জাঁজী নৈৰ পাৰ,বিশ্বকৰ্মা পূজা আৰু তাহানিৰ চাৰপ্ৰাইজ বাৰ্থডে পাৰ্টিটোঃ শিল্পী ভূঞা গোস্বামী

 

 

আজি মোৰ জন্মদিন। বিশ্বকৰ্মা পূজাত জন্ম হোৱা বাবেই দে’তাই নাম দিছিল “শিল্পী”।

তাহানিৰ দিনৰে মোৰ জীৱনৰ এটা পাহৰিব নোৱাৰা চাৰপ্ৰাইজ বাৰ্থডে পাৰ্টিৰ বিষয়ে আজি লিখিবলৈ মন গ’ল।

জাঁজী নৈৰ পাৰৰ স্মৃতি
————————————-
মথাউৰিটোৰ সিটো পাৰে জাঁজী নৈ খন। এইটো পাৰে আমাৰ স্কুল। মথাউৰিটোৰ কাৰণে স্কুলৰ চৌহদৰ পৰা নৈ খন নেদেখি। অহৰহ কাণত বাজি থাকে সোঁতৰ শব্দ আৰু নৈ খনৰ হাঁহিৰ খলকনি! যেন জাঁজীয়ে নিজৰ স্থিতিৰ উমান হে দি থাকে। মন গ’লেই এই শব্দবোৰৰ অস্তিত্ব বিচাৰি দৌৰ মাৰি মথাউৰিত উঠি নৈ খন চাই আহিব পাৰি। বাঁহনি-কাঠনি-চিনাকি মানুহবোৰৰ কেঁচা-পকা ঘৰ কিছুমান । শুৱনি গাঁও খনৰ মাজত আমাৰ স্কুল খনৰ চাৰিওফালৰ মনোমোহা পৰিৱেশ। চিলিং ফেন, লাইট আদিৰ ব্যৱস্থা নাছিল, তথাপিও বতৰে আমনি কৰাৰ কথা মনতেই নপৰে দেখোন!

মই তেতিয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। ককা ঢুকুৱাৰ পাছত আইতাৰ( মাৰ মাক) লগত থাকি মই সেইখন স্কুলত প্ৰায় এবছৰ মান পঢ়িছিলোঁ। দেউতাৰ একদম ইচ্ছা নথকা সত্বেও সকলোৰে অনুৰোধত আৰু বিশেষকৈ মোৰ আইতাৰ লগত থকাৰ আঁকোৰগোঁজ মনোভাৱৰ বাবে দেউতাই মোক তাত থ’বলৈ বাধ্য হৈছিল। তথাপিও মোক চাই যাবলৈ মাহঁত কিমান বাৰ নামৰূপৰ পৰা যোৰহাটলৈ ঢপলিয়াইছিল তাৰ ঠিক নাই! মোলৈ মনত পৰিলে প্ৰায়ে চকুলো টোকে বুলি চবেই মোক কৈছিল! কিন্তু মই আঁকোৰগোঁজ—- নাই জাঁজীত হে থাকিম। যি কি নহওঁক মোৰ জেদৰ কাৰণেই জাঁজী নৈৰ পাৰৰ সেই কোনো আৰ বেৰ নোহোৱা মাত্ৰ এটা দীঘলীয়া কোঠাৰ সৰু-ধুনীয়া আৰু মোৰ ককাদেউতাৰ নামেৰেই নামাকৰণ কৰা সৰু স্কুল খনত পঢ়াৰ আপুৰুগীয়া দিনবোৰ মোৰ জীৱনৰ অংশ হৈ পৰিল। ভাবিলে ভাল লাগে মাটিত ঢাৰি পাৰি বহা বিদ্যালয় আৰু আধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ শিক্ষানুষ্ঠান— দুয়ো ধৰণৰ ঠাইৰে অভিজ্ঞতা মোৰ আছে।

নামৰূপৰ বিশ্বকৰ্মা পূজা
————————————-
মোৰ দেউতা নামৰূপৰ সাৰ কাৰখানাত কৰ্মৰত আছিল। প্ৰতি বছৰে নামৰূপৰ সাৰ কাৰখানাত বিশ্বকৰ্মা পূজা ধুম-ধামেৰে পতা হৈছিল। বছৰটোত কেৱল সেইদিনাহে ফেক্টৰিৰ ভিতৰত সৰু ল’ৰা ছোৱালীক প্ৰবেশ কৰিবলৈ দিয়া হৈছিল। আমাৰ ঘৰত ৰাতিপুৱা চাইকেল- স্কুটাৰ-গাড়ী আদি ধুনীয়াকৈ ধুই আমি দেউতাৰ লগত প্ৰতি বছৰে ফেক্টৰিলৈ গৈছিলোঁ। ফেক্টৰিৰ ভিতৰলৈ যোৱাটো কেনে ধৰণৰ অভিজ্ঞতা সেইটো নামৰূপৰ প্ৰতিটো শিশুৱে বুজি পায়। বহুত দিন আগৰে পৰাই বিশ্বকৰ্মা পূজা বুলি কি যে উত্তেজনা হৈছিল! মোৰ ফুৰ্ত্তি অলপ বেছিয়েই হৈছিল কাৰণ একেদিনাই মোৰ জন্মদিনটোও পৰে। দে’তাৰ লগত ফেক্টৰিৰ ভিতৰলৈ যোৱা, দে’তাৰ অফিচ চোৱা, ফেক্টৰিৰ ভিতৰত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পূজা কেইভাগত প্ৰসাদ খোৱা—- আস্! ভাবিলেই ভাল লাগি যায়। দিনটো শেষ কৰি পাছ বেলালৈ আকৌ মোৰ জন্মদিন। মুঠৰ ওপৰত আমাৰ কাৰণে বৰ ফুৰ্ত্তিৰ দিন আছিল সেইটো। নামৰূপবাসীয়ে নামৰূপৰ বিশ্বকৰ্মা পূজাৰ উত্তেজনা বেছি ভালকে বুজি পাব।

জাঁজী নৈৰ পাৰ আৰু চাৰপ্ৰাইজ বাৰ্থদে পাৰ্টি
——————————————————————–
দুদিনৰ পাছত মোৰ জন্মদিন আৰু লগতে বিশ্ব কৰ্মা পূজা। প্ৰথম বাৰ মোৰ জন্মদিন আৰু লগতে বিশ্ব কৰ্মা পূজাৰ দিনটোত নামৰূপৰ পৰা দূৰত থাকিম সেইবাৰ। আইতাৰ ঘৰত মোৰ জন্মদিন কেনেকৈ গ’লহেতেঁন গমেই নাপালোঁ। কাৰণ মোৰ বাবে বেলেগ এটা অভিজ্ঞতাইহে অপেক্ষা কৰি আছিল।

সেইদিনা ৰাতিপুৱা গতানুগতিক ভাৱেই স্কুললৈ গৈছিলোঁ। দুটামান পিৰিয়ড পাৰ হৈছিল বোধহয়, এনেতে স্কুলৰ বাহিৰফালে কথা বতৰা শুনি চকু গ’লত নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলোঁ। ক্লাছৰ বাহিৰৰ স্কুলৰ চৌহদত মোৰ দে’তা। শিক্ষক সকলৰ লগত কথা পাতি আছে। দে’তাৰ লগত মামাৰ ঘৰৰ বন কৰা ল’ৰা। মাধৱ দা আৰু ধৰ্ম দা। সিহঁতৰ মুৰত ডাঙৰ ডাঙৰ খৰাহী আৰু হাতত মোনা। মোক ক্লাছৰ পৰা মতাই নিলত একে দৌৰে দে’তাক সাবটি ধৰিলোঁগৈ। শোকে খুন্দা মাৰি ধৰিছিল।

পাছত ছাৰ সকলৰ নিৰ্দেশ অনুসৰি স্কুলৰ ছাত্ৰ ছাত্ৰী সকলক নিজা নিজা ঠাইত বহিবলৈ দিয়া হ’ল। সেই যে খৰাহী কেইটা? তাত দে’তাই লৈ আহিছিল— নাহৰকটীয়াৰ বিখ্যাত ৰসগোল্লা, ব্ৰিটানিয়া কেক (সেই সময়ত ব্ৰিটানিয়া কেক নতুনকৈ ওলাইছিলহে বোধহয়) আৰু নানান সুস্বাদু খাদ্য। বৰ মৰমেৰে দে’তাই প্ৰত্যেককে খুৱাইছিল। গাঁওৰ স্কুল খনৰ ল’ৰা ছোৱালীৰ বাবে সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা। মোৰ মনত আছে বিশেষকৈ ব্ৰিটানিয়া কেক খাই সকলোৱে বিৰাটেই ভাল পাইছিল। একেবাৰে নতুন বস্তু আছিল সকলোৰে বাবে। মোৰ আনন্দৰ সীমা নাইকীয়া হৈছিল সেইদিনা। পাছত সেইদিনা আধাতে চুটি কৰাই দে’তাই মোক নামৰূপলৈ লগত লৈ গৈছিল। মই সপোনতো কেতিয়াও কল্পনা নকৰা কথা এটা দে’তাই বাস্তৱৰ ৰূপ দিছিল।

প্ৰতিবাৰেই জন্মদিনত মোৰ এই দিনটোলৈ বৰ মনত পৰে। সদায় ভাৱো দে’তাই কেনেকৈ অকলে অকলে সকলোখিনিৰ পৰিকল্পনা কৰিছিল। মোৰ মনটো ভাল লাগক বুলিয়ে ইমান কষ্ট কৰিছিল। নামৰূপৰ পৰা নাহৰকটীয়ালৈ গৈ তাৰ পৰা সেই বিশেষ দোকান খনৰ ৰসগোল্লা অনা, বজাৰত নতুন বস্তু কি আহিছে লগতে নানান অন্যান্য বস্তুৰ খবৰ কৰা আৰু তাৰোপৰি কেনেকৈ সেই দিনটোত ৰাতিপুৱাৰ ভিতৰত সকলোবোৰ যোগাৰ কৰি নামৰূপৰ পৰা ইমান দূৰ অতিক্ৰম কৰি যোৰহাটলৈ ৰাওনা হোৱা! ইমান চিন্তা? ইমান কাম আৰু বেমেজালিৰ মাজত?

এতিয়াও চাৰপ্ৰাইজ পাৰ্টিৰ কথা শুনিলে মোৰ মনলৈ অলপ হ’লেও ফুটনি আহে ——তাহানিৰ দিনতে দে’তাই মোৰ চাৰপ্ৰাইজ বাৰ্থডে পাৰ্টি পাতি থৈ গৈছে।

—————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক