জলসংকট, বিশ্ব জল দিৱস, ‘জীৱনৰ বাবে পানী’ ইত্যাদি (প্ৰশান্ত কুমাৰ বৰা)

পঢ়াশলীয়া দিনবোৰত ‘কুঁহিপাঠ’ৰ পাতত পঢ়া পানীৰ আত্মবৰ্ণনাই সেই বয়সতে আমাৰ মনৰ পথাৰত পানীৰ গুৰুত্ব ৰোপিত কৰাইছিল যদিও তেতিয়া এই কথা অনুধাৱন কৰাৰ বয়স আমাৰ হোৱা নাছিল যে পৃথিৱী নামৰ আমাৰ গোলকীয় গ্ৰহটোৰ তিনি-চতুৰ্থাংশ আৱৰি থকা সত্ত্বেও তৃষ্ণা নিবাৰণৰ বাবে এটোপাল পানী বিচাৰি এদিন মানুহে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ কিন্তু বিধিৰ দুৰ্বিপাকত এই ভয়াৱহ দিনবোৰেই এদিন সাকাৰ ৰূপ ল’বলৈ গৈ আছে৷ পানী জীৱৰ জীৱন ধাৰণ আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এক অনিবাৰ্য পূৰ্বচৰ্ত৷ পৰিচ্ছন্নতাৰ বুনিয়াদস্বৰূপ অনাময় ব্যৱস্থাৰ আধাৰো এই পানীয়েই৷ কিন্তু ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনতেই প্ৰকাশ যে বিশ্বৰ প্ৰতি দহজন লোকৰ ভিতৰৰ দুজনেই নিৰাপদ খোৱাপানীৰ উৎসৰপৰা বঞ্চিত৷ প্ৰতিবছৰে নিযুতৰ ঘৰত লোক পানীজনিত ৰোগত মৃত্যুমুখত পৰে, চিন্তনীয়ভাৱে তাৰে অধিকাংশই হৈছে শিশু৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই কাৰণৰ বাবেই বিশ্বত প্ৰতিদিনে প্ৰায় ৩,৯০০টা শিশুৱে মৃত্যুক সাবটি লয়, যিটো শিশুৰ মৃত্যুৰ দ্বিতীয় ভয়াৱহ কাৰক৷ খোৱাপানীৰ সংকট, পানীৰ নিম্ন মান আৰু অনাময়ৰ অপৰ্যাপ্ততাই বিশ্বজুৰি খাদ্য, বাসস্থান আৰু শিক্ষাৰ সা-সুবিধাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ পানীৰ লগত জড়িত প্ৰাকৃতিক দুৰ্যোগ যেনে বান, সামুদ্ৰিক ধুমুহা, ছুনামি আদিয়ে জীৱ-জগতৰ প্ৰতি সময়ে সময়ে প্ৰবল প্ৰত্যাহ্বান জনাই আহিছে৷ বিপৰীতে বিশ্বৰ বহুসংখ্যক দেশ বছৰৰ পিছত ধৰি খৰাঙৰ দ্বাৰা পীড়িত হৈছে, যাৰ ফলত অপুষ্টি আৰু ক্ষুধাই তাৰ অধিবাসীসকলক পিষ্ট কৰি আনিছে৷ কৃষিক্ষেত্ৰ আৰু শক্তি উৎপাদনৰ বাবেও পানীৰ অপৰিহাৰ্যতা অনস্বীকাৰ্য৷ বিশ্বৰ খনিজ পদাৰ্থৰ ভাণ্ডাৰ ক্রমান্বয়ে টুটি আহিছে৷ খনিজাত ইন্ধন খাৰুৱা তেল আৰু কয়লাৰ বিকল্প হিচাপে শক্তিৰ নৱীকৰণযোগ্য উৎসৰ নিৰ্ভৰযোগ্যতা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ সেয়ে বিশ্বত জলবিদ্যুত প্ৰকল্পৰ মাধ্যমেৰে উৎপাদিত শক্তিৰ প্ৰতি অধিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে৷ প্ৰাপ্ত তথ্য মতে ২০৩০ চনলৈ নৱীকৰণযোগ্য শক্তিৰ চাহিদা প্ৰায় ৬০ শতাংশ বৃদ্ধি পাব৷ একেদৰে ২০০৭ চনৰ পৰা ২০৩৫ চনলৈ গোলকীয়ভাৱে শক্তিৰ ব্যৱহাৰো প্ৰায় ৫০ শতাংশ বাঢ়িব৷ ২০৫০ চনলৈ কৃষিক্ষেত্ৰত ব্যৱহৃত পানীৰ চাহিদাও ১৯ শতাংশ বৃদ্ধি পাব৷ সামগ্ৰিকভাৱে ২০৩৫ চনলৈ পানীৰ চাহিদা বৃদ্ধি পাব প্ৰায় ৮৫ শতাংশ৷ কিন্তু হতাশজনকভাৱে বিশ্বৰ প্ৰায় ২.৮ বিলিয়ন লোকে পানীৰ উচ্চ অভাৱগ্ৰস্ত অঞ্চলত আজিও বাস কৰে৷

এই কথা নিশ্চিত যে এক সুচিন্তিত কৰ্মপন্থাৰেহে পানীৰ এই সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ উদ্ভাৱন কৰিব পৰা যাব৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ চুকে-কোণে প্ৰতিজন লোকৰে মাজত এই বিষয়ক লৈ সজাগতাৰ সৃষ্টি হোৱাটো৷ এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ সজাগতাৰ বাবে এটা বিশেষ দিন উদ্‌যাপনৰ প্ৰস্তাৱ লোৱা হয়৷ সেইমতেই ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰে৷ ৰাষ্ট্ৰসংঘ, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বহুসংখ্যক স্বেছাসেৱী সংগঠনেও পানীৰ এই জটিল সমস্যাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে বিশ্ব জল দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবছৰে এই দিৱসৰ বাবে এটা মূল বিষয় বাছনি কৰাৰ লগতে নিৰ্দিষ্ট অন্তৰালত এই দিৱসৰ দিনা ৰাষ্ট্ৰসংঘৰ বিশ্ব জল উন্নয়ন প্ৰতিবেদনো প্ৰকাশ পায়৷ চলিত বৰ্ষৰ বাবে এই দিৱসৰ মূল বিষয় হৈছে– ‘পানী আৰু বহনক্ষম উন্নয়ন’৷

বিশ্ব জল দিৱস, ২০১৫ : পানী আৰু বহনক্ষম উন্নয়ন

বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ মূল অভিকেন্দ্ৰই হৈছে পানী৷ জলসম্পদৰাজি আৰু ই আগবঢ়োৱা সেৱাসমূহে দৰিদ্ৰতা দূৰীকৰণ, অৰ্থনৈতিক বিকাশ আৰু পাৰিৱেশিক বহনক্ষমতা শক্তিশালী কৰে৷ খাদ্য আৰু শক্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ পৰা মানৱ জাতিৰ স্বাস্থ্য আৰু সুস্থ পৰিৱেশ বৰ্তাই ৰখালৈকে পানীয়ে সদায়েই সামাজিক কল্যাণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰক্রিয়া উন্নীত কৰাত অৰিহণা যোগায়৷ বহনক্ষম উন্নয়নৰ অন্যতম পূৰ্বচৰ্ত শক্তিৰ লগত পানীৰ সম্পৰ্ক অতি নিবিড় আৰু ইহঁত দুয়ো পৰম্পৰৰ ওপৰত দৃঢ় নিৰ্ভৰশীল৷ শক্তিৰ উৎপাদন আৰু সংবহনত জলসম্পদ প্ৰভূতভাৱে ব্যৱহৃত হয়৷ একেদৰেই বিশ্বজুৰি উৎপাদিত শক্তিৰ প্ৰায় ৮ শতাংশই জল উত্তোলন, পৰিশোধন আৰু উপভোক্তাসকলৰ মাজত বিতৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হয়৷ পানী আৰু বহনক্ষম উন্নয়নৰ এই পাৰস্পৰিক সম্পৰ্কৰ দিশটোৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰবোৰে ২০১৫ বৰ্ষৰ আন্তৰ্জাতিক জল দিৱসত এই বিষয়টোক মুখ্য বিষয়ৰূপে গ্ৰহণ কৰিছে৷ আমাৰ জীৱন-যাপনৰ প্ৰতিটো দিশৰ লগতে পানী কেনেদৰে জড়িত আৰু ই আমি বিচৰা ভৱিষ্যতটো সৃষ্টি কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ত সজাগতা আৰু আলোচনাৰ দুৱাৰ মুকলি কৰাই এইবছৰৰ জল দিৱস উদ্‌যাপনৰ মূল উদ্দেশ্য৷

‘জীৱনৰ বাবে পানী’ শীৰ্ষক আন্তৰ্জাতিক দশক, ২০০৫-২০১৫

জীৱন ধাৰণৰ বাবে এক অন্যতম মৌলিক প্ৰয়োজন হোৱা সত্ত্বেও পানীৰ ব্যৱহাৰ আৰু ইয়াৰ সংকটৰ প্ৰতি বিশ্ববাসী দীৰ্ঘদিন ধৰি উদাসীন হৈ আছিল৷ কিন্তু বিগত দশকটোত এই সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰাত বিশ্বৰ সচেতন মহল ক্রমান্বয়ে এই বিষয়ত সজাগ হৈ উঠিছে৷ ২০০০ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ সন্মিলনত বিশ্বৰ নেতাসকলৰ উপস্থিতিত ‘সহস্ৰাব্দ ঘোষণা-পত্ৰ’ গ্ৰহণ কৰা হয়৷ এই ঘোষণাপত্ৰত বিশ্বৰ দৰিদ্ৰ নাগৰিকসকলৰ কল্যাণৰ বাবে ‘সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য’ শীৰ্ষক কিছুসংখ্যক সময়সাপেক্ষ লক্ষ্য সন্নিৱিষ্ট কৰা হয়৷ ইয়াৰ ১০ নং লক্ষ্যটোৱেই আছিল নিৰাপদ খোৱাপানীৰ বহনক্ষম সা-সুবিধা লাভ নকৰাকৈ জীৱন নিৰ্বাহ কৰা লোকৰ পৰিমাণ আধালৈ হ্ৰাস কৰা৷ ২০০২ চনৰ বহনক্ষম উন্নয়নৰ বাবে জোহান্সবাৰ্গ বিশ্ব সন্মিলনত এই লক্ষ্যক পৰিবৰ্ধিত কৰি অনাময়ৰ মৌলিক সা-সুবিধাকো ইয়াৰ লগত সামৰি লোৱা হয়৷ জোহান্সবাৰ্গ সন্মিলনৰ পাছৰ পৰা এই ক্ষেত্ৰত সজাগতা বৃদ্ধি পোৱাত সৰ্বসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানী আৰু মৌলিক অনাময়ৰ সা-সুবিধা সহজলভ্য কৰি তোলাত যথেষ্ট অগ্ৰগতি লাভ কৰা গৈছে যদিও দৰিদ্ৰতম লোকসকলক এই সেৱাৰ অধিকতৰ প্ৰদান সুনিশ্চিত কৰাৰ বাবে এতিয়াও বহুতো কৰণীয় আছে৷ এই কথা মনত ৰাখি জল আৰু শক্তিক্ষেত্ৰৰ বহনক্ষম বিকাশ ত্বৰান্বিত কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৩ চনৰ ডিচেম্বৰত এক প্ৰস্তাৱযোগে ২০০৫-২০১৫ বৰ্ষৰ সময়ছোৱাক ‘জীৱনৰ বাবে পানী’ৰ হকে কাম কৰাৰ আন্তৰ্জাতিক দশকৰূপে ঘোষণা কৰে (International Decade for Action ‘Water for Life’)৷ ২০০৫ চনৰ ২২ মাৰ্চত বিশ্ব জল দিৱসৰ দিনাৰ পৰা এই দশকটো আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ চলিত বছৰৰ বিশ্ব জল দিৱসত এই কাৰ্যসূচীৰ অন্ত পৰিব৷

জলসংকট আৰু আমাৰ মুলুকত ইয়াৰ প্ৰভাৱ

খোৱাপানীৰ বিশ্বজনীন সংকটৰ কলীয়া ডাৱৰে ভাৰতবৰ্ষৰ আকাশৰো এক বিস্তীৰ্ণ অংশ অন্ধকাৰাছন্ন কৰি তুলিছে৷ ভাৰতৰ ক্ষেত্ৰত এই সমস্যাটো অধিক স্পৰ্শকাতৰ এইবাবেই, কিয়নো আমাৰ দেশখন হৈছে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ৷ জনসংখ্যাবিদসকলে অংক কৰি পাইছে যে ২০৫০ চনমানত দেশৰ জনসংখ্যাই ১৬০ কোটি অতিক্রম কৰি চীনৰ পৰা বিশ্বৰ শীৰ্ষস্থান কাঢ়ি ল’ব৷ জনসংখ্যাৰ সমান্তৰালভাৱে দেশত খোৱাপানীৰ চাহিদাও বিপজ্জনকভাৱে বাঢ়ি যাব৷ ২০০১ চনত দেশৰ জনসংখ্যা ১০০ কোটি অতিক্রম কৰাৰ সময়তে দেশৰ ৬৮.২ শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ সুবিধা লাভ কৰিছিল বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছে৷ বিগত দশকটোত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটিলেও বৰ্ধিত জনসংখ্যাৰ তুলনাত সি নিচেই নগণ্য৷ প্ৰাপ্ত তথ্যমতে, দেশৰ প্ৰায় ৩৭.৭ নিযুত লোক প্ৰতিবছৰে বিভিন্ন পানীজনিত ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু চিন্তনীয়ভাৱে ইয়াৰ শতকৰা ৭৫ ভাগতকৈও অধিক হৈছে শিশু৷ খোৱাপানীৰ বাবে ভূ-জলৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা বাবে এই সংকট অধিক গাঢ়তৰ হৈছে, কিয়নো ফ্লুৰাইড, আৰ্ছেনিক আদি মাৰাত্মক বিহে দেশৰ বহু অংশৰ ভূ-জল বিষময় কৰি তুলিছে৷ দেশৰ ২০খন ৰাজ্যৰ প্ৰায় ৬৬ নিযুত লোক সম্প্ৰতি অত্যধিক ফ্লুৰাইড বিশিষ্ট পানী সেৱনৰ ফলত হ’ব পৰা বিপদাশংকাত ভুগিছে৷

খোৱাপানীৰ এই ভয়াবহ সংকটে নদীমাতৃক ৰাজ্য অসমকো ৰেহাই দিয়া নাই৷ বাৰিষাৰ বানৰ তাণ্ডৱে খোৱাপানীৰ প্ৰাকৃতিক উৎসসমূহ প্ৰদূষিত কৰাৰ সমান্তৰালভাৱে বিগত কিছুবছৰৰ পৰা খৰালি অহাৰ লগে লগেই ৰাজ্যৰ প্ৰায়বোৰ নদীতেই জলস্তৰ অভাৱনীয়ভাৱে নিম্নগামী হ’বলৈ আৰম্ভ কৰাও দেখা গৈছে৷ মহাবাহু ব্ৰহ্মপুত্ৰকো ই বাদ এৰা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পাৰ্শ্ব প্ৰভাৱস্বৰূপে জলবায়ুৱে ইয়াৰ স্বাভাৱিকতা হেৰুৱাই পেলোৱাত আমাৰ ৰাজ্যখনতো বৰষুণৰ পৰিমাণ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে৷ ফলত খৰাংসদৃশ পৰিস্থিতিৰ কবলত পৰা অঞ্চল ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ৰাজ্যৰ বেছ কিছুসংখ্যক সৰু-বৰ উপনৈৰ লগতে বহুবোৰ জলাশয় ফাগুন-চ’তমহীয়া একেবাৰে শুকাই যোৱাও চকুত পৰিছে৷ ভূ-জলৰ লগতে ভূ-গৰ্ভস্থ জলৰ স্তৰ ক্রমান্বয়ে নিম্নগামী হোৱাৰ ফলতেই এনে হোৱা বুলি অনুমান কৰা হৈছে৷ ৰাজ্যৰ বহু স্পৰ্শকাতৰ অঞ্চলৰ পানীত বিপজ্জনকভাৱে ফ্লুৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ এনে বিষাক্ত পানী সেৱনৰ ফলত জলসম্ভুত ৰোগসমূহেও সঘনাই দেখা দিবলৈ আৰম্ভ কৰিছে৷ চহৰ-নগৰবোৰত খোৱাপানীৰ এই সংকট অধিক জটিলতৰ হৈছে৷ উদ্যোগীকৰণৰ লগে লগে নগৰাঞ্চলৰ পৰিসৰো ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ফলত ওখ ওখ অট্টালিকা নিৰ্মাণৰ সমান্তৰালভাৱে ভূ-গৰ্ভৰ বহু গভীৰতাৰ পৰা জল উত্তোলন কৰাৰ ফলত এই ঠাইবোৰত ভূ-গৰ্ভস্থ জলৰ স্তৰ দ্ৰুতভাৱে অধোগামী হৈছে৷ ফলত বৰ্ষাকালৰ বিদায়ৰ লগে লগে কুঁৱা, পুখুৰী, অগভীৰ নলীনাদ আদিৰ পৰা পানীয়েও বিদায় ল’বলৈ আৰম্ভ কৰিছে৷

জলসংকটৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও জনসাংখ্যিক দৃষ্টিকোণৰ পৰা এয়াই নিশ্চয় পৰ্যাপ্ত নহয়৷ বৰ্ধিত জনসংখ্যা, দ্ৰুত উদ্যোগীকৰণ, নগৰীকৰণ, পৰিৱৰ্তিত জলবায়ু আদি কাৰকৰ বিপৰীতে খোৱাপানী বা অন্যান্য জলৰ ক্রমবৰ্ধিত চাহিদাৰ জোৰা মৰাৰ বাবে চৰকাৰ, জনসাধাৰণ সকলোৰে বহুতো কৰণীয় আছে৷ জলসম্পদত অতি সমৃদ্ধ ৰাজ্য হৈও অসমে ইয়াৰ সম্পদৰাজিক আজিকোপতি সম্পূৰ্ণৰূপত কামত লগাব পৰা নাই৷ এইক্ষেত্ৰত এক সু-পৰিকল্পিত আঁচনিৰে আগবাঢ়িব লাগিব৷ বৰষুণৰ পানী সংৰক্ষণ, ব্যৱহৃত পানীৰ পুনৰুদ্ধাৰৰ বাবে পৰিশোধন প্ৰকল্পৰ ব্যৱস্থাত অগ্ৰাধিকাৰ দিব লাগিব৷ ভূ-গৰ্ভস্থ জল ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰাটোও সমানেই অপৰিহাৰ্য৷ মাথো চৰকাৰেই নহয়, এইক্ষেত্ৰত আমাৰ সকলোৰে সমতি প্ৰচেষ্টাৰো অপৰিসীম গুৰুত্ব আছে৷ ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানৰ পৰ্যাপ্ততাৰ সময়তো যদি আমি পানীৰ ব্যৱহাৰত হাত ধৰি চলোঁ, ইয়াৰ অপচয় ৰোধ কৰি সংৰক্ষণত হাত উজান দিওঁ, প্ৰাকৃতিক জলাশয়সমূহক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰোঁ, তেন্তে আমি নিশ্চিতভাৱে আশ্বস্ত হ’ব পাৰিম যে প্ৰাণীৰ প্ৰাণস্বৰূপ এই পানী নামৰ মূল্যৱান সম্পদবিধ কেতিয়াও প্ৰাণীৰ প্ৰাণহৰণৰ কাৰকত পৰিণত নহ’ব৷ বিশ্ব জল দিৱসৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী উদ্‌যাপনৰ বেলিকা ইয়াতকৈও ডাঙৰ উপলব্ধি আমাৰ বাবে আন কি হ’ব পাৰে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments