জাংফাই জোনাকত উল্লাসিত আদিমতা (অজয়লাল দত্ত)

জাংফাই জোনাকত উল্লাসিত আদিমতা
অজয়লাল দত্ত

১/ জাংফাই জোনাকৰ গতি আৰু অনুভূতি

পৰিচালক সঞ্জীৱ সভাপণ্ডিতৰ চিনেমা “জাংফাই জোনাক”ত চলিত সময়ৰ জলন্ত প্ৰতিচ্ছবি তুলি ধৰিবলৈ চেষ্টা কৰিছে৷ বিশেষকৈ ডাইনী হত্যাৰ দৰে এটা সাম্প্ৰতিক সময়ৰ এক লজ্জ্বাজনক কথাক ইয়াত উন্মুত্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে, যিটো খুৱেই প্ৰশংসনীয়৷

তাৰ লগতে আছে বালক এজনক শিৱ সজোৱাৰ এক অনুপম কাহিনী৷ এজন সৰল কিশোৰে তন্ময় হৈ উষা-অনিৰুদ্ধৰ কাহিনীৰ অভিনয় চাইছে৷ সৰল প্ৰ

তিবেশী বড়ো বাইজনীৰ বাবে অনিৰুদ্ধৰ দৰে এজন দৰা পোৱাৰ সপোন দেখিছে৷ গাঁৱৰ নৈ, নাও, পানী যুঁৱলিত খেলা কৰা,মাছ ধৰাৰ বাবে জাল পতা, তামোল গছৰ এজোপাৰ পৰা আনজোপালৈ জপিয়াই পাৰ হোৱা আদি সৰল দৃশ্যৰে এখন গাঁৱৰ সুন্দৰ ছবিক অনুপম ৰূপত তুলি ধৰিছে৷

কাহিনীৰ সাৱলীল গতি এনে ধৰণৰ- বহুদিন জ্বৰ গোৱাৰ পাছত হঠাত চুলিত জঁটবন্ধাৰ আৰম্ভণি হোৱা অৱস্থাত কিশোৰজনক আৱিস্কাৰ কৰাৰ লগে লগে, গাঁৱৰ বৰমূৰীয়া অথচ অন্ধ-বিশ্বাসত বিপুল বিশ্বাসী আগৰণুৱা মানুহে সৰল গঞাক লৈ বালক শিৱ ৰূপে কিশোৰটিক প্ৰতিস্থাপিত কৰে, তেওঁৰ নামত থান পাতি ঘৰৰ পৰা নিলগাই নিয়ে৷

ভক্তি আৰু পূজাৰ মাজতে গাঁৱলীয়া জন-জীৱনৰ সাংসাৰিক সমস্যাৰ বিধানৰ সন্ধানত বিভিন্ন জনে বালক শিৱ ভগৱানৰ শৰণাপন্ন হৈছেহি৷ গঞা ৰাইজৰ এনে বিধি-বিধান-সমাধানৰ সন্ধানৰ মাজতে পৰিচালকে হঠাৎ ভগৱানৰূপে গঞা ৰাইজে মানি লোৱাত অসহায় হৈ পৰা সৰলমনা কিশোৰজনৰ মনঃস্বত্বৰ জগতখনত খেলা কৰা ভাৱনাবোৰৰ অন্বেষণ কৰাত ব্যাকুল হৈ পৰিছে৷

এইজন কিশোৰৰ মন আনসকলৰ দৰেই খেলা-ধূলা কৰাৰ, গাঁৱৰ নৈৰ জুঁৱলিত পানী-বালিৰ স’তে খেলি প্ৰকৃতিৰ অনুপম সৃষ্টিৰ সতে সোণালী শৈশৱ পাৰ কৰাৰ৷ ফুটবল খেলি থকা সমনীয়াৰ জাকটোলৈ ৰাইজে স্থাপন কৰা থানৰ খিড়িকীৰে এক আৱেগিক দৃষ্টিৰে, মানুহে সজা বালক শিৱই চাই পঠিয়াইছে৷ এই কৰুণ দৃশ্যই সেই কিশোৰ মনৰ কাতৰতাখিনি সুন্দৰকৈ ফুটাই তুলিছে৷ অৱচেতন মনৰ ভাৱনাৰ দ্বাৰা পৰিচালিত হৈ অজানিতে ফুটবলৰ পথাৰলৈ এখোজ দুখোজকৈ খোজ লোৱা বালক শিৱ ভগৱানৰ দৃশ্যটোৱে বালকজনৰ এক স্বাভাৱিক জীৱনযাত্ৰাক অন্ধবিশ্বাসী সমাজে কক্ষচ্যুত কৰাৰ ফলত হোৱা তাড়নাখিনিক এক সজীৱ ৰূপ

প্ৰদান কৰিছে৷
কিশোৰজনৰ মনৰ জগতখনত সেই গাঁৱলীয়া বড়ো বাইজনীক গাঁৱৰে সুবিধা বিচৰা লম্পট ডেকাই চোভা কৰা, সেই সময়তো সেই লম্পটক একো শাস্তি দিব নোৱাৰাৰ মনোবেদনা খিনি ফ্লেচবেকত দেখুওৱা হৈছে৷ থান প্ৰতিস্থাৰ সতে বিধি-বাধান ল’বলৈ চহৰীয়া লোকৰ আগমন, ৰাজনৈতিক নেতাৰ পদ-ধূলা আদিৰ মাজত পৰিচালকে সমসাময়িক সমাজ ব্যৱস্থাৰ প্ৰকৃত কৰুণ ৰূপটো স্পষ্টকৈ দাঙি ধৰিছে৷ থানৰ মেলামুখিতাকে প্ৰগতি বা পৰিবৰ্তন বুলি ভবা সৰলমনা গঞা, বাল-ভগৱানৰ ৰূপপোৱা কিশোৰটিক ভাগ্যবান বুলি ভবা, পানী-যুঁৱলিত খেলা কৰি থকা কানসমনীয়াৰ ঈৰ্ষাকাতৰ সংলাপ আদিয়ে পৃষ্ঠভূমিখন তুলি ধৰিছে৷ বাল-ভগৱান সজাই আঁতৰাই নিয়া কণমাণিটিক হেঁপাহেৰে পিঠাগুৰি অকণ খুওৱাৰ বাবে ভিৰ কমি নিঃপালি দিয়ালৈ ৰৈ থকা মাক আৰু ভনীয়েকৰ সাৱলীল অভিনয়ে পুত্ৰস্নেহৰ অকৃত্ৰিমতা তথা ভগ্নীৰ অতুলনীয় মৰমে চকুৰ কোণত পানীৰ টোপাল বিৰিঙাই দিব পৰাটো ছবি খনৰ অন্যতম সফলতা৷

স্বাভাৱিক জীৱনে হাত বাউল দিয়া কিশোৰজনে বাৰে বাৰে মূৰৰ জঁট-বন্ধা চুলিটাৰি কাটি দিবৰ বাবে কৰা আকুল আহ্বান আৰু তাৰ বিপৰীতে অন্ধ-বিশ্বাসৰ আগত মূৰ দোঁৱাই অসহায় হৈ পৰা পৰিয়াল বা সমাজক সঠিক ৰূপতেই উপলুঙা কৰা হৈছে৷ ধৰ্মীয় টোলৰ শিক্ষা বনাম প্ৰযুক্তিৰ হাত বাউলিৰ মাজত দু-নাও দুভৰি অৱস্থাত থকা কণ-কণ শিশুৰ জাকটোক পৰিচালকে অতি সুচতুৰ ভাৱে গছৰ তলৰ টোলৰ পৰা নকৈ সাজি থকা পকা স্কুলৰ কামত কৰ্মৰত ইঞ্জিনীয়াৰ দুজনৰ কাষলৈ কেতবোৰ প্ৰশ্নৰ সন্ধানত দৌৰাই থকা দৃশ্যটো সঁচাই প্ৰশংসনীয়৷

এই কাহিনীৰ মাজতে বিমানত অহা উদ্যোপতিজনৰ মাজত সন্তানহাৰা পিতৃৰ আকুল হৃদয়খনৰ কাতৰতাখিনি ফুটি উঠিছে৷ ব্যৱসায়ৰ খেয়ালী চিন্তাৰ মাজ

 

তো তেওঁ স্থাপন কৰিব লগা উদ্যোগৰ স্থানৰ গাঁওখনৰে এই বাল-ভগৱানজনৰ মনোজগতখনৰ জোঁৱাৰভাটাখিনি এজন প্ৰগতিশীল ব্যক্তিৰ দৃষ্টিৰে চালি-জাৰি চাইছে আৰু সেই সন্তানহাৰা পিতৃ হৃদয়খনে শিশুটিক সমাজে শৈশৱ চাৰখাৰ কৰা কথাত হাহাকাৰ কৰি উঠিছে৷

বিফল মনোৰথ লম্পট ডেকাৰ মিথ্যা-প্ৰচাৰ আৰু ষড়যন্ত্ৰত ডাইনী ঘোষণা কৰি সেই কল্পনাৰ উষাৰূপী বড়ো বাইজনীৰ অৰণ্যত আত্ম-গোপন, চিকাৰ কৰাৰ দৰে খেদি খেদি নৃশংস হত্যা আৰু তাৰ স’তে অংকিত আদিম উল্লাসে মনলৈ বহু প্ৰশ্নই আনি দিলে৷ থান ত্যাগ কৰি স্বাভাৱিক জীৱনৰ সন্ধানত হেৰাই যোৱা বাল-ভগৱান আৰু ডাইনী হত্যাৰ নৃশংসতাৰ প্ৰত্যক্ষ কৰি চেতন হেৰুওৱা উদ্যোগপতিজনৰ স’তে মুখামুখিৰ দৃশ্যৰ নাটকীয়তাই ছবি খনৰ শেষাংশক অপূৰ্ব কৰি তুলিছে৷ ছাঁ-পোহৰৰ দোমোজাত থাকিও অন্ধবিশ্বাসৰ উৰ্ধত অৱশেষত কিশোৰজনক তাৰ অমূল্য শৈশৱ পুনৰ উপহাৰ দিয়াটো পৰিচালক কাহিনীকাৰৰ অতিশয় সচেতন কৰ্ম৷ অভিনন্দন টিম “জাংফাই জোনাক”৷ এই পোহৰতে অসমীয়া ছবি জগত উজলি উঠক, তাৰো কামনা কৰিলোঁ৷

উদ্যোগীকৰণ, কোম্পানী আৰু চিএছআৰ

সৰল মানুহৰ ভিতৰুৱা গাঁওখনত উদ্যোগ স্থাপন, তাৰ স’তে সলনি হ’ব গাঁওখনৰ নক্সা৷ তাৰ স’তেই হেৰাব, প্ৰকৃতিৰ অনুপম সৃষ্টি, জৈৱ-বৈচিত্ৰ্যৰ ভা

ৰসাম্যতা৷ হাড়গিলা চৰাইৰ জাকৰুৱা বাসস্থান ৰূপী গছ এজোপাক চৰায়ে মলত্যাগ কৰি লেতেৰা কৰা ঠাই বুলি ঘোষণা, আৰু তাৰ বিপৰীতে কোম্পানীৰ বিষয়াই সেই ঠাইত গছ কাটি পানীৰ মিউজিকেল ফোঁৱাৰা নিৰ্মাণৰ পৰিকল্পনাৰ দ্বাৰা প্ৰকৃতি বনাম প্ৰগতিৰ সংঘাতক প্ৰতীকি ৰূপত উজ্বলাই তোলা হৈছে৷ উদ্যোগীকৰণৰ দ্বাৰা প্ৰাকৃতিক পৰিবেশ বিনষ্ট তথা সহ-অৱস্থানত চলি থকা প্ৰাণীজগতক ভাৰসাম্যতা হীনতালৈ ঠেলি দিয়াৰ যি কৰুণ সঁচা ছবি চৌপাশে ঘটি আছে তাৰ সফল ৰূপাঙ্কন ছবি খনত দেখিবলৈ পোৱা গৈছে৷

কোম্পানী, উদ্যোগকৰণত স্থানীয় ৰাইজে বাধা নিদিয়াটো কৰিবৰ বাবে কৰ্পৰেট ছছিয়েল ৰেচপনছিবিলিটি (ছি এছ আৰ)প্ৰগ্ৰেমৰ যোগেদি, স্কুল, হস্পিতেল আদি পাতি কোম্পানীবোৰে ৰাইজৰ মন-জয় কৰাৰ ব্যৱস্থা লয়৷ সেয়ে ৰাইজে যুগৰ আহ্বান বুলি মানি লোৱা উদ্যোগীকৰণে আনিব লগা পৰিবৰ্তন আৰু তাৰ বিপৰীতে এনে ছি এছ আৰে কি দিব সেই প্ৰশ্নত স্থানীয় ৰাইজ সজাগ নহ’লে উদ্যোগীকৰণৰ সুফলৰ পৰা বঞ্চিত হব লগা হয়৷ স্থানীয় ৰাইজ মেলে এনে বিষয়ত সজাগ তথা সু-সিদ্ধান্ত ল’ব পৰাকৈ সচেতন কৰাৰ দ্বায়িত্ব সামাজিক সংস্থাবোৰে লোৱা উচিত৷

জাংফাই জোনাক ছবিখনে সমাজৰ কেইবাটাও দিশ সামৰি লৈছে আৰু সফল হৈছে৷ ডাইনী হত্যাৰ ওপৰত সজাগতাৰ বাবে এইখন ছবিয়ে বহুতো ছবি, বা কাহিনীৰে সমাজৰ অন্তঃস্থলী ভেদ কৰাৰ প্ৰয়োজনীয়তাক উজ্বলাই তুলিছে৷ এই বিষয়তে এখন তথ্য চিত্ৰও এজন দিল্লীবাসী অসমীয়াই নিৰ্মাণৰত হৈ থকা খবৰটোও এক আশাৰ বিষয়৷

২/ চকুৰ আগৰ এটা সঁচা কাহিনী

ধেমাজি জিলাৰ এখন ভিতৰুৱা গাঁও কাইটঙত এনে ধৰণৰ বালক শিৱ এজনৰ আবিৰ্ভাৱ হৈছিল৷ সেয়া চাগৈ ২০০৪ মান চনৰ কথা৷ শুনামতে বালক জনৰ ডিঙিত কৰবাৰ পৰা আহি সাপ এটাই মেৰিয়াই ধৰিছিলহি৷ কিন্তু বালকজনক কোনো অপকাৰ কৰা নাছিল৷ প্ৰচাৰৰ লগে লগেই “জাংফাই জোনাক”ত দেখুওৱাৰ দৰেই গঞা ৰাইজৰ উদ্যোগত থান স্থাপন হ’ল৷ নগৰ-চহৰৰ মানুহেৰে ভৰি দৰ্শনার্থীৰে ভৰি পৰিল৷ বিধি-বিধান পূজা অৰ্চনাৰ ৰোল উঠিল৷ মানুহে সাপটোক খাবলৈ গাখীৰ দিয়া, সাপটো ৰাতি কেতিয়াবা হঠাৎ নাইকীয়া হোৱা, পাছত আকৌ প্ৰকট হয়, বালকৰ ডিঙিত মেৰিয়াই থাকে, ঢেৰ মুখ বাগৰা-শুনা কাহিনী!

ব্যক্তিগত ৰূপত আমাৰ দোকানৰ কোঁৱৰ ভাইটিয়ে নতুনকৈ সাংবাদিকতাৰ পথাৰত এখোজ-দুখোজ দিবলৈ আৰম্ভ কৰিছিল বাবে, দোকানৰ ডি

জিটেল ষ্টিল কেমেৰাত বন্দী কৰা সম্পূৰ্ণ দৃশ্যৰাজি (মানে ডিঙিত জীৱন্ত সাপ মেৰুওৱা শিৱ) কম্পিউটাৰত চাবলৈ পাইছিলোঁ৷ পাছত লোকগীত আৰু ভক্তিগীতি ব্ৰেকগ্ৰাউণ্ড মিউজিক দি মুভি মেকাৰত স্থিৰ চিত্ৰৰে এখন প্ৰদৰ্শন মূলক ছবিও নিৰ্মাণ কৰি উলিয়াইছিল৷ মানুহে ঘৰৰ চিডি প্লেয়াৰত চাবলৈ তাৰ কপি চিডিত ৰাইট কৰি নিছিল৷ এশমান এনে চিডি বিক্ৰীও হৈছিল!

ছমাহ মানৰ পাছতে কোঁৱৰে এদিন জনাইছিল যে সৰ্প দংশনতে বালকজনৰ মৃত্যু হৈছে৷ এটি সৰল শিশুৰ অপ-মৃত্যুত সিদিনা দুখ পোৱাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলোঁ৷

৩/ এই চেলেঞ্জ কাৰ বাবে?

দৈনিক বাতৰি এখনৰ সম্পাদকীয় পৃষ্ঠাত পঢ়া আলোচনা এটাত অসমৰ এজন আগশাৰীৰ প্ৰৱন্ধকাৰে ডাইনী হত্যাৰ প্ৰসংগটো আলোচনা কৰা পঢ়িবলৈ পালোঁ৷ তেখেতে সঠিকভাৱেই এই একৈশ শতিকাৰ প্ৰথম দশক পাৰ হোৱাৰ পাছতো আমাৰ সমাজৰে একাংশৰ মাজত এনে ভ্ৰান্ত ধাৰণাৰ ফলত হোৱা নৃশংস হত্যা কি দৰে চলি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে৷ তেখেতে এনে ঘাতক অন্ধবিশ্বাস দূৰীকৰণৰ বাবে তথাকথিত সমাজৰ অভিভাৱকত্বৰ দাবী কৰা জাতীয় সংগঠনসমূহে কি ভূমিকা পালন কৰিছে, তাকো প্ৰশ্ন কৰিছে৷

জাতীয় সংগঠনসমূহ, নৃ-গোষ্ঠীয় ভাষিক সাহিত্য সভাসমূহ, সত্ৰ, মন্দিৰ, শঙ্কৰ সংঘ, খ্ৰীষ্টিয়ান গীৰ্জা, মৌলৱী, শিক্ষিত সমাজে এই ক্ষেত্ৰত সৱল ভাৱে কি কৰিছে চকুত পৰাকৈ জিলিকি নুঠাটো আজিৰ তাৰিখৰ অন্যতম লজ্জাজনক কথা৷

সতকাই ব্লক, পঞ্চায়তৰ কথা কোৱা চৰকাৰী পক্ষয়ো তৃণমূল কৰ্মী সকলৰ মাজত অন্ততঃ এনে ঘাতক অন্ধবিশ্বাস দূৰীকৰণৰ সজাগতা সভা পাতি সচেতন কৰাৰ সময় কেতিয়াবাই আহিল৷ পঞ্চায়ত কৰ্মীসকলক, গাঁওৰক্ষী বাহিনীৰ সৱলীকৰণৰ দ্বাৰা এনে ঘটনাৰ প্ৰতিৰোধ গঢ়ি তোলাটো সময়ে দাবী কৰিছে৷
নেপালৰ হিন্দু সমাজতে কুমাৰী পূজাৰ পৰম্পৰা আছে৷ কোনো নাবালিকাৰ মাজত দিব্য গুণ আৱিস্কাৰ কৰাৰ পাছতে একোগৰাকী কুমাৰীক দেৱীৰ ৰূপত প্ৰতিস্থা কৰা হয়৷ পাছত পুষ্পিতা নোহোৱা পৰ্যন্ত পূজা-অৰ্চনা কৰাৰ নিয়ম৷ এনে কুমাৰী পূজীৰ দে৪/ আন্তৰ্জাতিক দৃষ্টিকোণ

ৱী হোৱা শিশু সকলৰ জীৱন-বিন্যাস, পাছৰ জীৱনৰ আলোচনায়ো একে ধৰণৰ বিতৰ্কৰে সূচনা কৰে৷

হিন্দী চিনেমাৰ “পাপ” নামৰ ছবি খনৰ যোগেদিও পিতৃ-মাতৃয়ে ধৰ্মৰ নামত দান কৰি দিয়া কন্যা শিশুৰ মনোজগতৰ অন্বেষণ তথা পাছৰ জীৱনৰ কাহিনী আলোকপাত কৰা দেখা গৈছিল৷ ইংৰাজী চিনেমাত সতকাই (হেৰি পটাৰ জাতীয়) অলৌকিক শক্তিৰ ব্যৱহাৰেৰে দুষ্টক দমনৰ কাহিনী প্ৰতিফলিত হয়, যদিও সামাজিক সমস্যাৰূপে দেখা দিয়া ডাইনী হত্যাৰ দৰে নৃশংস ঘটনাৰ সৱল সজাগতা সৃষ্টিকাৰী চিনেমা চকুত পৰা নাই৷

৫/ সফলতা কেতিয়া?
সমাজৰ এনে অন্ধবিশ্বাসী হঠকাৰী কাৰ্যবোৰক কঠোৰ হাতেৰে নিৰ্মূল কৰাৰ বাবে শাসকে চকু দিব লাগিব৷ সামাজিক সংগঠন সমূহে গাঁৱে গাঁৱে এনে সামাজিক ব্যাধিক নিৰ্মূলৰ বাবে তৃণমূল পৰ্যায়ত সচেতনতাৰ জোঁৱাৰেৰে এনে বিশ্বাস তথা চিন্তাৰ শিপা উঘালিব লাগিব৷ তেতিয়াহে নতুন যুগৰ স’তে চলিব পৰা এটা স্বাস্থ্যবান জাতিৰূপে আমি মূৰ তুলি উঠিব পাৰিম, চিৰদিন এনে কেঁচা ঘাঁ পালন কৰি নিশ্চয় নহয়!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments