জিন্দেগী অউৰ কুচ্ছ ভি নেহী…. তেৰি মেৰী কাহানী হ্যে……(-ৰশ্মিতা কাশ্যপ বৰা)

 


ষষ্ঠ মান শ্ৰেণীৰ দুৱাৰমুখতে ঘটিল ঘটনাটো | সিহঁত দুটাৰ গতি দেখি বাকী ল’ৰা-ছোৱালী বোৰে গিৰ্জনী মাৰি হাঁহিলে | লাজত ৰঙা-চিঙা পৰি কোনো মতেহে দুয়োটা থিয় হ’ল | তাইৰ লগত একেলগে বহা বৰ্ণাই আহি তাইক হাতত ধৰি লৈ গ’ল,আৰু যাওঁতে কৈ গ’ল…..”কিহে পাইছিল নীলা তোক এনেকৈ দৌৰি আহিবলৈ” | তেনেকোৱাতে পাছফালৰ বেঞ্চৰ পৰা কোনোবাই উকিয়ালে…”ঐ অনাবিল, এনেকৈ খুন্দা মাৰে নেকি ছোৱালীক?” অলপ খঙতেই ক’লে সি…”মই জানো নেকি সিফালৰ পৰা তাই এনেকৈ আহিব বুলি!” সেই যে খুন্দাটো লাগিল, সিহঁতৰ আৰু কোনো দিনেই ইটোৰ সিটোলৈ মুৰ তুলি চোৱাৰ সাহসেই নহ’ল |
ষষ্ঠ মানৰ বছৰেকীয়া পৰীক্ষাৰ শেষৰ ছবি আকাঁ পৰীক্ষা দি তাই স্কুলৰ চাইকেল ষ্টেণ্ডৰ পৰা চাইকেলখন উলিয়াব লওঁতেই যেন কোনোবাই মাত দিলে পাছফালৰ পৰা….

jindegi aur kuch v nehi
তোমাৰ নাম কি?
: নীলাক্ষী হাজৰিকা |
আৰু তোমাৰ ?
: অনাবিল ভৰালী |
কিছুসময় মৌনতা………… আৰু একো কথা পতাৰ অৱকাশ নেদেখি তাই চাইকেল খন থেলি থেলি খোজ ল’লে ঘৰলৈ | “যাওঁ দিয়া, আকৌ স্কুল খুলিলে লগ পাম”….তাৰ কাষ পাওঁতে কৈ গ’ল তাই লাহেকৈ আৰু সিও হাঁহো-নাহাঁহো কৈ মুৰ দুপিয়ালে…….|

আজি সপ্তম মানৰ প্ৰথম ক্লাছ হ’ব, ১৫ দিন মানৰ মুৰত লগৰবোৰক লগ পাব, কিমান যে কথা পাতিবলৈ আছে সিহঁত কেইজনীৰ লগত….বন্ধত কোন কলৈ গ’ল, কি কি কৰিলেৰ পৰা পৰীক্ষাত কোনে কি বিষয়ত কিমান নম্বৰ পালে…..ক’ত যে কথা !
প্ৰথম ক্লাছত শৰ্মা ছাৰে ৰোল ক’ল কৰি আছে আৰু নিজৰ নিজৰ উপস্থিতি দিবলৈ সিহঁত বোৰ সজাগ | কাৰণ এবাৰ যে নাম পাৰ হ’লে ছাৰে দ্বিতীয় বাৰ সুবিধা নিদিয়ে,যোৱা বছৰেই জানিছে সিহঁতে |
ৰোল নং ৮……….ৰোল নং ৮……….
ৰোল নং ৮ অনাবিল ভৰালী আহিছেনে নাই?
তাই ঘুৰি পাছফালে চাব লওঁতেই কোনোবা এটাই মাত দিলে………ছাৰ সি গ’ল গৈ |
: ক’লৈ?
: তাৰ দেউতাক বোলে বেলেগ ঠাইলৈ বদলি হ’ল | সিহঁতৰ ঘৰ খন গুছি গ’ল কৰবালৈ |
: হ’ব ব’হ | ৰোল নং ৯….নীলাক্ষী হাজৰিকা…….|
: আছো ছাৰ | খপজপকৈ উত্তৰ দিলে তাই |
তাই খুন্দা মৰা অনাবিল কৰবালৈ গুছি গ’ল হয়, কিন্তু গোটেই বছৰটো তাৰ নামটো তাইৰ নামৰ আগত লাগি থাকিল……
ৰোল নং ৮…….এবছেন্ট |

গুৱাহাটী বিশ্ববিদ্যালয়……..জালুকবাৰী,কৃষ্ণচূড়া….. আৰু ভালপোৱা |

ঐ কিমান পঢ়ি থাক’ আৰু কিতাপৰ পোক, ব’ল আজি তোক ফুৰাবলৈ নিম |ৰূমমেট ৰাগিনীয়ে আহি তাইক ক’লেহি…….
: ক’লৈ? মোৰ অলপ প্ৰজেক্টৰ কাম আছে, কালিলৈ যাম দে |
: ধেই….মোৰ ইম্পৰটেন্ট কপি এখন আনিবলৈ আছে অ লগৰ এটাৰ পৰা | প্লিজ ব’ল না, বয়জ হোষ্টেল অকলে গ’লে বৰকৈ জোকাব মোক |
: কি!!! বয়জ হোষ্টেল মৰিবলৈও নাযাও মই | মাৰি পেলা লাগিলে মোক |
: প্লিজ নীলা, ব’ল না…….না ন’কবি প্লিজ | আৰ চি চি ২ লৈ হে যাম |
: ইহ্হ….আৰ চি চি ২ ল’ৰা বোৰে কি ছোৱালী নোজোকাই নি হা | নাযাওঁ মই |
বহু বাৰ না ক’লেও শেষত যাব লগা হ’ল তাইৰ | যিমানেই যি নহওঁক কিয় ৰাগিনী তাইৰ ৰূমমেট……..তাইৰ যে মৰমৰ বান্ধৱী………|

“অ মইনা…………ক’লৈ আহিলা আজি | গোটেই জনী চোন সোনাৰু ফুল হৈ ফুলিলা……”
হালধীয়া চেলোৱাৰ জোৰলৈ খং উঠি গ’ল নীলাৰ…কেলৈ পিন্ধি আহিল তাই এই জোৰ |
“নীলা আকাশখনত আজি সোনাৰু ফুলিছে ঐ……….দেখি ভাল লাগিছে |” ৰঙা পৰা গাল দুখন লৈ কেৰাহিকৈ চালে নীলাই……….হয়,সেইটো ৰাজনীশ…তাইৰ ডিপাৰ্টমেন্টৰ নিমাখিত ৰাজনীশ | “কালিলৈ চাই ল’ম মই ইয়াক”…..খঙতে ভোৰ ভোৰালে নীলাই…….
অলপ দুৰত কথা পাতি থকা ৰাগিনীলৈ তাইৰ খঙ উঠিল, তাই আৰামত কথা পাতি আছে আৰু ডায়েলগ শুনিব লগা হৈছে নীলাই |

: নীলা, ই অনাবিল….অনাবিল ভৰালী|
: এই মোৰ ৰূমমেট…নীলা , মানে নীলাক্ষী হাজৰিকা,ঘৰ নগাঁৱত |
তাই নমস্কাৰ দিব লওঁতেই সি মাত দিলে……..তুমি ধিঙৰ নীলা ন?
: হয় | আপুনি কেনেকৈ…………মানে আপুনি অনাবিল….সেই যে অনাবিল নেকি ?
: সেই যে তোমাক খুন্দা মৰা অনাবিলটো, মই | সি হাঁহি মাৰি উত্তৰ দিলে |

তাৰ পাছত…….আৰম্ভ হ’ল নীলা আৰু অনাবিলৰ বন্ধুত্বৰ…….তাই সাক্ষী হ’ল অনাবিল আৰু ৰাগিনীৰ প্ৰেম-কাহিনীৰ | আৰু ৰাগিনী-অনাবিলেই তাইৰ জীৱনলৈ আনি দিলে ৰাজনীশক | সিহঁত চাৰিটাৰ ভালপোৱাৰ মাজত কৃষ্ণচূড়া ফুলিল আৰু সৰিল………৪টা চেমিষ্টাৰ শেষ কৰি বন্ধুত্ব ধৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে চাৰিটা চাৰিফালে গ’ল | অনাবিল-ৰাগিনীৰ বিয়া নহ’লে নীলা-ৰাজনীশৰ বিয়াত সিহঁত খাটাং লগ হ’ব…………..কথা দিলে…..|

: নীলা…………………দিল্লীৰ ৰাজপথত কোনে মাতিলে তাইক | লগৰ ৱিবিনক ৰবলৈ কৈ তাই ইফালে-সিফালে চালে |
: অনাবিল……ইয়াত!!
: মোৰ চাকৰি ইয়াত | তুমি?
: মোৰো চাকৰি ইয়াত | ক’ত থাকা ? ফোন নং দিয়া | পাছত ভালকৈ কথা পাতিম | এতিয়া বৰ লৰালৰি |
: লোৱা………….
: যাওঁ…বাই | লগ পাম হা……..
সন্ধিয়া ৰূম আহিয়েই নম্বৰ মিলালে তাই…….অনাবিললৈ
: হেল্ল’………নীলা | কোৱা…..
: ফ্ৰি আছা নে ? লগ কৰো ব’লা | ধেৰ কথা আছে |
: তোমাৰ এড্ৰেছ কোৱা | মই অফিছৰ পৰা ওলাম এতিয়া | তুমি ৰেডি হোৱা,মই গৈ আছো |

ধুমধাম ফ্ৰেছ হৈ কাপোৰ সলালে তাই | তাই কোৱা এড্ৰেছ মতে অনাবিল আহিল আৰু উলাই গ’ল দুয়োটা | পালিকাৰ ওচৰৰ জাতীয় পতাকা খনৰ তলত বহুসময় বহিল সিহঁত | প্ৰায় ১০ বছৰৰ বিৰতিৰ অলেখ কথাৰ মাজত ওলাল জীৱনে সলনি কৰা ৰঙ বোৰৰ কথা | অনাবিলে কৈ গ’ল….ৰাগিনী এতিয়া শিৱসাগৰৰ বোৱাৰী | আৰু তাই ক’লে তাক……ৰাজনীশ এতিয়া ক’ত তাই নাযানে | ৰাজনীশ শৰ্মাৰ পৰিয়ালে তাইক অবামুণ বুলি গ্ৰহণ নকৰিলে আৰু ঘৰৰ একমাত্ৰ ল’ৰা বুলি ৰাজনীশেও পৰিয়ালে বান্ধি দিয়া লক্ষণ ৰেখাদাল পাৰ হ’ব নোৱাৰিলে |

চাৰিদিন পাছত বহাগ বিহু | অনাবিলেই ক’লে, এইবাৰ একেলগে ঘৰলৈ যাম | খানাপাৰালৈকে একেলগেই আহিল….তাই তাত নগাঁৱৰ বাছত উঠিল আৰু সি যোৰহাটৰ |
গৰু বিহু বুলি কিবা কিবি কৰি থাকোতে দেউতাকে আহি তাইক ফোনটো দিলেহি……তোৰ ফোন আহি আছে অথনিৰ পৰা | ৰিচিভ কৰিবলৈ লৈ দেখিলে আননউন নম্বৰ….কোন বা আকৌ !
: হেল্ল’…………
: মই ,অনাবিল |নীলা ক’ত আছা ?
: ঘৰতে আছো….বিহু লগাই আছো | তুমি ক’ত?
: ময়ো ঘৰত……..শুনা, কথা এটা আছিল | মানে কালিলৈ ঘৰত থাকিবা নে?
: থাকিম…কিয়?
: নীলা…মোৰ লগত বিয়া হ’বা ??
: ………………………………………………………………………………………হ’ম |
প্ৰায় এক মিনিট মানৰ পাছত উত্তৰ দিলে নীলাই |
: তোমাৰ ঘৰত কোৱা…..কালিলৈ আমাৰ মাহঁত যাব…….তোমাৰ ঘৰলৈ |
: হ’ব | এতিয়া ৰাখো……..
: বাই…………………|

মা………..কালিলৈ অনাবিলৰ ঘৰৰ মানুহ আহিব |
: কিয়?
: আমাৰ বিয়াৰ কথা পাতিবলৈ |

ৰাজনীশে এৰি যোৱা নীলাৰ চকুৰ গভীৰতাই মাকক চুই গ’ল অজানিতে………..হ’ব, মই দেউতাৰক ক’ম কথা খিনি……..|

আকৌ ফোনটো বাজি উঠিল তাইৰ……………”জিন্দেগী আউৰ কুচ্ছ ভি নেহী…………তেৰী-মেৰী কাহানী হ্যে…………..”
: হেল্ল’…….অনাবিল কোৱা | আহিবা কালিলৈ………….মই বাট চাম……………

 

:::: ৰশ্মিতা কাশ্যপ বৰা

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments