জাপানৰ অভিজ্ঞতা –ডা° ভূপেন শইকীয়া

(প্ৰথম খণ্ড)
এটা সময়লৈকে জাপান নিপন নামেৰে জনাজাত আছিল৷ জাপান দেশ ভ্ৰমণ কৰাৰ মোৰ হেঁপাহ আছিল বহু পুৰণিকলীয়া৷ কাটাৰত কৰ্মৰত হৈ থাকোঁতেই সেই হাবিয়াস পূৰণ কৰাৰ আচনি ল’লোঁ৷ মই আৰু পৰিবাৰে ডোহাৰ জাপান দূতাবাসত ভিছাৰ বাবে আবেদনপত্ৰ দাখিল কৰিলোঁ৷ এই সংক্ৰান্তত জাপান ভ্ৰমণ কৰিবলৈ আগ্ৰহী পাঠকক দুটিমান লাগতিয়াল পৰামৰ্শ জনাই ল’ব খুজিছোঁ৷ জাপানৰ ভিছাৰ অনুমোদনত ৩ৰ পৰা ৫দিন সময় লাগে৷ জাপানলৈ যোৱা আৰু অহাৰ টিকটৰ উপৰি হোটেলৰ বুকিং দেখুৱাটো অপৰিহাৰ্য্য৷ ৬মাহৰ বেংকৰ জমা-খৰচৰ হিচাপ দূতাবাসৰ বিষয়াই খুটি-নাতি পৰীক্ষা কৰি চায়৷ থকা দিনকেইটাৰ দৈনিক কাৰ্য্যসূচীৰো এটা আভাস দিয়াটো বাধ্যতামূলক৷
নিৰ্দিষ্ট দিনটোত অৰ্থাৎ ১৭মে’ৰ পুৱা ৩বজাত ডোহাৰ হামাড ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্টলৈ আহি কাটাৰ এয়াৰলাইনচ বিমানেৰে ট’কিঅ’ৰ নৰিটা এয়াৰপ’ৰ্টলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ৯ঘণ্টাৰ অবিৰাম যাত্ৰাৰ সামৰণি পেলাই জাপানৰ নৰিটা এয়াৰপ’ৰ্টত অৱতৰণ কৰিলোঁ৷ কাটাৰৰ পৰা ইৰাণ, পাকিস্তান, কাশ্মীৰ, চীন, দক্ষিণ কোৰিয়াৰ বায়ুমাৰ্গ অতিক্ৰম কৰা ৫১৫৩ মাইল (বা ৮২৯২কিলোমিটাৰ) দূৰত্বৰ যাত্ৰা আমনিদায়ক নালাগিল৷ কাটাৰ এয়াৰলাইনচে দুবাৰকৈ সুস্বাদু ভোজনৰ যোগান ধৰিলে৷ চিটৰ সন্মুখত এলচিডি স্ক্ৰীণত আছিল হিন্দী-ইংৰাজী চিনেমা চোৱাৰ সুবিধা য’ত মেপত যাত্ৰা পথৰ দূৰত্ব, বিমানৰ গতিবেগ, উচ্চতা, গন্তব্যস্থানৰ সময় আৰু বায়ুমণ্ডলৰ তাপমান অবিৰামভাবে দেখুৱাই থকা হয়৷ তদুপৰি বিমানত আছিল ম’বাইলত বা নিজৰ লেপটপত বায়ুমণ্ডলতেই বিনামূলীয়া ৱাইফাই ব্যৱহাৰ কৰাৰ সুবিধা৷ কাটাৰৰ তুলনাত জাপানৰ সময় ৬ঘণ্টা আগবঢ়া৷ ভাৰতৰ তুলনাত জাপানৰ সময় চাৰে ৩ঘণ্টা আগবঢ়া৷ টোকিঅ’ৰ বৰ্তমান তাপমান ২৩°-১৫° চেলচিয়াচৰ মাজত চলি আছে৷
জাপানৰ মুদ্ৰা হ’ল জাপানীজ য়েন (চমুকৈ JPY বা ¥ )৷ জাপানলৈ আহোঁতে দেশখনত থকাৰ সময়ৰ সৈতে খাপ খোৱাকৈ কিছুপৰিমাণৰ জাপানীজ য়েন নিজৰ লগত লৈ অহাটো ভাল৷ ইয়াত আন দেশৰ তুলনাৰ এটিএম মেচিন আলিয়ে-গলিয়ে পোৱা নাযায়৷ হোটেল, মল আদিত ডেবিট বা ক্ৰেডিট কাৰ্ড চলে যদিও দোকানে-বজাৰে নগদ নোটহে গ্ৰহণযোগ্য৷ ৫০০য়েন বা তাতকৈ তলৰ পৰিমাণৰ ধনৰ মুদ্ৰাহে( ‎¥১, ‎¥৫, ‎¥১০, ‎¥৫০, ‎¥১০০, ‎¥৫০০) ইয়াত প্ৰচলিত৷ বিপৰীতে এক হেজাৰ, পাঁচ হেজাৰ আৰু দহ হেজাৰৰ নোট পোৱা যায়৷ ১০০০ জাপানী য়েন ভাৰতীয় ৬৩৩টকাৰ সমান অৰ্থাৎ এক জাপানী য়েন আমাৰ ৬৩পইচাৰ সমকক্ষ৷
নাৰিটা এয়াৰপ’ৰ্টৰ পৰা ৪০মাইল (৬৬কিলোমিটাৰ) দূৰত্বৰ ট’কিঅ’লৈ এঘণ্টাৰ বাট আৰামদায়ক লিম’চিন বাচেৰে আহিলোঁ৷ ৰাজধানী চহৰৰ মধ্যস্থলত অৱস্থিত বাচ ষ্টেচনৰ পৰা আমি বুক কৰি থোৱা হোটেললৈ ১৫মিনিটৰ বাট ৰেলেৰে আহিলোঁ আৰু হোটেলৰ অকণমানি অথচ আটোমটোকাৰি আৰু সকলো সা-সুবিধাযুক্ত কোঠাত প্ৰবেশ কৰিলোঁ স্থানীয় সময় সন্ধিয়াৰ চাৰে সাতটাত৷
আমাৰ হোটেলখন ’হিগাছি জুজু’ আৰু ’জুজো’ নামৰ এই দুটা মেট্ৰ ৰেলষ্টেচনৰ মধ্যস্থলত অৱস্থিত৷ আমাক আবন্তন দিয়া কোঠালিটো ১৪ফুট দীঘল, ৮ফুট বহল আকাৰৰ হ’ব৷ লগত সংলগ্ন এটা ৮ফুট ৩ফুট আকাৰৰ বেলকনি৷ বাথৰুমটোত শ্বাৱাৰ, বাথটাব, আইনা থকাৰ উপৰিও কমোডৰ চিট ইলেকণ্ট্ৰনিক হিট ৰেগুলেটৰ সংলগ্ন৷ কোঠালিত এখন দুজনীয়া বিছনা, এখন আৰামী চকী, এযোৰ ফোল্ডিং চকী-টেবুল, দুটা সৰু-ডাঙৰ আলমাৰী, এটা টিভি, এটা মিনি ফ্ৰিজ, বাতানুকুলিত যন্ত্ৰ আৰু সকলো সা-সুবিধাযুক্ত ৰন্ধনশালা৷ আগতে শুনিছিলোঁহে ট’কিঅ’ৰ দৰে বিশাল মহানগৰীত কম ঠাইতেই মানুহে নিজৰ সকলো সা-সুবিধা যুগুতাই লয় বুলি- এতিয়া যেনিবা তাকে স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলোঁ৷ কোঠাটোত দুযোৰ চেণ্ডেল আৰু দুটাকৈ বগা গাউন অন্যান্য কাপোৰৰ সৈতে গ্ৰাহক ব্যৱহাৰৰ বাবে দিয়া আছিল৷
১৭আৰু ১৮মে এই দুৰাতি জাপানৰ ৰাজধানী চহৰ ট’কিঅ’ত কটাই ১৯তাৰিখে ফুজিনোমিয়া চহৰলৈ বিশ্ববিখ্যাত মাউণ্ট ফুজি দৰ্শন কৰিবলৈ ৰেলৰে যাত্ৰা কৰিলোঁ৷ ১৪০কিলোমিটাৰৰ এই দূৰত্ব অতিক্ৰম কৰিবলৈ আমি কেইবাবাৰো ৰেল সলনি কৰিবলীয়া হৈছিলআৰু সেয়ে সময় লাগিল ৩ঘণ্টা৷ ১৯তাৰিখে মিচিফুজিনোমিয়াৰ হোটেলত কটাই ২০তাৰিখে তাৰ পৰা ২০কিলোমিটাৰ দূৰত্বৰ মাউণ্ট ফুজি অঞ্চল গাড়ীৰে দৰ্শন কৰিবলৈ গ’লোঁ৷ হ্ৰদ, জলপ্ৰপাত, পাহাৰৰ সুউচ্চ শৃঙ্গ দৰ্শনৰ অনন্য অভিজ্ঞতা আহৰণ কৰি বাচেৰে পুনৰ ট’কিঅ’ৰ হোটেললৈ এইবাৰ বাচেৰে ঘূৰি আহিলোঁ৷ ৰেলৰ, বাচৰ, যাত্ৰাপথত লগ পোৱা মানুহৰ কাহিনী, সৌজন্য আৰু বদান্যতাৰ কথা আন সময়ত লিখিম৷
২১মে মঙলবাৰে টোকিঅ’ত পুৱাৰ পৰা নেৰা-নেপেৰেৰা পেনপেনিয়া বৰষুণ৷ সেয়ে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ আঁচনি পৰিহাৰ কৰি খৰখেদাকৈ এই ভ্ৰমণ অভিজ্ঞতা লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলোঁ৷

(দ্বিতীয় খণ্ড)
জাপান দেশৰ দুটি কথাই প্ৰতিজন বিদেশী পৰ্য্যটকৰ দৃষ্টি অনায়াসে আকৰ্ষণ কৰে৷ প্ৰথমটো হ’ল সমগ্ৰ দেশখনৰ সৰু-বৰ সকলো ঠাইৰ চকুত লগা পৰিষ্কাৰ-পৰিচ্ছন্নতা৷ প্ৰতিটো ঘৰৰ পদূলিত, প্ৰতিটো পথৰ দাঁতিত নানাধৰণৰ ফুলৰে জাতিষ্কাৰ একোখন ফুলনি থাকেই৷ শ্বপিংমলসমূহ, বাচষ্টেণ্ড, ৰেলষ্টেচন, প্ৰতিটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান সৰু-ডাঙৰ ফুলৰ টাবেৰে পৰিপূৰ্ণ হৈ থাকে৷ নগৰপালিকাৰ গাড়ীৰ সহায়ত কৰ্মচাৰীয়ে বাট-পথৰ কাষৰ ফুলৰ টাবত পানী দিয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ৷ ৰাজপথৰ দাঁতিত বটৰুৱাৰ বিশ্ৰামৰ বাবে বেঞ্চ আৰু চকী ঠায়ে ঠায়ে দিয়া থাকে৷ ক’তো এখিলা কাগজ, এটা চিগাৰেটৰ টুকুৰা, চিপচৰ খালি পেকেট, পলিথিনৰ পেকট বা আন আবৰ্জনা পৰি থকা চকুত নপৰে৷ ভ্ৰমণকাৰীসকলে নিজৰ লগত সেয়ে নিজৰ জাবৰ সংগ্ৰহ একত্ৰ কৰিব পৰা পেকেট একোটা লগত ৰখা ভাল৷ যাতে সময়ত তাক হোটেলৰ, মলৰ বা আন ঠাইৰ ডাষ্টবিনত পেলাব পাৰে৷ ইয়াত য’ত’ ত’তে চকুত লগাকৈ ডাষ্টবিনো দেখিবলৈ পোৱা নাযায়৷
বিদেশী পৰ্য্যটকৰ চকুত পৰা দ্বিতীয়টো কথা হ’ল- জাপানী লোকসকলৰ আন্তৰিকতাৰে আনক সহায় কৰাৰ মানসিকতা৷ অচিনাকি লোকে যি কোনো এজন জাপানীলোকক বাট-পথৰ ঠিকনা বা ৰেলৰ যাত্ৰাপথৰ বিষয়ে সুধিলে সহায় কৰিবলৈ ততালিকে আগবাঢ়ি আহে৷ নজনা ঠাইৰ বিষয়ে আনক জনাবলৈ হ’লে ততালিকে নিজৰ ম’বাইলত ইণ্টাৰনেটৰ সহায় লয় আৰু সেইমতে সঠিক উত্তৰ দিয়ে৷ আনৰ বয়-বস্তু দাঙি সহায় কৰিবলৈকো সংকোচ নকৰে৷ নাৰিটা বিমানবন্দৰত অৱতৰণ কৰি আমি লিম’চিন বাচৰ টিকট ল’লোঁ ট’কিঅ’ চহৰলৈ আহিবলৈ বুলি৷ তাৰ পৰা মেট্ৰ ৰেলেৰে আমি বুক কৰি থোৱা হোটেললৈ যাত্ৰা কৰিব লাগিব৷ বাচত চিনাকি হোৱা এজন জাপানী ভদ্ৰলোকে আমি নামিবৰ সময়ত আমাৰ হাতত এটা কাকতৰ টুকুৰা উপযাচি তুলি দিলে৷ মেলি চাই দেখোঁ ট’কিঅ’ ৰেল ষ্টেচনৰ পৰা আমাৰ হোটেললৈ কোন লাইনৰ মেট্ৰৰে গৈ কেইটা ষ্টেচন এৰি ’হিগাছু জুজু’ ষ্টেচন পামগৈ তাৰ বৰ্ণনা৷ আকৌ বাচষ্টেচনৰ পৰা মেট্ৰষ্টেচনলৈ এজন যুৱকে আমাক বাট দেখুৱাইলৈ গ’ল৷ নিজৰ মেট্ৰ ৰেলৰ প্লেটফৰ্মলৈ তিনিটা বেগ কঢ়িয়াই লৈ যাবলৈ থেৰোগেৰো কৰি থকাত এজন আদবয়সীয়ালোকে আমাৰ এটা বেগ জোৰ কৰি দাঙি নি আমাক মেট্ৰ ৰেলৰ দুৱামুখলৈকে আগবঢ়াই দিলে৷ আকৌ ’হিগাছু জুজু’ ষ্টেচনৰ পৰা আমাৰ হোটেললৈ বাট দেখুৱাই দিলে এগৰাকী জাপানী যুৱতীয়ে৷ তেওঁ ম’বাইল নেটৰ সহায়ত আমাক হোটেলৰ পদূলিলৈকে আগবঢ়াই লৈ গ’ল৷ হোটেলখন বিচাৰি পাই যুৱতীগৰাকীৰ উল্লাসত ’ইউৰেকা- ইউৰেকা’ ভাৱ এটি ফুটি উঠিছিল! এনেধৰণৰ সহায় আমি আমাৰ ভ্ৰমণৰ সপ্তাহটোত পদে পদে পাইছিলোঁ৷
জাপান দেশখন হ’ল ৬৮৫২টা দ্বীপপুঞ্জৰসমষ্টি৷ তাৰে Honshu, Hokkaido, Kyushuআৰু Shikoku – এই চাৰিটা ডাঙৰ দ্বীপত ৯৭শতাংশ নাগৰিকে বসবাস কৰে৷ ৰাজধানী ট’কিঅ’ হ’ল Honshu দ্বীপত অৱস্থিত৷ প্ৰকৃতিয়ে জাপানক পাহাৰ-পৰ্বত, গছ-বননি, হ্ৰদ-জলপ্ৰতাত, নদ-নদী, পশু-পক্ষী অনেক কিবাকিবিৰে উপচাই দিছে৷ চুনামী-ভূমিকম্প, হিৰোচিমা-নাগাচাকিৰ আণবিক বিস্ফোৰণ আদিক কেৰেপ নকৰি দেশখন কিদৰে সৰ্বতো দিশত আগুৱাই গৈছে সেয়া বিশ্ববাসীৰ বাবে অতি বিস্ময়কৰ ঘটনা৷ জাপানত চাবলগীয়া বহুতো আছে৷ এটা সপ্তাহ কিয় এটা মাহো তাৰ বাবে যথেষ্ট নহয়৷ জাপানত লগ পালোঁ যোৱা ২৬বছৰ বসবাস কৰা আৰু এগৰাকী জাপানীৰ পাণিগ্ৰহণ কৰা ’মহালয়া ইণ্ডিয়ান ৰেষ্ট’ৰা চলাই থকা বঙালী ভদ্ৰলোক গৌতম দাসক, দহ বছৰে গেলামাল আৰু ষ্টেচ’নাৰী ’হিমালয়ান ষ্টোৰ্চ’ চলোৱা এটি নেপালী পৰিয়ালক৷ ট’কিঅ’ৰ এঠাইত এজন বাংলাদেশী লোকে বিগত দশক জুৰি চলাই অহা দোকানখন সজাই-ভৰাই তুলিছে নানাবিধ বাংলাদেশী মনোহাৰী আৰু খাদ্য সামগ্ৰীৰে৷
আজিলৈ জাপানৰ কথা ইমানেই৷ ভবিষ্যতে দেশখনৰ নানান দিশৰ কথা আলোচনা কৰাৰ মন থাকিল৷

(তৃতীয় খণ্ড)
জাপানৰ কথা যিমানে ক’লেও বা লিখিলেও শেষ যেন নহ’বই! ইয়াৰে অধিকাংশই হ’ল যোগাত্মক৷ এই দেশত কোনো হোটেল, ৰেষ্ট’ৰা বা আন প্ৰতিষ্ঠানত টিপ দিয়া নহয়৷ জাপানীসকলে টিপ লোৱা মানে আত্মসন্মান লাঘৱ হোৱা বুলি গণ্য কৰে৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত বিস্ময়ৰে লক্ষ্য কৰিলোঁ ইয়াৰ নলাৰ পানীও ফটফটিয়া৷ নাৰিটা আৰু ফুজিনমিয়াৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলে এজন সচেতন ভ্ৰমণকাৰীৰ মনটো স্বতঃস্ফূটভাবে প্ৰফুল্ল হৈ উঠে; যেন এটি মিঠা কবিতাহে পাঠ কৰিছে নাইবা সাধুকথাৰ কাল্পনিক জগত এখনতহে যেন তেওঁ বিচৰণ কৰিছে৷
’কিমনো’ হ’ল জাপানী মহিলাসকলৰ উৎসৱ-পাৰ্বন বা আন মাংগলিক অনুষ্ঠান পালন কৰোঁতে পিন্ধা মোহনীয় গাম্ভীৰ্য্যপূৰ্ণ বস্ত্ৰ বিশেষ৷ ‘পেগোডা’ হ’ল স্তম্ভ আকৃতিৰ কেইবাখলপীয়া বৌদ্ধ মন্দিৰ৷ আমি পেগোডা দৰ্শন কৰোঁতে দুই-তিনি ঠাইত জাপানী যুৱতীক কিমনো পৰিধান কৰি যোৱা দেখা পাইছিলোঁ৷ এনে লাগিছিল যেন যুৱতীকেইগৰাকীৰ সৌন্দৰ্য্য আৰু ব্যক্তিত্বক তেনে সাজে অধিক উজলাই তুলিছে৷ কিছুমান ঠাইত কিমনো প্ৰতি ঘণ্টাত ৩হেজাৰমান য়েনৰ বিনিময়ত ভাৰালৈ পোৱা যায় আৰু বহু বিদেশী পৰ্য্যটকে সেই সুবিধা গ্ৰহণ কৰি নিজৰ জাপান ভ্ৰমণৰ স্মৃতি দীৰ্ঘস্থায়ী কৰিবলৈ ফটোৰ মাধ্যমত সংৰক্ষণ কৰি ৰাখে৷
ইয়াৰ বাহিৰে জাপানীসকলৰ পোছাকৰ ক্ষেত্ৰত কেইটিমান সাধাৰণতে চকুত পৰা কথা হ’ল- মহিলাসকলৰ সাজ-পাৰ অতিমাৰ্জিত৷ কোনেও টেলেকা ৰঙৰ কাপোৰ নিপিন্ধে যেন আমাৰ অনুভৱ হ’ল৷ আনহাতে চহৰ অঞ্চলৰ প্ৰায়বিলাক পুৰুষে ক’লা বা নেভি ব্লু ৰঙৰ পেণ্ট আৰু কোট পৰিধান কৰে৷ পখৰা স্পৰ্টিং আৰু জিন্সৰ পেণ্ট পিন্ধি দেহত টেটু অংকিত কৰা যুৱক দেশখনৰ ক’তোৱেই আমাৰ চকুত নপৰিল৷ বাচত, ৰেলত, মেট্ৰত ভ্ৰমণ কৰোঁতে জাপানীসকলে মাত-কথা কমকৈ আৰু অনুচ্চ স্বৰত পাতে৷ অৱশ্যে আজিকালি ৯০শতাংশ লোকেই হাতৰ ম’বাইলক লৈয়েই ব্যস্ত থকা চকুত পৰে৷
মেট্ৰৰ উপৰি দূৰণিবটীয়া ৰেলৰ বহা চিটসমূহ বিমানৰ চিটৰ দৰে চকুত লগা আৰু পৰিচ্ছন্ন৷ জাপানী ভাষাৰ উপৰি ইংৰাজী ভাষাত সময়ে সময়ে যাত্ৰীৰ বাবে ঘোষণা আৰু পৰ্দাত গন্তব্যস্থানসমূহ দৃষ্টিগোচৰ কৰাই থাকে৷ এটা কথা আমাৰ মানুহে শুনিলে আচৰিত হ’ব: ৰেলৰ আগত পৰি কোনোবা মানুহ আত্মঘাটী হ’লে পৰিয়ালৰ লোকে ৰেলৱে বিভাগক ক্ষতিপূৰণ ভৰিব লাগে৷
খাদ্যৰ দিশত নিৰামিষ ভোজন গ্ৰহণ কৰা ভ্ৰমণকাৰীসকললৈ এটি পৰামৰ্শ – ইয়াৰ প্ৰায়বিলাক হোটেলতেই নিজে ৰান্ধি খোৱাৰ বাবে কুকিং গেছ বা ইণ্ডাকচন, ৰাইচ কুকাৰ, মাইক্ৰৱেভ, ইলেকট্ৰিক কেটল, যাৱতীয় বাচন-বৰ্তন আদি হোটেল কৰ্তৃপক্ষই যোগান ধৰে৷ বৰষুণৰ বতৰত হোটেলৰ বাহিৰলৈ ওলাই বজাৰ-সমাৰ কৰিবলৈ ছাতিও যোগান ধৰে৷ ওচৰৰ মনোহাৰী সামগ্ৰীৰ দোকান, চুপাৰ মাৰ্কেট বা আন দোকানত আপোনাৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী, সতেজ ফল-মূল আৰু শাক-পাচলি, কণী আদি নিজৰ প্ৰয়োজন অনুসৰি ক্ৰয় কৰি ল’ব পাৰিব৷ পইচা কোনেও দোকানীৰ হাতত তুলি নিদিয়ে; হয় কাষত থকা প্লেটত নহয় মেচিনত ভৰাই দিয়ে৷ এটিএম বা আন কাৰ্ডৰ যোগেদিও দোকানৰ প্ৰাপ্য পৰিশোধ কৰিব পাৰে৷ খাদ্যৰ বিপণিসমূহ নানান ধৰণৰ খাদ্য চকুত লগাকৈ মূল্য তালিকাসহ সজাই থয়৷ বিফ আৰু চিকন কম্বো, নানাবিধ সমুদ্ৰী মাছ ইয়াৰ হোটেল-ৰেষ্ট’ৰাসমূহৰ অধিক জনপ্ৰিয় বা প্ৰচলিত খাদ্য৷
সকলো পৰ্য্যটকে বিমানৰ পৰা নামিয়েই এখন বা ততোধিক Prepaid Suica Card সংগ্ৰহ কৰি লোৱাটো এক আৱশ্যকীয় কৰ্ম৷ এহেজাৰ, দুহেজাৰ বা ৫০০য়েনৰ গুণক যিকোনো পৰিমাণৰ ভৰাই এনে কাৰ্ড ক্ৰয় কৰি ল’ব পাৰে৷ ৫০০য়েন মূল্য কাৰ্ডত সদায় জমা ৰাখি বাকী ধনেৰে আপুনি বজাৰ-সমাৰ বা বাচ,ৰেল,মেট্ৰত ভ্ৰমণ কৰিব পাৰিব৷ নগদ ধনৰ সলনি এক অতি সহজ-সুলভ কাৰিকৰী ব্যৱস্থা৷ বিভিন্ন ৰাজহুৱা স্থানত থকা মেচিনত আপুনি প্ৰয়োজন অনুসৰি আকৌ ধন ভৰাই ল’ব পাৰিব৷ জাপান এৰিবৰ সময়ত কাৰ্ড ঘূৰাই দিলে চিকিউৰিটি জমা ৫০০য়েন ঘূৰাই পাব৷
জাপান ভ্ৰমণলৈ বিশ্বৰ নানান দেশৰ হেজাৰ হেজাৰ যাত্ৰী নিতৌ আহে৷ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ মানুহকো ভ্ৰমণকালত লগ পালোঁ৷ অতি সীমিত অসমীয়া লোকহে জাপানত অধ্যয়নৰত বা কৰ্মৰত৷ জাপানত প্ৰশিক্ষণ লোৱা এজন অসমীয়া চিকিৎসক এসময়ত মোৰ সহকৰ্মী আছিল৷ বৰ্তমান কাটাৰত জাপানী কোম্পানী এটাত কাম কৰা মোৰ বন্ধু পৰাগ হাজৰিকা দুবছবৰ জাপানৰ কৰ্ম অভিজ্ঞতাৰে পৰিপুষ্ট৷
জাপান এখন বিশ্বৰ ভিতৰতে নিৰাপদ দেশবুলি খ্যাত৷ পোনতে জাপান ভ্ৰমণ আৰম্ভ নৌকৰোঁতে মনলৈ থেৰোগেৰো বা সংকোচ ভাৱ এটা মনলৈ অহাটো স্বাভাবিক৷ জাপানৰ ৰেলৰ বা আন বাট-পথৰ নক্সা চালে আপুনি নিজৰ গন্তব্য স্থান কেনেকৈ বিচাৰি উলিয়াব তাৰ একো আও-ভাও নাপাব৷ ইয়াৰ বাবে আপুনি ইণ্টাৰনেটৰ সহায় ল’বই লাগিব৷ গতিকেই আপোনাক দেশখনত থকা সময়খিনি জোৰাকৈ এখন ৰোমিংচিম কাৰ্ডৰ প্ৰয়োজন হ’ব৷ এনে চিমকাৰ্ড বিমান বন্দৰত সহজে উপলব্ধ৷ এনেয়ো ইংৰাজী বুজি পোৱা যি কোনো জাপানী পুৰুষ বা মহিলাই নিজৰ কাম পেলাই হ’লেও আনক সহায়ৰ হাত আগঢ়াবলৈ সদায়েই প্ৰস্তুত৷ গতিকে নিৰ্ভয়ে জাপান ভ্ৰমণৰ আঁচনি লওক আৰু ন ন সুখদ অভিজ্ঞতাৰ স্বাদ ল’বলৈ মানসিকভাবে সাজু হওক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments