জাঁপ (   উৎপলা কৌৰ )

অৱশ ভৰি দুখন চোঁচৰাই চোঁচৰাই নিয়াদি কোনোমতে গাৰ্লচ্ কমনৰুম সোমালগৈ তাই৷

ইমান কোলাহল! কমনৰুমৰ এচুকৰ বেঞ্চখনত ফাৰ্ষ্ট চেমৰ দুজনীমানে গিৰ্জনী মাৰি হাঁহিছে… হাঁহিজাক শেল কিছুমান হৈ তাইৰ হিয়া বিদীৰ্ণ কৰি গৈছে৷ তাইৰ এনেকুৱা লাগিল যেন সকলোৱে তাইৰ কথাটো জানে, সেয়ে ঠাট্টা কৰিছে৷ ওচৰলৈ ফোঁ ফোঁৱাই গৈ দুচৰমান লগাই দিব যেন তাই!

নিজকে সম্বৰণ কৰি টয়লেটত সোমালগৈ৷ ওকালি আহিব খুজিলে তাইৰ…ইমান লেতেৰা এই ছোৱালীবোৰ! ইমান লেতেৰা কৰি থৈছে টয়লেটটো৷ তাই পুনৰ ওলাই আহিল৷ বেচিনৰ আইনাত মুখখন চালে৷ আইলাইনাৰ আৰু চকুৰ পানী একাকাৰ হৈ গালদুখন ক’লা হৈ পৰিছে!

ফাৰ্ষ্ট চেমৰ পৰা সিহঁতৰ প্ৰগাঢ় প্ৰেম৷ কলেজৰ প্ৰত্যেকটো ক’ৰিডৰ, খালী ক্লাছৰুম, লাইব্ৰেৰী, কেণ্টিন, নেহৰু পাৰ্ক, গুৱাহাটীৰ প্ৰায়কেইটা চিনেমা হল, ৰেষ্টুৰেণ্ট…সকলোৱে বিভিন্ন সময়ত সিহঁতৰ প্ৰেমৰ সাক্ষী হৈছে৷ জীৱনে মৰণে একেলগে থকাৰ পণ লৈছিল সিহঁতে৷

তাৰ ঢেৰ সপোন৷ ৰাণীৰ দৰে ৰাখিব তাইক৷ খালী তাক কিছু সময় লাগে! ব্যৱসায় কৰিব সি৷

স্বাধীনচিতীয়া ব্যৱসায়৷ কাৰো তলতীয়া হৈ কাম নকৰে৷ মমিক সি ইমান ভাল পাইছিল, কিন্তুু তাই তাক বুজি নাপালে! এতিয়া তাই তাক এৰি মাক দেউতাকে পচণ্ড কৰা ধনী ল’ৰাৰ লগত বিয়া হ’ব ওলাইছে৷ প্ৰীতিৰ বহল চকু কেইটা সেমেকি গ’ল৷ কোমল হাতদুখনৰ

মাজত নীলাভৰ হাতএখন ভৰাই থ’লে তাই৷ বেচেৰাটো!

ইমান ষ্ট্ৰাগল কৰিছে তাই সিহঁতৰ সপোনবোৰ বাস্তবায়িত কৰিবলৈ৷ কিন্তু সি? তাই ঠিকেই সন্দেহ কৰিছিল৷ যিদিনা তাই তাক তাইৰ বিয়াৰ কথা কৈছিল সেইদিনাৰ পৰা তাই অনুভৱ কৰিছিল সি যেন দিনে দিনে সলনি হ’ব ধৰিছে! কিন্তুু তাইৰ অন্ধ মৰমে তাইক

যেন ধৃতৰাষ্ট্ৰৰ দৰে কৰি তুলিছিল৷

তাৰ ফোন বিজি থাকে৷ কিয় সুধিলে খং উঠে! ময়ূৰীয়ে কওঁতে তাই বিশ্বাস কৰা নাছিল৷ তাই তাইৰ বয়ফ্ৰেণ্ডৰ লগত চিনেমালৈ

যাওঁতে নীলাভকো দেখিছিল… ফাৰ্ষ্ট চেমৰ সেইজনীৰ লগত৷

আহি কওঁতে মমিয়ে তাইক বেয়া পাইছিল৷

মাহীয়েকৰ বিয়াত পংকজে তাইক দেখি পচণ্ড কৰিছিল৷ মাহীয়েকৰ জৰিয়তে অহা প্ৰস্তাৱত

মাক দেউতাক সন্মত হৈ মমিৰ বিয়াৰ কথা আগবঢ়াইছিল৷ তাইৰ প্ৰচণ্ড আপত্তি স্বত্বেও! হৈ যোৱা পাঁচোটা চেমিষ্টাৰত বৰ এটা ভাল ৰিজাল্ট কৰা নাই মমিয়ে৷ যেনেতেনে বি.এ. পাছৰ লেবেলটো নামৰ পাছত লাগিলেই হ’ব৷ পঢ়ি শুনি পূৰ কৰিবলৈও কোনো বিশেষ সপোন নাই, কেৱল নীলাভৰ লগত জীৱনটো কটাবলৈ পাৰিলেই হ’ল৷ মমিৰ কেৰিয়াৰক লৈ মাক

দেউতাকৰো একো বিশেষ সপোন নাই, আছিল যদিও তাইৰ মাৰ্কশ্বীটে কঢ়িয়াই অনা নম্বৰ

দেখি সেয়া মনতে নিৰ্বাপিত হ’ল৷ পংকজৰ দৰে ধনী ল’ৰা এটা পোৱাৰ সপোন এটা তাইৰো

সৰুৰ পৰা নথকা নহয়, আছিল৷ কিন্তুু কলেজৰ জনপ্ৰিয়, সুদৰ্শন সহপাঠী নীলাভক লগ পোৱাৰ

আগলৈহে৷ যি ল’ৰা কলেজৰ বহু ছোৱালীৰ সপোনত বাস কৰে তেনে ল’ৰাৰ সপোনত যদি

বাস কৰাৰ সৌভাগ্য তাইৰ হয়, ইয়াতকৈ আৰুনো কি লাগিছিল তাইক?

ট্ৰেকাৰখনৰ পিছফালে একেবাৰে শেষৰ ছিটটোত মমি বহি ল’লে৷ জীৱনত এনেকৈ হাৰি যাব নোৱাৰে তাই! তাইৰ প্ৰেম যে সঁচা আছিল সেয়া প্ৰমাণ কৰি থৈ যাব৷ নিজৰ ভুল বুজি গোটেই জীৱন কান্দিলেও ঘূৰাই নাপাব তাইক নীলাভে৷ পিছফাল এৰি থৈ অহা ৰাস্তাটোৰ ফালে চাই চপচপীয়া হৈ পৰা চকুকেইটাত ৰুমালখন হেঁচি ধৰিলে৷

খন্তেকতে পৰ হৈ পৰা পৃথিৱীখনৰ অন্যফালে থকা দুখন মুখে তাইক আমনি কৰিছে৷ সেই দুখন মুখ

তাইৰ মাক দেউতাকৰ৷ তাইৰ সকলো আব্দাৰ পূৰ কৰি অহা মাক দেউতাকেও অৱশেষত তাইক

নুবুজিলে৷ পংকজৰ পক্ষ ল’লে৷ বিয়াৰ কথা বতৰা ঠিক হোৱাৰ পাছৰে পৰা নীলাভৰ লগত বিয়া

হ’ম বুলি আঁকোৰগোজ হৈ থকা মমিয়ে মাক দেউতাকৰ লগত ভালকৈ মাতবোল নাই কৰা৷ আকৌ চকু পানীৰে ওপচি পৰিল তাইৰ৷

শৰাইঘাট দলঙত ভীষণ ট্ৰেফিক জাম লাগিছে৷ জালুকবাৰীৰ বাইপাছ সংযোগী অভাৰব্ৰীজৰ কাম চলি থকাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা লৰচৰ নকৰে গাড়ীয়ে৷ দলঙত উঠাৰ পাছতে গাড়ীৰ পৰা নামিল তাই৷ গাড়ীৰ লানিৰ কাষে কাষে তাই খোজকাঢ়ি আগবাঢ়িল৷ নদীৰ মাজ মান পাওঁতে তাই মূল ৰাস্তাৰ পৰা দলঙৰ তেনেই কাষলৈ গ’ল৷ তলত বিশাল মহাবাহু৷ বুকুত চাকনৈয়া৷ দলঙৰ প্ৰকাণ্ড খুটাবোৰ খুন্দিয়াই খুন্দিয়াই প্ৰবহমান হৈ আছে৷

নিজৰ বুকুৰ ঢপঢপনি তাই নিজে শুনিবলৈ পাইছে৷ নীলাভ আৰু প্ৰীতিয়ে সেয়া হাতত ধৰা ধৰিকৈ আহি আছে হাঁহি হাঁহি৷ তাইক তেনেকৈ দেখি সি আচাৰ মাৰি প্ৰীতিৰ হাতৰ পৰা এৰা খাই তাইৰ ফালে দৌৰিছে…আৰু তাই সি তৰ্কিব নাপাওঁতেই, ওচৰ আহি নৌপাওঁতেই …!

কিছুসময় শূন্যত ভাঁহি থাকিল তাই৷ পানীত জপংকৈ শব্দ এটা হ’ল৷ উশাহ ল’ব পৰা নাই, নাকে মুখে পানী সোমাইছে৷ সমস্ত শক্তিৰে শৰীৰটো উজাবলৈ চেষ্টা কৰিছে৷ সাঁতুৰি শৰীৰটো ভহাঁবলৈ চেষ্টা কৰিছে৷ বাৰে বাৰে ডুব গৈছে৷ চেষ্টা কৰি কৰি ভাগৰ লাগিছে৷ পানীয়ে দৈত্য এটাৰ দৰে হেঁচি ধৰিছে তাইক!

দোকমোকালিতে নৈৰ ঘাটটোত হুৱাদুৱা লাগিল৷ অদ্ভুত ঘটনা ঘটিছে৷ নৈৰ বালিত গাভৰু ছোৱালী এজনীৰ দেহ এটা লাগি আছে৷ মৰা নে জীয়া কোৱা টান৷ মাছুৱৈ দুজনমানে ডাঙি পাৰলৈ লৈ আহিল শৰীৰটো৷ পেটটো ঢুলঢুলীয়াকৈ ফুলি আছে৷ হাত ভৰিবোৰ শেঁতা পৰিছে৷ ইজন সিজনকৈ বহুতো মাানুহ গোট খাইছে!

যেতিয়া চেতনা ঘূৰাই পালে তাই নিজকে কোনোবা এখন নাৰ্চিংহোমৰ বিছনাত আৱিষ্কাৰ কৰিলে৷ তাইৰ কাষত কান্দি কান্দি চকু ফুলি যোৱা মাক দেউতাক৷ দুৰ্বল দৃষ্টিৰে দেউতাকৰ মুখলৈ চালে৷ তেওঁ কান্দি কান্দি কৈছে

“মাজনী ভাল পাইছানে? আমাক ক্ষমা কৰা মাজনী…তুমি যি ক’বা আমি সেইমতেই কৰিম৷ আজিয়েই পংকজৰ দেউতাকক ফোন কৰি…“

কেৰেককৈ দুৱাৰখন খুলি এখোজ দুখোজ কৈ কোনোবা সোমাই আহিছে৷

নীলাভ! ! !

মাক দেউতাক দুয়ো সিহঁতক এৰি কোঠাৰ বাহিৰলৈ গ’ল৷ তাইৰ বিছনাতে সি লাহেকৈ বহিল৷ কেনুলা লগোৱা হাতখন লাহেকৈ হাতত তুলি ল’লে৷ আনখন হাতেৰে তাইৰ গাল এখনত হাত ফুৰাই দিলে

“আই লাভ য়ু… প্ৰমিজ কৰা, আজিৰ পৰা যেন কেতিয়াও মোক এৰি নোযোৱা“ কথাষাৰ কৈ তাৰ ওঁঠে তাইৰ কপাল স্পৰ্শ কৰিলে৷ স্বৰ্গপ্ৰাপ্তিৰ গভীৰ সুখত আৰোহন কৰি তাই চকুদুটি মুদি দিলে!

“এই লড়কী! ক্যা কৰ ৰহী হ’ য়ঁহা?

চক্ খাই তাই ঘূৰি চালে৷ জলফাই ৰঙী পোছাকত পিচফালে ৰাইফল উলোমাই লৈ থকা ওখ, মোচ থকা হটঙা ডেকা এজন৷ তাইৰ ফালে এখোজ দুখোজ কৈ আগবাঢ়ি অহাত তাই খৰধৰকৈ দলঙৰ একেবাৰে কাষলৈ গৈ জাঁপ মাৰি দিলে৷ কিন্তুু দোপাট্টাখন কিহবাত লাগি ধৰাত তাই তললৈ সৰি নপৰিল৷ ঘূৰি চাই দেখে আন এজন একেই হটঙা মানুহ! দোপাট্টাখনৰ সৈতে তাইৰ হাত এখন শক্তিশালী হাতে জপটিয়াই ধৰিছে৷

তাৰ পাছৰ ঘটনা তেনেই চমু৷ ঘটনাৰ আধাঘণ্টাৰ পাছত মাৰুতি ভেনত দুই বীৰাংগনাৰ মাজত বহি তাই জালুকবাৰী থানা গচকাৰ কিছু দেৰিৰ পাছতে বৰদেউতাকৰ ল’ৰা পিংকুৰ লগত মাক দেউতাক আহি হাজিৰ!

থানাখনৰ আচহুৱা অস্বস্তিকৰ পৰিবেশত নিজৰ মানুহ দেখি দেউতাকক সাৱট মাৰি ধৰিলে তাই৷

“মাজনী তুমি কিয় তেনেকুৱা কৰিবলৈ ওলাইছিলা? আমাক ক্ষমা কৰা মাজনী…তুমি যি ক’বা আমি সেইমতেই কৰিম৷ আজিয়েই পংকজৰ দেউতাকক ফোন কৰি…“

“নহয় দে’তা নহয়…মোক মাফ কৰা……তোমালোকে যি ক’বা তাকেই কৰিম মই! দে’তা……“

বহুত দেৰি উচুপি উচুপি শান্ত হোৱাৰ পাছত, ৰেষ্টুৰেণ্ট এখনত চিলি চিকেন, ফ্ৰাইদ ৰাইচ খাই ঘৰলৈ উভটে মানে গধূলিয়েই হ’ল সিহঁতৰ৷

গৈ থাকোঁতে শৰাইঘাট দলঙৰ ওপৰতে ঘড়ীটো চাই তাইৰ মনত পৰিল আজি “কালাৰ্চ টিভি “ত দিয়া “ থাপকি প্যাৰ কি“ খনত “থাপকিৰ মেহেন্দি ৰচম “ আছে৷ সিহঁত ঘৰ গৈ পায় মানে আৰম্ভই হৈ যাব! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments