জানো নহয়! – (বি জে ৰঞ্জন)

janu nohoy

পুলকেশ বৰাই নিজৰ দেহটোৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই ভাল পায়। স্বভাৱটো তেওঁৰ পঢ়া দিনৰেই। সেই সৰুতে বোলে দেউতাকহঁতে তেওঁক ডাক্তৰী পঢ়ুৱাবলৈ বৰকৈ ইচ্ছা কৰিছিল। বৰাই কোৱামতে তেতিয়াই বোলে তেওঁৰ এটা ‘ইন-বৰ্ন ইনষ্টিং’ গঢ়ি উঠিছিল-ডাক্তৰী বিদ্যাত, বিশেষ কৈ কটা-ছিঙা আদিবোৰত। নিতৌ সন্ধিয়া পঢ়া টেবিলত বহি দিনৰ খেল-ধেমালীত ভৰি, আঠু আদিত হোৱা জখম, আঘাতবোৰত ‘হোমমেদ’ দৰৱ লগোৱা, কটা ঠাইত থু লগাই কাগজৰ টুকুৰা লগোৱা, গৰমৰ দিনত চুবুৰীৰ ল’ৰাবোৰৰ মুখে হাতে ওলোৱা ফোঁহোৰা, আঁজনি, গাঁৰ আদিৰ কটা-চিঙা কৰি ‘অপাৰেচন’ কৰা- এইবোৰ কৰোতে কৰোতে বোলে বৰাৰ হাতখন অতি মিহি হৈ উঠিছিল। তেতিয়াই বোলে কিছুমানে ভবিষ্যতে এদিন পুলকেশ যে নামজ্বলা শৈল্য চিকৎসক হ’বই হ’ব, সেইটো লিখি দিব খুজিছিল। কিন্তু দুখৰ কথা, হাইস্কুলৰ ওপৰ ক্লাছৰ অংক আৰু ইংৰাজীয়ে যেতিয়া কালমূৰ্তি ধৰি দেখা দিলেহি, তেওঁৰ ডাক্তৰী অভিলাষ ক’ৰাবলৈ পলাই পত্ৰং দিলে। বাৰে বাৰে অংক, ইংৰাজীত লাগি ধৰি মেট্ৰিকত তৃতীয় বাৰলৈ বুলি হেট্ৰিক অৰ্জনৰ বিৰল কৃতিত্বৰে ডাক্তৰ হোৱাৰ আশা ‘দূৰৰ পাহাৰ দেখিবলৈহে ধুনীয়া’ বুলি ফুঃ মাৰি সমূলি পৰিত্যাগ কৰি দিলে পুলকেশে। বৃহস্পতি অষ্টমত থকাত কেনেবাকৈ তিনিবাৰৰ মূৰত মেট্ৰিকটো চুঁচৰি যেন-তেন কলা শাখাত নাম লগালেগৈ। সুবিধা পাই সময়ত টাউন প্লেনিং অফিচৰ ‘মাখি-খেদা’ কেৰাণী বনি গ’লগৈ, আৰু কম দিনৰ ভিতৰতে নিজৰ ‘ফেমিলি প্লেনিং’ত গভীৰভাৱে মনোনিৱেশ কৰিলে পুলকেশ বৰাই।

তথাপি সেই যি স্বভাৱ এটা আছিল এতিয়াও উক দি উঠে। ক’ৰবাত অকণমান সময় নিৰিবিলি কৈ বহিব পালেই সুপ্ত ডাক্তৰী-প্ৰতিভা জাগ্ৰত হৈ উঠে। শৰীৰৰ ক’ত খুমতিয়াব পাৰে, কোনখিনি খজুৱাই বহলাই ল’ব পৰা যায়- নাই, ভৱাৰ একেবাৰে দৰকাৰ নাই, ভায়োলিনত আঙুলি বুলি যোৱাৰ নিচিনাকৈ খৰ-খজুৱটিবোৰ আঙুলিয়ে নিজেই বিচাৰি বা তৈয়াৰ কৰি লয়। সময়খিনিত বৰাৰ মুখে ভিন ভিন অৱতাৰ ধাৰণ কৰি যায়। আজিকালি মুখৰ নক্সা দেখিয়েই পৰিবাৰ জেতুকীয়ে কৈ দিব পাৰে গিৰিয়েকে কোনখন ভৰিৰ কোনটো আঙুলীৰ খজুলি চিমটাই আছে।

আজিও বাৰাণ্ডাৰ চিৰিত বহি থকা বৰাৰ মুখৰ তলৰ ওঁঠটো পোন্ধৰ ডিগ্ৰীমান বেঁকা হৈ থকা দেখা গৈছে, বাওঁ চকুটো প্ৰায় মুদো মুদো। জেতুকীয়ে কামৰ মাজে মাজে বৰাৰ আগেৰে অহা-যোৱা কৰি বৰাৰ মুখখনলৈ লক্ষ্য কৰি আছিল।
-“উলফ্”।
বৰাৰ মুখেৰে উচ্ছাৰিত হোৱা শব্দটো শুনি তেওঁ নোকোৱাকৈ নোৱাৰিলে- “কিনো পিটিকি থাকে হে? সেয়াই বন হৈছেগৈ নে আৰু?”
ওঁঠ আৰু জিভাৰ মাজত গোট খোৱা থুবোৰৰ মাজেৰে ‘চুলুলুলুপ’ ধৰণৰ এটা শব্দই বৰাৰ দাঁতৰ মাজেৰে বাহিৰলৈ দৌৰ মাৰি ওলাই আহিল। শব্দতে জেতুকীয়ে বুজিলে- ভালকৈয়ে এবাখল গ’ল চাগৈ।
-“উহ্ ৰাম, বেয়া ঘাঁ হ’ব এইবোৰ, কৰিবলৈ আৰু কাম নাপায়!” বিৰক্তিৰে কৈ জেতুকী আতঁৰিল।
বৰাই ফটা গোৰোহাৰ ছাল চিকুটি এৰাই আছিল। এই কামফেৰা তেওঁ সুবিধা পালেই সম্পন্ন কৰে। কামটো কৰোতে সুখ-দুখৰ এক অনাবিল আমেজে নিচাৰ নিচিনা ক্ৰিয়া কৰি তেওঁৰ চকুহাল প্ৰায়ে মুদ খুৱাই নিয়েহি।
জেতুকীৰ মাতত বাধা পাই বৰাই মূৰটো তললৈ কৰি চাই দেখে যে গেৰোৱাৰ পৰা এবখলা এৰি গৈছে, এচিকটা তেজ বিৰিঙি উঠিছে। চাধাৰ টেমাৰ পৰা এমখলা চূণ লেপি দি চেণ্ডেলযোৰ ভৰিত সুমুৱাই ব্যস্ততাৰে চিঞৰ-বাখৰ লগালে –“পানী ৰেডী হৈছেগৈ নে বাৰু? কি যে কৰা, জানো নহয়, এনেকৈয়ে অফিচ দেৰী হৈ যায় সদায়।”
জেতুকীয়ে ভিতৰৰ পৰা উত্তৰ দিলে – “ইস্ এতিয়াহে হাহাকাৰ লাগিল নে? কাৰেন্ট নাই পুৱাৰে পৰা, যাওঁক চেঁচা পানীৰে তিয়াই আহকগৈ।”
বৰাই সময় চাই দেখে ন বাজি গৈছে। হুৰমুৰাই এবাল্টি ঢালি আহি চুলি মচি মচি দেখিলে ঘৈণীয়েকে ভাত বাঢ়িছে টেবিলত।

অফিচ যাবলৈ ওলাই আজিওঁ তেওঁ বাৰাণ্ডাত এক্ষন্তেক ৰৈ গ’ল। ষ্টেণ্ড কৰি থোৱা স্কুটিখনলৈ বুলি তেওঁ এখোজ দুখোজ কৈ আগুৱাই গ’ল। স্কুটিখনৰ হেন্দেলত ধৰি তেওঁ সৰু ল’ৰা-ছোৱালীক কৰা মৰমৰ দৰে পিহি দিলে এবাৰ। তাৰ পিছত আগৰ পিছৰ চকাদুটা পৰীক্ষা কৰি এটা আত্ম-সন্তুষ্টিৰ হাঁহি মাৰি ক’লে-“হেৰা সোণক ক’বাহে এবাৰ মচিবলৈ, নতুন গাড়ী, চিকচিকাই থাকিব লাগে।”
জেতুকীয়ে বিৰক্তিৰে কলে-“সেইখন হ’বলা সজাবলৈ হে আনিছিল। নিজেটো নিশিকিলেই। এতিয়া গলগ্ৰহহে হ’বগৈ যেন পাইছো।”
কিবা ভাবি মাতটো সলাই মিহি সুৰত জেতুকীয়ে পুনৰ ক’লে-“হেৰি নহয়, সোণে চলাওঁ চলাওঁ কৰি আছে, ছাবিপাত দি যাওঁক নহ’লে। আপুনিটো নচলায়ে, সিয়ে শিকক।”

উত্তৰত বৰাই মূৰটো এনেভাৱে কেইজোকাৰ মান মাৰিলে যেন তেওঁৰ মূৰত নে চুলিত কিবা নালাগিবলগীয়া বস্তু এটাহে লাগি ধৰিছেহি। তেওঁ ক’লে-“কিহৰ পঢ়া ল’ৰাই বাইক চলাব লাগিছে? বাইক চলাই গা ঘেলাই ফুৰক, পঢ়া-শুনা ৰসাতললৈ যাওক। জানো নহয়, বৰুৱাহঁতৰ সেই পেনঘুল্লা ল’ৰাটোক বাপেকে বাইক কিনি দি কেনে শাস্তি পাইছে এতিয়া, ল’ৰাই কলেজলৈ যাওঁ বুলি ক’ত বাইক চলাই ঘুৰি ঘুৰি ফেল-মাৰ্কা হৈছেগৈ। আগেয়ে পঢ়ক, ভাল ৰীজাল্ট কৰক, তাৰ পিছত যিমান ইচ্ছা চলাব।”
মাকক স্কুটিৰ ছাবিপাতৰ কথা কৈ কুটুৰি থকা সোণে ভিতৰৰ পৰা সকলো শুনি আছিল। ছাবিপাত পোৱাৰ আশা নেদেখি তাৰ মূৰটো গৰম হৈ আহিব ধৰিলে।
মাকে কৈছে-“তেনেহ’লে কিহলৈ বাৰু কিনিলে এইখন, নিজেওঁ নচলাই, ল’ৰাকো নিদিয়ে। সোণে শিকিলে কেতিয়াবা ময়ে বা মইনায়ে উঠিব পাৰিলো হয়, সিওঁ লাগ বুলিলেই ঘপককৈ বজাৰৰ পৰা কিবা এটা আনিব যাব পাৰিলে হয়।”
বৰাই ঘৈণীয়েকৰ কথালৈ গুৰুত্ব নিদি ইতিমধ্যে জপনা খুলি বাহিৰ হ’লেই, তেওঁ কৈ যাবলৈ ধৰিলে-“জানো নহয়, বাইক চলোৱা কিমান সহজ! আজিকালি ৰাষ্টাত ইমান ভীৰ-ভাৰ, ভৌচ-ভৌচকৈ চলোৱা মটৰ চাইকেল, বাইকৰ কিমান অতপালি। ইমান সহজ হ’লেতো….”, লাহে লাহে বৰাৰ মাত অস্পষ্ট হৈ গ’ল তথাপি ঘৈণীয়েকৰ আন্দাজ কৰিবলৈ অসুবিধা নহ’ল যে বৰাই বাইক-সম্পৰ্কীয় কথাই কিবা-কিবি কৈ কৈ গৈ আছেগৈ। ৰাষ্টাৰ মানুহক কথাবোৰ শুনাই যোৱাত জেতুকীয়ে লাজ পাই খঙতে ভোৰভোৰাই ঘৰৰ ভিতৰ সোমালগৈ।

ঘৰখনত স্কুটি এখনৰ প্ৰয়োজন অৱশ্যে নোহোৱা নহয়। কেতিয়াবা মইনাকে টিউচনলৈ থ’ব যাব লাগে, ইপিনে ৰিক্সাও নাই, কি কৰে তেতিয়া? কেতিয়াবা আকৌ আলহী আহি ওলাইছেহি, চেনী বা চাহপাতো শেষ হৈছে, ই সোণেই স্কুটিখন লৈ বজাৰৰ পৰা পুতুককৈ লৈ আনিব গৈ পাৰে। আতঁৰৰ বিয়া, সবাহলৈ যাবওঁ ভাল, আনকি সত্য-নাৰায়ণ পূজা পৰ্যন্ত- সন্ধিয়া পাৰ হৈ ৰাতি হৈ গ’লেও ঘুৰি আহিবলৈ টেনচন নাই। কেতিয়াবা যেনিবা বৰাৰে অফিচ যোৱা দেৰী হ’ল, সাউতকৈ সেইখন চেকুৰাই দিলেই পাঁচ মিনিটতে অফিচ পৌহচি যায়- ইত্যাদি ইত্যাদি ক’ত যে কিমান কাৰণ। পিচে দুচকীয়াখন কিনাৰ যিমান কাৰণ আছিল, কিনি উঠাৰ পিছত সেইখন নচলোৱাৰ কাৰণ বিচৰাত হে অধিক ব্যস্ত হ’ল বৰা, তেওঁ বিচাৰি উলিওৱা কাৰণবোৰ আছিল- এক্সিডেন্টৰ ভয়, ক’ৰাবাত চলাই নি ৰাখিলে চোৰে চোৰ কৰি নিয়াৰ ভয়, পিচলি পৰাৰ ভয়, সোণে চলাবলৈ ল’লে পঢ়া-শুনা নষ্ট হোৱাৰ ভয় ইত্যাদি। যিমান যি কাৰণ নেদেখুৱাওঁক, হঠাতে উপজা এই বাইক-বিদ্বেষৰ প্ৰধান কাৰণটো আছিল বৰাৰ স্কুটি শিকিবলৈ মনত উপজা ভয় ভাবটো।

শিকিবলৈ তেওঁ চেষ্টা নকৰা নহয়, কৰিছিল। কিনি অনাৰ পিছতে এদিন দেওবাৰে খুলশালিয়েক হৰমোহনক মাতি পঠিয়াইছিল। খুলশালিয়েকে এঘন্টামান ধৰি ভিনিয়েকক স্কুটি চলোৱাৰ ওপৰত ট্ৰেইনিং দিলেহি। ট্ৰেইনিং-পিৰিয়দত মূৰ দুপিয়াই দুপিয়াই বৰাই চিৰন্তন মুদ্ৰাদোষেৰে কৈ গ’ল-অ’ জানো-জানো। জানো নহয়, এইটো দেখিছো নহয় কৰা বেলেগক। অ’ জানো- জানো।

হৰমোহনে শিকাই থাকোতে মাজতে এবাৰ জেতুকীয়ে চাদৰ আচলটো ধৰি হাতেৰে এনে এটা পাক মাৰি দিলে যেন সেয়া চাদৰৰ লোচ নহয়, স্কুটিখনৰ ৰেচটোহে-“ইচ্, ইমান সহজ ভাই, ময়েই পাৰিম দেখোন।”
বায়েকৰ উৎসাহ দেখি হৰমোহনে হাঁহিলে-“পাৰিবিতো, আজিকালি ইস্কুল কলেজত পঢ়া কিমান ছোৱালীয়ে ইস্কুটি চলাই ঘুৰি ফুৰে। ই সোনেতো একেকোবে চলাই নিব পাৰিব।”

সন্মানৰ প্ৰশ্ন আহি পৰিল যেতিয়া বৰাই কোনোমতে সাহস অকণ গোটালে। তেওঁ স্কুটিখন লকড্ কৰি দিব ক’লে হৰমোহনক। উদ্যেশ্য স্কুটি আন-লকড্ কৰি, ষ্টেণ্ডৰ পৰা নমাই বহি লৈ নিজেই ষ্টাৰ্ট দিব- একেবাৰে প্ৰথমৰ পৰা প্ৰেক্টিকেলখিনি নিজেই কৰি চাব। প্ৰেক্টিকেল আৰম্ভ হ’ল। স্কুটিত বহালৈ চব ঠিকেই আছিল। স্কুতিখন ষ্টাৰ্ট দিলে, দুই হাতেৰে, সৰ্বশক্তিৰে হেন্দেলত বৰাই এনেকৈ মুঠি মাৰি ধৰিলে, কিবা কাৰণত যদি স্কুটিখন আকাশলৈও উৰিও যায়, তেন্তে তেওঁক পিঠিত বহুৱাই লৈহে যেন যায়।

-“এনেকৈ নহয় ভিনিদেউ, চাওঁ হাত দুখন, অলপ লুজ কৰি দিয়ক, লুজ-লুজ, একদম ইজি।”
শৰীৰৰ সকলো তেজ উঠি গৈ বৰাৰ মুখ ৰঙা পৰি গৈছে। তেওঁ কেনিও চোৱা নাই, চকু সমুখলৈ। লাহে লাহে কোনে কি কৈ আছে বৰাই শুনি নোপোৱা হৈ গ’ল। হৰমোহনে কিবা এটা কোৱা যেন পালে যদিওঁ কি ক’লে তেওঁ বুজি নাপালে। আশংকা কৰি হৰমোহনে তৎক্ষণাত পিছফালে লফিয়াই উঠি দিলে, বৰাই দিলে ৰেচটো একেকোবে ডবাই, স্কুটিৰ চকা ফৌচকৈ আগুৱাই গৈ কেইফুট ওপৰলৈ ডাংখাই উঠিল। ভাগ্যে বৰাই ৰেচটো আকৌ নমাই দিছিল বুলিহে গাড়ীখন ৰৈ গ’ল। হৰমোহনে পিছৰ পৰা ৰেচটো নিজৰ কন্ট্ৰললৈ আনি মুঠি মাৰি ধৰি লৈ নামি আহি ষ্টাৰ্ট বন্ধ কৰি দিলে।
-“নহয় নহয় ভিনিদেউ, চাওঁ।”
আকৌ আধাঘন্টামানৰ শিকন-শিক্ষণ চলিল।
মাজতে এবাৰ হৰমোহনে ৰাষ্টাতে ফুৰফুৰাই চলায়ো দেখুৱালে- “দেখিলে? কিমান সহজ।”
বৰাই আকৌ বহি ল’লে, পিছফালে হৰমোহন।
ষ্টাৰ্ট নিদিয়ালৈ ঠিকে থাকিল। যি ষ্টাৰ্ট দিলে, বৰাৰ মুখ ৰঙা পৰিব ধৰিলে। এইবাৰ স্কুটি কিন্তু লাহে লাহে ভদ্ৰভাৱে আগবাঢ়িল। আগত এটা টাৰ্ণিং আহিল। বৰাই স্পীড কমাব এৰি দিলে ৰেচটো একেবাৰে বঢ়াই, স্কুটিয়ে উৰি যোৱাৰ দৰে দাঁতিৰ খালৈলৈ টাৰ্গেট কৰি জপিয়ালে। হৰমোহন সাজু হৈয়ে আছিল, সি পটককৈ ব্ৰেকডাল টানি দিলে। শব্দ কৰি স্কুটিখনে দেদাবলৈ ধৰিলে, টাৰ্ণিংত লোৱা ভাজৰ ভাৰসাম্য ৰাখিব নোৱাৰি দুয়ো লাহেকৈ বাগৰি পৰিল। ভাগ্যে সেইখিনি ঢিলা মাটি আছিল।
সেয়াই। তাৰ পিছত স্কুটি গৈ যি বাৰাণ্ডাত উঠিল, আজি তিনি মাহ ধৰি চালকৰ প্ৰতীক্ষাত হা-হুমুনিয়াহ কাঢ়ি সি তাতেই ঠিয় দি আছে।

সোণে চলাবলৈ ইচ্ছা কৰে, বৰাই নিদিয়ে। তেওঁৰ মনত ভয়- তেওঁৱে নোৱাৰিলে, সোণে কি পাৰিব।
লগৰবোৰো জানো কম কচুগুটি, সিহঁতে সোণক জোকায়-“কি ঐ, স্কুটিখন বিকিবি নেকি, নে কিবা এক্সিভিচনলৈ ৰাখি থৈছ? ”
সোণে প্ৰতিজ্ঞা কৰিলে দেউতাকৰ স্কুটিত সি নিশিকে। ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাৰ পিছত সি মোমায়েকহঁতৰ ঘৰলৈ কেইদিনমান থকাকৈ গ’ল।
এসপ্তাহৰ মূৰত মোমায়েক হৰমোহনৰ ইয়ামাহাখন নিজে চলাই লৈ আহি সি যেতিয়া ঘৰ পালেহি দেখি বৰাৰ চকু কপালত।
পদূলিৰ আগত বাইকত বহি ৰেচ পকাই থকা সোণৰ মুখেৰে বাগৰা হাঁহিটোৱে যেন বৰাক কৈ গ’ল- দেখিছা? তুমি নোৱাৰিলা বুলি আনেওঁ নোৱাৰে বুলি কেলৈ ভাবা? চব তোমাৰ দৰে ভয়াতুৰ নহয়।

বৰাই ঘৈণীয়েকলৈ চাই হাঁহি মাৰি কলে-“হেৰা চোৱা, পুতেৰাই মটৰ চাইকেল চলাব শিকিলে। মই জানোৱেই, ই পাৰিব বুলি।”
‘মামাৰ-গাড়ী’ ইচ্ছামতে চলিল সেইকেইদিন। মোমায়েকে বাইকখন লৈ যোৱাৰ দিনা বৰাই সোণক ক’লে-“যাচোন, স্কুটিখনেৰে মইনাক টিউচনত থৈ আহগৈ, পাৰিবিতো?”
তাৰ পিছত এদিন ক’লে-“যাচোন, লণ্ড্ৰীৰ পৰা সাউতকৈ পাঞ্জাবীটো পিহি লৈ আন।”
এদিন ক’লে-“মায়েৰক লৈ টংক ককায়েৰহঁতৰ বিয়ালৈ যাগৈ।”
তাৰ বহুদিন পিছত এদিন ক’লে- “কালি স্কুটিৰ পিছফালে কোন ছোৱালী আছিল সেইজনী? মই আমাৰ মইনা বুলিয়ে ভাবিছিলো।”

তাৰ বহুদিন পিছত এদিন।
বাৰাণ্ডাত চকীত ভৰি তুলি বহি বৰাই ভৰিৰ নখৰ কোণ এটা পৰীক্ষা কৰি আছে। ঘৰখন নিজম।
সোণৰ দ্বিতীয় বাৰ্ষিকীৰ ৰীজাল্ট দিছে। সোণ ফেইল।
স্কুটিখনো বাৰাণ্ডাত যেন বিমৰ্ষ-মনে হৈ ঠিয় দি আছে। মুখত কাৰো মাত-বোল নাই।
বৰাই বহু সময় ধৰি মনে মনে থাকি ক’লে-“জানো নহয়, এনেকুৱাই হ’ব বুলি। স্কুটিয়ে ধ্বংশ কৰিলে তাক।”
জেতুকীয়ে তেওঁলৈ চাই স্হিৰ দৃষ্টিৰে ক’লে-“বিকি দিব সেইখন।”
-“কি লাভ এতিয়া বিকি?”
ভৰিৰ নখৰ কলা পৰা ঘাঁ এডোখৰ খজুৱাই আছিল বৰাই। সেই স্কুটি চলাবলৈ শিকোতে পৰি যে তেওঁৰ নখৰ এবখলা উঠি গৈছিল, সেই ডোখৰকে খজুৱাই খজুৱাই ঘাঁ কৰি আজিলৈ শুকুৱাবলৈ দিয়া নাই তেওঁ। হাতৰ আঙুলিৰে ক’লা পৰি শুকানমুৱা হোৱা ছাল এচিকটা এৰুৱাই আনিবলৈ চেষ্টা কৰি তেওঁ ক’লে-“এই স্কুটি-বাইক আদি চলোৱা একোটা বয়সৰ খজুৱটিৰ বাহিৰে আন একো নহয়।”

সোণ পঢ়াত বেয়া নাছিল। সি ফেইল কৰাত তাতকৈ ভনীয়েক মইনাই কান্দিলে বেছি। বেচেৰীৰ ককায়েকৰ ওপৰত বেছ ভৰষা আছিল। সোণৰো চকুহাল ওন্দোলি থাকিল দুদিনলৈ।
তিনিদিনৰ দিনা। সোণৰ বন্ধু পোনা দৌৰি আহিছে। পাচ-পাচ বুলি চিঞৰি আহি সি সোণৰ কোঠা পালেগৈ।
ঘৰৰ আটাইবোৰ তাৰ পিছে পিছে।
-“সোণে পাচ কৰিছে, জানে নে??” পোনাৰ উত্তেজিত মাত।
-“কি??” সকোলোৰে মুখ মেল খাই গ’ল।
-“অ’, ইয়াৰ ৰিজাল্ট ভুল কৈ আহিছিল। আচলতে ইংৰাজীৰ নম্বৰটো ডিফল্ট আছিল বোলে। ফেইল বুলি আহি গ’ল ৰিজাল্ট চীটত। আজি কলেজলৈ ইয়াৰ মাৰ্কচিটখন আহি পালে। সোণে হেনো চেকেণ্ড ডিভিজন পাইছে। কাউন্সিলে ভুল স্বীকাৰ কৰি চিঠিও পঠিয়াইছে বোলে। আৰু এটা একে ধৰণৰ কেচ হৈছে বোলে দক্ষিণ-পূব কলেজখনৰ।”

ইয়েয়ে- খবৰটো শুনি মইনা জপিয়াই লৰ দিলে।

“আস্!”- বৰাৰ মাতটো শুনি সকোলোৱে তেওঁলৈ চালে। বৰাৰ দয়োখন হাত নাকৰ ওচৰত (এখন হাতত সদ্যবিচ্ছিন্ন নোম এডাল)। নাকটো পিহি পিহি বৰাই ক’লে-“জানোৱেই, সোণে কেতিয়াও ফেইল নকৰে। তোমালোকেহে বিশ্বাস নকৰা তাক।”
জেতুকীৰ চকু পাক খাই উঠি কিবা কব খুজিছিল যদিও বৰাই ক’বলৈ সুযোগ নিদি পোনাক সুধিলে-“তাইৰ ফলাফল কেনে হৈছে অ’ পোনা?”
-“তাই মানে?”
-“সোণে যে স্কুটিত উঠাই মাজে সময়ে, তাই? পাচ কৰিছেনে?”
পোনাৰ মুখখন উজলি উঠিল। সি ক’লে-“অ’ অনুৰ কথা সুধিছে? তাই ফাৰ্ষ্ট ডিভিচন পাইছে।”
বৰাৰ তৰ্জনী আৰু বুঢ়া আঙুলী দুয়োটাই ইতিমধ্যে নাকৰ ফুটাৰ অধিকাংশ বেদখল কৰি খৰ গতিৰে বুলদোজাৰ চলাই গৈছে, সন্তুষ্টিৰে তেওঁ কলে-“বেছ বেছ, ভাল হৈছে, স্কুটিত উঠা ছোৱালী- স্মাৰ্ট ছোৱালী, জানোৱেই তাই ভাল ৰিজাল্ট কৰিব, বেছ।”
সোণৰ কাণ-মূৰ ৰঙা পৰি গ’ল।
আগফালে স্কুটিখনৰ ষ্টাৰ্ট হোৱা শব্দ শুনা গ’ল। তাৰ পিছত স্কুটিখন ওলাই যোৱা শব্দওঁ শুনা গ’ল।
বৰাই চিঞৰিলে-“স্কুটিখন কোনোবাই নিলে ঐ!”
মাকে ক’লে- “মইনা চাগৈ।”
-“কি! মইনাই? তাই চলাব জানে?”
জেতুকীয়ে হাঁহি হাঁহি ক’লে-“অ’ শিকিছে, সোণে শিকাইছে। ভালকৈ চলাব পাৰে এতিয়া তাই। ময়ো কেতিয়াবা তাইৰ লগত বজাৰলৈ যাওঁ। আপোনাক হে কোৱা নাছিলো, চিন্তা কৰিব পাৰে বুলি।”
গালৰ চাৰি মিলিমিটাৰমান ওখ ডাঢ়িখিনি পিহি পিহি হাঁহি মাৰি বৰাই ঘৈণীয়েকৰ পিনে চাই পৰিতৃপ্তিৰ সুৰত ক’লে- “ইস্ মই চিন্তা কৰিম, ময়ে কিনি দিলো ইহঁতক শিকিবলৈ। হেঃ হেঃ, জানিবই, আজিকালিৰ ছোৱালী, কেলেই নাজানিব, তোমালোকৰ নিচিনা মান্ধাতাযুগীয়া নে একো চলাব নজনা? মই আগেয়ে জানো নহয় তাই চলাব পাৰিব বুলি, তোমালোকেহে কিবা…।”

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments