকপ্তাৰ এখনত | তিনিদিনৰ ৰছদ-পাতি লৈ আমি এনে এক অভিনৱ অভিযানলৈ ওলাই গ’লোঁ য’ত লুকাই আছিল আমি নজনা ৰহস্যবোৰ ! আঢ়ৈ ঘন্টা উৰাৰ পাছত আমি নামিলোঁগৈ আমাৰ টাৰ্গেটত | হেলিকপ্টাৰ চলোৱা জনক লৈ মুঠতে তেৰজন মানুহ- তাৰে মাজতে গীতা আৰু শেফালী মহিলা কমাণ্ডো |

পাইলট সুখবীৰ সিং হেলিকপ্টাৰৰ ওচৰতে থাকিল… পহৰা দিয়াও হ’ব আৰু তাতে তেওঁ আমাৰ দৰে গেৰিলা ৱাৰ টেকনিকত প্ৰশিক্ষিতও নহয় |

দুটা ভাগত বিভক্ত হ’ল আমাৰ টীমটো- ট্ৰুপ ’বি’ত থাকিলোঁ মইত, জাভেদ, সমৰ, পুলকিত, জিতেন্দ্ৰ আৰু গীতা | সমৰ আমাৰ গ্ৰুপ লীডাৰ | অতি সাৱধানেৰে আমি সোমাই গ’লোঁ দ্বীপটোৰ আভ্যন্তৰীণ অঞ্চললৈ- য’ত আছিল ঘন হাবি আৰু নজনা সৰু সৰু জন্তুৰ দল | বিচাৰ-খোচাৰ কৰি থাকোঁতেই প্ৰায় এঘন্টামান সময় গ’ল- ডাঠ হাবি আৰু বাট কাটি আগবাঢ়িব লগীয়া হোৱাৰ বাবে আমাৰ গতি মন্হৰ হোৱাৰ বাহিৰে কোনো উপায় নাছিল | সমৰে লীড কৰিছিল, তাৰ পিছত জাভেদ, পুলকিত জিতেন্দ্ৰ, একবাৰে শেষত গীতা আৰু মইছ | মইৰ অলপ ধেমালিৰ মুডত আছিলোঁ কাৰণে গীতাক মাজে মাজে খুচি মেলি জোকাই আছিলোঁ | হঠাত সমৰৰ ৱায়াৰলেছত ইটো গ্ৰুপৰ পৰা মেছেজ আহিবলৈ ধৰিলে… তেওঁলোকক হেনো জ’ম্বি দুটামানে অক্ৰমণ কৰিছিল | তেওঁলোকৰ পজিছন সুধি সহায় কৰিবৰ কাৰণে সমৰে নিজে দৌৰাৰ লগতে আমাকো অনুসৰণ কৰিবলৈ নিৰ্দেশ দিলে- গছ লতা মহতিয়াই আমি সমৰৰ পিছে পিছে দৌৰিবলৈ ল’লোঁ- পিঠিৰ বোজা আৰু বন্দুকৰ ওজনৰ বাবে আমাৰ দৌৰাত অসুবিধা হৈছিল- বিশেষকৈ মইৰ অলপ বেছি পাছ পৰি ৰ’লোঁ | হঠাত এনে লাগিল যেন মোৰ মূৰত কিবা এটাই আঘাত কৰিলে- যেন প্ৰকাণ্ড হাতুৰী এটাৰে মাৰ হে শোধালে | সাগৰ বংকিম ফুকন সৰু সুৰা আঘাতত বেহুঁছ হোৱা মানুহ নহয়- কিন্তূ এই আঘাতৰ পাছত মই ইমান সোনকালে জ্ঞান হেৰুৱালোঁ যে ক’ত কি কোনে কৰিলে একো উৱাদিহেই নাপালোঁ …!”

“তাৰ পিছত ?” মোৰ কৌতূহলৰ মিটাৰ একেবাৰে এক্সট্ৰীম বিন্দুলৈ উঠি গ’ল |
“তাৰ পিছত কি হ’ল মইক ক’ব নোৱাৰোঁ- মোৰ তো হুঁছেই নাই”
“ আৰে, মানে তইূ আকৌ নৰ্মেল হোৱাৰ পিছত কি হ’ল? বেহুছ হে হৈছিলি. মৰা নাছিলি নহয়? কেনেকৈ বেহুঁছ হ’লি তইূ? কোনে কি কৰিলে?”
“একে কেইটা প্ৰশ্নইূ মোৰ মগজুৰ দুৱাৰ ঢকিয়াবলৈ আৰম্ভ কৰিছিল- যেতিয়া মই সাৰ পালোঁ |” সাগৰ চুপ |
“ আৰে ক্লাইমেক্সত আহি টেনছন নিদিবি না…”
“ক্লাইমেক্স আহিবলৈ টাইম আছে বন্ধু- ৰাতিপুৱা মইৈ যোৱাৰ আগতে তোক আল্টিমেট ক্লাইমেক্সটো দি যাম – ডু নট ৱৰী”
“ ৱৰী, মাই ফুট – আইলেণ্ডত কি হ’ল তাকে ক’ জল্দি”

দীঘলকৈ চুমুক এটা দি সাগৰে পুনৰ তাৰ কাহিনী কৈ গ’ল- “মইৰ যেতিয়া সাৰ পালোঁ, তেতিয়া আকাশত আৰু হালধীয়া বেলিটো নাই- ঢিমিক ঢামাককৈ তৰাবোৰ এটা এটাকৈ জ্বলিবলৈ আৰম্ভ কৰিছে | গছলতাৰে ঢাক খোৱা এটা গাঁতত মইৰ পৰি আছোঁ | মূৰটো চুই চালোঁ- উখহি আছে | কোনোবাই ৰুমাল এখনো বান্ধি থৈ গৈছে উখহা ঠাইতে; পানীত ভিজা ৰুমালখন খুলি আনি তাকৰীয়া জোনাকতে চাবলৈ চেষ্টা কৰিলোঁ- গীতাৰ ৰুমাল সেইখন, এচ প্লাচ জি আখৰ দুটা ডাঠকৈ লিখি থোৱা ৰুমাল | গীতাৰ কথা মনত পৰাতহে ভালকৈ সম্বিত্‍ ঘুৰাই পালোঁ- আমাৰ টীমৰ মানুহবোৰৰ কি হ’ল সেই চিন্তাই মোৰ মূৰৰ বিষ পাহৰাই পেলালে | কাৰ্বাইনাৰটো খেপিয়াই খেপিয়াই বিচৰিলোঁ- মোৰ বেকপেক বেগটোৰ লগতে পৰি আছে | বেগ আৰু কাৰ্বাইনাৰটো লৈ চাৰিহাত মান দ গাঁতটোৰ পৰা ওলালোঁ | ডাঠ হাবিখনত বাট বিচাৰি পাবলৈকে নাই… সন্তৰ্পণে আগুৱাব ধৰিলোঁ, চকু আৰু কাণ সজাগ কৰি |

“কিন্তু তোক মূৰত কোনে আঘাত কৰিছিল? কোনোবা মানুহে নে জ’ম্বিয়ে? নে নাৰিকল সৰি পৰিছিল?”
“সেইটোহে আজিলৈকে গম নাপালোঁ, কাৰণ মোক কি হৈছিল সেইটো ক’বলৈ আৰু তাত কোনো বাকী নাছিল |”
“মানে?”
“মানে টো গম পাবি— আগৰ কাহিনীখিনি শুন | কাৰ্বাইনাৰটো দুয়ো হাতেৰে খামুচি ধৰি মইা অতি সাৱধানেৰে আগুৱাই গৈ থাকিলোঁ— বাকী কমাণ্ডোবোৰৰ সতে যোগাযোগ কৰিবলৈ মোৰ হাতত একো যন্ত্ৰও নাছিল, চিঞৰিবও নোৱাৰো, নহ’লে আমাৰ মূল ঊদ্দেশ্য ই যে পণ্ড হ’ব |

জোপোহা গছবোৰ পাৰ হৈ হৈ কিছুসময়ৰ পিছত অলপ খোলা ঠাই এখন দেখা পালোঁ, কিন্তু একো ভালকৈ মণিব নোৱাৰি, গতিকে অলপ অলপ কৈ আগুৱাই যোৱাটোকে ঠিৰাং কৰিলোঁ | মুকলি ঠাইখনৰ মাজেৰে যোৱাটো বিপজ্জনক হ’ব যেন বুলি মোৰ ষষ্ঠ ইন্দ্ৰিয়ইা সঁকিয়াই দিলে |

কাছখোজেৰে মইো আগবাঢ়ি গ’লোঁ মুকলি ঠাইডোখৰৰ কিনাৰে কিনাৰে গছৰ আঁৰ লৈ | হঠাত্‍ তীক্ষ্ণ চিঞৰ এটা কাণত পৰিলহি ! সজাগ হৈ সেই দিশে বন্দুক টোঁৱাই চাবলৈহে পালোঁ- দৃশ্য দেখি মোৰ গাৰ নোম থিয় হৈ গ’ল !

একেলগে নাই কমেও ছয়-সাতটা আকৃতিয়ে মোৰ ফালে খেদাই আহিছে, সিহঁতৰ খোজ কঢ়াৰ ভংগী দেখিয়েই নিশ্চিত হ’লোঁ যে সেইকেইজন মানুহ হোৱাৰ প্ৰশ্নইি নুঠে— সেইয়াই জ’ম্বিৰ লগত মোৰ প্ৰথম মুখামুখি…” সাগৰ ৰ’ল আৰু মোৰ মূখলৈ চাই ঈষত্‍ হাঁহিলে |

“বাপ ৰে.. কি হ’ল তাৰ পিছত?”

“কি আৰু হ’ব? খেদাই অহাক চাই সিহতৰ মতিগতি সিমান ভাল যেন নালাগিল | তাতে ওচৰ পোৱাৰ লগে লগে বীভত্স. চেহেৰাবোৰ দেখি কিবা কিবা লাগি গ’ল… এনে লাগিছিল যেন মৰাশ’ কেইটামানহে যেন আগুৱাই আহি আছে | হাতে গালে মূখে তেজ, তীক্ষ্ণ চিঞৰ আৰু খাওঁ খাওঁ মূৰ্তি কেইটাক দেখি যি কোনো সাধাৰণ মানুহেই নিজৰ পেণ্ট তিয়াই পেলাব |”
“তইাও তিয়াই পেলালি নেকি?” অলপ কৌতুক কৰিব খুজিলোঁ |

“তিয়াই পেলালোঁ হেতেন তোৰ দৰে অলপধতুৱা হ’লে… কিন্তু আমি এক অভিযানলৈ ওলাই গৈছোঁ, তাতে মোৰ সতীৰ্থসকল আৰু গীতাও অদৃশ্য হৈ পৰাত মোৰ মগজুৰ ওপৰত কিমান চাপ পৰিছে ভাবি চাছোন ?
সেই কাৰণে জ’ম্বি বিলাক আহি মোৰ আঠ-দহ হাত ওচৰ পোৱাৰ লগে লগে কাৰ্বাইনাৰটো মূখখন খুলি দিলোঁ— ধাঁয়, এটা গুলী ক্ষীপ্ৰ গতিত গৈ লাগিল এটা জ’ম্বিৰ বুকুত, অলপ পিছ হুহুঁকি আকৌ আগুৱাই আহি থাকিল সি, ধাঁয়, আৰু এটা গুলী- এই বাৰ চিধা কপালত; চিতভোলোঙা খাই পৰিল সি | বাকীবোৰে তাৰ পৰিণতিলৈ কেঁৰাকৈ ও নাচাই আহি থাকিল | আচৰিত হ’লোঁ, আগতে শুনিছিলো যদিও পোন প্ৰথমবাৰৰ বাবে সিহতৰ নিৰ্লিপ্ততা দেখি অলপ আতংকিতও হ’লো, অলপ উষ্মাও মগজুৰে বৈ আহিল | মিছা মিছি বুকু পেটলৈ টোঁৱাই সময় নষ্ট নকৰি আটাই কেইটাকে এক এক কৰি মূৰলৈ গুলীয়াই গ’লোঁ- বাৰুদৰ গোন্ধেৰে ঠাইডোখৰ ভৰি গ’ল | দুই মিনিটতে নটা মৃতদেহ- মৃতদেহ বুলি কোৱা ভূল হ’ব ছাগে, কাৰণ জীৱনৰ অস্তিত্ব থাকিলেও অনুভূতি নথকা জ’ম্বি বিলাকক মৃত বুলিয়েই মইৈ মানি লওঁ !
কিন্তু সেইয়াই শেষ নাছিল— হয়তো গুলীৰ শব্দ শুনি, নহ’লে চাগে তেজৰ গোন্ধ পাই আৰু কেইদলমান জম্বি ঠাই ডোখৰলৈ আহিবলৈ ধৰিলে | গেৰিলা যুদ্ধৰ এক নিয়ম আছে, শত্ৰুৰ সংখ্যা বেছি হ’লে মুখামুখিকৈ আক্ৰমণত লিপ্ত হোৱাতকৈ অলপ সুকীয়া পন্থা ল’ব লাগে |”

“কেনে পন্থা?”
“ যেনেকৈ এমুঠা খৰি একেঘাপে কাটিব নোৱাৰি, কিন্তু এডাল এডাল কৈ সহজে পাৰি, তেনেকৈ শত্ৰুৰ সংখ্যা বেছি হ’লে আমি সিঁহতক বিভক্ত কৰিবলৈ চেষ্টা কৰোঁ | ইমান সোপা জ’ম্বিক একেলগে দেখি মই দ্ৰুত বেগেৰে আকৌ ঘন হাবিৰ মাজলৈ সোমাই আহিলোঁ | মইো ভবা মতেই সিঁহতবোৰো পিছে পিছে খেদাই আহিল | কেইটামানক গুলীয়াই মাৰোঁ, আকৌ আৰু বেলেগ এঠাইলৈ আতঁৰি যাওঁ – গুলী ৰিল’ড কৰোঁ, পুনৰ গুলীয়াওঁ, জংগলত লুকাই পৰোঁ |
এনেকৈয়ে গছৰ ওপৰত উঠি, গাঁতত লুকাই, জোপোহাত সোমাই কিমান জ’ম্বি মাৰিলোঁ তাৰ হিচাপ নাই | ইমান সোপা জ’ম্বি কেনেকৈ আহিল- তাকে ভাবি মইই হায়ৰাণ হ’লোঁ |”

“ঠিক কথা, ইমানবোৰ জ’ম্বি মেলি দিছিলগৈ নে ভাৰত চৰকাৰে তাত?”
“হয়তো সিমান জ’ম্বি মেলা নাছিল, যিমান দূৰ মইৈ ভাবি পালোঁ, গৱেষণা কৰি থাকোঁতেই কিবা ছাগে বিজুতি ঘটিছিল, জ’ম্বি বোৰ কেনেবাকৈ মুকলি হ’ল আৰু অধিক হিংস্ৰ হৈ পৰিল আৰু সিঁহতে গৱেষণা চলাই থকা বিজ্ঞানীবোৰকো আক্ৰমণ কৰাৰ ফলত, সিহঁতবোৰো লাহে লাহে জ’ম্বিলৈ ৰূপান্তৰিত হ’ল |”

“কিন্তু তহঁতৰ আগতেওতো চৰকাৰে টীম পঠাইছিল তালৈ ?”
“তাহাঁতৰো চাগে একে দশা হ’ল !! জ’ম্বি বিলাকৰ লোকেচন আৰু লেবৰেটৰীটো বিচাৰি নোপোৱাৰ কাৰণেই চাগে সিহত অসফল হ’ল |
যিমান পাৰো চয়তানবোৰক গুলীয়াই মাৰিলো, পিছনিশা সিহতৰ সংখ্যা কমি আহিল | ওখ চাই গছ এজোপাত উঠি ৰাতিটো সতৰ্কতাৰে পাৰ কৰিলোঁ | ইয়াৰ পিছৰ ঘটনা বোৰ থূলমূলকৈ কৈ যাম, দীঘলাই বৰ্ণনা দি একো লাভ নাই |”

“ঠিক আছে, কিন্তু গীতাৰ কি হ’ল? আৰু বাকীবোৰ কমাণ্ডোৰ?” সকলো কথা চালিজাৰি জানিবৰ মন গ’ল মোৰ |
“ সকলো সেই চয়তান বোৰৰ চিকাৰ হ’ল … ইমান সুপ্ৰশিক্ষিত হৈ ও কেনেকৈ মোৰ সতীৰ্থসকল বাচি নগ’ল ক’ব নোৱাৰোঁ, হয়তো এনেধৰণৰ শত্ৰুৰ সতে মুখামুখি হ’বলৈ সিঁহত মানসিক ভাৱে সাজু নাছিল | পিছদিনা দ্বীপটো তেওঁলোকক বিচাৰি চলাথ কৰিলোঁ— সকলোতে মৃতদেহ | আমাৰ কমাণ্ডো বোৰেও অনেক জ’ম্বি ধ্বংস কৰিলে—কিন্তু মইঁ এটা কথাত সাৱধান হৈ আছিলোঁ, এটা জম্বিকো মইো মোৰ একেবাৰে কাষ চাপিবলৈ দিয়া নাছিলোঁ, কাৰণ মোৰ গাত সেই হ’ৰমন বা জীৱাণু প্ৰৱেশ কৰা মানেই বিপদ | বাকী বোৰ কমাণ্ডোৱে হয়তো সেই কথাটোত গুৰুত্ব দিয়া নাছিল |
নিজৰে লগৰ কিমানক মইী ৰাতিৰ আন্ধাৰত গুলীয়াই মাৰিলোঁ, ক’ব নোৱাৰোঁ…” দুখৰ হুমুনিয়াহ কাঢ়ি সাগৰে কপালত হাত দিলে | মইৰ তাৰ কাষলৈ গৈ কান্ধত চপৰিয়ালোঁ |

“ ইট ইজ অলৰাইট – সেইবোৰ বহু দিন আগৰ কথা, মইৰ এতিয়া নিজকে মাফ কৰিব পৰা হৈছোঁগৈ | হাবিখন চলাথ কৰি থাকোঁতে যি এটা দুটা জ’ম্বি বাকী আছিল, সিহঁতকো নৰকৰ দুৱাৰ দেখুৱাই দিলোঁ | সৌভাগ্যৰ বিষয় যে সিহতে বন্দুক চলাব নাজানে, নহ’লে মোৰ টো আধ্যাই পৰিল হয় |
দ্বীপৰ ওলোটা দিশত মাটিৰ তলত আছিল লেবৰেটৰীটো, যত চব বেমেজালিৰ মূল | সমৰহতে হয়তো বিচাৰি পাইছিলগৈ – কাৰণ তাৰ চুকে কোণে তেজ, মৃতদেহ আৰু গুলীৰ কাৰ্টিজ পৰি আছিল | লেবৰ ভিতৰলৈ সোমাই গ’লোঁ, আন্ধাৰ— কিন্তু লেবৰ ভিতৰৰ কাগজ পত্ৰ চৰকাৰৰ বাবে জৰুৰী হ’ব বুলিয়েই ভাবি সোমাই গ’লোঁ”
“ইমান মানুহ মৰিল আৰু তইঁ চৰকাৰৰ কথা ভাবিবলৈ এৰা নাই?”
“চা, যিটো কামৰ বাবে ইমান মানুহে প্ৰাণ দিলে, তাৰ গুৰিলৈকে গৈ তাক জানিব নোৱাৰিলে মইৰ জীয়াই থকাৰ কি মতলব?”

“অ কে, তাৰ পিছত?”

“এটাৰ পিছত এটা কোঠা ক্ষীণ পোহৰত চাই গৈছোঁ, ভাগ্যে মোৰ বেগত এটা টৰ্ছ আছিল…|
অকস্মাত্‍ এটা কোঠাৰ ভিতৰৰ পৰা তিনিটামান জ’ম্বি আৰ্তনাদ কৰি ওলাই আহিল, মইৱ এটাক চিনি পালোঁ- আমাৰ পাইলট কুলদীপ সিং | পিছুৱাই গৈ তাৰ সতে কথা পাতিবৰ চেষ্টা কৰিলো… কিন্তু সি খেদা মাৰি আহি মোক কামুৰিবৰ চেষ্টা কৰিলে, পিষ্টলৰ নলীডাল তাৰ মূখতে ভৰাই শ্বুট কৰিলোঁ, তাতে নিঢাল হৈ পৰি ৰ’ল সি | বাকী দুটা কো মাৰিবলৈ সাজু হৈছোহে, মোৰ চকু বিস্ময়ত বহল হৈ গ’ল!!”
“কিয়??”
“তাৰে এজনী আছিল মোৰ কলিজাৰ টুকুৰা গীতা— দ্বিতীয় জ’ম্বিটোক মাৰিলেও গীতালৈ টোঁৱাব নোৱাৰিলোঁ… মোৰ বুকু খন গধুৰ হৈ আহিল |”

“অ’ মাই গ’ড”

“ একে জাঁপে গীতা আহি মোৰ ওচৰ পালেহি … তাইৰ চেহেৰাটো বিকট আৰু বীভত্স হৈ পৰিছিল | তেজ লগা দাঁত কেইটা মোৰ টৰ্ছৰ পোহৰত জিলিকি বৰ ভয়ানক লাগিছিল, তাইৰ চকুকেইটাত যেন কোনো অনুভূতিয়ে নাই | তাইৰ কান্ধত ধৰি জোকাৰি মইল চিঞৰিবলৈ ধৰিলোঁ— মোৰ চিনি পাবলৈ বাৰে বাৰে ক’লোঁ, কিন্তু তাই দাঁত কেইটা মোৰ ডিঙিলৈ পোনাই আহিবলৈ হে চেষ্টা কৰিলে |
একোবত তাইক গঁতা মাৰি তাইৰ বুকুৰ ওপৰতে বহি ল’লোঁ, কিন্তু সেইয়াই আছিল মোৰ ডাঙৰ ভূল— মোৰ বাওঁহাত খন টানি লৈ তাই এক মস্ত কামোৰ মাৰিলে !”

“অ’ মাই গ’ড অ’ মাই গ’ড” সাগৰৰ কথা শুনি মোৰো চকু বিস্ফোৰিত হওঁ যেন হ’ল |

“বিশ্বাস হোৱা নাই? এইয়া চা”, হাতমোজা জোৰ একেটানে খুলি হাতখন সাগৰে মোৰ চকুৰ আগত ডাঙি ধৰিলে… মোৰ নিচা একেকোবে কৰবালৈ উৰি গ’ল | সৰু আঙুলি দুটাৰ আধা নাই |

মোৰ মেলা মূখখন চাই সাগৰে লাহেকৈ শেঁতা হাহি এটা মাৰিলে আৰু আকৌ হাতমোজাজোৰ পিন্ধি ক’বলৈ ল’লে, “মোৰ আঙুলি দুটা ছিঙি নিয়াৰ পিছত মইা ভাবিবলৈ বাধ্য হ’লোঁ যে, তাইও আৰু মানুহ হৈ থকা নাই, তাইৰ মূৰতো পিষ্টলটো লগাই তাইক মুক্তি দিব বিচাৰিলোঁ, কিন্তু হঠাত্‍ যেন তাইৰ চকুৰ মণি দুটা সেমেকি উঠিল, মোক যেন এক মুহুৰ্তৰ বাবে তাই চিনি পালে… | কিন্তু পিছ মুহুৰ্ততে আকৌ তাই হিংস্ৰ হৈ উঠিল | এইবাৰ আৰু ৰৈ নাথাকি ট্ৰিগাৰ দবাই দিলোঁ |”

মৌনতা | কি ক’ম ভাবি নাপালোঁ | সাগৰৰ চকুলৈ চাই কান্দিছে নেকি উমান ল’বলৈ চেষ্টা কৰিলোঁ… নাই কন্দা নাই, হয়তো কমাণ্ডো ট্ৰেইনিঙত কেনেদৰে নিজৰ আবেগক দবাই ৰাখিব লাগে তাকো শিকোৱা হয় | এই কাৰণতে ইমান দিন সাগৰে বিয়া কৰোৱা নাই… গীতাৰ প্ৰেমত তাৰ জীৱন এতিয়াও উচৰ্গিত |

দহ মিনিট মানৰ পিছত আকৌ লাহে লাহে সি কৈ গ’ল, “ নিজৰ প্ৰেমিকাক নিজেই হত্যা কৰাটো কিমান দুৰূহ কাম তইৰ হয়তো ভাবিবও নোৱাৰিবি, তাকো এনেকুৱা এক পৰিস্থিতিত, যেতিয়া তাই আৰু তাই হৈ থকা নাই | যি কি নহওক কাহিনী শেষ কৰোঁ…
লেবৰেটৰীৰ পৰা যিমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আছিল, গোটাই মেলি মইি হেলিকপ্তাৰৰ ওচৰলৈ আহিলোঁ | যিহেতু কুলদীপ সিং আৰু নাই, সেই কাৰণে ময়েই কিবা কৰি চলাব লাগিব | জীৱনত কেতিয়াও চলাই নোপোৱা কপ্টাৰখন চলাই আহি মইই বেছতে ৰিপৰ্ট কৰিলোঁহি |
সেইয়াই কাহিনী, মোৰ আৰু গীতাৰ প্ৰেম কাহিনী বন্ধু …”

“মই অতি দু:খিত, তোৰ যে এনে ঘটনা ঘটি গৈছে, মইব জনা নাছিলোঁ বন্ধু” মেজৰৰ হাতদুখন খামুছি ধৰিলোঁ | “কিন্তু এট কথা হে বুজি নাপালোঁ— তোৰ হাতত কামোৰাৰ পিছতো যে…?”

“ হা : হা: হা:, মইি জানিছিলোঁৱেই যে তইপ এই প্ৰশ্নটো কৰিবি, চা- মইই তোক কৈছিলো নহয় অথনি কিছুমানৰ গাত এই প্ৰক্ৰিয়া দেৰিকৈ হয় বুলি? হয়তো মোৰ গাত এতিয়ালৈকে ক্ৰিয়া কৰিব পৰা নাই চয়তান জীৱাণো বোৰে, কিন্তু মইু ভালকৈয়ে জানো যে এদিন নহয় এদিন এইবোৰে নিজৰ দুষ্কৰ্ম সাধন কৰিবই , আৰু সেই দিনা মইভও তোক চিনি নাপাম”

“চুপ, এনে অশুভ কথাবোৰ নক’বি চোন, মইি বহু ডাঙৰ ডাক্তৰক চিনি পাওঁ— একো অঘটন নঘটে তোৰ লগত”

“তয়েই প্ৰথম মানুহ, যাক মই’ মোক কামোৰাৰ কথা কৈছোঁ, নহ’লে গম পালে মোকো চেম্পল বনাই নিৰ্বাসন দিব চৰকাৰে” হো হোৱাই হাহিলে সাগৰে |

“চ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments