জাৰজ (লাকি আহমেদ)

(মোৰ এজন বন্ধুৰ জীৱনৰ দুখঃজনক অধ্যায় এটাৰ কাহিনী,কিন্তু লেখাটোৰ লগত জড়িত মানুহৰ নামবোৰ কাল্পনিক!)

“মা আৰু মই গোটেই জীৱনটো বুকুত একুৰা জুই লৈ পাৰ কৰিলোঁ..সমাজখনে আমাক শান্তিৰে জীয়াই থাকিবলৈ নিদিলে l পদে পদে অপমান..অপবাদ l কিমান যে মানসিক শাস্তি ভুগ কৰিলো জীৱনটোত কোনো অপৰাধ নকৰাকৈয়ে,তই নুবুজিবি..”-এন.আই.টি শিলচৰৰ ছাত্ৰ আৱাসৰ কোনোবা এটা কোঠাত গল্ড ফ্লেকৰ ধোঁৱাৰ কুণ্ডলী আৰু সিমেন ৯০০০ৰ মায়াবী গোন্ধটোৰ ফাঁকে ফাঁকে বন্ধুৰ কম্পিত কণ্ঠস্বৰ ভাহি আহিছিল l মাজনিশা কোঠাটোত তাৰ দুখৰ কাহিনীবোৰে কোলাহল কৰিছিল…অথচ শব্দৰ অভাৱত মই মাথো নিশ্চুপ হৈ শুনি ৰৈছিলো তাৰ কথাবোৰ..দুখবোৰৰ নিৰৱ দৰ্শক হৈ….

দেউতা কালুগাঁও চিকিৎসালয়ৰ প্ৰধান চিকিৎসক আছিল তেতিয়া l আমাৰ কোৱাৰ্টাৰৰ কাষৰ কোৱাৰ্টাৰটোৱেই আছিল নতুনকৈ জইন কৰা হস্পিতালৰ নাৰ্ছ পূবালী বাইদেউৰ,একমাত্ৰ সন্তান মোৰ শৈশৱৰ বন্ধু অসীমৰ সৈতে বাস কৰিছিল l কাৰোবাৰ বাবে পূবালী বাইদেউ আছিল ৰহস্যময়ী..আন কাৰোবাৰ বাবে আছিল চৰিত্ৰহীনা আৰু কাৰোবাৰ বাবে আছিল বহু মুখৰোচক কাহিনীৰ নায়িকা l এদিন ওচৰৰে শইকীয়ানীয়ে মাক কোৱা শুনিছিলো পূবালী বাইদেউ হেনো বৰ ভাল মানুহ নহয়,একো বুজা নাছিলো তেতিয়া কথাবোৰ…অথচ মৰমিয়াল পূবালী বাইদেউ আৰু অসীমৰ লগত আমাৰ এক আত্মিক সম্পৰ্ক গঢ়লৈ উঠিছিল কম সময়তেই l ঘৰৰ সদস্যৰ দৰেই হৈ পৰিছিল দুয়ো l সন্ধিয়াৰ চাহকাপ প্ৰায়ে পূবালী বাইদেউয়ে বনাইছিল আমাৰ ঘৰত,একেলগে খাইছিলো আমি,মোৰ লগতে অসীমকো মায়ে পঢ়াইছিল প্ৰ্তিটো সন্ধিয়া…এনেদৰেই মোৰ শৈশৱৰ লগত জড়িত হৈ পৰিছিল অসীম আৰু পূবালী বাইদেউ…

আমাৰ পৰিয়ালটো আৰু কম্পাউণ্ডাৰ বৰঠা্কুৰদাৰ বাদে বাকীসকলে পূবালী বাইদেউক সহজভাবে লব পৰা নাছিল l কেম্পাছৰ বাকী লৰা-ছোৱালীবোৰক মাক দেউতাকে আনকি অসীমৰ লগত খেলা ধূলা কৰাতো বাধা-নিষেধ আৰোপ কৰিছিল l এদিন অসীমে সুধিছিল-“মা;মোৰ লগত খেলিলে ললিত হঁতক কিয় গালি পাৰে,কিয় মাৰে মাক-দেঊতাকে?”..উত্তৰ বিচাৰি পোৱা নাছিল পুবালী বাইদেউয়ে l অথচ সেইদিনাৰ পৰাই যেন অসীমে অলপ অলপ বুজিব পৰা হৈছিল কথাবোৰ…মাকক কিয় মানুহে বেয়া বুলি কয়,কাৰোবাৰ ঘৰত কিবা পাতিলেও কিয় সিঁহতক নামাতে ইত্যাদি ..ইত্যাদি..আৰু বহুতো কিবা কিবি..! সেয়াই যি আৰম্ভনি আছিল,কিমানবাৰ যে ঘৃ্ণিত হল সিঁহত মানুহৰ দ্বাৰা,লাঞ্ছিত হল সমাজৰ দ্বাৰা…কিন্তু কিয়? -প্ৰশ্নটোৰ উত্তৰ বিচাৰি হাবাথুৰি খায় অসীম l আৰু এদিন আমিও দেউতাৰ ট্ৰেন্সপাৰ হোৱাত কালুগাঁও এৰি গুছি আহিছিলো l কিন্তু অসীম আৰু পূবালী বাইদেউৰ লগত সম্বন্ধ একেদৰেই থাকি গল l

কোনো কোনোৱে কয় পূৱালী বাইদেউৰ বিয়াৰ এসপ্তাহ মান পাছতে হেনো স্বামী কৰবালৈ গুছি গৈছিল..যি ঘূৰি নাহিল আৰু কোনোদিন..আন কোনোৱে কয় আক’ বহুত কিবা কিবি..যিবোৰ শুনাৰ কোনো প্ৰ্য়োজনবোধ কৰা নাছিলো মই কোনোদিন,মাথো প্ৰ্য়োজনবোধ কৰিছিলো কিছুমান প্ৰ্শ্নৰ উত্তৰ জনাৰ-“অসীমৰ দৰে নিষ্পাপ শিশুবোৰৰ অপৰাধ কি? কোনো পাপ নকৰাকৈয়ে কিয় পাপ বুলি গণ্য কৰা হয় সিঁহতক?কোনো অপৰাধ নকৰাকৈয়ে কিয় সমাজে প্ৰ্দান কৰা শাস্তি ভুগিব লগা হয় সিঁহতে? কিয় বঞ্ছিত কৰা হয় সিঁহতক শৈশৱৰ হাহি-ধেমালিবোৰৰ পৰা,সপোনবোৰৰ পৰা,আত্মসন্মানৰ পৰা..অধিকাৰবোৰৰ পৰা? চুৰ-ডকাইত,হত্যাকাৰী আৰু দূৰ্নীতিগ্ৰস্থ মানুহবোৰো যদি সমাজত সা-সন্মানেৰে জীয়াই থাকিব পাৰে,অসীম-পূবালী বাইদেউৰ দৰে নিৰপৰাধী লোকসকলে কিয় নোৱাৰে…?”

অসীম আৰু পূবালী বাইদেউৰ বুকুত আজিও জ্বলি আছে একুৰা জুই..যান্ত্ৰণাৰ জুই…ক্ষোভৰ জুই…যাৰ উত্তাপ আমিবোৰে হয়টো কেতিয়াও অনুভৱ কৰিব নোৱৰিম l কিন্তু মোৰ বাবে বাইদেউ সদায় এগৰাকী সন্মানীয় নাৰী,সমাজৰ অবিহনেই সকলো দুখ-কষ্ট,লাঞ্ছণাকো আওকাণ কৰি অকলেই মাক-দেউতাক দুয়োৰে দায়িত্ব পালন কৰি একমাত্ৰ সন্তানটোক মানুহ হিচাপে গঢ় দিলে বাইদেউয়ে lতেঁওলোকৰ অৱশিষ্ট জীৱনকাল যাতে সুখদায়ক হয় তাকেই কামনা কৰিলো….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments