জিনিয়াছ : উদ্দীপ তালুকদাৰ

জিনিয়াছ

উদ্দীপ তালুকদাৰ

(১)
এলান টুৰিং (২৩ জুন, ১৯১২ – ৭ জুন, ১৯৫৪)
কম্পিউটাৰ আধুনিক বিজ্ঞানৰ আটাইতকৈ উল্লেখনীয় অৱদান। কম্পিউটাৰে ইতিমধ্যেই বিশ্ব সভ্যতাক এক নতুন স্তৰত উপনীত কৰিছে। কম্পিউটাৰ বাদ দি আজিৰ পৃথিৱীৰ বিষয়ে একো ভবাটো বা কল্পনা কৰাটো সহজ নহয়। কম্পিউটাৰৰ আৱিষ্কাৰক বোলা হয় চাৰ্লচ বেবেজক। ইংৰাজ গণিতজ্ঞ চাৰ্লচ বেবেজে প্ৰথম কম্পিউটাৰৰ ব্লু-প্ৰিণ্ট সাজি গৈছিল।(চাৰ্লচ বেবেজো এজন সাংঘাতিক মানুহ। কিন্তু তেখেতৰ বিষয়ে পাছলৈ লিখিম বুলি পাঙি ৰাখিছোঁ।)কিন্ত কম্পিউটাৰ বিজ্ঞানক বৰ্তমানৰ অৱস্থা পাবলৈ বেবেজৰ পাছতো বহুতো গণিতজ্ঞ আৰু প্ৰযুক্তিবিদৰ প্ৰয়োজন হৈছিল। ইয়াৰে এজন আছিল এলান টুৰিং। টুৰিঙক আধুনিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰজনক বুলি অভিহিত কৰা হয়।
এলান মেথিছন টুৰিং জাতিত ইংৰাজ। তেখেতৰ পিতৃ জুলিয়াছ মেথিছন টুৰিং আৰু মাতৃ ইথেল ছাৰা। পিতৃ জুলিয়াছ ভাৰতৰ প্ৰশাসনীয় সেৱাৰ বিষয়া আছিল আৰু মাতৃ ইথেল টুৰিং মাদ্ৰাজ ৰেলৰ মুখ্য অভিযন্তা আছিল। উৰিষ্যাৰ ছত্ৰপুৰ চহৰত জুলিয়াছ কৰ্মৰত থকাৰ সময়তে এলান টুৰিং মাতৃগৰ্ভলৈ আহিছিল। গৰ্ভস্থ সন্তানক ইংলেণ্ডত জন্ম দিয়াৰ মানসেৰে টুৰিং দম্পতি ইংলেণ্ডলৈ ঘূৰি যায় আৰু লণ্ডনত এলান টুৰিঙৰ জন্ম হয়। পিতৃ-মাতৃয়ে কৰ্মসূত্ৰে ভাৰত আৰু ইংলেণ্ডৰ কেইবাখনো চহৰলৈ বদলি হয় যদিও এলান আৰু ককায়েকক লণ্ডনতে এহাল দম্পতিয়ে চোৱাচিতা কৰিছিল।
ছয় বছৰ বয়সত টুৰিঙক স্কুলত ভৰ্তি কৰা হয়। গণিত আৰু বিজ্ঞানৰ বিষয়ত তেখেতৰ বিশেষ প্ৰতিভা তেতিয়াই প্ৰতিভাত হৈছিল। ১৪ বছৰ বয়সত টুৰিঙক ছেৰব’ৰ্ণ স্কুলত ভৰ্তি কৰা হয়। ইয়াতো তেখেতৰ গণিত আৰু বিজ্ঞানৰ প্ৰতিভা দেখি বহুতো শিক্ষক চমকৃত হৈছিল, কিন্তু এই দুটা বিষয়ৰ প্ৰতি থকা বিশেষ ৰাপক স্কুল কতৃপক্ষই খুব ভাল চকুৰে চোৱা নাছিল। ধ্ৰুপদী শিক্ষাৰ অবিহনে প্ৰকৃত শিক্ষিত হ’ব নোৱাৰে বুলি স্কুল কতৃপক্ষই বিশ্বাস কৰিছিল।
১৬ বছৰ বয়সত টুৰিঙে আইনষ্টাইনৰ লেখনী পঢ়াৰ সুযোগ পায়। টুৰিঙে আইনষ্টাইনৰ কঠিন অংকসমূহৰ ধাৰণা তেতিয়াই আয়ত্ব কৰিছিল বুলি কোৱা হয়। কাৰণ তেখেতে পঢ়া আইনষ্টাইনৰ লেখনীৰে আধাৰতে তেওঁ নিউটনৰ গতিৰ ধাৰণাৰ লগত আইনষ্টাইনৰ পাৰ্থক্য ধৰা পেলাইছিল, যিটো সেই লেখনীত উল্লেখ কৰা হোৱা নাছিল।
সেই সময়ত টুৰিঙৰ ভাল বন্ধু আছিল ক্ৰিষ্ট’ফাৰ ম’ৰকম। কিন্তু ১৯৩০ চনত ম’ৰকম-ৰ মৃত্যু হয়। এই মৃত্যুৱে টুৰিঙৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। কাৰণ ইয়াৰ পাছতে টুৰিঙে ধৰ্মীয় বিশ্বাসক অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰে আৰু নাস্তিক (atheist) হৈ পৰে।
১৯৩১ চনত টুৰিঙে কেমব্ৰিজৰ কিংছ কলেজত গণিত অধ্যয়ন কৰিবলৈ লয়। ১৯৩৪ চনত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ তেখেত উত্তীৰ্ণ হয়। গৱেষণা পত্ৰ হিচাপে তেখেতে সমাধান কৰা limit theorem-ৰ উচ্চ মানৰ কৰ্মৰাজীৰ বাবে তেখেতক কিংছ কলেজৰ ফেল’ হিচাপে নিৰ্বাচিত কৰা হয়। অৱশ্যে টুৰিঙে সমাধান কৰা সমস্যাকেইটা কিছু আগেয়েই আন এজন গণিতজ্ঞই সমাধান কৰিছিল, যদিও টুৰিঙে সেইটো জনা নাছিল।
কিংছ কলেজৰ ফেল’ হিচাপে কৰ্মৰত অৱস্থাতে টুৰিঙে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ বাবে এটা চমকপ্ৰদ সিদ্ধান্ত আগবঢ়ায়। ১৯২৮ চনত গণিতজ্ঞ ডেভিদ হিলবাৰ্টে Entscheidungsproblem (decision problem, সিদ্ধান্ত সমস্যা) আগবঢ়ায়। এই সমস্যটো কম্পিউটাৰ বিজ্ঞানৰ বাবে অতি প্ৰয়োজনীয় এটা গাণিতিক চৰ্তৰ প্ৰশ্ন আছিল।এই বিষয়ে অকণমান আলোচনা কৰা যাব পাৰে। কিন্তু মই নিজেই কিমান ভালকৈ বুজিছোঁ, সেইটো এটা প্ৰশ্ন। কাৰণ মোৰ জ্ঞানৰ উৎস কেইখনমান ‘জনপ্ৰিয় বিজ্ঞান’ৰ কিতাপহে। গণিতৰ কোনো ছাত্ৰই এই বিষয়ে আৰু ভালকৈ বুজাব পাৰিব।
সিদ্ধান্ত সমস্যাটো প্ৰায় এনে ধৰণৰ: তৰ্কবিজ্ঞানৰ নীতি সমূহ ব্যৱহাৰ কৰি এটা সিদ্ধান্ত প্ৰমাণ কৰাৰ চৰ্তাৱলী আছে নে নাই সেইটো জনাৰ এটা এলগ’ৰিথম থাকে নে নেথাকে। গাণিতিক ভাষাত সমস্যাটো বেলেগ, কিন্তু ইয়াৰ ভাৱাৰ্থ ওপৰত উল্লেখ কৰাৰ দৰেই। ইয়াৰে এলগ’ৰিথম বস্তুটো বুজিবলৈ অকণমান অসুবিধা হ’ব পাৰে। এলগ’ৰিথম-ক অসমীয়াত ‘সমাধান সূত্ৰ’ বুলি ক’ব পাৰোঁ। উদাহৰণ স্বৰূপে, ক সংখ্যাটো খ-তকৈ ডাঙৰ নে সৰু? এই সমস্যাটোৰ এটা সাধাৰণ ‘সমাধান সূত্ৰ’ এন ধৰণৰ যে, ক বিয়োগ খ যদি ০-তকৈ ডাঙৰ, তেন্তে ক খতকৈ ডাঙৰ, যদি ০-তকৈ সৰু তেন্তে সৰু, আৰু যদি ০ হয়, তেন্তে ক আৰু খ দুয়োটা সমান। লক্ষণীয় যে, সমাধান সূত্ৰটো প্ৰয়োগ কৰাৰ সময়ত আমি ক আৰু খ সংখ্যাকেইটা কি জনাৰ দৰকাৰ নাই। ক আৰু খ-ৰ জেগাত যিকোনো সংখ্যা বহুৱালেও এই ক-খ ৰ মান ০-তকৈ ডাঙৰ নে সৰু সেইটো জানিয়েই আমি সমস্যাটোৰ সমাধান কৰিব পাৰি। হিলবাৰ্টৰ মূল সমস্যাটো হৈছে, যিকোনো চৰ্তৰ বাবে আমি এনেকুৱা সাধাৰণ সমাধান সূত্ৰ এটা পাওঁ নে নেপাওঁ। হিলবাৰ্টৰ মূল ধাৰণা আছিল যে হয়, সকলোতে এনে এটা সাধাৰণ সূত্ৰ পোৱা যাব পাৰে। কিন্তু প্ৰথমে কুৰ্ট গোডেল আৰু পাছলৈ এলান টুৰিঙে বেলেগ বেলেগ পদ্ধতিৰে প্ৰমাণ কৰি দেখুৱায় যে সকলো সমস্যাৰে এনে সাধাৰণ সমাধান সূত্ৰ নেথাকে।
টুৰিঙৰ সমাধান পদ্ধতিত এটা নতুন ধাৰণাৰ প্ৰয়োগ আছিল। সেইটো আছিল ‘টুৰিং মেচিন’। টুৰিং মেচিন এটা প্ৰাকল্পিক যন্ত্ৰ, কোনো সঁচা যন্ত্ৰ নহয়। এই যন্ত্ৰটোৱে সমাধান সূত্ৰৰ প্ৰত্যেকটো বুনিয়াদী পদ্ধতি এটা এটাকৈ প্ৰয়োগ কৰে আৰু শেষত এনে এটা অৱস্থা পায়, যিটোত যন্ত্ৰটোক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ওপৰৰ সমস্যাটোত ক-খ>০, বা ক-খ<০ বা ক-খ=০, এই তিনিটা অৱস্থাত মেচিনটোৱে কাম বন্ধ কৰিবলৈ নিৰ্দেশ পায়, আৰু সেইখিনিতে সমাধান ওলায়। টুৰিঙে গাণিতিক ভাৱে দেখুৱাবলৈ সক্ষম হৈছিল, যে কিছুমান পৰিস্থিতিত যন্ত্ৰটোৱে বন্ধ কৰাৰ নিৰ্দেশ কেতিয়াও নাপাব পাৰে, আৰু তেনে অৱস্থাত সেই সমস্যা সমাধান কৰাৰ কোনো ‘সমাধান সূত্ৰ’ উলিয়াব নোৱাৰি।
হিলবাৰ্টৰ মূল সমস্যাটোৰ সমাধান উলিওৱাৰ উপৰি টুৰিঙৰ এই প্ৰমাণে আন এটা উল্লেখযোগ্য কাম কৰিছিল। সেয়া হ’ল, কিছুমান সমস্যা সমাধান যোগ্য নহ’লেও বহুত সমস্যা ‘সমাধান সূত্ৰ’ৰ মাধ্যমেৰে সমাধান কৰা সম্ভৱ। কম্পিউটাৰ বিজ্ঞানৰ কাৰণে এইটোহে আছিল ডাঙৰ কথা। কাৰণ ইয়াৰ অৰ্থ আছিল এনেকুৱা যে, যিবোৰ সমস্যাৰ এটা সাধাৰণ ‘সমাধান সূত্ৰ’ নিৰ্ণয় কৰিব পাৰি, তেনে সমস্যাবোৰ যন্ত্ৰৰ দ্বাৰাও সমাধান কৰিব পৰা যাব। লগে লগেই কম্পিউটাৰৰ ব্যৱহাৰৰ তাত্বিক গুৰুত্ব বাঢ়ি যায়। কম্পিউটিং গৱেষণাৰ বাবে বৰ্তমানেও টুৰিং মেছিন এটা গৱেষণাৰ বিষয় বস্তু।
১৯৩৬ চনৰপৰা ১৯৩৮ চনলৈ এলান টুৰিঙে প্ৰিন্সটনৰ ইন্‌ষ্টিটিউট ফৰ এড্‌ভান্সড ষ্টাডিজত যোগ দিয়ে আৰু ১৯৩৮ চনত প্ৰিন্সটন বিশহববিদ্যালয়ৰপৰা পি.এইচ.ডি. লাভ কৰে।
কিন্তু এনে সময়তে দ্বিতীয় বিশ্বযু্দ্ধৰ ৰণদামামা বাজি উঠে, আৰু নিজৰ দেশক সহায় কৰিবলৈ টুৰিং দেশলৈ উভতি আহি government code and cipher school-ত (GCCS) যোগ দিয়ে। জাৰ্মান গুপ্ত সংকেত বাৰ্তা (code)-ৰ পাঠোদ্ধাৰৰ কেবাটাও কামত টুৰিঙে GCCS-ক সহায় কৰিছিল। কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ অৱদান আছিল এনিগ্‌মা বাৰ্তাৰ পাঠোদ্ধাৰ পদ্ধতিৰ আৱিষ্কাৰ। টুৰিঙে এনে পাঠোদ্ধাৰৰ বাবে সম্ভাৱনীয়তা আৰু পৰিসংখ্যাৰ ধাৰণা ব্যৱহাৰ কৰিছিল। এই কামৰ বাবে bombe নামে এক ইলেক্ট্ৰ’-মেকানিকেল যন্ত্ৰ সাজি উলিওৱা হৈছিল। অৱশ্যে ইমানৰ পাছতো এনিগ্‌মাৰ পাঠোদ্ধাৰ সহজ কাম নাছিল। কাৰণ জাৰ্মানসকলে প্ৰায়েই এনিগ্‌মা যন্ত্ৰত সাল-সলনি কৰাৰ উপৰিও প্ৰায় প্ৰতিটো বাৰ্তাৰ বাবে নতুন নতুন পাছৱৰ্ড (সঠিক শব্দ নহয়) ব্যৱহাৰ কৰিছিল।
টুৰিঙৰ এই অৱদানৰ বাবে ১৯৪৫ চনত Order of British Empire সন্মানেৰে ভূষিত কৰা হৈছিল। অৱশ্যে সংকেত পাঠোদ্ধাৰৰ কাৰ্যত টুৰিং জড়িত থকাৰ কথা এই ঘটনাৰ ৩০ বছৰ পাছতহে ৰাজহুৱা কৰা হৈছিল। অইন বহু বিজ্ঞানীৰ দৰেই টুৰিং আছিল অদ্ভূত খাম-খেয়ালীৰ। এই সময়ত টুৰিঙে প্ৰায়ে চাইকেলে অহা-যোৱা কৰিছিল। চাইকেলখনৰ কিবা বিজুতিৰ বাবে প্ৰায়েই চেইন পৰি থাকিছিল। টুৰিঙে পিছে কেতিয়াও চাইকেলখন ভাল নকৰালে। বৰং বাৰে বাৰে হিচাপ কৰি তেওঁ গণনা কৰি উলিয়াইছিল পেডেল কেইপাক মৰাৰ পাছত চেইন পৰে। তেখেতে পেডেলৰ পাকবিলাক গন্তি কৰি গৈছিল, আৰু চেইন পৰাৰ আগে আগেই চাইকেল ৰখাই নামি আকৌ চাইকেলত উঠিছিল!
এনিগ্‌মাৰ লগতে টুৰিঙে জাৰ্মান নৌ বিভাগৰ সংকেত পঠোদ্ধাৰৰ বাবে আন এটা যন্ত্ৰ সাজিছিল, নাম দিয়া হৈছিল, banburismus. এই কামৰ বাবে টুৰিঙে নতুন ধৰণৰ পাৰিসাংখ্যিক বিশ্লেষন পদ্ধতি ব্যৱহাৰ কৰিছিল, যাক পাছলে sequential analysis নাম দিয়া হৈছে। ইয়াৰ লগতে ৰেডিঅ’ বাৰ্তা গোপনকৈ পঠিয়াবৰ বাবেও টুৰিঙে কাম কৰিছিল। তেখেতে আৱিষ্কাৰ কৰা পদ্ধতি যুদ্ধত ব্যৱহাৰ কৰা নহ’ল যদিও, পাছলৈ ইয়াৰ আধাৰতে দূৰৱৰ্তী সংকেত প্ৰক্ষেপণৰ বাবে ব্যৱহৃত বিভিন্ন কোড পদ্ধতি গঢ় লৈ উঠে।
ক্ৰমশ:
(এখেতই পাছলৈ টুৰিং টেষ্ট প্ৰনয়ন কৰিছিল, যিটো এতিয়াও কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শেষ প্ৰশ্ন। দ্বিতীয় বিশ্বযুদ্ধৰ নিজৰ দেশৰ বাবে দেহে-কেহে খাটি দিয়া এইজনা বিজ্ঞানীৰ মৃত্যুৰ ৫০ বছৰ পাছত ইংৰাজ চৰকাৰে তেখেতৰ মৃত্যুৰ বাবে ৰাজহুৱা ক্ষমা বিচাৰিছিল ১৯৯৭ চনত! দেহে-কেহে খাটি দিয়া মানে, এনিগ্‌মাৰ কাম হৈছিল bletchely park নামে এখন গাঁৱত, তাৰপৰা মিটিং আদিত ভাগ ল’বলৈ টুৰিঙে প্ৰায় ৪০ মাইল দৌৰিছিল! জিনিয়াছ এনেয়ে নহয়! জানিবলৈ পাছৰ খণ্ডটো পঢ়িবই পঢ়িব।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক