নতুন প্ৰজন্মক লৈ কিছু প্ৰত্যাশা – সংগীতা কাকতি

জাপানৰ চৰকাৰী বিশ্ববিদ্যালয়বোৰত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ভালেমান সা-সুবিধা আছে৷ জাপান চৰকাৰে নিজাববীয়াকৈ দিয়া MEXT, JSPS, JASSO আদিৰ লগতে আন বহুতো বেচৰকাৰী অনুষ্ঠানে প্ৰদান কৰা জলপানিসমূহ তাৰ ভিতৰত উল্লেখযোগ্য৷

চৰকাৰী হোৱা হেতুকে আমাৰ বিশ্ববিদ্যালয়তো সেই সুবিধাবোৰ আছে৷ তাৰেই সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বছৰি বহু দেশৰ পৰা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ইয়াত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰেহি৷ অৱশ্যেই তাৰ বাবে বিশ্ববিদ্যালয়ে প্ৰতি ছমাহৰ মূৰে মূৰে অনুষ্ঠিত কৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ প্ৰত্যেকবাৰেই নামভৰ্তিৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ তালিকাখনত চকু ফুৰোৱাটো মোৰ লাহে লাহে এটা অভ্যাসত পৰিণত হৈছে৷ অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ নামতকৈও আগতে চকু যায় কাষত লিখি ৰখা দেশবিলাকৰ নামলৈহে৷ উদ্দেশ্য এটাই- কিজানিবা দেখোঁৱেই ভাৰতৰ নাম কোনোবা এখিনিত৷ বিচাৰি ফুৰোঁ, কেনেবাকৈ আহিছেই বা বৰুৱা-গগৈ-দেউৰী উপাধিৰ আপোন ঠাইৰ কোনোবা আপোন মানুহ!

এতিয়ালৈকে ইয়াত মই কটোৱা আঢ়ৈ বছৰত বছৰি দুবাৰকৈ মুঠ পাঁচবাৰ নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ’ল৷ প্ৰত্যেকবাৰেই সেই তালিকাত ইণ্ডোনেচিয়া, মংগোলিয়া, ভিয়েটনাম আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামৰো পয়োভৰ দেখিলোঁ৷ কিন্তু অসমীয়া নাম অথবা উপাধি এটা চকুত পৰি উৎফুল্ল হ’ব পৰা সৌভাগ্য মোৰ এবাৰো নহ’ল!

এয়া কেৱল মোৰ জাপানৰ অভিজ্ঞতা নহয়; ইয়ালৈ অহাৰ আগত মই মুম্বাইত কটোৱা পাঁচ বছৰতো সেই একেই ঘটিছিল৷ মই পঢ়া আৰু কাম কৰা টাটা মেম’ৰিয়েল হস্পিটেলত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ নামভৰ্তিৰ তালিকাত একেই উৎসাহেৰে অসমীয়া নাম বিচাৰি ফুৰিছিলোঁ৷ আৰু হতাশো হৈছিলোঁ প্ৰায় এতিয়াৰ দৰেই৷ পাৰ্থক্য ইমানেই যে তাৰ তালিকাবিলাক বিদেশৰ সলনি পশ্চিমবংগ, তামিলনাডু, কেৰালা আদিৰ প্ৰাৰ্থীৰ নামেৰে ভৰি আছিল৷
অসমৰ বাহিৰত বিশেষকৈ চৰকাৰী চাকৰি অথবা উচ্চ শিক্ষানুষ্ঠানত আমাৰ অসমীয়াৰ সংখ্যা ভাৰতৰ বাকী ৰাজ্যৰ ল’ৰা-ছোৱালীতকৈ তুলনামূলকভাৱে কম; সেই কথা সকলোৱে উপলব্ধি কৰে৷ তাৰ কাৰণ কি, সেইবিষয়ে মই বিভিন্ন ক্ষেত্ৰত সফলতা লভা কেইবাগৰাকী অসমীয়াৰ সৈতে কথা পাতিছোঁ৷ সেই কথোপথনত প্ৰায়ে বয়োজ্যেষ্ঠ কেইগৰাকীমানৰ মুখত একেটা উত্তৰকে বাৰে বাৰে শুনিছোঁ- অসমৰ নতুন প্ৰজন্ম পঢ়া-শুনা বা কষ্ট কৰাতকৈ চান্দা তুলি, গুণ্ডাগিৰি কৰি নতুবা ডকা-হকা দি বাপেক-মাকৰ পইচা লুটি খাবলৈহে আগ্ৰহী! দুজনমানে আকৌ “অধঃপতনে গ’ল অসমৰ অস্থিৰ উদণ্ড যুৱ প্ৰজন্ম” বুলি হুমুনিয়াহ কঢ়াও দেখিছোঁ৷

তেওঁলোকৰ যুক্তিত পাছে মই সম্পূৰ্ণ সহমত হ’ব পৰা নাছিলোঁ কাহানিও৷ মোৰ মতে সঁচাকৈয়ে যদি নতুন প্ৰজন্মৰ বেছিভাগেই চান্দা তুলি গুণ্ডাগিৰি কৰি খাবলৈহে আগ্ৰহী হ’লহেঁতেন, তেন্তে অসমৰ স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ ভিৰ ইমান নহ’লহেঁতেন৷ চান্দা তুলি গুণ্ডাগিৰি কৰি খাবলৈতো ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰিব নালাগে! মিছাকৈ পঢ়া-শুনা নকৰি সকলোৱে চিধাই গৈ সেই কামতে লাগিলহেঁতেন! অৱশ্যে মই মুখ খুলি তেওঁলোকৰ বিৰোধিতাও কৰিব পৰা নাছিলোঁ! কাৰণ মোৰ যুক্তিবোৰ কেৱল মোৰ স্বকীয় ধ্যান- ধাৰণাৰ ওপৰতে গঢ় লোৱা আছিল৷ তেওঁলোকে উল্লেখ কৰা তথাকথিত উদণ্ড ল’ৰা-ছোৱালীবোৰৰ ভিতৰতনো কি চলি থাকে, সেয়া মই সঠিককৈ গম পোৱা নাছিলোঁ কিছুদিনৰ আগলৈকে৷

আজি অলপ দিনৰ আগৰে পৰা মোৰ নিজৰ কিছুমান অভিজ্ঞতা কাকত-আলোচনীত আৰু ছ’ছিয়েল মিডিয়াত লিখিবলৈ লোৱাৰ পাছত মোলৈ বহুত বাৰ্তা আহিবলৈ ধৰিছিল৷ কি ভাবি নাজানো, বহুতেই মোলৈ তেওঁলোকৰ ব্যক্তিগত সংঘাত আৰু জীৱনৰ বিষয়েও লিখে৷ তাৰে ভিতৰত অধিকাংশ বাৰ্তা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী কিছুমানৰ পৰা; বেছিভাগেই তেওঁলোকৰ সপোন অথবা অস্থিৰতাৰ কাহিনীৰে ভৰা৷ তাৰ মাজৰে কিছু বাৰ্তা আছিল দিশহাৰা, বাহ্যিকভাৱে উদণ্ড (তেওঁলোকে নিজৰ বিষয়ে দিয়া বৰ্ণনাৰ আধাৰতে) কিছুমান ল’ৰা-ছোৱালীৰ পৰাও৷

বাৰ্তাবোৰ পঢ়াৰ পাছত মই নিশ্চিত হৈছিলোঁ; সেই কথাবোৰ লিখা ল’ৰা-ছোৱালীকেইটা, আৰু সিহঁতৰ নিচিনা তথাকথিত উদণ্ড ল’ৰা-ছোৱালীবোৰৰ মাজত কি প্ৰচুৰ সম্ভাৱনা লুকাই আছে! বুজিছিলোঁ; বুকুত অজস্ৰ সপোন তগবগাই থাকে বাবেইতো সিহঁত অস্থিৰ! যদিওবা তেনেধৰণৰ অস্থিৰতা মোৰ বাবে অচিনাকি আছিল, কিন্তু খুবেই চিনাকি আছিল অস্থিৰতাৰ আঁৰত থকা অন্তৰ্দ্বন্দ্ববোৰ! গাঁও নতুবা সৰু চহৰবোৰত ডাঙৰ-দীঘল হোৱা প্ৰত্যেক প্ৰজন্মই গৰকি অহা সেই তেজাল অন্তৰ্দ্বন্দ্ববোৰে মোকো আগ ভেটি ধৰিছিল, এবাৰ দুবাৰ নহয়, হাজাৰবাৰ! ল’ৰা-ছোৱালীকেইজনে মোলৈ পঠিওৱা বাৰ্তাবোৰ, মোৰ নিজৰ লগতে বন্ধু-বান্ধৱী কিছুমানৰ অভিজ্ঞতা আৰু উপলব্ধিৰ গইনা লৈ মই অসমৰ নতুন প্ৰজন্মৰ সংঘাতবোৰ, সমাজৰ বিভিন্ন কাৰকবোৰৰ বিষয়ে অলপ গভীৰতাত ভাবিবলৈ আৰম্ভ কৰিছিলোঁ৷

ভাবি ভাল লাগিছিল, দৰিদ্ৰতা অথবা সচ্ছলতা- আৰ্থিক অৱস্থা যিয়েই নহওক কিয় আমাৰ অসমীয়া সমাজত সাধাৰণতে ল’ৰা-ছোৱালীৰ পঢ়া-শুনাত যথেষ্ট গুৰুত্ব দিয়া হয়৷ পৰিস্থিতিৰ অনুপাতে প্ৰতিখন ঘৰৰে সমস্যাৰ তালিকাবোৰ পৃথক হ’লেও আশা আৰু উদ্যম কম-বেছি পৰিমাণে একেই থাকে সকলোৰে৷ স্কুল কলেজত পঢ়ি থকা সময়ছোৱাত প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীৰে মনত হতাশা অথবা উদ্বিগ্নতাতকৈ সপোনৰ ভৰ বেছি থাকে৷ সিহঁতৰ সমান্তৰালকৈ ঘৰৰ মানুহৰো আশা বাঢ়ে- সন্তান উজ্জ্বলি উঠিব, উজ্জ্বলাব ঘৰখনকো৷ তেনেদৰেই জীৱনৰ এটা ঢাপলৈকে সকলোৰে সহযোগিতাত (ব্যতিক্ৰম নথকা নহয়) সপোনক ধিয়াই আগবাঢ়ি গৈ থাকে ল’ৰা-ছোৱালীবোৰ৷ তেতিয়ালৈকে একোতেই কেণা নালাগে, কোনেও কল্পনা নকৰে ভৱিষ্যতে গৈ গুণ্ডাগিৰি কৰি, চান্দা তুলি বা আন যিবোৰ অপবাদ দিয়া হয় তেনেবোৰ কৰি জীৱন কটোৱাৰ কথা!

কথাবোৰত কেণা লাগে, সংঘাতৰ আৰম্ভণি হয় তথাকথিত পঢ়া-শুনা শেষ (সাধাৰণতে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন) কৰাৰ পাছতহে৷ তাৰ পাছত সেই সপোনপিয়াসী কৰ্মঠ ল’ৰা-ছোৱালীবোৰৰ সমুখত তিনিটা পথ বা সম্ভাৱনা খোলা থাকে৷ তাৰে প্ৰথম আৰু কম সম্ভাৱনীয়তাৰ ঘটনাটো হ’ল সিমানখিনি শিক্ষাৰে ঘৰতে থাকি বা খুব বেছি এবেলাৰ দূৰত্বৰ ক’ৰবাত চাকৰি এটাৰ যোগাৰ হোৱাটো৷ ঘৰ-বাৰীও চোৱা-চিতা কৰিলে, মাহে মাহে টকাও হাতত পৰিল- ইয়াতকৈ শ্ৰেষ্ঠ সম্ভাৱনা কি হ’ব পাৰে? কিন্তু মই ভাবোঁ এই সম্ভাৱনা বাস্তৱ হয় এটা অঞ্চলৰ খুউব বেছি দহৰ পৰা বিশ শতাংশ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতহে৷ কাৰণ প্ৰতিখন জিলাত বছৰি যিমান স্নাতক বা স্নাতকোত্তৰ উৎপন্ন হয়, তাৰ অনুপাতে নিযুক্তি পাব পৰা চাকৰিৰ সংখ্যাই বা কিমান!

গতিকে অঞ্চলটোৰ বাকী ৰোৱা আশী শতাংশ ল’ৰা-ছোৱালীৰ সন্মুখত দুটাই সুস্থ পথ থাকে৷ তাৰে প্ৰথমটো হ’ল চাকৰি-বাকৰি নতুবা উচ্চ শিক্ষাৰ বাবে উপজা ঘৰখন এৰি বেলেগ ঠাইলৈ গুচি যোৱা৷ চাবলৈ গ’লে সেই পথ সহজ আৰু সম্ভাৱনাপূৰ্ণ৷ কিছুসংখ্যক ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত হয়তো সঁচাকৈয়ে তেনে হয়- পৰিয়ালৰ সহযোগিতাত, সঠিক বাট দেখুৱাওতাক অনুকৰণ কৰি, অন্য বিশেষ সমস্যাও নোপোৱাকৈ তেওঁলোকে সেই পথত ভৰি দিয়ে৷ কিন্তু সকলোৰে বাবে জানো সঁচাকৈয়ে সংঘাতহীন সেই পথ! সঁচাকৈয়ে কেৱল চান্দা তোলা আদি বিকল্প পথৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবেহে সেই পথত খোজ নেপেলায় নে অসমৰ নতুন প্ৰজন্মই?

সেই প্ৰশ্নৰ উত্তৰত মই বিচাৰি পাইছিলোঁ বেছিভাগ অসমীয়া পৰিয়ালৰ এক stereotype মানসিকতাৰ প্ৰভাৱ৷ আমাৰ সমাজত সচৰাচৰ দেখা যায়- ল’ৰা-ছোৱালীয়ে লাগিলে চাৰিআলিত আড্ডা দি বেকাৰ হৈ পৰি থাকক, কিন্তু দূৰৈত চাকৰি বা পঢ়া-শুনা কৰিবলৈ গ’লে সি বা তাই গল্প উপন্যাসৰ নিগেটিভ চৰিত্ৰ হৈ পৰে; কেৱল কেৰিয়াৰ, টকা-পইচা, খ্যাতিৰ পিচত দৌৰি থকা বস্তুবাদী চৰিত্ৰ৷ বাস্তৱতো অপৰাধবোধৰ জুইত সিহঁতক দহি-পুৰি নিঃশেষ কৰা হয়৷ শিপা পাহৰাৰ দোহাই দি দি সিহঁতক কাঠগড়াত ঠিয় কৰোৱা হয়- আদৰ্শৰ বিৰূদ্ধে, নিজৰ বিৰুদ্ধে৷ অথচ সেই মানসিক নিপীড়নৰ ফলতেই যে কেতিয়াবা শিপা পাহৰোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়, সেয়া কোনেও উপলব্ধি নকৰে৷ উপলব্ধি নকৰে যে প্ৰত্যেকজোপা গছেই আজীৱন নিজৰ শিপাডাল খামুচি থাকিব বিচাৰে৷ কিন্তু তাৰ বাবে শিপাৰ তলৰ মাটিবোৰ মাটি হৈ ৰব লাগিব৷ কেতিয়াবা মাটিবোৰ শিল হৈ পৰে, কেতিয়াবা বালিও হয়৷ গছবোৰে তাক লৈ আপত্তি কৰক বা নকৰক, শিপাবোৰে কিন্তু বালি অথবা শিলৰ বুকুত থাউনি নাপায়; সেই শিপা উভালি পৰে স্বয়ংক্ৰিয়ভাৱে৷ মানুহৰ বেলিকাও একেই কথা, মানুহবোৰো বহু ক্ষেত্ৰত গছৰ দৰেই৷

ওপৰত বৰ্ণনা কৰা সেই সংঘাতত বহুতেই নিজৰ বিপক্ষে ঠিয় দি ৰয়৷ অনিচ্ছাকৃতভাৱে হ’লেও তেওঁলোকে ঘৰ এৰি যোৱাটো অপৰাধ বুলি মানি লয় আৰু জীৱিকাৰ বিকল্প পথৰ সন্ধানত নামে৷ বিকল্প পথ হিচাপে তেতিয়াই আহি পৰে মই ওপৰত উল্লেখ কৰা সুস্থ পথ দুটাৰ দ্বিতীয়টোৰ কথা৷ চহৰীয়া পৰিয়ালবোৰত দোকান-পোহাৰ দিয়াৰ নতুবা অন্য সুবিধা হয়তো থাকে, যদিওবা সেই পথত নিজকে প্ৰতিষ্ঠিত কৰাটো বৰ সহজ নহয়৷ আৰু গাঁও অঞ্চলত, বিকল্প বুলিবলৈ মূলতঃ নাঙলৰ মুঠিটো বা ব্ৰয়লাৰ কুকুৰা-গাহৰি পোহা৷ সেই কামত ধৰাটো দেখিবলৈ বা কবলৈ যথেষ্ট আদৰ্শজড়িত আৰু সহজ৷ কিন্তু বাস্তৱত তাতো যথেষ্ট সাহসিকতাৰ প্ৰয়োজন হয়, সমাজৰ কিছুমান প্ৰচলিত দৃষ্টিভংগীৰ কাৰণে৷

অলপ বেছি পঢ়া-শুনা কৰিলে খেতি কৰিব নোৱাৰি- আমাৰ মানুহৰ অইন এক stereotype মানসিকতা৷ ডিগ্ৰী পাছ কৰি কান্ধত নাঙল লোৱা দেখিলে এজন হ’লেও লোকে “এয়া কৰিবলৈকেহে ইমান পঢ়া-শুনা কৰিছিলিনে“ ধৰণৰ উপলুঙাৰ চাৱনি এটা দিয়ে৷ সেই চাৱনি এদিন দুদিন বা কিছুদিনলৈকে উপেক্ষা কৰিব পাৰি; কিন্তু বেছি ঘনাই তাৰ মুখামুখি হ’লে কামটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ ঠাইখিনি নিজে নিজে অধিকাৰ কৰেহি বিৰক্তি আৰু অৱমাননাই৷

এনেকৈয়ে আকাশ চুবলৈ গ’লে অহংকাৰী হোৱাৰ দোষ আৰু মাটিত সোণগুটি সিঁচিবলৈ গ’লে অসফল হোৱাৰ অপমান- এই দুয়োটা বিশেষণৰ মাজত পিষ্ট হৈ একোৱেই কৰিব নোৱাৰেগৈ কিছুমান ল’ৰা-ছোৱালীয়ে! একো কৰিব নোৱাৰি নতুন প্ৰজন্মৰ অত্যন্ত সম্ভাৱনাপূৰ্ণ এই সম্পদসমূহ লাহে লাহে অস্থিৰতাত ভোগে৷ বয়স বাঢ়ি অহাৰ লগে লগে, লাহে লাহে সিহঁত পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি বীতশ্ৰদ্ধ হ’বলৈ আৰম্ভ কৰে৷

সিহঁতৰ ৰণুৱা মনবোৰে তেতিয়াই অসুস্থ পথ এটাৰ সন্ধানত নামি পৰে৷ সেই পথ হতাশা আৰু ক্ষোভৰ৷ সেই পথ বিদ্ৰোহৰ- সমাজ অথবা আদৰ্শৰ বিৰূদ্ধে৷ সেই পথৰ সহজাত প্ৰকাশবোৰেই হ’ল গুণ্ডাগিৰি, চান্দা সংস্কৃতি অথবা তেনে অন্য বহুতো ঋণাত্মক ৰূপ৷

“নতুন প্ৰজন্ম জহন্নামে গ’ল” বুলি প্ৰত্যেকটো প্ৰজন্মই নিজৰ উত্তৰসুৰীলৈ ছটিওৱা তথাকথিত বদনামটোৱে আচলতে চান্দাকে আদি কৰি আন সকলোবোৰ সমাজৰ চকুত বেয়া সংস্কৃতিৰ অৱসান নঘটায়৷ নতুন প্ৰজন্মক সেই অসুস্থ পথ ল’বলৈ সুযোগেই নিদিয়াটোহে সমাজৰ দায়িত্ব৷ তাৰ বাবে সিহঁতক নিজে বিচৰামতে ভাল পাবলৈ দিব লাগিব; আকাশক অথবা মাটিক৷

“সেই দুয়োটা পথেই অৱৰূদ্ধ হোৱাৰ ফলত চান্দা কৰিবলৈ নামি পৰক নতুন প্ৰজন্ম, তাত তেওঁলোকৰ অকণো দোষ নাই”- এই লেখাটোৰ জৰিয়তে মই নতুন প্ৰজন্মক দিব বিচৰা বাৰ্তাটো অৱশ্যেই সেইটো নহয়৷ মই ক’বলৈ বিচাৰিছোঁ- সেই পথটোলৈ গতি কৰাৰ আগতেই তেওঁলোক সাহসী আৰু সতৰ্ক হওঁক৷ দৃঢ়তাৰে উপলব্ধি কৰক যে নিজৰ হৃদয়ৰ আহ্বান মতে আকাশক অথবা মাটিক ভাল পোৱাটো অপৰাধ নহয়৷ কাৰণ তাকে নকৰি শেষত যদি দুৰ্ভাগ্যক্ৰমে বাটে-ঘাটে চান্দা তথা গুণ্ডাগিৰিহে বাকী ৰয়গৈ, সেয়া জানো সমাজৰ বাবে কম ক্ষতিকাৰক!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments