জলপ্ৰপাত (উচ্চজিৎ কলিতা)

ঘন ক’লা পাহাৰৰ বুকু ফালি

বৈ যায় ৰঙা এখনি নদী,

সেই নদী দিশহাৰা

সেই নদী এক নিথৰ চাহাৰা

বেদনাৰ সমুদ্ৰ-প্ৰপাত।


তাৰ বাবে সাগৰক

তাৰ বাবে পাহাৰক

চিৰদিন কৰা হ’ল বঞ্চিত

ভৈয়ামৰ অতুল ঐশ্বৰ্যৰ পৰা।

সেয়েহে লাঞ্চিত

সেয়েহে পতিত

সেয়েহে প্লাৱিত

যতমানে পাষাণ নিজৰা
ক’ত গৈ শেষ হ’ব

অভিমানী দিনবোৰৰ অভাৱী যাতনা,

অসীমৰ কোন সীমনাত

ডুব যাব সসীমৰ কামনা।

ৰঙা নদী শেষ হ’ব ক’ত

য’ত নেকি বাকী ৰয়

এটাই সত্য,

পাহাৰ আৰু ভৈয়াম

একেই পৃথিৱী,

সিহঁতৰ একেই আকাশ।

মাথোঁ ৰঙা এখনি নদী

তাতেই জানো ইমান তফাৎ,

যুগে যুগে বঞ্চনা

মাথোঁ নদীৰেই ইতিহাস।
তুমিয়েতো ক’ব পাৰা

তুমিয়েতো দিব পাৰা

বাধা সেই ধাৰণাত,

তুমিয়েতো হ’ব পাৰা

সাহসৰ সমুদ্ৰ-সিন্ধু।

ৰৈ যাব য’ত গৈ

দিশহাৰা সেই নদী

বেদনাৰ সমুদ্ৰ-প্ৰপাত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments