জিজ্ঞাস (কাহিনী নহয়; সম্পূৰ্ণ সঁচা) ………..(- উদ্দিপ্ত হাজৰীকা)

যোৰহাটৰ এ এচ টি চিৰ গাতে লাগি থকা চাংকাকতি বুকষ্টলত, আবেলি ৫:৩০ মান বজাত-
লগৰ এজনৰ স’তে কিতাপ বিচাৰি সোমাই আছোঁ।ঠিক তেনেতে এটা সৰু ল’ৰা সোমাই আহিল। পিন্ধনত অতি মলিয়ন পুৰণি চোলা আৰু হাফ পেণ্ট এটা। বাহিৰত জুটুলা ৰঙাবৰণীয়া চুলিৰ ভনীয়েকজনী। কাষত ৰাস্তাৰ জাৱৰৰ দ’মৰ পৰা কিবা বুটলি অনা বস্তুৰ টোপোলা।

এক উৎসাহিত কণ্ঠৰে জেপৰ পৰা এখন চকচকীয়া দহটকীয়া নোট উলিয়াই দিলে; হয়তো কোনো হৃদয়ৱানে ল’ৰাটোক দি গৈছিল।

”অ’ দ-দা, জিগাচ এখন দিয়ক”
দোকানীজনে তলৰ পৰা এই সপ্তাহৰ ‘জিজ্ঞাস’খন উলিয়াই তাৰ হাতত দিলে। আলফুলে দীঘলকৈ মোটোকাই ল’লে সি।
দোকানীজনে কিবা এটা খুচুৰা তাক ওভোটাই দিলে; সেইটো জেপত ভৰাই বীৰদৰ্পে সি ফুটপাথত ৰ’লগৈ। ভনীয়েকৰ পৰা টোপোলাটো নিজে কান্ধত ল’লে।এহাতে জিজ্ঞাসখন লৈ সি খোজ দিলে ব্যস্ত চহৰখনৰ কোনোবা অখ্যাত ঠিকনালৈ। পিচে পিচে ভনীয়েক।।
চহৰৰ গেলা আভিজাত্যক তাচ্ছিল্ল্য কৰি সি আগবাঢ়িছে -এটা জিজ্ঞাসু মন লৈ।

(ল’ৰাটোৰ সুন্দৰ ভবিষ্যৎ এটা কামনা কৰোঁ। মই কাহানিও এনেকৈ জাৱৰ বোটলা বা ভিক্ষা কৰা ল’ৰাৰ এনে হেপাহ দেখা নাছিলো। আজি প্ৰথম দেখিলোঁ এনে ল’ৰাৰ চকুৰ তিৰবিৰণি!)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments