জয় ভোলানাথ ( উজ্জ্বল ফুকন )

জয় ভোলানাথ

উজ্জ্বল ফুকন

 

“কাইলৈ শিৱৰাত্রি। ওচৰত কৰবাত শিৱ মন্দিৰ আছে যদি সেৱা এটা কৰি আহিবি।” শিৱ মন্দিৰ এটাৰ সন্মুখত ভক্তৰ লানি নিচিগা শাৰী এটা দেখি ৰাজৰ মাকে ৰাতিপুৱাই ফ’নত কোৱা শব্দকেইটা কানত আকৌ এবাৰ বাজি উঠিল। বাইকখন অলপ ৰখাই ৰাজে চিন্তা কৰাৰ আগতেই মনৰ ভিতৰত থকা ভাল ৰাজ আৰু বেয়া ৰাজ দুয়োটা একেলগে সাৰ পালে।
“মেনেজাৰক চেলু এটাহে লাগে অ’ জান। অকাৰণত অফিছলৈ দেৰিকৈ গৈ তোৰ ইমেজ বেয়া নকৰিবি। পোনে পোনে অফিছলৈ যা আৰু কামত লাগ।” বেয়া ৰাজে কৈ গল।
ৰাজে থিক বুজি নাপালে সি ভাল কৈছে নে বেয়া কৈছে।
“মাৰৰ কথা শুন আৰু ছাৰক সেৱা এটা কৰি আহ। বছৰত এবাৰহে সোমাৱ মন্দিৰত। আৰু তইটো অফিছলৈ নগৈ পিভিআৰত চিনেমা চাই থকা নাই। তেন্তে কিহৰ ভয়।”ভাল ৰাজৰ উত্তৰ।
“চুপ থাক দুয়োটা।” ৰাজে চিঞৰি উঠিল।
কাষতে বগা চাৰ্ট পেন্ট পিন্ধি ৰৈ থকা বিধৱাটোৱে আকাৰে ইঙ্গিতে ৰাজক কি হল সুধিলে। পৰিস্থিতি বেয়ালৈ যোৱা যেন দেখি ৰাজে মন্দিৰলৈ যাওতে বাইকখন কত পাৰ্ক কৰিব পাৰি সুধিলে। কানাড়াতে কিবা এগাল বকি ট্রেফিক পুলিচটোৱে টু হুইলাৰ পাৰ্কিঙ এৰিয়াৰ ফালে আঙুলীয়াই দেখুৱালে।
“মুৰচোবোৱা, থেঙ্ক ইউ” কোনোবাই কানাড়াত গালি দিয়া যেন লাগিলে সিও অসমীয়াত কিবা এটা কৈ লেঠা মাৰি থৈ আহে।
“ভোলানাথে , যি কৰে ভালৰ কাৰণেই কৰে। একমাত্র উপাধি থকা ভগৱান। “ মাক আৰু মৰম” চিনেমাখনো কৰা হব। মায়েও ভাল পাব। আৰু তামিল মেনেজাৰটোৱে যদি মোক কিবা কৰে ভোলানাথ তুমি যেন তৃতীয় চকুটো মেলি এবাৰ তাক চাই দিয়া। কিন্তু দিনত চাবা দেই প্রভু, ৰাতিৰ আন্ধাৰত তাক দেখাৰ সাধ্য কাৰো নাই।” ৰাজে মন্দিৰৰ কাষত বাইকখন পাৰ্ক কৰি ভাবিলে।
কিন্তু লাইনত শাৰী পাতিহে ৰাজে বুজি পালে সি কিমান ডাঙৰ ভুল কৰিলে সি। ভয়ঙ্কৰ ভক্তি মানুহৰ। আজি আৰু এটাবেলাৰ পিছতহে সি অফিছ পাবগৈ। সেইবোৰ ভাবি থাকোতেই দূৰত প্রকাণ্ড শিৱৰ ছবি এখন দেখি ৰাজৰ মনটো স্মৃতিৰ সাগৰত ডুব যাবলৈ ধৰিলে। “শিৱৰাত্রি” শব্দটোৱে এক শিহৰণ সৃষ্টি কৰে ৰাজৰ মনত। মাঘ বিহু , বহাগ বিহু বা দূৰ্গা পূজাৰ সমানেই ভাল পায় সি এই দিনটো। দিনটো বুলি কলে হয়তো ভুলেই হব।
শিৱসাগৰৰ শিৱৰাত্রি তিনিদিন হয় আৰু এই তিনিদিন শিৱভক্তি , ভাঙ ঘোটা আৰু মেলাৰ মাজত মতলিয়া হৈ থাকে শিৱসাগৰবাসী। সৰুৰেপৰা ৰাজে এই দিনবোৰ ভালপোৱাৰ
আন দুটা কাৰণ হল বন্ধুবৰ্গক লগ পোৱা আৰু পঢ়া টেবুলৰপৰা দূৰত থকা। ৰাতিৰ শিৱৰাত্রিৰ মেলাত নগৰৰ মানুহবোৰ মেলা চাবলৈ আহে কিন্তু দিনৰ মেলাত শিৱসাগৰৰ উপকন্ঠ অঞ্চলৰ মানুহবোৰ গোট খাইহি। এবাৰ সিহঁতৰ তেতিয়াৰ দিনৰ দলটোৱে ভাঙ খোৱাৰ আচনি লৈছিল। ৰাতি খালে ঘৰত ধৰা পৰাৰ আশঙ্কা কৰি দিনতে ভাঙৰ সোৱাদ লোৱাৰ সিদ্ধান্ত লোৱা হল। কলা কলা ভয়লগা ভাঙৰ লাড়ুবোৰ দেখি জ্যোতি , ৰাজ, সৌৰভ, পৰশ কোনো এটাই খাবলৈ ইচ্ছা নকৰিলে। চিলিম টনাৰ সাহসকন তেতিয়াও হোৱা নাছিল সিহঁতৰ। শেষত গোটেইকেইটাই ঘোটা খোৱাটোকে থিক কৰিলে। দেৱী দৌলৰ কাষত ঘোটা খাই গোটেইকেইটা কব নোৱাৰা হৈ গল। ঘোটা যে ইমান মিঠা আৰু ইমান সোৱাদলগা সিহঁতে কল্পনাই কৰা নাছিল। প্রায় তিনি গিলাছ কোট কোটাই খোৱাৰ পিছত স্বয়ং ভোলানাথ যেন সিহঁতৰ দেহত প্রবেশ কৰিলে। সচৰাচৰ হোৱাৰ দৰে জ্যোতিয়ে প্রথমে নাটকখন আৰম্ভ কৰিলে। সদায় গণ্ডগোলৰ গুৰি ধৰোতা সিয়েই হয়। চাৰ্ট গেঞ্জি খুলি তেনেই অৰ্ধ উলঙ্গ হৈ দেৱীদৌলৰ কাষৰ প্রকাণ্ড গছজোপাৰ তলত জেওৰা খুটি এদাল লৈ এটা ভৰিৰ ওপৰত থিয় দি চিঞৰী থাকিল— “কোনো শিৱ নাই। ময়েই শিৱ। ভক্তগন মোক সেৱা কৰাহি।” পৰশ ইতিমধ্যে নন্দি হৈ আঠু কাঢ়ি জ্যোতিৰ কাষত বহি পৰিল। ৰাজ আৰু সৌৰভে শিৱৰূপী জ্যোতিৰ সন্মুখত বহি অনৰ্গল চিঞৰী আছে “জয় জয় ভোলে। বম বম ভোলে”। হঠাত চুলি জপৰা সন্যাসী এজন সিহঁতৰ ফালে আগবাঢ়ি অহা দেখি জ্যোতিয়ে ‘ভস্মাসূৰ’ বুলি বিকত চিঞৰ এটা মাৰি পৰশৰ পিঠিত জপিয়াই উঠিল। প্রভুৰ চিগনেল পাই নন্দিৰূপী পৰশ তৰানৰা চিঙি দৌৰিবলৈ ধৰিলে। পিছে পিছে ৰাজ আৰু সৌৰভ
“জয় জয় ভোলে। বম বম ভোলে” চিঞৰী দৌৰি থাকিল। দৌলৰ চাৰিওফালে কিমান পাক দৌৰিলে তাৰ কোনো হিচাপ নাই। আবেলি পৰত পৰশৰ চিনাকি কোনোবা এজনে দেখি গোটেইকেইটাক যেনে তেনে তেওঁৰ ঘৰলৈ লৈ গল। ঘোটাৰ নিচা নাইকিয়া হবৰ বাবে তেওঁ গোটেইকেইটাক কিবাকিবি খাবলৈ দিলে। ৰাতিলৈ নিচা নাইকিয়া হোৱাত তেওঁ জ্যোতিলৈ দেখুৱাই পৰিয়ালৰ সকলোকে কলে “আজি সাক্ষাৎ মহাদেৱ আমাৰ ঘৰলৈ আহিছে। মহাদেৱ আৰু অলপ ঘোটা খাব নেকি?” জ্যোতিৰ লগতে গোটেইকেইটাই সেইদিনা লাজ পাইছিল। সেইদিন ধৰি আজিলৈ মানুহজনে জ্যোতিক মহাদেৱ বুলিয়েই মাতে। সেইদিনা ৰাতি চাৰিওটাই কাণত ধৰি শপত খাইছিল আৰু কেতিয়াও ভাং জাতীয় বস্তু মুখত নিদিও বুলি।
“কিন্তু প্রতিজ্ঞা ভঙ্গ নকৰিবলৈ মই কিবা ভীস্ম নেকি?” ৰাজে মুখৰ ভিতৰতে ভোৰভোৰাই হাঁহিবলৈ ধৰিলে। তাৰ সন্মুখত ৰৈ থকা চুলি দীঘল কানাড়া শিৱভক্ত জনে ৰ লাগি চাই থকাত
ৰাজে জানি বুজিয়েই তাৰ ফালে চাই চকুদুটা পকাই ফেলফেলাই হাঁহি কলে “বম বম ভোলে”। কানাড়া ভক্ত তৎক্ষনাত ওলোটা ফালে মূৰ কৰিলে। হয়তো ভাবিলে এওঁ পোনে পোনে কৈলাশৰপৰা আহিছে চাগৈ।
ভাং বোলা বস্তুটো ৰাজে তাৰপিছত সচাকৈয়ে মুখত দিয়া নাছিল। কিন্তু ইঞ্জিনিয়াৰিঙ কলেজৰ সেই বিশেষ ক্রিকেট খেলখনৰ পিছত যেন ভাংএ তাক আকৌ এবাৰ দাঙি নি কৈলাশ পোৱালেগৈ।
ইঞ্জিনিয়াৰিঙ কলেজত প্রৱেশ কৰাৰ এটা বছৰ মানৰ পিছত সি লাহে লাহে বুজি পালে নিজৰ হোষ্টেলৰ লগতে আন আন হোষ্টেলবোৰত ভোলানাথৰ কিছুমান ক্ষুদ্র সংস্কৰণ আছে।
আৰু সেইকেইজনৰ মাজত বহুচৰ্চিত ‘হোষ্টেল চেন্টি’ বোলা বস্তুটো নাছিল। সিহঁত যেন হোষ্টেল কলেজ এইবোৰৰ বহু ওপৰত। নিজৰ জীৱনটো যেন সিহঁতে বাবাৰ নামত উছৰ্গা কৰি দিব। হয়তো ভোলানাথৰ বাহন কি বুলি সুধিলে নিগনি বুলিও কৈ দিব পাৰে বা ধোৱাৰ মাজৰ পৰা কোনোবাই চিঞৰিব ‘হু কেয়াৰচ’।কিন্তু চিলিম টনাৰ মূহুৰ্তত এইসকল ভক্তিত গদগদ। ‘জয় ভোলানাথ’ ইটোৱে সিটোক লগ পালে কয়। ৰাজৰ লগৰ মৃদু আছিল এই দলৰ সক্রিয় সদস্য। তাক ৰাজে বুজাইছিল ‘তই বেছিকৈ নাখাবি। ভাল নহয়’। তেতিয়া মৃদুৱে ওলোটাই বুজাই
“বাবা ভোলানাথ কৈলাশৰ বৰফৰ মাজত কেনেকৈ এখন বাঘৰ ছাল পিন্ধি বহি থাকে জান। কি শক্তি আছে তাৰ আঁৰত”। ৰাজহঁতে উত্তৰৰ আশাত মুখ মেলি চাই থাকে মৃদুৰ ফালে। চিলিমৰ ধোৱা এগাল ৰাজহঁতৰ মুখৰ ফালে উৰুৱাই মৃদুৱে কয় “এই প্রসাদৰ জোৰত। মই সদায় কৈলাশ ফুৰি আহো এই প্রসাদৰ ধোঁৱাত উঠি”। এইবোৰ শুনি শুনি ৰাজহঁতেও লাহে লাহে তাক নুবুজোৱা হৈ আহিল।
সেইবছৰ ৰাজহঁতৰ কলেজত শেষ বছৰ আছিল। কলেজ উইক আহি পালেহি। কলেজ উইক নহয় যেনিবা হোষ্টেলবোৰৰ মাজত এখন এখন যুদ্ধহে। কেনেকৈ নিজৰ হোষ্টেলটো আন আন হোষ্টেলবোৰতকৈ শ্রেষ্ঠ বুলি প্রতিপন্ন কৰিব পৰা যায় তাৰেই যেন এক মুকলি প্রতিযোগিতা। কোনোকালে লিখি নোপোৱা লৰাকেইটাইও ছিনিয়ৰৰ আদেশ শিৰোধাৰ্য্য কৰি কবিতা লিখিছে হোষ্টেল ৱাল মেগাজিনৰ কাৰনে। ৰাতি ৰাতি পেৰেডৰ অভ্যাস। “সাৱধান, বিশ্রাম” চিঞৰত এইখন ইঞ্জিনিয়াৰিঙ কলেজে নে কিবা মিলিটেৰি একাডেমি এদিনিয়া মানুহে বুজা টান । হোষ্টেল কমন ৰূমত পূৰ্ণগতিত চলি আছে আধুনিক নৃত্যৰ অভ্যাস। ভাত খোৱাৰ আগতে আধুনিক নৃত্যৰ অভ্যাস আৰু ভাত খোৱাৰ পিছত বিহু নৃত্যৰ অভ্যাস। সুবিধা নোপোৱা বিসম্বাদি চিনিয়ৰ কেইটামানে আধুনিক নৃত্যৰ দ্বিত্বীয় দল হিচাপে ডাইনিঙ হলত অভ্যাস কৰি আছে। বিশাল পেটটোৰ বাবে নিজৰেই ভৰি নেদেখা দেবও আছে এই বিসম্বাদি নৃত্য দলত। ভলীবল , বেডমিন্টন , ব্যায়ামাগাৰ ,ফুটবল, ক্রিকেট সকলোৰে অভ্যাস একেলগে চলি আছে। ৱাল মেগাজিনৰ দায়িত্ব লোৱাজনে গোটেই ৰাতি মেগাজিনৰ বাবে কাম কৰি ৰাতিপুৱা মাৰাথন অভ্যাসৰ বাবে ওলাই গৈছে। নাইবা লেগ, শ্লিপত ফিল্ডিঙ কৰি থকা কোনোবাটোৱে সময়ৰ ফাকত আধুনিক গীতৰ অভ্যাস চলাই গৈছে। এইদিনকেইটা ৰাজৰ বৰ ভাল লাগে। নিজে যিমান পাৰে সকলোতে ভাগ লবলৈ চেষ্টা কৰিছে। এইবাৰ ৰক্ষা নাই। ওলাই যোৱাৰ আগতে বেষ্ট হোষ্টেল হবই লাগিব । ক্রিকেটৰ কেপ্টেইন হৈ ৰাজৰ দায়িত্ব আৰু বাঢ়িল। এইবাৰ পৰীক্ষাত সৰস্বতীৰ হাঁহে যে প্রকাণ্ড কিবা এটা উপহাৰ দিব সেইটোত সি নিশ্চিত।
“দিছ ইজ নট হোষ্টেল ছেভেন , দিছ ইজ হেভেন ফৰ আচ। তহঁতিটো জানই এইবাৰ আমি চাৰিটাই শেষবাৰৰ বাবে খেলিছো আশাকৰো তহঁতে নিজৰ ১১০% দি খেলিবি”। প্রেকটিছৰ শেষৰ দিনা কোৱা নিজৰ কথাখিনি মনত পৰাত ৰাজৰ আকৌ হাঁহি উঠিল। কানাড়া ভক্তজনে চাওঁ নাচাওঁ কৈ আকৌ এবাৰ চালে তাৰ ফালে ।
বেয়া ৰাজটোৱে মাত লগালে “কি চাই থাকে অ’ এইদালে। দুইঘোছা দি চন্দ্রবিন্দু লগাই দে নামৰ আগত । ফটফ্রেমত সোমাই মালা পিন্ধি চাই থাকক”।
“কি দৰকাৰ তাক মাৰিবলৈ। হাঁহি এটা মাৰি থৈ দে।” ভাল ৰাজটোৱে ভোৰভোৰাই উঠিল।
তিনি ঘন্টা লাইনত থিয় হৈ থকা ৰাজে তালৈ চাই আকৌ সেই চিনাকি হাঁহিটো মাৰি হোষ্টেলৰ দিনবোৰলৈ ঘূৰি গল।

“ৰাজ দা আজি কিন্তু মোৰ লগত ওলাব লাগিব খেল জিকাৰ পিছত। লোকেল চিকেন খোৱাম আজি মেচত। তাতে আজি শিৱৰাত্রিও। ভাঙ খোৱাই দিব পাৰি কিন্তু হোষ্টেলৰ ৰাইজক।” এইটো বুটগুটিৰ মাত। ভাল নাম নিৰ্মল শ্যাম , এইবাৰৰ মেচ ছেক্রেটেৰি।
“ৰ প্রথমে খেলখন জিকিবলৈ দে তাৰপিছত কলৈ যাব লাগে কবি।” ৰাজে বুটগুটিৰ ফালে নোচোৱাকৈ কথাকেইটা কলে আৰু টিমটো লৈ ক্রিকেট ফিল্ডৰ ফালে ওলাই গল। আজি জিকিলেই সিহঁত ছেমিফাইনেল নাপায়। ভাল ৰানৰেটত জিকিব লাগিব। হোষ্টেল ৮ ৰ লগত উজু খেল এখনত হাৰি ৰাজহঁতৰ এই অৱস্থা হল। গোটেইবোৰে ভাল খেলিলে সিহঁতে নোৱাৰা কাম একো নাই। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি। ভাগ্য ধৃতৰাস্ট্র হৈ ৰাজহঁতৰ আগত দেখা দিলে। খেল খন জিকিলে যদিও ৰানৰেটৰ ব্যৱধানত সিহঁত ছেমিফাইনেল নাপালে। সেইদিনাৰ সেই দুখটো কিজানি পিছৰ জীৱনত বহু ইন্টাৰভিউ ক্লিয়েৰ কৰিব নোৱাৰা দুখতকৈ বহুগুণে বেছি আছিল।
“এহ ৰাজ দা, বাদ দিয়ক হে যি হবলগা আছিল হৈ গল। বলক ভোলানাথক সেৱা এটা কৰি আহো। ” দেবই কলে। কাষত বুটগুটি। দেব মস্ত পেটেলা আৰু বুটগুটি কটিয়া । কিন্তু দুয়োটাৰ মনটো কৰবাত মিলি যায়।
ৰাজেও ভাবিলে সেৱা এটা কৰি অহাই ভাল। কলেজ উইকৰ নামত এতিয়ালৈ একো পঢ়া হোৱা নাই। খেলতটো হাৰিলোৱেই এতিয়া পৰীক্ষাটো ভাল হলেই হল।
ভোলানাথক সেৱা কৰি বুটগুটিয়ে কোটকোটাই ঘোটা এক গিলাছ গিলি দিলে। ৰাজৰ পুৰণা কথাবোৰ মনত পৰিছিল যদিও বিশেষ নাভাবি দুই গিলাছ ঘোটা সিও গলাধাৰণ কৰিলে। হয়তো খেলখনৰ হৰাৰ দুখটোৱেও তাক অলপ সহযোগ কৰিলে। ইফালে দেবই গোপাগোপ ভাংৰ লাড়ু খোৱা দেখি ৰাজ আৰু বুটগুটিয়েও দুটা দুটা লাড়ু খাই দিলে। হোষ্টেললৈ ঘূৰি অহাৰ বাটত দেব আৰু বুটগুটিয়ে ইটোৱে সিটোক চাব নোৱাৰা হল । ইটোৱে সিটোক দেখিলেই হাঁহি হাঁহি বাগৰি পৰে। বাটত বেলেগ হোষ্টেলৰ ভঙুৱা কেইটামানো সিহঁতৰ লগত হাঁহিবলৈ ধৰিলে। বুটগুটি আৰু দেব হাঁহি হাঁহি ফোপাই গৈছে। ৰাজে যেনে তেনে দুয়োটাক আনি হোষ্টেল পোৱালেহি।
“ৰাজ দা ৰাতিৰ খানাটোৰ একো কৰাই নহল নহয়। লোকেল চিকেনটো আনিব যাব লাগিব। বলক যাও।” বুটগুটিৰ কেনেকৈ এই কথাটো মনত পৰিল ৰাজৰ বাবে সি আজিও সাথৰ।
“তই পাৰিবিনে? মই কিন্তু গছত উঠিব নোৱাৰো।” ৰাজে কলে।
“এহ একো চিন্তা নাই। লোকেল চিকেনটো আৰু উৰি নাযায়।” কথাটো কৈ বুটগুটিয়ে আকৌ পেটত ধৰি ধৰি হাঁহিবলৈ ধৰিলে। সিটো ব্লকৰ পৰা দেবৰ হাঁহি ভাহি আহিল। তাক যেনে তেনে ৰাজে শুৱাই থৈ আহিছিল। দেবৰ হাঁহি শুনি বুটগুটি আকৌ হাঁহি হাঁহি বাগৰি পৰিল। ৰাজে তাক টানি আজুৰি মেনুৱেল পট্টিৰ কঠাল গছৰ তললৈ লৈ গল। “ৰাজ দা টৰ্চটো ডালটোত মাৰক।” খপখপাই উঠি গৈ কঠাল গছৰ ওপৰৰ পৰা বুটগুটিয়ে চিঞৰীলে। ৰাজেও কঠাল লাগি থকা ডালটোত পোহৰ পেলালে।
“ধাপ” শব্দটোৰ পিছে পিছে ৰাজে পোহৰ পেলাই দেখে কঠাল সাৱটি বুটগুটি বোকাৰ মাজত। সি এহাতে কঠাল সাৱটি আনখন হাতেৰে সেইটো ডালকে কাটিলে।
“ৰাজ দা বচাওক।” বোকাৰ মাজৰপৰা বুটগুটিৰ চিঞৰ।
কঠাল একাষত লৈ ইখন হাতেৰে বুটগুটিক ধৰি ৰাজ হোষ্টেল পালেহি। হোষ্টেলৰ পানী টেঙ্কিৰ কাষত ভালকৈ গা ধুৱাই দিয়াত বুটগুটিৰ অলপ নিচা নাইকিয়া হল।
“মই শুই যাও”। তিনিটা শব্দকৈ বুটগুটি যি বিচনাত পৰিল সম্পূৰ্ণ এদিনৰ পিছতহে সাৰ পালে। ৰাজৰো লাহে লাহে মূৰটো ৰিমজিম কৰা যেন ভাব হল । গোটেই ৰাতিটো তাক ভাঙৰ নিচাই ভলীবলৰ দৰে ইখন বেৰৰ পৰা সিখন বেৰলৈ দলিয়াই থাকিব ধৰিলে। শেষত সি বিচনাৰ তলত কুচিমুচি শুই হে ৰক্ষা পালে।
পিছদিনা ৰাতিপুৱা ছেমিফাইনেল হোষ্টেল ১ আৰু হোস্টেল ৬ ৰ মাজত। হোষ্টেল ১ মানে মৃদুৰ হোষ্টেল । সি কি খেলিব সিহে জানে। আগদিনা ভাঙৰ যজ্ঞত সি যে আছিল সেইটো নিশ্চিত।
“ৰাজ দা প্লীজ আম্পায়ৰিঙ কৰি দিয়ক না” মাধূৰ্য্যই আহি কলেহি।
“থিক আছে।” হয়ভৰ দিলে যদিও ভাঙৰ নিচা তেতিয়াও লাগি আছিল ৰাজৰ। হোষ্টেল ৬ ৰ বেটিঙ আৰু এয়া সি কি দেখিছে অপেনিঙ কৰিবলৈ আহিছে চক্রৱৰ্তী । চক্রৱৰ্তী ভঙুৱা সন্থাৰ অন্যতম সক্রিয় সদস্য। কিন্তু বলাৰ কোন চাবলৈ গৈ ৰাজৰ হাঁহিমেই নে কান্দিম লাগিল। হাতত বল লৈ এয়া মৃদু। দুয়োটাই ৰাজৰ সন্মুখতে ইটোৱে সিটোক কলে “জয় ভোলানাথ” ।
অফত গাৰ্ড লৈ চক্রৱৰ্তীয়ে লেগ চাইডৰ বাহিৰত বেট ধৰিলে। ইফালে ৰাইট হেণ্ড ৰাউণ্ড দি উইকেট বুলি কৈ মৃদুৱে কেতিয়া অভাৰ দি উইকেট বল কৰিলে ৰাজে তলকিবই নোৱাৰিলে। ৰাজৰ দাঙি থোৱা বাওঁহাত দঙা ভাগেই থাকিল। ৰাজে মনতে ভাবিলে তিনিজন ভোলানাথ একেলগে ফিল্ডত চাগৈ এয়াই প্রথম।
মাজৰ খুটি উৰি গল কিন্তু মৃদুৱে একো গমেই নাপালে। চক্রৱৰ্তীয়ে হাঁহি হাঁহি উফৰি যোৱা খুটিদাল মৃদুক দি কলে “জয় ভোলানাথ”। মৃদুৱেও কলে “জয় ভোলানাথ”।
ৰাজে দুয়োটাকে চাই ধেকধেকাই হাঁহিব ধৰিলে। এইবাৰ যেন তিনিওজন ভোলানাথ একেলগে সাৰ পালে। হাঁহি হাঁহি তিনিওটা ক্রিজৰ মাজতে বহি পৰিল। উপস্থিত ৰাইজে তেতিয়াহে কাহিনীটো অলপ বুজি পালে। কথাবোৰ মনত পৰি ৰাজৰ হাঁহিটো আকৌ ওলাই আহিল। এইবাৰ কিন্তু সন্মুখত কানাড়া ভক্ত নাই স্বয়ং ভোলানাথৰ মূৰ্তি বিৰাজমান।
“জয় ভোলানাথ” ৰাজে চিঞৰী উঠিল। ওচৰৰ মানুহবোৰে তালৈ ঘূৰি চালে। ৰাজে ভাবিলে কৰবাত চাগৈ চক্রৱৰ্তী আৰু মৃদুৱেও চিঞৰিছে “জয় ভোলানাথ” আৰু ইটোৱে সিটোক মনত পেলাইছে। মন্দিৰৰ পৰা ওলাই অফিছলৈ গৈ থকা বাটত হোষ্টেলৰ লৰাবোৰ, সিহঁতৰ হাঁহি,সিহঁতৰ উৎপাতবোৰ আৰু একে সময়তে তামিল মেনেজাৰটোৰ মুখখন ভাহি আহিল।
তামিল মেনেজাৰটোক মনৰ ভিতৰতে চিলেক্ট কৰি ছিফ্ট দিলিট মাৰি হোষ্টেল ফেয়াৰৱেলত নিজৰ শব্দত গোৱা জগজিত সিঙৰ গানটো ৰাজে গুণগুণাই গল।
“য়ে নৌকৰি ভি লে ল
ৱ চৌকৰি ভি লে ল
ভলে চিন ল মুঝছে মেৰি জৱানি
মগৰ মুঝকৌ লৌতা দো দিন ৱ পুৰানে
ৱ দৌস্তৌ কে বাতে
ৱ হোস্টেল কে ৰাতে।

না নৌকৰি কি টেনচন
না ৰিস্তৌ কে বন্ধন
বড়ি খুবচুৰত থি ৱ জিন্দেগানি

য়ে নৌকৰি ভি লে ল
ৱ চৌকৰি ভি লে ল
ভলে চিন ল মুঝছে মেৰি জৱানি”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক