জাক জাক জাকৈয়া ছোৱালী —চিদানন্দ হাজৰিকা

“জাক জাক জাকৈয়া ছোৱালী“—কোনোবা এখন অসমীয়া চিনেমাৰ এই গানৰ কলিটো যেতিয়াই মনলৈ আহে, মনৰ ওভোতনি যাত্ৰাই মোক লৈ যায়, মোৰ শৈশৱ-কৈশোৰৰ বহুতো সোণসেৰীয়া স্মৃতি বিজড়িত ষাঠিৰ দশকৰ মোৰ গাঁওখনলৈ৷ লগে লগে বৰ্ত্তমানে হেৰাই যোৱাৰ উপক্ৰম হোৱা নান্দনিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ শাওণৰ সেউজীয়া পথাৰখন আৰু আঘোণৰ সোণোৱালী পথাৰ খনৰ প্ৰাকৃতিক পৰিৱেশে মোক কৰি তোলে নষ্টালজিক৷
পদ্য পঢ়াৰ দিনৰ সেই “চালত কোমোৰা, লাও জিকা ভোল, বাৰীত তামোল পান; গোহালিত গৰু, পুখুৰীত মাছ, ভড়ালত জহা ধান৷“ ৰ সেই গাঁওখন যেন এতিয়া স্মৃতি হ’ল৷ ওখ ওখ মাটিৰ পিৰালিৰে, চিক চিকিয়াকৈ লিপা মাটিৰ বেৰ আৰু খেৰৰে চোৱা সেই ঘৰবোৰ নোহোৱা হৈ আহিল৷ হয়, সময়ৰ পৰিৱৰ্তনৰ লগে লগে ঘৰ-দুৱাৰ, ৰাস্তা-পদূলিৰে গাঁওখন উন্নত হ’ল৷ ৰাস্তাবোৰ আহল বহল হ’ল৷ আলি-খাৱৈবোৰ নোহোৱা হ’ল৷ ঘৰৰ সন্মুখৰ আলি খাৱৈত বৰশীৰে মাছ ধৰা, খাল সিচাঁ, এইবোৰো এতিয়া স্মৃতি হ’ল-অতীত হ’ল৷ বাৰিষাৰ পথাৰত হালোৱাক চাহ-জলপান দিবলৈ গৈ মৈ দিয়া মাটিত, মৈৰ পিছে পিছে মাছ ধৰাটো এতিয়া কেৱল ৰূপকথাৰ কাহিনীহে৷
মোৰ ল’ৰালিৰ(ষাঠিৰদশকত) এনে এক মনোমোহা দৃশ্য আছিল জাক জাক জাকৈয়াৰ জকাই বোৱা দৃশ্য৷ সেই সময়ত প্ৰায়বিলাক পৰিয়ালৰে ঘৰৰ ওচৰত থকা দ’পথাৰত নিজাকৈ এটা “তুঁহ খলি“ আছিল৷ যিটো দপথাৰ দৰাৰ এটা কোণত ওখ আলি দি বন্ধাই লোৱা নিচেই সৰু খাল৷ য’ত কেৱল পৰিয়ালটোৰহে জকাই বোৱাৰ কৰ্তৃত্ব থাকে৷
শিৰোনামত “জাক জাক জাকৈয়া গাভৰু“ বুলি উল্লেখ কৰিছো যদিও, মোৰ জাকৈয়া সকলগাভৰু ও নাছিল, ছোৱালী ও নাছিল৷ আছিল মোৰ গাঁৱৰ, মোৰ পৰিয়ালৰ কোনোবাজনী বৰবৌ, কোনোবাজনী পেহী, আৰু ছয়/সাতটা ল’ৰা ছোৱালী ডাঙৰ দীঘল কৰি, নাতি পুতিৰো মুখ দেখা একো গৰাকী ন-খুড়ী বা ন-বৌ৷ প্ৰায়গৰাকীয়েই আছিল একোটা যৌথ পৰিয়ালৰ মুৰব্বী গৃহিণী৷ ঘৰখনৰ সমস্ত দায়িত্বৰ লগতে ’আখলৰ’ দায়িত্বও আছিল এইসকলৰ ওপৰতেই৷ এখন ভৰা ঘৰৰ সম্পূৰ্ণ দায়িত্ব চম্ভালিও ৰোৱনী-দাৱনীৰ কামো হেলাৰঙে ঢাঁহিমুহি সম্পন্ন কৰিছিল৷ বোৱাৰী পুৱাতে ওলাই গৈছিল আগদিনাই বোকা দি থোৱা মাটি ডৰাত গোচ ল’বলৈ৷ জকাই বোৱাৰ আঁচনিও প্ৰস্তুত হৈছিল পথাৰতে৷ ওচৰে পাজৰে ভুঁই ৰুই থকা কেইজনীৰ মাজতে আলোচনাই পোখা মেলিছিল- কোন দিশত, ক’ত অভিযান চলিব৷ গলিয়াজানৰ গোঁসাইঘূলিত নে বলনৰ দিশত৷ পথাৰত লগ নোপোৱা কেইজনীলৈ খবৰ পঠাইছিল মাক বা বৰমাকহঁতৰ লগত যোৱা ’কণমানি’কেইজনীৰ জৰিয়তে৷ এঘাৰ মান বজাতে পথাৰৰ পৰা আহি, পিৰালিতে বহি গুড় এলদাৰে চাহ এবাতি খাই কাণত জকাইখন লৈ ওলাই গৈছিল৷ একেলগে দহ/বাৰজনী জাকৈয়া কান্ধত জকাইখন লৈ পথাৰৰ আলিয়েদি সংগঠিত ৰূপত যেতিয়া ওলাই যায়, সেই দৃশ্যৰ সোঁৱৰণীয়ে এতিয়াও মনত দোলা দি যায়৷ ভুঁই ৰুই অহা সাজেৰেই ওলাই যোৱা বাবে বোকা পানী মিশ্ৰিত মেখেলাৰপাতলিয়ে চটপ্ চটপ্ কৈ কলাফুলত কোবাই যোৱা শব্দৰ কোলাহলে সৃষ্টি কৰা সুৰৰ মুৰ্চ্চনাই সঁকিয়াই দিয়ে, আলিয়েদি এজাক জাকৈয়া নহয়, কান্ধত বন্দুক লৈ গিৰিপ-গাৰাপকৈ এজাক চিপাহীহে যেন আগবাঢ়ি গৈছে৷ ষাঠি আৰু সত্তৰৰ দশকত এই জকাই বোৱাৰ দৃশ্য অতি সুলভ আছিল যদিও বৰ্তমান সেইয়া ঠাই বিশেষে, কাৎচিতহে ক’ৰবাত আপোনাৰ চকুত পৰিব৷ বড়ো সম্প্ৰদায়ৰ অসমীয়া মহিলাসকলৰ মাজতো সেই সময়ত সঘনে জকাই বোৱাটো পৰিলক্ষিত হৈছিল যদিও সেইসকল মহিলা ও আজিকালি মুকলিলৈ ওলাই আহি জকাই বোৱা দেখা নাযায়৷ তাতে আজি কালি বৰ্দ্ধিত জনসংখ্যাৰ লগতে বেদখলকাৰীৰ কবলত পৰিও বহু খাল, ডোং, জান-জুৰিও নোহোৱা হ’ল৷
এই যে ওপৰত উল্লেখ কৰা জাকৈয়া মহিলাসকল, এই সকলৰ কৰ্মস্পৃহা, কৰ্মদক্ষতাৰ কথা মনলৈ আহিলে আজিও তবধ মানিব লাগে৷ পথাৰত ভুঁই ৰুই, ভুঁই ৰোৱা সাজেৰেই জকাই-জুলুকি বাই, মৎস্যতৃপ্তিৰে দুপৰীয়াৰ সাঁজ গৃহস্থৰ লগতে পৰিয়ালটোৰ মুখত দাঙি ধৰাৰ সন্তুষ্টিতেই তেওঁলোকৰ কৰ্মক্ষেত্ৰখন সীমাবদ্ধ নাছিল৷ সেইটোসময়ত প্ৰত্যেক ₹গৰাকীৰেই শালত থাকে কমেও এজুতিকৈ তাঁত৷ জাঁ-জোৱালী থকা সকলে এই ক্ষেত্ৰত কিছু সঁকাহ পালেও, অকলশৰীয়া কেইগৰাকীয়ে এই বোজাও অকলেই বহন কৰিবলগীয়া হয়৷ অকল জানো সেইয়াই৷ গধূলি হ’লেই প্ৰত্যেকৰে ঢেকীশালত শুনা যায় ঢেকীৰ চাব্৷ কাৰণ গাঁৱত “ধান কল“ নোসোমোৱা সেইবোৰ দিনত—পিছ দিনাৰ বাবে চাউল এখোৱা উলিয়াই লোৱাতো আছিল এক প্ৰকাৰ অলিখিত নিয়মেই৷ সেয়ে ষাঠিৰ দশকৰ গাঁও এখনৰ মাজেদি গধূলি পাৰ হৈ গ’লে ঢেঁকীৰ শব্দৰ লগতে, ল’ৰা-ছোৱালীৰ হাই-উৰুমি, চিঞৰি চিঞৰি পঢ়া পাঠ্য-পুথিৰ পঠনৰ কথা যদি এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে, ই নিশ্চয় আপোনাক নষ্টালজিক কৰি তুলিবই৷
আজি কালি এটা বা দুটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰোঁতেই হাবু-ডুবু খাব লগীয়া হোৱা অৱস্থাত, ওপৰত উল্লিখিত মহিলাসকলৰ কৰ্মোদ্যম, কৰ্মপ্ৰেৰণা, কৰ্মনিষ্ঠাৰ কথা মনলৈ আহিলে আজিও তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাত মুৰ দোঁ খাই যায়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments