জাহ্নবীলৈ (লোচন কৌশিক)

লোচন কৌশিক


মৰমৰ
জাহ্নবী
মোৰ হিয়াভৰা মৰম যাঁচিলো। আজি বহুদিনৰ মূৰত লিখিবলৈ ওলাইছোঁ মোৰ প্রেমৰ এখন জীৱন্ত দলিল। দুটা আঙুলীৰ স্পৰ্শত মোৰ কলমে উকা কাগজত এৰি দিছে শব্দৰ ঢৌ। কোনো এক শব্দৰ কণাই চুই চাব তোমাক, তোমাৰ আবেগবোৰেৰে আজিও জুখি চাব পাৰা মোৰ হৃদয়ৰ ভালপোৱাক।
কি জানা জাহ্নবী, আজিকালি নিশা দুপৰলৈ মই শব্দৰ সতে খেলি থাকো। ভাগৰি পৰিলে মোৰ চেনেহী নিদ্রাত তোমাৰ সপোন বিছৰি যাওঁ।সপোনত কেতিয়াবা তোমাক দেখা পাওঁ — তুমি জোনাকৰ সতে মিলি যোৱা! মোৰ সপোনৰ প্রতিটো কোহে কোহে আহিও তুমি জোনাকৰ লগত বিলিন হৈ যোৱা!! তুমি জোনাক ভালপোৱা, সেইবাবেই নেকি!!! কিন্তূ তুমি মোৰ কথা এবাৰলৈ হলেও নাভাবানে? মই যে সপোন নেওচা আলিবাটৰ কেঁকুৰিত কেনেদৰে তোমালৈ বাট চাই থাকো!!! জাহ্নবী! হৃদয়ক আৰু এনেদৰে কিমান কন্দুৱাবা। এদিন তোমাক কৈছিলোঁ যে তোমাৰ অকণমান মৰম অবিহনেও মই নিঃসঙ্গ। সেইবাবে তুমি ইমান মৰম দি গলা যে হৃদয়ৰ পৰা তোমাৰ অনুভৱক উলিয়াই দিয়াটো কোনো প্রকাৰে সম্ভৱ নহয়।
বহুদিন হ’ল তোমাক নেদেখা। সময় আহক, তোমাৰ ওচৰলৈ যাম। মই দুখ কৰা বাবে তুমি ভাগি নপৰিবা। মোৰ হৃদয়ত তোমাৰ মৰমৰ অনুভূতিবোৰৰ ঠিক কাষেৰে, এখন দুখৰ নৈ বৈ আছে ! সেই নৈৰ ঢৌত প্রায়ে উটি ভাঁহি ফুৰো! তুমি কাষত নাই বাবে নিষ্ঠুৰ সময়বোৰক উৎকট অত্যাচাৰ কৰো।
জাহ্নবী ! তুমি ভালপোৱা তৰাফুলা আকাশখন আজিও এবাৰ হ’লেও চাওঁ। কিন্তূ আজি আকাশত তৰা নাই, তুমি ভালপোৱা জোনকী পৰুৱাবোৰো নাই। এতিয়া যে দূৰ্নীতিৰ বিষবাষ্পই সমগ্র আকাশ ছানি ধৰিছে, সেয়ে ক্রমান্বয়ে হৃদয়খনো গধুৰ হৈ আহিছে। আজিলৈ এৰিছো। তুমি যিখন দেশত আছা, কূশলে থাকা, এয়েই নেদেখাজনৰ ওচৰত প্রাৰ্থনা।
ইতি-
তোমাৰ মৰমৰ : লোচন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments