জাতিংগা আৰু অন্যান্য (গ্ৰন্থ-সমালোচনা) -নৱজিৎ মেধি

লেখকৰ পৰিচিতি: মঙ্গলছিং ৰংফাৰ৷ কাৰবি আংলঙৰ টেকে ৰংপি গাঁৱত জন্মলাভ কৰা শ্ৰী ৰংফাৰ বৰ্তমান অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ বিষয়া হিচাবে কৰ্মৰত হৈ আছে৷ নিজে কাৰ্বি জনগোষ্ঠীৰ হৈয়ো অসমীয়া ভাষা সাহিত্যৰ ভঁ‌ৰাল চহকী কৰি তেখেতে প্ৰতিষ্ঠিত অসমীয়া কাকত, আলোচনী আদিত লেখি থকাৰ উপৰিও ডিফুৰ পৰা প্ৰকাশিত ছ’লাংদ’ নামৰ অসমীয়া দৈনিক কাকতটো প্ৰায়ে লেখে৷

প্ৰকাশক: বাহাৰুল ইছলাম চৌধুৰী, স্বত্বাধিকাৰী, আংগিক প্ৰকাশন, পাণবজাৰ, গুৱাহাটী – ১

মূল্য: ১৬০ টকা, ৰেহাই দিছে: ১০ %

ছৌবিছটা খণ্ডত ৰচিত আৰু ১৩৬ পৃষ্ঠাৰ এই কিতাপ খনক একেৰাহে ভ্ৰমণ কাহিনীৰ পৰা সুখপাঠ্য আৰু কাৰ্বি পাহাৰ, কাৰ্বি মানুহৰ ওপৰত লিখা গৱেষণামূলক কিতাপ বুলিও গণ্য কৰিব পাৰি৷ কিতাপ খনৰ পাতে পাতে বিচাৰি পাব অতি মূল্যবান তথ্য যিয়ে কাৰ্বি সমাজ, সংস্কৃতি, ভৌগোলিক ইতিবৃ্‌ত্তি, ইতিহাস, ঐতিহ্য আদিৰ ওপৰত গৱেষণামূলক অধ্যয়নৰ কামতো প্ৰচুৰ সহায় কৰিব৷ কাৰ্বি পাহাৰ, নেপাল ভ্ৰমণৰ সময়ত ইয়াক এখন হাতপুথি হিচাবেও ব্যৱহাৰ কৰিব পাৰিব৷

জাতিংগাত চৰাইয়ে সঁ‌চাকৈয়ে আত্মহত্যা কৰেনে! ইয়াৰ ৰহস্য ভেদ কৰিবলৈ বুলি লেখকে নিজেই হাফলঙ চহৰৰ পৰা ন কিল’মিটাৰ মান দূৰৈত অৱস্থিত জাতিংগাৰ ভিতৰ ভাগলৈ সোমাই গৈ তাৰ সবিশেষ উদ্ধাৰ কৰি আনিছিল৷

লেখক নিজেই এগৰাকী প্ৰকৃতিপ্ৰেমী হোৱা হেতুকে প্ৰকৃতিয়ে উদাৰ ভাৱে উজাৰি দিয়া সেউজীয়া পাহাৰ আৰু ঘন হাবিৰে পৰিবেষ্টিত কাৰ্বি পাহাৰ আৰু ডিমা হাচাওৰ ইক’ট্যুৰিজিমৰ সম্ভাৱনীয়তা আৰু চাবলগীয়া নখন ঠাইও বাছনি কৰি দিছে এই কিতাপত৷

খাদ্যৰসিক সকলে কাৰ্বি পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিষয়ে আৰু ইয়াৰ ৰন্ধন প্ৰণালীৰ বিষয়েও সবিশেষ জানিব পাৰিব এই কিতাপ খনৰ দুটাকৈ খণ্ডত৷

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিৱীৰ পৰা লুপ্ত হৈ পৰা দহটা জনগোষ্ঠীৰ বিষয়েও এটা খণ্ডত লেখা হৈছে৷ ২০০১ চনৰ লোকপিয়ল মতে আন্দামানত ২৪০ জনহে জাৰাৱা জনসংখ্যা আছে৷

লেখকৰ মানসিক জগত আৰু তেখেতক চিন্তিত কৰা কথাবোৰৰ স্পষ্টতা সম্পূৰ্ণ ফুটি ওলাইছে য’ত তেখেতে কাৰ্বি সমাজৰ দাৰিদ্ৰ্যতা, অত্যাধিক মদ্যপান, সংহতি আৰু অনৈক্য, ৰাজনৈতিক দুৰ্নীতি, সামাজিক সংঘাত, সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু কাৰ্বি সকলৰ জীয়াই থকাৰ সংগ্ৰাম আদিৰ আধাৰত লেখা পাঁচ দশকৰ কাৰ্বি গল্প সমূহৰ নিৰ্বাচিত গল্পৰ ইংৰাজী অনূদিত গল্প সংকলন Karbi Studies, Vol-4, In search of Drongo and other stories নামৰ কিতাপ খনৰ বিষয়ে সবিশেষ উল্লেখ কৰাৰ পৰা৷

টীকা পাহাৰ কাৰ্বি আংলঙৰ হামৰেণ মহকুমাত অৱস্থিত আৰু ইয়াতেই অৱস্থিত টীকা গাঁৱতেই আধুনিক কাৰ্বি আংলঙৰ নিৰ্মাতা চেমচনছিং ইংতিৰ জন্ম৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৪১৩ মিটাৰ উচ্চতাত অৱস্থিত এই টীকা পাহাৰতেই ১৮৩৬ চনত প্ৰথম বাৰৰ বাবে প্ৰদাৰ্পণ কৰিছিল মিছনেৰি সকলে৷ মিছনেৰি সকলেই ধৰ্ম প্ৰচাৰৰ লগে লগে কাৰ্বি মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ বুলি ১৯১৩ চন মানত প্ৰথম স্কুল, স্বাস্থ্য কেন্দ্ৰ আদি স্থাপন কৰিছিল কাৰ্বি পাহাৰত৷

ৰংবং তেৰাং দেৱৰ সাক্ষাৎকাৰ ভিত্তিক খণ্ড এটাৰ পৰা এই প্ৰচাৰ বিমুখ প্ৰথিতযশা সাহিত্যিক গৰাকীৰ বিষয়েও জানিবলৈ সক্ষম হ’ব৷

নিভাঁজ শব্দ আৰু বাক্যৰ ব্যৱহাৰৰ কাৰণেও এই কিতাপখন পঢ়ি সকলো বয়সৰ মানুহেই অতিশয় আনন্দিত হ’ব বুলি ভাবোঁ‌৷ মই জনাত কাৰ্বি আংলঙৰ ওপৰত লিখা এনে তথ্য সমৃদ্ধ মনোৰম কিতাপ অসমীয়া ভাষাত দেখা মনত নপৰে যাক সুখপাঠ্য আৰু ভ্ৰমণ সহায়ক কিতাপ বুলিও ক’ব পাৰি৷ খাদ্যাভাষ, চিন্তাধাৰা, কৃষ্টি- সংস্কৃতি, লোকাচাৰ ইত্যাদি প্ৰায় সকলো বিষয়কে সামৰি লৈছে এই কিতাপে৷

কিতাপ খনত থকা কিছু বাক্যৰ শাৰী: –

° পৃথিৱীত এনেকুৱা দেশ আছে নেকি য’ত প্ৰৱেশ কৰিবলৈ কোনো পাছপ’ৰ্ট আৰু ভিছা নালাগে? তেতিয়া বন্ধু এজনে তপৰাই মাত লগালে- কিয় নাই, নেপাল য’ত ভাৰতীয় সকলৰ বাবে কোনো পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নাই৷

° স্বয়ম্ভূনাথ বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান৷ কথিত আছে যে গৌতম বুদ্ধই নিজে স্বয়ম্ভূনাথ দৰ্শন কৰিবলৈ আহিছিল৷ স্বয়ম্ভূনাথক ’বান্দৰ মন্দিৰ ’ নামেৰেও জনা যায়৷

° পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত কাৰ্বি সকলৰ পৰম্পৰাগত সামাজিক শাসন ব্যৱস্থা এতিয়াও প্ৰচলিত৷ অনেকেই বিশ্বাসেই নকৰিব যে কাৰ্বি ৰজাই বৰ্তমানেও পৰম্পৰাগত ৰাজধানী ’ৰংহাং ৰংবং ’ ৰ পৰা শাসন কাৰ্য চলাই আছে৷

° কাৰ্বি সকলৰ পৰম্পৰাগত ৰন্ধন প্ৰণালীত তেল বা মা-মচলাৰ ব্যৱহাৰ প্ৰায় নাই বুলিলেই ক’ব পাৰি৷ তেলৰ সলনি কাৰ্বি সকলে তিলৰ গুড়ি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে৷

*** ছপাশালৰ ভুল প্ৰায় নাই বুলিয়েই ক’ব পাৰি৷ অতি মনোৰম এই কিতাপ খনে সকলো বয়সৰ পঢ়ুৱৈক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ সক্ষম হ’ব বুলি ভাবোঁ৷

অসমীয়া সাহিত্যৰ জগতত শ্ৰী মঙ্গলছিং ৰংফাৰৰ উন্নতি কামনা কৰিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments