জাহ্নু বৰুৱা জিন্দাবাদ: অসমীয়া চিনেমা জিন্দাবাদ – মুকুল মাধৱ বৈশ্য

জাহ্নু বৰুৱা – অসমীয়া চিনেমা আৰু ভাৰতীয় চিনেমাৰ বাবে এক চিনাকি নাম৷ ভাল চিনেমা নিৰ্মাণ কৰা চিন্তাশীল পৰিচালকৰূপে তেখেতক সকলোৱে সন্মান কৰে, তেখেতৰ সৃষ্টিক আদৰ আৰু মৰমেৰে গ্ৰহণ কৰে৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত বৰুৱাদেৱৰ চিনেমাই পোৱা প্ৰশংসা আমাৰ অসমীয়াৰ বাবে সন্মান আৰু গৌৰৱ, আমাৰ বাবে আদৰৰ সমল৷

ৰসেশ্বৰ বৰা, সপোনেৰে ভৰি থকা এটা মানুহ৷ সপোন ভৰা এখন ঘৰ, দুটা ল’ৰা-ছোৱালীৰে এজনী মানুহ৷ সকলোৰেই চাৰিওফালে সপোন৷ বজাৰত হাঁহ বিক্ৰী হোৱাৰ সপোন, হাঁহ বিক্ৰী হ’লে ঘৰলৈ তেল, দাইল, মূৰত মৰা ফিতা কিনাৰ সপোন, ল’ৰা হাকিম হোৱাৰ সপোন, ৰসেশ্বৰৰ বিলাতী মদ খোৱাৰ সপোন, আৰু ধনী হৈ এদিন তেওঁক তিৰষ্কাৰ কৰা মানুহবোৰক হিচাপ ঘূৰাই দিয়াৰ সপোন৷ সপোনেৰে ভৰা এটা চহা পৰিয়ালৰ জীৱনৰ কথা৷ এই সপোন ভৰা কাহিনীটোৰ নাম দিলে,

“হালধীয়া চৰায়ে বাওধান খায়”

হালধীয়া চৰায়ে কিয় বাওধান খায়, কিয় শালি ধান জহা ধান নেখায়? আৰু হালধীয়া চৰায়ে যে বাওধান খায় ৰঙা, নীলা চৰায়েনো কিয় নেখায়? কথাবোৰ জটিল নহয়নে? সমাজখনত আশাৰ মাজত জীয়াই থকা মানুহবোৰৰ মুখৰ পৰা কাঢ়ি নিয়া ভোকৰ ভাত মুঠি সেই সমাজখনতেই জীয়াই থকা হালধীয়া চৰাইবোৰেই খাই নেপেলাই জানো? সেই হালধীয়া চৰাইবোৰ আৰু পকি উঠা হালধীয়া ধানবোৰ দূৰৰ পৰা একেই দেখি৷ সেয়ে ধান খাই থকা হালধীয়া চৰাইবোৰ কোনেও মনিব নোৱাৰে, ধৰিব নোৱাৰে৷ ফলস্বৰূপে, সমাজৰ সাধাৰণ মানুহ চাম সদায়েই আশাত জীয়াই থাকিবলৈ বাধ্য হয়৷

অসমৰ স্বনামধন্য সাহিত্যিক শ্ৰীযুত হোমেন বৰগোহাঞি ডাঙৰীয়াৰ একে নামৰ প্ৰখ্যাত উপন্যাসৰ ভেঁটিত জাহ্নু বৰুৱাদেৱে নিৰ্মাণ কৰা চিনেমাখনৰ কথা এইয়া৷ অসমীয়া চিনেমাত যাউতি-যুগীয়া হোৱা এখন মাষ্টাৰ ক্লাচিক চিনেমাৰ কথা৷

ৰসেশ্বৰৰ হাঁহৰ খাঙটো, মহেনৰ পাটীগণিতখন, বছৰেকীয়া নামৰ বাবে সাঁচি ৰখা দৈৰ টেকেলিটো, মণিৰ মণিগুটি কেইডাল, শুকাই লঠঙা হোৱা তুলসী জোপাৰ তলত আশাৰে দিয়া সেই চাকিগচ, হাকিমলৈ নিয়া বিলাতী মদৰ বটল দুটা, খেতিয়কৰ দুখবোৰ আতঁৰাবলৈ কৰা হাকিমৰ যুঁজখন, মণ্ডলৰ খকবোৰ, সনাতন শৰ্মাৰ এম এল এ হোৱাৰ আশা, মহেনক হাকিম কৰিবলৈ ৰসেশ্বৰৰ স্বপ্ন – সকলোবোৰেই সপোন নহয় নে, আশা ভৰা সপোনৰ ভঁৰাল নহয়নে?

সপোনেৰেই আৰম্ভ কৰি সপোনতেই শেষ কৰা জাহ্নু বৰুৱাদেৱৰ এখন মাষ্টাৰ ক্লাচিক এই চিনেমা৷ অসমীয়া সমাজখন, অসমীয়া জীৱনবোৰ, অসমীয়া শব্দবোৰ, চেকনি ডাল, বজাৰলৈ ভাৰ বৈ নিয়া ভাৰখনত গাঁঠি লোৱা বাহৰ টমাল ডাল, কোমোৰা ওলমি থকা বাহৰ চাঙখন – অসমীয়াক সহজ-সৰল ভাৱেৰে প্ৰকাশ কৰিবলৈ আৰু কিবা সমল লাগেনে? ইয়াতকৈ বিচক্ষণ পৰিচালনা আৰু লাগেনে? কদাপিও নালাগে৷ পৰিচালকৰ গভীৰ চিন্তা ভৰা চিনেমাৰ শেষ দৃশ্যটোৱে ৰসেশ্বৰৰ মুখেৰে কিমান যে কথা বুজাই যায় –

“তই ভাৱিছ’ নেকি মাটিখিনি ঘূৰাই দিলেই মই তোক ভোট দিম বুলি? মৰিলে তোক কুকুৰ শিয়ালেও নেখাব চাল্লা৷ “

সমাজখনত সনাতন শৰ্মাৰ দৰে হালধীয়া চৰাইবোৰ, খেতিয়কৰ মাটিৰ দৰে বাওধানবোৰ আৰু ৰসেশ্বৰৰ দৰে মানুহবোৰ সদায়েই জীয়াই থাকিব৷ হয়তো শোষণ আৰু দুৰ্নীতিৰ ৰূপ সলনি হ’ব৷ কিন্তু –

হালধীয়া চৰায়ে বাওধান খাই সদায়েই বৰ্তি থাকিব, সদায়েই আমাৰ বাবে সত্য হৈ থাকিব৷ আৰু আমি সদায়েই হালধীয়া ধানৰ আঁৰত লুকাই থকা সেই হালধীয়া চৰাইবোৰক নেদেখি ভুলৰ মাজতেই সময় অতিবাহিত কৰিম৷

শেহত গৌৰৱেৰে কওঁ –

জাহ্নু বৰুৱা জিন্দাবাদ৷ অমৰ অসমীয়া চিনেমা জিন্দাবাদ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments