জাপানৰ ডায়েৰি: ‘বাইক’ সংস্কৃতি (সংগীতা কাকতি)

জাপানত আহি ভৰি থোৱাৰ প্ৰথম দিনকেইটাত আমাৰ বিভাগৰে য়শ্যিহিক’, এন্দাং আৰু মায়ং নামৰ তিনিজন সহকৰ্মীয়ে মোক যথেষ্ট সহায় কৰিছিল৷ নতুন ঠাই, তাতে খুউব কম মানুহেহে ইংৰাজী বুজি পায়৷ বিভিন্ন কামত ইফালে-সিফালে যাওঁতে তেওঁলোকে মোক সংগ উপযাচিয়েই দিছিল৷ প্ৰথম দুদিন ঘৰখন তৰিবলৈ লগা বজাৰ-সমাৰবোৰ, বেংকৰ একাউণ্ট আদি খোলা কামবোৰ কৰিলোঁ৷ তৃতীয় দিনা য়শ্যি-চানে (ইয়াত সন্মানসূচকভাৱে নামৰ শেষত -চান সম্বোধন কৰা হয়) ক’লে, “আজি আমি তোমাক বাইক এখন কিনি দিবলৈ লৈ যাম৷ “ বুজি ল’লো, বাইক মানে নিশ্চয় স্কুটীৰ কথাই কৈছে৷ স্কুটী কেতিয়াও চলায়েই পোৱা নাই৷ তথাপিও কিনিবলৈ যাম বুলিয়েই ক’লোঁ, কাৰণ তেওঁলোকে কোৱামতে ইয়াত হেনো বাইক এখন নহ’লে একেবাৰেই নচলে৷ গতিকে যি হব দেখা যাব, শিকিবতো লাগিবই বুলি নিজকে বুজনি দিলোঁ৷

আবেলি চাৰিমান বজাত য়শ্যি-চানৰ গাড়ীখনতে উঠি আমি ওলালোঁ৷ যাওঁতে সিহঁতে মোক ৰাস্তাটো বুজাই লৈ গ’ল; আহিবৰ পৰত মই অকলেই ’বাইক’খন চলাই সেইবাটেই আহিব লাগিব যে সেয়ে৷ অলপ দূৰ গৈয়েই আমি ডাঙৰ দোকান এখনৰ সন্মুখত নামি ভিতৰলৈ সোমাই গ’লোঁ৷ য়শ্যি-চানে সন্মুখৰ বিভিন্ন ডিজাইনৰ চাইকেলবোৰলৈ আঙুলিয়াই ক’লে, “এতিয়া ইয়াৰে বাইক এখন পচন্দ কৰা৷”

মোৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল, “অহ্, আমি বাইক বুলি তেলত চলা দুচকীয়াবোৰকহে কওঁ৷” সি ক’লে, সিহঁতে হেনো সেইবোৰক মটৰ-চাইকেলহে বোলে৷ যদিওবা কিছুমান চাইকেল বেটেৰী চালিতও পোৱা যায়, কিন্তু বাইক বুলিলে তথাকথিত চাইকেলখনকে বুজা যায়৷ যি কি নহওক, তাতেই পচন্দৰ চাইকেল এখন বিচাৰি কিনিলো৷ দোকানীৰ লগত পইচা দিয়া, বীমা কৰা (ইয়াত নতুন চাইকেল কিনিলে বীমা কৰাই লয় সকলোৱে) আদি সকলো লেনদেন শেষ কৰাৰ পাছত মই অকলেই ঘৰলৈ উভতিব পাৰিম বুলি নিশ্চিত হৈ মোক তাতে এৰি সিহঁত গ’লগৈ৷

সৰুতে চাইকেল চলাবলৈ শিকিছিলোঁ৷ কিন্তু অকলে কোনোদিনেই গাড়ী-মানুহেৰে ভৰ্তি ৰাস্তাত চলাই পোৱা নাছিলোঁ ৷ তাতে বিদেশৰ কথা, না ইয়াৰ ভাষা জানো না নিয়ম-নীতি৷ কিবা দুৰ্ঘটনা হ’লে নিগমে মৰিম৷ সেইবাবে চিনি থোৱা বাটটোৰে চাইকেলখন ঠেলি ঠেলি ঘৰ পালোঁহি৷ পিছদিনা দেওবাৰ আছিল৷ লগৰকেইজনক দিগদাৰ নিদিয়াকৈ অকলেই বজাৰ কৰিবলৈ চেষ্টা কৰোঁ বুলি প্ৰথম দুদিনত বাকী ৰৈ যোৱা বস্তুখিনি কিনিবলৈ ওলালোঁ৷ চাইকেলখন কিনোতে কিনিলোঁ, পিছে নচলোৱাকৈ চলি গলেই ভাল বুলি ভাবি খোজ কাঢ়িয়েই গ’লোঁ৷ দৰকাৰী সকলো বস্তু কিনি ঘৰলৈ উভটি আহোতে বেলি মূৰৰ ওপৰত উঠিছিল৷ দোকানৰপৰা বাহিৰলৈ ওলাই অভ্যাসবশতঃ ৰাস্তালৈ চকু গ’ল৷ এখনো ৰিক্সা নতুবা অ’টোৰিক্সা চকুত নপৰিল৷ মূল পথত ব্যক্তিগত গাড়ীবোৰ আৰু কাষৰীয়া সৰু পথটোত চাইকেল চলাই অহা-যোৱা কৰা পাঁচ-ছবছৰীয়াৰ পৰা আশী-নব্বৈ বছৰীয়া মানুহবোৰহে দেখা পালো৷ ওচৰে-পাজৰে বাছ-ষ্টেণ্ড আছে নেকি সেয়াও ধৰিব নোৱাৰিলো৷ শেষত মন বান্ধি দুয়োহাতে বেগ দুটা লৈ খোজেৰেই বাট ল’লো৷ এক কিলোমিটাৰমান অহাৰ পাছত বেগদুটাৰ ভৰত আঙুলিৰ পাববোৰ ৰঙা পৰিবলৈ ধৰিলে৷ হাতখন সলাই লব’লৈও দুয়োটা বেগেই সমান গধুৰ৷ ফলত মাজৰাস্তাতে আঙুলিকেইটা চিগি যাব যেন লাগিল৷ কোনোমতে আহি ঘৰত ভৰি দি ভাবিলোঁ, ইমান উন্নত দেশ যদিও সাধাৰণ মানুহৰ এনে অৱস্থা৷

সোমবাৰে কামত লগ পাওঁতে য়শ্যি-চানহঁতে সুধিলে, “কালি ক’ৰবালৈ বাইক লৈ গ’লানেকি?”

মই লাজ-অস্বস্তি মিহলাই সৰুকৈ ক’লোঁ, “মই বাইক চলাব ভালকৈ নাজানো৷”

মোৰ উত্তৰ শুনি সিহঁত উচপ খাই উঠিল৷ “তোমাৰ ঘৰত বাইক নাছিল?” -য়শ্যি-চানে সুধিলে৷

ক’লো, আছিল৷ আমাৰ ঘৰত বাহন বুলিবলৈ এখনেই আছিল৷ সেইয়া আছিল দেউতাৰ পুৰণি চাইকেলখন৷ সিহঁতক বহলাই নকলেও সেই চাইকেলখনৰ লগত জড়িত স্মৃতিবোৰে মোৰ মনত দোলা দিবলৈ ধৰিলে৷ মনত পৰিল, সেই চাইকেলখন ঘৰৰ সকলো কামত কিমান যে অপৰিহাৰ্য আছিল! শাওণমহীয়া কঠীয়ানিৰপৰা এফেৰা-দুফেৰাকৈ কঠীয়াবোৰ নি দেউতাই চাইকেলৰ কেৰিয়াৰত তোলে আৰু আঘোণমহীয়া ছ-থৰিয়া ডাঙৰিৰে সৈতে বিৰিয়াডালো টঙালেৰে আঁটি-আঁটি সেই কেৰিয়াৰখনতে বান্ধে৷ তাৰপাছত পথাৰৰ কাষৰ গৰুবাটৰপৰা ঘৰৰ মাজৰ সুদীৰ্ঘ পথচোৱা চাইকেলখনে সেইবোৰ ভাৰ সগৰ্বে বয়৷ তাৰ উপৰিও মিলত কুটাবলৈ নিয়া দুমোনীয়া ধানৰ বস্তাবোৰ, পাট-পলুৰ কাৰণে নুনি-গছৰ ডাল… কি কি যে নকঢ়িয়াইছিল দেউতাৰ চাইকেলখনে৷ আনকি আমাকো কঢ়িয়াইছিল৷

সেইখনৰ আগফালৰ ফ্ৰেমডালৰ ওপৰত বহিয়েই অকণমানি অৱস্থাৰে পৰা মেট্ৰিক দিয়ালৈকে দেউতাৰ সৈতে কিমান যে ফুৰিলোঁ৷ দেউতা আৰু মোক লৈ লেহেমীয়া গতিত চাইকেল আগবাঢ়ে৷ আগবাঢ়ে দেউতাৰ অন্তৰৰ কথাবোৰ, জীৱন যুঁজৰ অভিজ্ঞতাবোৰ৷ পকী ৰাস্তাৰে যাওঁতে গাড়ী নতুবা বাইকবোৰ আহোতে চাইকেলখন পকাখিনিৰপৰা নমাই কিনাৰৰ ঠেক অংশলৈ নিবলগীয়া হওঁতে দেউতাৰ কথাবোৰ খঙলৈ পৰিবৰ্তিত হয়৷

“এই সৰু ল’ৰাবোৰ ইমানকৈ এক্সিডেণ্ট হৈ মৰিছে, তথাপিও বাইকৰ সংখ্যা বাঢ়িছেহে৷ বৰ বেয়াকৈ শিপাইছে এই বাইক সংস্কৃতি!” দেউতাই ভোৰভোৰায়৷ মোৰ ধ্যান দেউতাৰ কথাত নাথাকে৷ সন্মুখৰ সৰ্পিল ৰাস্তাবোৰ, ৰাস্তাৰ কাষৰ ফুল-বন, অচিনাকি ঘৰবোৰ চাই আপোন পাহৰা হৈ থাকোঁ৷ দুৰণিবটীয়া ঠাইলৈ তেনেকৈ বহুপৰ বহি যাওঁতে ভৰিকেইটা জিনজিনায়, কেতিয়াবা গম নোপোৱাকৈয়ে ভৰিৰপৰা জোতা-চেন্দেল সুলকি পৰে৷ ৰাস্তাৰ কাষত চাইকেলখন ৰখাই দেউতাই মাজৰাস্তাৰ পৰা তুলি আনি দিয়াৰ পাছত আকৌ পিন্ধো৷ কলাফুল, সৰু-গাঁঠিত চিকুটি চিকুটি ভৰিৰ জিনজিননি নোহোৱা কৰাৰ পাছত পুনৰ চাইকেলত উঠোঁ৷

পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোঁতে চেগা-চোৰোকাকৈ দেউতাৰ সেই চাইকেলখনকে চলাবলৈ শিকিছিলোঁ৷ এম ই স্কুলখন ঘৰৰ ওচৰতে আছিল; পথাৰৰ আলিয়েদি চমুৱাই গ’লে দহ মিনিটৰ বাট৷ কিন্তু হাইস্কুললৈ পালে চাইকেল চলাই দুৰৰ স্কুললৈ যাব লাগিব, সেইয়া তাৰে প্ৰস্তুতি আছিল ৷ পিছফালৰ পৰা কোনোবাই ধৰি থাকে; বাওঁহাতখন চাইকেলৰ বাওঁ হেন্দেলত, সোঁহাতখনেৰে চিটটো ধৰি ফ্ৰকটো কোঁচাই লৈ ফ্ৰেমৰ দুয়োপাৰে দুয়োটা ভৰি দি শিকিবলৈ আৰম্ভ কৰিছিলোঁ ৷ হাফ-পেদেল মাৰি মাৰি বেলেঞ্চ অহালৈকে শিকিলো৷ পিছে ফুল-পেদেল মাৰি সম্পূৰ্ণ শিকাৰ আগতেই হোষ্টেলত থাকি পঢ়াৰ কথা ওলাল৷ হোষ্টেলৰ পৰা ঘৰলৈ অহা বন্ধৰ দিনকেইটাত চাইকেল শিকিব পৰাকৈ সময় আৰু আগ্ৰহ নাথাকে৷ গতিকে সেই শিক্ষা তেতিয়ালৈ সিমানতে সামৰণি পৰিল৷

তাৰপাছত এবাৰ এম বি বি এচত সোমোৱাৰ আগে আগে দীঘলীয়াকৈ সময় পাইছিলোঁ৷ বাছনি পৰীক্ষাৰ ৰিজাল্টৰ পৰা নামভৰ্তিলৈকে কেইবামাহো ঘৰত আছিলোঁ৷ “এইকেইদিনতে চাইকেলখন ভালকৈ চলাব পৰাকৈ শিকি ল’৷” -দেউতাই ক’লে৷ নিজে লগত থাকি শিকাব বুলি গা’তো ল’লে৷ ৰাতিপুৱা সোনকালে উঠাৰ এলাহৰ অজুহাতত সেইবাৰলৈ মইহে পিছুৱালোঁ৷ মনে মনে এইবুলিও নভবা নহয়, ডাক্তৰ হোৱাৰ পাছত চাইকেল চলাই ক’ৰবালৈ যাম জানো? গতিকে জীৱনত চাইকেল নিশিকাকৈয়ে থাকি গ’লেও চাগৈ বিশেষ একো ক্ষতি নহ’ব৷ সঁচাকৈয়ে ডিব্ৰুগড় আৰু মুম্বাইত ডাক্তৰী পঢ়ি আৰু কাম কৰি থকাৰ কালচোৱাত চাইকেল চলাব নজনাৰ বাবে কোনো অসুবিধাই নহ’ল৷ অ’টোৰিক্সা, ৰিক্সাৰ ক’তো একোৰেই আকাল নাছিল৷ চমু বাটবোৰ খোজ-কাঢ়িয়েই পোনাই দিওঁ৷

পিছে অপ্ৰত্যাশিতভাৱে এই দেশখনলৈ আহিহে অসুবিধা হ’লহি৷ ইয়াত অ’টোৰিক্সা, ৰিক্সা একোৱেই নাই৷ গলিৰ মূৰে মূৰে দোকান-পোহাৰ নাই৷ বস্তুবোৰ আনিবলৈ দূৰলৈ যাব লাগে৷ টেক্সিৰ ভাৰাও আকাশলংঘী, নিতৌ টেক্সি ব্যৱহাৰ কৰিবলৈ হ’লে দৰ্মহাৰ টকাৰে খাবলৈকে নুকুলাব৷ সেয়ে উপায়ন্তৰ হৈ প্ৰথম কেইদিন বজাৰ কৰিবলৈ যাওঁতে চাইকেলখন ঠেলি-ঠেলি নিয়া কৰিলোঁ৷ বস্তুবোৰ কেৰিয়াৰত তুলি দিওঁ, বেগৰ ভৰত আঙুলি চিগো-চিগো হোৱাৰ কষ্টতকৈ চাইকেলখন ঠেলি অনাই ভাল৷

মোৰ এই দুৰৱস্থাৰ কথা গম পাই সহকৰ্মী বান্ধৱী মায়ং ওলাল আবেলি আবেলি মোক চাইকেল শিকাবলৈ৷ তাইৰ লগত গৈ ঘৰৰ কাষৰ পাৰ্ক এখনত চাইকেল চলোৱাৰ প্ৰেক্টিচ আৰম্ভ কৰিলোঁ৷ বেলেঞ্চ আৰু হাফ-পেদেলৰ জ্ঞান আগৰেপৰা আছিল৷ গতিকে ব্ৰেক, সন্মুখৰ হেন্দেল আৰু ফুল পেদেল ব্যৱহাৰ কৰিবলৈ শিকিবলৈ ধৰিলোঁ৷ পাৰ্কত চাইকেল চলাই থকা আশী-নব্বৈ বছৰীয়া আইতাবোৰে মোক জাপানী ভাষাতে “গানবাত্তে কুদাচাই (try your best)” বুলি শুভেচ্ছা যাঁচিবলৈ ধৰিলে৷ মাজে মাজে হেন্দেল নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁলোকক খুন্দিয়াই দিয়া যেন হওঁতে অৱশ্যে ভয়ো খালে৷ তেনেকুৱা মুহূৰ্ত্তবোৰত দেউতালৈ বাৰে বাৰে মনত পৰিল৷ কোনো শিক্ষাই অপ্ৰয়োজনীয় নহয়; দেউতাই কওঁতেই শিকি থোৱা হ’লে এতিয়া এইবোৰ অথন্তৰ নঘটিলহেঁতেন বুলি মৰ্মে মৰ্মে উপলব্ধি কৰিলো৷

তেনেকৈ কামৰ ফাঁকে-ফাঁকে চেগা-চোৰোকাকৈ কৰা প্ৰেক্টিচৰ অন্তত অলপদিনৰ মূৰত মই ভালকৈ চাইকেল চলাব পৰা হ’লোঁ৷ বন্ধু-বান্ধৱীৰ স’তে সন্ধিয়া একেলগে মোৰ গুলপীয়া চাইকেল অৰ্থাৎ ইয়াৰ ভাষাত বাইকখন লৈ ‘চুচী’ (sushi) খাবলৈ যাব পৰা হ’লোঁ৷ বজাৰ-সমাৰ কৰা, বন্ধৰ দিনত ইফালে-সিফালে নতুন ঠাইবোৰ চাবলৈ নতুবা ওচৰৰে নৈখনৰ পাৰত বহিবলৈও সেইখন লৈয়ে যাবলৈ ভাল পোৱা হ’লোঁ৷ লাহে লাহে মোৰো জাপানীসকলৰ দৰেই চাইকেলখন বহুত প্ৰিয় হৈ পৰিল৷ যোৱা এটা বছৰে ইয়াত ৰাস্তাই-ঘাটে মটৰ-চাইকেল দহখনমানহে দেখিছোঁ চাগৈ৷ যিমানেই উচ্চ-পদস্থ বিষয়া নহওক কিয়, বাহনৰ গতিতকৈ মনৰ বা কামৰ গতিক প্ৰাধান্য দিয়া জাপানীসকলে চাইকেল চলায়েই অহা-যোৱা কৰে৷ অতি দূৰণিবটীয়া সকলহে গাড়ী লৈ আহে৷

ইমান এখন উন্নত দেশৰ সমাজ জীৱনত শিপাই থকা এনে বাইক (চাইকেল) সংস্কৃতিয়ে মোক প্ৰভাৱিত কৰা বুলি দেউতাই অন্তৰত গৌৰৱবোধ কৰিলেহেঁতেন৷ মই এনেদৰে চাইকেল চলাই ফুৰা দেখি, মূলপথৰ কাষত চাইকেল আৰোহীৰ বাবে আচুতীয়াকৈ থকা ইয়াৰ সৰু সৰু ৰাস্তাবোৰ (গাড়ী বা মটৰ চাইকেলে খুন্দিওৱাৰ ভয় নথকাকৈ চাইকেল চলাবৰ বাবে) দেখি তেওঁ খুউব সুখী হ’লহেঁতেন৷ পিছে সেইবোৰ চাবলৈ তেওঁ নাহে, আহিব নোৱাৰে৷ কাহানিও উলটি নহাৰ প্ৰতিশ্ৰুতিৰে তেওঁ যে ইতিমধ্যেই গ’লগৈ ঠিকনাবিহীন এখন দেশলৈ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক