জাতীয়তাবাদী চিন্তা-চৰ্চা, সুকীয়া ৰাজ্য দাবী আৰু অন্যান্য…(-লক্ষীনন্দন বৰগোহাঞি)

জাতীয়তাবাদী চিন্তা-চৰ্চা, সুকীয়া ৰাজ্য দাবী আৰু অন্যান্য…

-লক্ষীনন্দন বৰগোহাঞি

 

 

জাতীয়তাবাদী চিন্তা-চৰ্চা বিষয়টো নতুন বিষয় নহয়। বিশ্বৰ বিভিন্ন ঠাইত অতীজৰ পৰা বিভিন্ন ৰূপত জাতীয়তাবাদ গা কৰি উঠাৰ কথা ইতিহাসৰ পৃষ্ঠাত পোৱা যায়। আমাৰ ভাৰতবৰ্ষলৈ বৃটিছৰ আগমন ঘটাৰ পাছত আৰু ১৮৫৮ চনত ভাৰত আইনৰ জড়িয়তে ভাৰতবৰ্ষৰ শসনৰ কৰ্তৃত্ব বৃটিছ চৰকাৰে লোৱাৰ পাছত ভাৰতত আনুষ্ঠানিক ভাৱে জাতীয় চেতনাৰ প্ৰকাশ হবলৈ ধৰে। বিশেষকৈ বৃটিছ সাম্ৰাজ্যবাদী কাৰ্যকলাপ আৰু ভাৰতীয় জনগণৰ ওপৰত তেওঁলোকে চলোৱা অন্যায়ৰ বাবেই অসন্তুষ্ট ভাৰতবাসীয়ে বৃটিছ চৰকাৰৰ নীতিবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়। অধ্যাপক কুপলেণ্ডৰ মতে ১৮৮৫ চনত বোম্বাইৰ পৰা আত্মপ্ৰকাশ হোৱা জাতীয় কংগ্ৰেছৰ পৰাই ভাৰতত জাতীয় চেতনাৰ আৰম্ভণি হয়। ভাৰতক স্বাধীন কৰালৈকে জাতীয় কংগ্ৰেছেই ভাৰতবাসীৰ মনত জাতীয় চেতনা জগাই ৰাখিছিল। ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতবাসীৰ বিশাল জাতীয় চেতনা স্তিমিত হৈ পৰে। স্বাধিনতা প্ৰাপ্তিয়েই যিহেতু এই জাতীয় চেতনাৰ মূল লক্ষ্য আছিল, সেইবাবেই ভাৰতবাসীৰ বিশাল জাতীয় চেতনাৰ প্ৰাসঙ্গিকতাও নোহোৱা হৈ গ’ল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা ভৌগোলিক, ঐতিহাসিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক, জাতিগত আদি বিভিন্ন কাৰণত ভাৰতৰ ভিতৰতে কিছুমান অঞ্চলত জাতীয়তাবাদী চিন্তা-চৰ্চা নতুন ৰূপত প্ৰকাশ হবলৈ ধৰে। এইবোৰ ভাৰত চৰকাৰে বিগত সময়ত নতুন ৰাজ্য গঠন, স্বায়ত্ব শাসন আদিৰ জৰিয়তে সমাধা কৰিবলৈ যত্ন কৰি আহিছে। ইয়াৰ পাছতো সৰু ডাঙৰ অঞ্চল কিছুমানত জাতি-জনজাতিৰ লোকসকলে ভাৰত চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ ওচৰত জাতীয়তাবাদী চেতনাৰে নতুন ৰাজ্য আৰু স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আহিছে।

অমি এই আলোচনাত জাতীয়তাবাদী চিন্তা-চৰ্চাৰ অন্তৰালত থকা কাৰণসমূহ, ইয়াৰ পৰা ভৱিষ্যতে উদ্ভৱ হ’ব পৰা সমস্যা কিছুমানৰ কথা আলোচনা কৰিব বিচাৰিছো। অৱশ্যে এই বিষয়টোৰ পৰিধি অতি ব্যাপক। সেয়ে এই আলোচনাত সকলো দিশ সামৰি লোৱাটো অসম্ভৱ। এই আলোচনাৰ সীমিত পৰিসৰত মাত্ৰ কেইটামন কথা চুই যোৱা হৈছে। বৰ্তমান সময়ত আমি অসম বা ভাৰতৰ পৃষ্ঠভূমিত যি জাতীয় চেতন প্ৰত্যক্ষ কৰিবলৈ পাইছো সেয়া মূলত নিৰ্দিষ্ট জাতি-জনজাতি কেন্দ্ৰীক। ভাৰতৰ স্বাধীনতাৰ দাবীৰে বিশাল ভাৰতীয় জাতীয় চেতনা জগাই তোলাত যেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চৰমপন্থীসকলে ভূমিকা লৈছিল এতিয়া জাতি-জনজাতি কেন্দ্ৰীক জাতীয় চেতনা জগাই তোলাতো জাতি-জনজাতিসকলৰ নৰমপন্থী আৰু চৰমপন্থী সংগঠন কিছুমানে কম বেছি পৰিমাণে ভূমিকা লৈ আহিছে।

জাতি-জনজাতি কেন্দ্ৰীক জাতীয় চেতনা আবিৰ্ভাৱ হোৱাৰ মূল অভিযোগ আৰু কাৰণ হিচাপে আমি চিহ্নিত কৰিব পাৰো জাতি আৰু ঠাই বিশেষৰ প্ৰতি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মনোযোগহীনতা, অৰ্থনৈতিক অনগ্ৰসৰতা, নেতৃস্থানীয় ব্যক্তিৰ প্ৰভাৱ, ঐতিহাসিক কাৰণ, অসমতা আদি। উল্লিখিত অভিযোগ আৰু কাৰণসমূহ নিৰ্মূল কৰিবৰ কাৰণেই স্বায়ত্ব শাসন, পৃথক ৰাজ্য অথবা স্বাধীন ৰাষ্ট্ৰ পৰ্যন্ত দাবী উঠি আহিছে। স্বায়ত্ব শাসন আৰু পৃথক ৰাজ্যৰ দাবী কিছুমান পূৰণ কৰা হৈছে। তাৰ পাছতো এই দাবীৰ সংখ্যা হ্ৰাস পোৱা নাই। তাৰ পৰিৱৰ্তে যোৱা কিছুবছৰৰ পৰা এই দাবীৰ সংখ্যা কল্পনাতিত ভাৱে বাঢ়িহে গৈছে। প্ৰকৃততে স্বায়ত্ব শাসন আৰু পৃথক ৰাজ্য প্ৰদানে সমস্যসমূহ পূৰামাত্ৰাই যে সমাধান কৰিব নোৱাৰে সেই কথা প্ৰমাণ হৈ গৈছে। স্বায়ত্ব শাসন আৰু পৃথক ৰাজ্য লাভ কৰা জাতি-জনজাতি আৰু অঞ্চলসমূহৰ সমস্যাবোৰ কিমান দূৰ সমাধান হ’ল সেই কথাৰ বৈজ্ঞানিক জৰীপ এটা কৰিলেই সেই তথ্য ওলায় পৰে। আনহে নালাগে আজিৰ পৰা ছয়ষষ্ঠি বছৰৰ আগতে ভাৰতবৰ্ষই লাভ কৰা স্বাধীনতাৰ পৰা কাৰ লাভ হ’ল কাৰ লোকচান হ’ল আৰু কি লাভ হ’ল কি লোকচান হ’ল সিও এট ডাঙৰ প্ৰশ্ন হৈ আছে।

স্বায়ত্ব শাসন আৰু পৃথক ৰাজ্য প্ৰদান কৰাৰ পাছত নতুন কিছুমান সমস্যাই গা কৰি উঠে। উন্নয়নৰ বাবে আৱন্তিত হাজাৰ হাজাৰ কোটি টকাৰে কিয় প্ৰস্তৱিত উন্নয়নবোৰ হৈ নুঠে। কিয় জাতীয় চেতনা জগাই তোলা নেতাসকলে নিজে দ্বায়িত্ব ভাৰ পোৱাৰ পাছতো নিজেই এসময়ত উত্থাপন কৰা সমস্যাবোৰ সমাধান কৰিব নোৱাৰে আৰু নিজৰ অবৈধ সম্পত্তিৰ পাহাৰ-পৰ্বত গঢ়াতহে উঠি পৰি লাগে। ভাৰতবৰ্ষ বা অসম হ’ল ভিন্ন ধৰ্ম, ভিন্ন ভাষিক, ভিন্ন জাতি-জনজাতিৰ আবাসভূমি। একেখন ঠাইতে বৈচিত্ৰৰ মাজত ঐক্যৰে বাস কৰা মানুহবোৰৰ মাজত স্বায়ত্ব শাসন আৰু পৃথক ৰাজ্য প্ৰদানে সৃষ্টি কৰে মতুন সংঘাতৰ। সংঘাতে সংঘাত বঢ়াই গৈ থাকে। উন্নয়নৰ শ্ল’গান দি থকা মানুহবোৰ ভ্ৰতৃঘাটী কৰ্যকলাপৰ মাজলৈ সোমাই গৈ থাকে। আকৌ নতুন সমস্যাৰ উদ্ভৱ হয়, নতুন নতুন দাবীৰ জন্ম হয়। উন্নয়ন হৈ পৰে স্থবিৰ।

এই ক্ষেত্ৰত স্বতন্ত্ৰতা, সমতা, ন্যায়, ঐক্যৰ আদৰ্শ লিপিবদ্ধ কৰি ৰখা ভাৰতৰ সংবিধানখনো নিজ আদৰ্শ বিৰোধী হৈ পৰিছে সাম্প্ৰতিক প্ৰেক্ষাপতত। সংবিধানৰ নীতি কিছুমানত থকা ভয়ঙ্কৰ আঁসোৱাহ কিছুমানৰ বাবেই সৃষ্টি হৈছে অনেক সমস্যাৰ। সংবিধানে আমাৰ ৰাজনৈতিক ব্যৱস্থাত ৰাখি থোৱা অঁসোৱাহৰ বাবেই লোকপালৰ দৰে বিধেয়ক এখন গৃহীত কৰাৰ বাবে জনতাৰ প্ৰবল দাবী থকা স্বত্ত্বেও শাসক দলে সফলতাৰে বাধা দিব পৰে। কিয় আজি ন্যায় ব্যৱস্থাকো সন্দেহ কৰিব লগীয়া পৰিস্থিতি ভাৰতত উদ্ভৱ হ’ল! কিয় হত্যা, ধৰ্ষন, চৰম দুৰ্নীতিত লিপ্ত অপৰাধী বিধানসভাৰ সদস্য তথা মন্ত্ৰীৰ আসনত বহিব পাৰে। সংবিধানত থকা অবৈজ্ঞানিক সংৰক্ষণ ব্যৱস্থাই অনুসুচীত জাতি-জনজাতিৰ ধনী ব্যক্তি এজনকো সকলো সুবিধা প্ৰদান কৰে আৰু সাধাৰণ জাতিৰ অতি দৰিদ্ৰ এজনক সুবিধা নিদিয়ে। জাতি-জনজাতি ভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ ঠাইত অৰ্থনৈতিক ভিত্তিত সংৰক্ষণ ব্যৱস্থা কৰাটো যে অতি বৈজ্ঞানিক সেই কথা স্থূল মগজুৰ ব্যক্তি এজনেও ভালকৈ বুজি পায়।

বৰ্তমান জাতীয় চেতনাৰ অন্তৰালত একাংশ ব্যক্তিৰ উচ্চকংখাও জড়িত হৈ পৰিছে। সাধাৰণ জনগণক অবেগিক ভাৱে আন্দোলিত কৰি নিজৰ নেতৃত্বৰ পথ সুগম কৰিবলৈ চেষ্টা কৰাৰ ফলতো জাতীয়তাবাদী চিন্তা-চৰ্চাৰ বিপৰীত ফল এটা পোৱা গৈছে।

১৯৪৯ চনত ৰক্তাক্ত বিপ্লৱৰ যোগেদি মও-জে-ডঙৰ নেতৃত্বত চীনত কমিউনিষ্ট সকলে ক্ষমতা দখল কৰাৰ পাছত ১৯৫৪ চনত সমাজবাদী আদৰ্শৰ এখন প্ৰগতিবাদী সংবিধান ৰচনা কৰি গ্ৰহণ কৰিছিল। কিন্তু তাত ৰৈ যোৱা আঁসোৱাহৰ কাৰণে সেইখন সংবিধান ৰদ কৰি ১৯৭৫ চনত সম্পূৰ্ণ নতুন এখন সংবিধান গ্ৰহন কৰে। পৰিৱৰ্তিত পৰিস্থিতিত অনুপযুক্ত বুলি সেইখনো ৰদ কৰি ১৯৭৮ চনত আন এখন সংবিধান কৰ্যকৰী কৰে। ১৯৮২ চনত চীনত পুনৰ এখন নতুন অৰ্থাত চতুৰ্থখন সংবিধান গ্ৰহণ কৰা হয়। যিহেতু ভাৰতবৰ্ষত উদ্ভৱ হোৱা অনেকবোৰ গুৰুতৰ সমস্যাৰ কাৰণ ভাৰতৰ সংবিধনখন। ১৯৪৭ চনত অহিংস আন্দোলনৰ মাধ্যমেৰে স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই ১৯৫০ চনৰ পৰা কৰ্যকৰী কৰা সংবিধানখনৰ ইমানবোৰ আঁসোৱাহ স্বত্ত্বেও কিয় ৰদ কৰা হোৱা নাই! আমি ভাৱো একমাত্ৰ কৌটিকলীয়া সংবিধানখনৰ ঠাইত এখন নতুন নিৰ্ভুল সংবিধান প্ৰস্তুত কৰি গ্ৰহণ কৰা হওক। নতুন সংবিধানখন প্ৰস্তুত কৰি গ্ৰহণ কৰোতে ৰাজনৈতিক নেতাসকলে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰো ব্যৱস্থা ভাৰতীয় জনগণে কৰিব লাগিব। ইয়াৰ বাবে আমাক লাগিব সৰ্বভাৰতীয় জাতীয় চেতনা। আমি জনগণ হ’ব লাগিব সজাগ সচেতন। অন্যথা আমি একেবোৰ সমস্যা লৈয়ে যুঁজ বাগৰ কৰি থাকিব লাগিব আৰু সামগ্ৰিক উন্নয়ন আৰু উন্নত জীৱন এটাৰ পৰা বঞ্চিত হৈ ৰ’ব লাগিব।

——————————————-
লেখকৰ ঠিকনা- সহকাৰী অধ্যাপক, ডি ডি আৰ কলেজ, চাবুৱা, ফোন: ৯৭০৭৪-৭০৪৪৯

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments