জল পত্নী – শিল্পী গোস্বামী

 

১৮ বছৰীয়া গঙ্গা অন্তঃসত্বা হ’ল৷ ভৱঁৰ সিংৰ লগত বাল্যবিৱাহ হৈছিল তাইৰ৷ পুতলাৰ খেল খেলি থকাৰ সময়তে বিয়া পাতি দিয়া হৈছিল দুয়োৰে৷ একেলগে পাৰ কৰিছিল শৈশৱৰ কালৱা সিহঁতে৷ স্বামী-স্ত্ৰী হোৱাৰ আগতেই এক নিভাঁজ বন্ধুত্বৰ সম্বন্ধ গঢ় লৈ উঠিছিল সিহঁত হালৰ মাজত৷ শাহুয়েক শহুৰেকেও মৰমতে ৰাখিছিল ঘৰখনৰ একমাত্ৰ বোৱাৰীজনীক৷ এতিয়া বিয়াৰ দহ বছৰৰ পাছত অহা এই সুখৰ খবৰটো পোৱাৰ পাছত ঘৰখনৰ আটাইৰে আনন্দৰ সীমা নাইকিয়া হ’ল৷ গিৰিয়েকে তাইৰ আন দিনতকৈ বেছি যত্ন ল’বলৈ ল’লে৷ তাই ভাল পোৱা বস্তুবোৰ আথে বেথে আনি তাইৰ হাতত মৰমেৰে তুলি দিয়েহি৷ হ’বলগীয়া সন্তানৰ নতুন নতুন নাম দিনে ভাবিবলৈ ধৰিলে৷ এনেকৈয়ে নতুন আশা, নতুন সুখ-সপোন, অফুৰন্ত মৰম আৰু হেঁপাহৰ মাজেৰে দুটা মাহ কেনেকৈ পাৰ হৈ গ’ল সিহঁত হালে গমেই নাপালে৷ ৷

কিন্তুু তাই মাক হ’বলৈ ওলোৱাৰে পৰা আন এটা চিন্তাই ভৱঁৰক তিলতিলকৈ দহি যাবলৈ ধৰিলে৷ সি যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহটো হোৱা সত্বেও সুখী হ’ব পৰা নাই৷ গঙ্গাই এই কথা লক্ষ্য কৰি বাৰে বাৰে তাক সোধে, কিন্তুু সি তাইক সকলো ক’ব খুজিও যেন ৰৈ যায়৷ গঙ্গাই যেন কথাটো অনুমান কৰিও কৰিব নোখোজে—–

তিনিমাহত ভৰি দিয়াৰ লগে লগেই গিৰিয়েকে গ’ম পালে কথাটো আৰু পিচুৱাব নোৱাৰি৷ ইতিমধ্যে যথেষ্ট দেৰি হৈছেই৷ গঙ্গাক সাহস কৰি তাৰ দ্বিতীয় বিবাহৰ কথাটো ক’লে৷ সকলো বুজিও যেন তাইৰ খঙ আৰু অভিমান কৰিবলৈ মন গৈছে৷ দুদিনমান তাই ভৱঁৰক নমতাকৈয়ে থাকিলে৷ দুৱাৰখন জোৰকৈ মাৰে, কাঁহী-বাতিবোৰ থেকেচা মাৰি মাৰি ধোৱে৷ মুঠতে মনৰ বেদনা তাই যেনে তেনে উলিয়াবলৈ চেষ্টা কৰিছে৷ শাহুয়েকে এইবোৰ দেখি নিৰৱে চকুলো টোকে৷ নিজকে দোষ দিয়ে৷ তেওঁ অসুস্থ নোহোৱা হ’লে বোৱাৰীয়েকৰ আজি এনে দিন নাহিলহেঁতেন৷ সদায় ৰাংঢালী হৈ থকা বোৱাৰীয়েকজনী মৰহি যোৱা চাই থাকিব পৰা নাই তেওঁ৷ মাজে মাজে বোৱাৰীয়েকক ওচৰলৈ মাতি মূৰে-গায়ে হাত ফুৰাই মৰম কৰি কৰি কয়-“তোৰ নিচিনা বোৱাৰী মই গোটেই পৃথিৱীখন বিচাৰিলেও নাপাওঁ অ’ আই“
গঙ্গাই প্ৰত্যুত্তৰত শাহুৱেকৰ কোলাতে মুখখন গুজি কান্দে৷

অৱশেষত সেই দিনটো আহিল৷ গঙ্গা তাইৰ মৰমৰ গিৰিয়েকৰ বিয়াৰ কামত ব্যস্ত৷ শাহু-শহুৰ অসুস্থ হোৱা বাবে গিৰিয়েকৰ বিয়াৰ সমস্ত দায়িত্ব তাইৰ ওপৰতেই পৰিল৷ ধুম-ধামকৈ নাই পতা যদিও অলপ হ’লেও বিয়া বুলি আয়োজন কৰা হৈছে৷ কঠিন শিলৰ ৰূপ ধাৰণ কৰি তাই নিজ দায়িত্ব পালন কৰি গ’ল৷ গিৰিয়েকে তাইৰ চকুলৈ চাই কথা ক’ব নোৱাৰা হ’ল৷ মাথো কথাৰে আশ্বাস দিলে যে সি যি কৰিছে তাইৰ ভালৰ কাৰণেই কৰিছে৷ তাইৰো খং-অভিমান বোৰ লাহে লাহে নাইকিয়া হ’ল৷ বাস্তৱ পৰিস্থিতি বুজি পাবই লাগিব৷

ন কইনা ঘৰ সোমালেহি৷ ছোৱালীজনীৰ মাক দেউতাক নাই৷ মামাকৰ ঘৰত থাকি ডাঙৰ হোৱা৷ সকলোৰে অৱহেলাৰ পাত্ৰী৷ খোৱা বোৱাতো দূৰেই ভালকৈ মাত এষাৰো মামাকৰ ঘৰত কাৰো পৰা নাপায় তাই৷ গঙ্গাতকৈ দুই বছৰ মানৰ সৰু৷ দুৰ্ভগীয়া ছোৱালীজনীলৈ গঙ্গাৰ কিবা দুখ লাগি গ’ল৷ বেচেৰীজনী কিমান আশা লৈ এইখন ঘৰলৈ আহিছে৷ তাইকো পত্নীৰ মৰ্য্যাদা দিবই লাগিব ভৱঁৰে৷ কিন্তু ক’ৰবাত ক্ষোভৰ জুইকুৰাও জ্বলি আছে৷ সেই নিশাটো গঙ্গাই শাহুয়েকৰ লগতেই কটালে৷ উচুপি উচুপি খং, ক্ষোভ, অভিমান আৰু হিংসাৰে ভৰা এটা উজাগৰী নিশা কটালে তাই৷ শাহুৱেকে যিমান পাৰে তাইক আশ্বাস দিবলৈ চেষ্টা কৰিলে৷ বাৰে বাৰে গিৰিয়েকৰ মুখখন আৰু সি কোৱা কথা কেইটা মনত পৰি থাকিল তাইৰ-“মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ৷ মোৰ আৰু উপায় নাই৷ তই মোৰ ওপৰত বিশ্বাস ৰাখ“

পাছ দিনা গতানুগতিকভাৱেই গঙ্গাই নিজৰ দৈনন্দিন কামবোৰ কৰি গ’ল৷ পানী আনিবলৈ যোৱাৰ সময় হ’লত গঙ্গাই পানী অনা কলহ কেইটা মূৰত তুলি ল’লে৷ এনেতে ন কইনা গীতা দৌৰ মাৰি গঙ্গাৰ ওচৰ পালেহি৷ গঙ্গাৰ পৰা কলহকেইটা লৈ তাই নিজৰ মূৰত তুলিবলৈ ধৰি ক’লে-“দিদি, এতিয়া আৰু আপুনি পানী আনিবলৈ যাব নালাগে৷ আজিৰে পৰা এই কাম মই কৰিম, আপোনাৰ গা ভাল নহয়। আৰাম কৰক৷ “

ক’ব নোৱাৰাকৈয়ে গঙ্গাৰ মুখখনো এটা মৰমসনা হাঁহিৰে বিৰিঙি উঠিল৷
কলহ দুটামান মূৰত তুলি আৰু দুটামান হাতেৰে ধৰি সদ্যবিবাহিতা গীতা এখোজ দুখোজ কৈ পানী আনিবলৈ যোৱা মহিলাৰ দলটোৰ ফালে আগুৱাই গ’ল৷ তাই যেন তাইক বিয়া কৰাই অনাৰ কাৰণটো ভালদৰেই বুজি পাইছে আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ আগুৱাই গৈছে৷ তাইৰ কাৰণে এইটোয়েই যে আচল “পত্নী ধৰ্ম“৷

কাৰণ তাই যে জল পত্নী (water wife)!

বি: দ্ৰ:-
ভাৰতত এতিয়াও বিভিন্ন ঠাইত, ঘৰখনত উপযুক্ত পৰিমাণৰ পানীখিনিৰ যোগান ধৰিবৰ বাবেই পুৰুষে দুখন তিনিখনকৈ বিয়া পাতে৷ খোৱা পানী বহুত দূৰৰ পৰা মুৰত তুলি সংগ্ৰহ কৰি আনিবলগীয়া হোৱা বাবেই এনে কৰিবলগীয়া হয়৷ পুৰুষ সকলে বাহিৰৰ কাম কৰে আৰু মহিলাসকলে ঘৰুৱা কাম আৰু পানীৰ যোগান ধৰে৷ ঘৰত মহিলা নাথাকিলে বা অসুস্থ হ’লে পানী আনিবলৈ মানুহ নাইকিয়া হয়৷ সমাজৰ পৰা অৱহেলিত অথবা বিধবাসকলকেই সাধাৰণতে কেৱল পানী অনাৰ উদ্দেশ্যৰে বিয়া কৰোৱা হয় আৰু এওঁলোকেই হৈছে water wives.
এই দুৰ্ভগীয়া মহিলা সকলৰ জীৱনৰ, সিহঁতৰ কষ্ট আৰু চকুপানীৰ কোনো মূল্য নাই৷ সকলো গীতাৰ দৰে ভাগ্যৱতী নহয় যে গঙ্গাৰ দৰে সতিনীয়েক পাব৷ বহুতে ঘৰুৱা কাম কাজ কৰিয়ে স্বামী গৃহত জীৱন কটাব লগীয়া হয়৷ কিছুমানে সম্পূৰ্ণ পত্নীৰ মৰ্যাদা পায়৷
Water wives সকলৰ বিষয়ে বহুতে চৰ্চা কৰিছে৷ লিখা মেলা কৰিছে, চিনেমা বনাইছে৷ সজাগতা বঢ়াইছে৷ চৰকাৰক কাণ চোৱাবলৈ চেষ্টা কৰিছে৷ water wives নামেৰে এখন বৰ ধুনীয়া short film আছে৷ ইচ্ছা কৰিলে পাঠক সকলে you tube ত চাব পাৰে৷ অসমৰ দৰে ভাগ্যবান ঠাইৰ বাবে এইবোৰ দৃশ্য বিৰল৷ সেইবাবেই অসমৰ পাঠক সকললৈ এই কাহিনী আগবঢ়ালো৷
দুখ লাগে স্বাধীনতাৰ ইমান বছৰৰ পাছতো আমাৰ দেশৰ এই অৱস্থা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক