জাৰজ (ভাস্কৰ জ্যোতি দাস)

জাৰজ

ভাস্কৰ জ্যোতি দাস

(গল্পটো এটা সত্য ঘটনাৰ ওপৰত আধাৰিত)

00000
পেটটোৰ তলফালে কিছুদিনৰ পৰা হৈ থকা বিষটোক আওকাণ কৰি ৰত্নাই খোচনীৰ ভৰাই থোৱা টকাকেইটা লাহে লাহে গন্তি কৰিলে । আঠশ সাতাৱন্ন টকা । ডুলিটোৰ নিৰ্দিষ্ট স্থানত থকা টকাখিনিৰে মিলাই প্ৰায় চাৰে সাত হাজাৰ টকা গোট খাইছে । এই টকাকেইটাৰে তাইৰ অপাৰেশ্যণটো হৈ যাব লাগে । তলৰ ৰাস্তাটো ধুলিময় । এইকেইদিন বৰষুণৰ কোনো চিন নাই । তাইৰ গ্ৰাহকজনে ধুলিত পোট গৈ থকা বাইকখন ষ্টাৰ্ট দিলে আৰু মুল পথৰ দিশে আগবাঢ়িল । ৰাষ্টাৰ ধুলিয়ে তাইৰ চাৰিবছৰীয়া জাৰজটোক একপ্ৰকাৰে পুতি থৈ গ’ল । প্ৰথম মহলাৰ পৰাই তাই খালটোত কাগজৰ নাও এখনেৰে খেলি থকা তাইৰ জাৰজটোক পাঁচ টকা এটা দলিয়াই দিলে আৰু এটুকুৰা সৰু লাক্স চাবোন আনিবলৈ ক’লে । সি তেতিয়াও তাৰ নাঁওখন আগবঢ়াবলৈ খালৰ পানীবোৰ তাৰ কণমানি হাতখনেৰে লৰাই আছে । সি নতুনকৈ কাগজৰ নাঁও সাজিবলৈ শিকিছে ।
ৰত্না বস্তিটোলৈ কেতিয়া বা কেনেকৈ আহিছিল তাইৰ ঠিক মনত পৰা নাই বা কেনেও সঠিককৈ কব নোৱাৰে । হয়টো তাই বহুত সৰু আছিল । সৰলা বাইৰ তাত তাই শিকিছিল এক ধৃণনীয় ব্যৱসায়ৰ আদিপাঠ । সেই যি আৰম্ভ । তাৰ পাচত তাই ৰ’বলগীয়া হোৱা নাই । আপোচহীনভাৱে চলি আছে তাইৰ দেহৰ ব্যৱসায় । ই যেন তাইৰ ভোক, লোভ, ক্ষুধাৰ এক সাধন । দৈনিক নতুন নতুন গ্ৰাহকৰ লগত তাই খেলি গৈছে জীৱনৰ খেল । ক্লান্তহীন পৰিসংখ্যা তাইৰ জীয়াই থকাৰ ।

00000
বাতৰিটো বনজুইৰ দৰে বিয়পি পৰিল । নবীন মাষ্টৰে কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে । কেৱল পানবাৰী গাঁওখনেই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবেই এইটো এটা গৌৰৱৰ কথা । নবীন মাষ্টৰে গাওঁখনৰ বাবে কম কষ্ট কৰা নাই । শিক্ষা-দীক্ষাৰ ফালেদি কেৱল গাওখনেই নহয় সমগ্ৰ অঞ্চলটোৱেই বহু পিচপৰা আছিল । এনে অৱস্থাত নবীন মাষ্টৰে দহো বন কাটি কৰি ইমান কষ্টেৰে স্কুলখন গঢ়ি তোলাই নহয়, সমানে গঢ়িছে মানৱ সম্পদ । এইখন প্ৰাইমেৰী স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি কিমানজন ডাঙৰ মানুহ হৈছে তাৰ কোনো লেখ জোখ নাই । মুঠৰ ওপৰত নবীন মাষ্টৰে স্কুলখন স্থাপন কৰাৰে পৰা বিভিন্ন সময়ত নিজৰ পাৰদৰ্শিতাৰে স্কুলখন আগুৱাই নিয়াত নিজৰ তেজ পানী কৰিছে । আজি যেন তাৰে স্বীকৃতিৰ দিন । চৰকাৰে অহাযোৱা কৰাৰ খৰচ দিছে যেতিয়া মাষ্টৰ যাব । মেনেজিং কমিটিয়ে কিন্তু বিষয়টো কিবা বেলেগ ধৰণেহে লৈছে । লবও । আজি সোতৰমাহমানেই হ’ল । দৰমহা নাই । মানুহৰ জীয়াই থকাৰ সংজ্ঞা থানবান হোৱা সময়ত পোৱা এনেকুৱা বটা বাহন যেন এখন মৃতদেহ ঢাকিবলৈ অনা দামী ৰেশমী কাপোৰহে ।
নবীন মাষ্টৰৰ দুজনী ছোৱালীৰ ডাঙৰজনী পঢ়াত অলপ ভাল । পঢ়াত ভাল মানে ৰত্নৱতীৰ আখৰ পানী ভাল । চতুৰ্থ মান শ্ৰেণীত তাতকৈ ভাল কিবা হোৱাৰ প্ৰয়োজন আছে বুলি নবীন মাষ্টৰেও নাভাবে । মাষ্টৰ কৰ্মী মানুহ । দৰমহা নাই তাতে কি হ’ল ? বন্ধৰ দিনত অমিতাৰ বাৰীখনৰ ফালে গৈ মাষ্টৰে পকা-কেঁচা অমিতা এসোপামান গোটাই বেপাৰীক বিক্ৰী কৰে আৰু তাৰে মুতামুতি ঘৰৰ নিত্য ব্যৱহাৰ্য্য বস্তু কেইপদ কিনি যেনে তেনে পৰিয়ালটোৰ জীৱকেইটাৰ ভাত মোকলাই আছে । কিন্তু মাষ্টৰৰ কামিহাড়ডালৰ দৰে যেন অমিতা গছবোৰো বুঢ়া হৈ গৈ আছে । অমিতাবোৰো সৰু হৈ গৈ আছে । মাষ্টৰৰ বৰ কষ্ট হৈছে এইকেইদিন ।

00000
দিলীপ- কথাটো শুনিছনে ?
অতুল- কি কথা ?
দিলীপ- কি ? তই একো গম নেপাৱ ?
অতুল- আৰে কছোন কি কথা ?
দিলীপ- মাষ্টৰৰ জিয়েক যে ৰত্নৱতী । আমাৰ লগত যে পঢ়িছিল । সপ্তম মান শ্ৰেণীত যে হেৰাই গৈছিল নে
কি । মিহিৰে তাইক কালি বাগলবস্তিত দেখি আহিছে বুলে ।
অতুল- কি ? বস্তিত । তাততো কোনো ভাল মানুহ নাথাকে । নাই নাই । মাষ্টৰৰ ছোৱালী তেনে ঠাইত
থাকিব নোৱাৰে । তোক মিহিৰে মিছাকৈয়ে কৈছে চাগে ।
দিলীপ- নহয় অ’ সি কালি ইলেকট্ৰিচিটিৰ বিল বিলাবলৈ গৈছিল হেনু । সি দেখি আহিছে । সেই একেই
চকু । একেই নাক । তাই ৰত্নৱতীয়েই আছিল বুলি সি নিশ্চিত । সেই একেই বৰণ । চালৰ ৰঙটোও
একেই । কেৱল অলপ শেঁতা পৰিছে বুলি কৈছে ।
অতুল- হ’লেও কিন্তু লোকৰ কথা শুনি এইবোৰ কথা নুকোৱাই ভাল হ’ব নেকি ।
দিলীপ- হেহ্ । মই কেৱল তোকহে কৈছো । ময়ো শুনা কথাহে ।

“হেৰৌ, এই ৰাতিখন তহঁত দুটাই ভি.ডি.পিৰ দিউতি দিছ নে, লেকচাৰ মাৰিবলৈ বহিছ । এনেকৈ হ’লে তঁহতে কি পাণবাৰী বচাবি ? নিজৰে বাৰী ওচন হ’ব তঁহতৰ”- হেৰম্ব দোকানীয়ে দোকানৰ পৰা ওভটাৰ পৰত চিঞৰি চিঞৰি দুয়োটাকে কৈ গ’ল । বৰগছজোপাৰ ওপৰৰপৰা ধুপকৈ কিবা এটা পৰিল । দিলীপে সচকিত হৈ চাৰিবেটেৰীয়া টৰ্চটো মাৰি চালে । এটা মৰি শুকাই যোৱা কেৰ্কেটুৱাৰ অৱশিষ্ট অংশ । কিবা এক অহেতুক ভয়ত দুয়োটাই উক্ত স্থান নিমিষতে ত্যাগ কৰিলে ।

00000
উপায়ুক্তৰ কাৰ্যালয় । ৮ মাৰ্চ –আন্তৰাষ্ট্ৰীয় নাৰী দিৱস । জিলা মহিলা সমিতিৰ ধৰ্ণা । বিশ্ব নাৰী দিৱসৰ দিনাই ৰত্নাৱতীৰ ইচ্যুটো হাতত লৈ নাৰীৰ সুৰক্ষাৰ বাবে শেষ যুজ দিবলৈ ওলাই আহিছে গাৱৰ কেবাশ নাৰী । পাণবাৰীৰ ফুলতি শইকীয়াই ঢুলিয়াপাৰৰ নাৰী সংগঠনৰ নেত্ৰীৰ ঘৰত হোৱা কাজিয়াৰ বিষয়ে বিস্তৃতভাৱে মাইকীমখাক কৈ থকাৰ মাজতে জিলা সমিতিৰ উপাধ্যক্ষা ৰেণুমালা চাংমাইৰ ধমকিত মুল উদ্দেশ্যলৈ ঘুৰি চিঞৰিছে- আমাৰ দাবী মানিবই লাগিব । ইনকিলাব জিন্দাবাদ । নবীন মাষ্টৰৰ জীয়েক ৰত্নৱতী ক’ত আছে বিচাৰি দিয়ক, বিচাৰি দিয়ক । জিলা প্ৰশাসন হায় হায় । চৌদিশৰ পৰা শেষৰ শাৰীৰ পুণৰ উচ্চাৰণ প্ৰতিটো বাক্যৰ অন্তৰালত । অৱশেষত কোনো এজন আমোলাৰ মধ্যস্ঠতাত পৰিস্থিতিৰ শাম কাটে । এইবাৰ প্ৰতিবাদী কাৰ্য্যসুচী শেষ কৰি মহিলাৰ দলটো স্থানীয় ব’ৰ্ডিং খেলপথাৰলৈ আগবাঢ়ে আৰু এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । সভাত বিভিন্ন মহলৰ মতামতৰ পাচত ৰত্নৱতী নিখোজ হোৱাৰ বিষয়টো জিলা মহিলা কোষৰ যোগেদি ৰাজ্যিক মহিলা কোষলৈ প্ৰেৰণ কৰাৰ পোষকতা কৰে আৰু সেই মৰ্মে উপায়ুক্ত, আৰক্ষী অধীক্ষককে ইত্যাদিসকলৰ ভুমিকা সাঙুৰি এখন স্মাৰকপত্ৰ লিখি সেইখন জিলা মহিলা কোষৰ সভানেত্ৰী কাদম্বৰী শইকীয়ানীলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাব লোৱা হয় । মহিলাৰ গোটটো লাহে লাহে সৰু হ’বলৈ ধৰে আৰু এপৰত ব’ৰ্ডিং ফিল্ডৰ কাঁহ পৰি জীন যোৱা অৱস্থা । যি দুইচাৰিগৰাকীৰ দেৰি হৈছে বা নাই হোৱা সেইকেইগৰাকীয়ে ৰাজিন্দৰ চানাৱালাৰ চানাবোৰত মচলা এসোপামান দি সেহাই সেহাই খাই আছে । ফুটপাথৰ ওপৰত বহি থকা পাগলটোৱে এটা সাপক জোকালে যেনেকৈ ফচচ্ কৈ ঘুৰি দিয়ে ঠিক তেনেকৈ ঘুৰি হাতত থকা কাচিখন লৈ ঠাইৰ পৰাই ভোৰভোৰাই দিয়াৰ কিছু পাচতে ৰাজিন্দৰৰ ওচৰত ভিৰ কৰি থকা মানুহ কেইজনীৰ জুমটো লাহে লাহে কমি আহিল ।

00000
পাণবাৰীত এই বাতৰিটোও জুইৰ দৰে বিয়পি পৰিল । নবীন মাষ্টৰ মৰিল । অমিতা গছজোপাৰ তলতে মাষ্টৰৰ মৰা শৱটো পোৱা গৈছে । কেনেকৈ মৰিল সেয়া কোনেও নাজানে । কেনোৱে কৈছে বেমাৰ, কোনোৱে কৈছে ভুতে পালে, কোনোৱে কৈছে সাপে খুটিলে । নানা মুনি নানা মত । আৰু বাকী যিবোৰে একো কোৱা নাই সেইবোৰৰ কাৰণে কোনো দৰকাৰো নাই । নহ’বলৈ কি ? কিমান মানুহ মৰি থাকে! কোনে কি খবৰ ৰাখে । পাণবাৰীৰ ফুলতি শইকীয়াই আজি মৃতদেহ লৈ সমদল উলিয়াব । মহিলা সমিতিৰ আজিৰ ইচ্যু- জীয়েকক নোপোৱাৰ দুখতে মাষ্টৰ মৰিল । মেনেজিং কমিটিৰ ইচ্যু- চৰকাৰে দৰমহা দিব নোৱাৰি মানুহটোক মাৰিলে । কিন্তু ভি.ডি.পি.ৰ লৰামখাই আজি নাৰী নেত্ৰী ফুলতি শইকীয়াৰ লগহে দিব । কাৰণ এইটো ইচ্যু গৰম । ডেকা তেজক জীয়াই থাকিবলৈ গৰম ইচ্যুৱেই লাগে ।

00000
সন্ধিয়াৰ সময় । শ্ৰমিক দিৱসৰ মিটিংখন শেষ হ’ল যদিও মন্ডপটো সম্পূৰ্ণকৈ উঠাই নিয়া হোৱা নাই । সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ পৰা শ্মশানখনৰ দুৰত্ব মাত্ৰ এমাইলমানহে হ’ব । কিছুসময়ৰ পাচতে শ্মশাণত দুখন চিতা প্ৰায় সমানে জ্বলি উঠিল । এখন নবীন মাষ্টৰৰ । আনখন কাৰ হয় কোনেও নাজানে । আনখনৰ কাষতে এটা কণমানি ল’ৰা । হঠাতে মাষ্টৰৰ চিতাৰফালৰ পৰা এখন বাতৰি কাকত উৰি আহিল । হয়টো সৎকাৰৰ বাবে সামগ্ৰী অনা এখন বাতৰিকাগজ । কণমানি লৰাটোৱে বাতৰিকাকতখন কেইভাঁজমান কৰি হাততে ৰাখিলে । সি হয়তো এখন নতুন নাও সাজিব ।

00000
পাচদিনা মানুহে মুখে কাণে কথাতো বাগৰালে ।
.
.
.
.
.
ৰত্না মৰিল ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক