জিভাই পাহৰিব নোখোজা মোৰ স্মৰণীয় খাদ্যবিশেষ (আব্দুছ ছাজিদ)

(সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছাৰে)

মই সৰুৰে পৰাই নিৰামিষভোজী৷ মাছ, মাংস, কণী আৰু সিবিলাক উপকৰণ হিচাপে থকা কোনো খাদ্যকে মই গ্ৰহণ নকৰোঁ৷ তেনেকৈয়ে চলি আহিছোঁ মনত পৰা দিনৰে পৰা৷ ঘৰখনৰ ভিতৰতে এই অমিল খাদ্যাভ্যাসক লৈ প্ৰথম অৱস্থাত মোৰ ওপৰত ভালেমান দিন ধৰি এক প্ৰকাৰৰ অত্যাচাৰেই চলিছিল৷ পৰিষ্কাৰভাৱে আজিও মনত আছে, সৰুতে একেলগে ভাত খাবলৈ বহিলেই দেউতাই মোক খঙেৰে কৈছিল… ‘খাই মৰ, নাখাই মৰিব নালাগে৷’ মই কিন্তু তেনেকৈয়ে থাকি গ’লোঁ৷ ডাঙৰলৈকেও কিমানযে ককৰ্থনা চলিল! ময়ো নাচোৰবান্দা৷ নাখালোঁ যি নাখালোঁৱেই৷ ভাত-দাইল-ভাজি৷ বচ৷ কাম শেষ৷ ইমান খোৱাৰ যুক্তি ক’ত? দাইলৰ পানী, আলু পিটিকা আৰু নেমুটেঙা এটুকুৰা দি দিয়ক৷ মোৰ মানত সেয়াই অমৃত৷ এতিয়াও৷

জন্মাবধি, মৰণৰ মুহূৰ্তটো পৰ্যন্ত মানুহে উদৰ পূৰাবলৈ কৰি থকা ‘খোৱা’ৰ নামত নিৰন্তৰ চোবাই থকা কামটোক মই সবাতোকৈ নিকৃষ্ট তথা গৰ্হিত কাম বুলি অভিহিত কৰোঁ৷ জীয়াই থাকিবলৈ হ’লে খাবও লাগিব, তাকো অৱশ্যে নুই কৰিব নোৱাৰোঁ৷ সেয়ে উপায় নাই, খাওঁ৷ তথাপিও স্বীকাৰ কৰোঁ, খোৱা কামটো, খোৱাৰ নামত সময় দিয়াটো মই বেয়া পোৱা এক বিষয়৷ আনহাতে এইটোও লক্ষ্য কৰোঁ যে নাখাই মৰাতকৈ খাই মৰাৰ সংখ্যাটোহে দেখোন আমাৰ সমাজত বৃদ্ধি পাই গৈ আছে৷ কথাটোৰ সঁচা-মিছা দকৈ চিন্তা কৰি চাবচোন৷

এইটো ঠিক যে ভোজনবিলাস বুলিবলৈ একোৱেই মোৰ নাই৷ ক’ৰ পৰানো থাকিব? ‘আচল বস্তু’বোৰেই নাখাওঁ দেখোন৷ ইফালে মদ-গাঞ্জা, পাণ-চিগাৰেটো নচলে৷ গতিকে মই নিমন্ত্ৰণৰ মানুহ মুঠেই নহওঁ৷ খোৱাৰ আমন্ত্ৰণ মোৰ একেবাৰে কাম্য নহয়৷ ডাইৰেক্টলি প্ৰত্যাখ্যান কৰোঁ৷ নামাতিলেও অকণো বেয়া নাপাওঁ৷ নগ’লে কোনোবাই বেয়া পালেও উপায় নাই৷ পৰাপক্ষত বিয়া-সবাহ, ভোজভাত, জন্মদিন, পাৰ্টী আদি এৰাই চলোঁ৷ কাম-কাজ বা আন কিবা সহায় লাগিলে যোৱাত আছোঁ, কিন্তু খোৱাৰ সময়ত পলাওঁ৷ নিশা ভূৰি-ভোজন কৰি শুই থকাটোও মোৰ দস্তুৰ নহয়৷ কোনোবাই কৈ থৈছেই নহয়, নিশাৰ সাজ ভিক্ষাৰীৰ দৰে খাব লাগে বুলি৷ তেনেস্থলত ভোজনৰ নামত মিছাতে বিপদ চপোৱাত মই নাই৷

মোৰ খাৱন তেনেই সীমিত আৰু সাধাৰণ৷ সদায় হিচাপৰ ভাত৷ জোখতকৈ সৰহকৈ দিলে আগতেই কমাওঁ, যাতে নষ্ট নহয়৷ পুনৰবাৰ ভাত লোৱাৰো নিয়ম নাই৷ সেই এবাৰেই৷ কিন্তু, খাওঁতে দাঁতে কেৰেচকৈ চাউলত মিহলি হৈ থকা শিলগুটি ভাঙিলে, বালি থকাৰ বাবে শাক ভাজিখন খিচখিচীয়া লাগিলে, বেঙেনা ভাজিখনত দীঘলকৈ চুলি এডাল ওলালে ৰান্ধনীৰ বিপদ অৱশ্যম্ভাৱী৷ চাউলখিনিকে ভালকৈ বাছিব নজনা, শাকখিনিকে ভালকৈ ধুব নোৱাৰা, ৰন্ধনত সাৱধানতা অৱলম্বন নকৰাটো ৰান্ধনীৰ ডিচক্রেডিট বুলি মুখৰ আগতেই কৈ দিওঁ আৰু হাত-মুখ ধুই উঠি আহোঁ৷

তিনি-চাৰিবিধকৈ ব্যঞ্জন সন্মুখত মেলি দিলেও মোৰ খেলিমেলি লাগি যায়৷ সিদ্ধান্ত এটা লৈ আৰম্ভণিতেই কাষৰীয়া কৰি পেলাওঁ তাৰে দুটামান৷ যিমানেই ভাল নহওক কিয়, যিমানেই হেঁপাহত, যিমানেই আথে-বেথে নিদিয়ক কিয়৷ নাখাওঁ বুলিলে নাখাওঁৱেই৷ দিওঁতাই বেয়া পায়ো লাভ নাই৷ মইতো বেয়া নাপাওঁৱেই৷ কাৰণ, খোৱাটো মোৰ নিজৰ হিচাপ মতেহে হ’ব৷

দুপৰীয়া কল-গাখীৰ-ভাত মোৰ ৰুটিন খাদ্য৷ সৰুৰে পৰাই৷ দিনটোত দুটা কল আৰু আধা লিটাৰ গাখীৰ কোন কেতিয়াবাৰে পৰাই খাই আহিছোঁ৷ মাতৃদুগ্ধ এৰাৰ পিছৰে পৰাই গৰুৰ গাখীৰ মোৰ নিয়মীয়া আৰু প্ৰিয় খাদ্য৷ আজিলৈ কিমান লিটাৰ খালোঁ, হিচাপ কৰি চালে নিশ্চয় উলিয়াব পৰা যাব৷ গাখীৰ ভাতত কটা বিস্কুত দুটামান ভাঙি ল’ব পাৰিলেতো আৰু মজা৷ জুতিটো বেলেগ ধৰণৰ হৈ পৰে৷ তাৰ বাহিৰেও জিভাত এতিয়াও লাগি থকা মোৰ কেইটামান স্মৰণীয় খাদ্য আছে৷ তাকে এই সুযোগতে কৈ পেলাওঁ বুলি ভাবিছোঁ, যদিওবা সেইবোৰে ‘ভোগালী’ক একোপধ্যে চুব নোৱাৰেগৈ৷

দাইল : মোৰ বাল্যবন্ধু জ্যোতিপ্ৰসাদ বৰদলৈ (জিত)ৰ হাতৰ সেই দাইলখনৰ সোৱাদটো এতিয়ালৈ মই পাহৰিব পৰা নাই৷ সেয়া খাইছিলোঁ ২৮ডিচেম্বৰ ১৯৮৪ তাৰিখে, চেঙেলীয়া দিনত আমি কাজিৰঙাত আয়োজন কৰা এটা পিকনিকত৷ তাৰ পিছত আৰু তেনেকুৱা দালি আজিলৈ মুখত দি পোৱা নাই৷ এতিয়াও, ভাতৰ সৈতে মোক দিয়া দাইলৰ বাটিটোলৈ দৃষ্টি নিক্ষেপ কৰিলেই মোৰ তাহানিৰ সেই দাইলখনলৈহে মনত পৰে৷

ভাজি : ১৯৮৫-৮৬চনৰ কথা৷ যোৰহাটত পঢ়ি থকা কালত দিজু, গৌতম, ৰণজিৎ আৰু মই, আমি চাৰিজনে একেলগে মেচ কৰি আছিলোঁ৷ দুজনীয়াকৈ পাল পাতি ভাত ৰন্ধাৰ নিয়ম৷ মোৰ পাৰ্টনাৰ দিজু৷ দিজু গগৈৰ হাতৰ মূলা, স্কোৱাচ আদি অনেকখন ভাজিৰ স্বাদ এতিয়াও জিভাত লাগিয়ে আছে৷ কেৱল ভাজিখনেই নহয়, আলুকে ধৰি পাচলি কটাৰ তাৰ যি আৰ্ট, সিও মোক আকৰ্ষণ কৰিছিল৷ আনে অসমানকৈ কটা টুকুৰাবিলাক দেখিলেই সি গৰজি উঠিছিল৷ আৰু যদি গৌতম শইকীয়া বা ৰণজিৎ স্বৰ্গীয়াৰীৰ কায়দাৰে ভাজিখন পাতিয়েই পানী ঢালি দিলে, তেতিয়াতো হ’লেই আৰু!

বেঙেনা তৰকাৰী : তেতিয়া অৰুণাচলত পঢ়োঁ৷ গুৱাহাটীৰ পৰা নৈশ বাছেৰে যাওঁ৷ গান্ধীবস্তিত মোৰ সম্বন্ধীয়া এগৰাকী বাইদেউ আছিল৷ ডিফুৰ পৰা গৈ বাইদেউৰ তাত সোমাওঁ৷ দিনৰ ভাতসাজ তাতে মোকলোৱা হয়৷ কেতিয়াবা থাকোঁও৷ এদিন বাইদেৱে নিশাৰ সাজত অপূৰ্ব সোৱাদপূৰ্ণ যিখন বেঙেনা তৰকাৰী খুৱালে, সেই জোলখিনিলৈ মোৰ এতিয়াও মনত পৰি থাকে৷ ১৯৯১চনমানৰে কথা হ’ব এইটো৷ সোৱাদটো কিন্তু স্থায়ীহৈ লাগি আছে জিভাৰ কোনোবাখিনিত৷

পাপৰ : নিৰজুলিৰ হোষ্টেলত মোৰ পিছৰ বেটচৰ ছাত্ৰ আছিল প্ৰমোদ পাটোৱাৰী৷ মানকাছাৰত ঘৰ৷ মোৰ দৰেই নিৰামিষাহাৰী৷ তেওঁলোকৰ ঘৰত বিভিন্ন খাদ্যৰ লগতে পাপৰো নিজে তৈয়াৰ কৰে৷ ঘৰলৈ গ’লে প্ৰমোদে পাপৰ লৈ আহে৷ ডাঙৰ কাঁহী এখনৰ সমান বহল৷ মোৰ ৰুমৰ আগেৰে ডাইনিং হললৈ ভাত খাবলৈ যাওঁতে সি মোক মাতে৷ মন কৰোঁ, তাৰ হাতত থাকে এটা ষ্টিলৰ গিলাচ৷ গিলাচটোৰ ভিতৰত দীঘলকৈ মেৰিওৱা পাপৰ এখন৷ প্ৰথমে সেইখন সি চৌকাৰ অঙঠাত পুৰি আনেগৈ৷ তাৰ পিছত ফিফ্টি ফিফ্টি৷ প্ৰমোদৰ গৃহনিৰ্মিত সেই পাপৰ খোৱাৰ পিছত এতিয়াও, সঁচাকৈ কৈছোঁ, অন্য পাপৰ মোৰ পাপৰ যেনেই নলগা হ’ল৷ চব ৰিজেক্ট হৈ যায়৷ কেৱল সেইখনলৈহে মনত পৰি থাকে৷ ১৯৯২চনৰ কথা এয়া৷

আমৰ আচাৰ : ১৯৮০চন৷ মই তেতিয়া হাইস্কুলৰ উচ্চ শ্ৰেণীলৈ উঠিছোঁ৷ আমাৰ প্ৰতিবেশী আছিল মিষ্টাৰ বাৰ্মা৷ মটৰ পাৰ্টচৰ দোকান এখন আছিল তেওঁৰ৷ দেছৰ পৰা আহি পোৱা তেখেতৰ পৰিবাৰে এদিন আমাৰ মাৰ হাতত আচাৰ অলপ দিলেহি৷ আমৰ আচাৰ৷ এনে ভাল লাগিল খাই! সেই আমৰ আচাৰকণৰ পিছত আজিলৈ আন কোনো আচাৰেই জিভাক সন্তুষ্ট কৰিব পৰা নাই৷

পোলাও : মোৰ বন্ধু ধৰ্মেন গগৈৰ লগত সেইবাৰ অৰুণাচল প্ৰদেশৰ তেজুলৈ গৈছোঁ৷ তাৰ ঘৰত থাকি ইফালে-সিফালে ফুৰিছোঁ৷ আমাতকৈ শিক্ষানুষ্ঠানত চিনিয়ৰ এজন দাদাৰ তালৈ এদিন সি মোক লৈ গ’ল৷ তেওঁৰ কোৱাৰ্টাৰৰ সন্মুখত এখন ফিল্ড৷ কেইবাজনো মিলি তাত খুব ক্রিকেট খেলিলোঁ৷ খেলৰ শেষত দাদাই সুধিলে, ‘তই পোলাও বনাব পাৰিবি?’ মই ক’লোঁ, ‘পাৰিম, কিয় নোৱাৰিম?’ তাহানিতে যোৰহাটৰ মেচত ভাত ৰান্ধি খোৱাৰ অভিজ্ঞতাই মোক তেতিয়া কনফিডেন্স দিছিল৷ দাদাই ক’লে, ‘তেনেহ’লে যা, ঘৰৰ পৰা অনা জহা চাউল অলপ আছেই৷ আৰু কি ক’ত লাগে যোগাৰ কৰি দিওঁ, তই বনা৷’ মই আনতকৈ সোনকালে খেল সামৰিব লগা হ’ল৷ চাউলখিনিৰ আগতীয়াকৈ গত লগাই গাটো ধুই ল’লোঁ৷ তাৰ পিছত পোলাও ৰন্ধা কাম৷ সময় কম৷ তথাপি কেনেকৈ জানো, সেইদিনা পোলাওখিনি সঁচাকৈ বৰ ভাল হৈছিল৷ উপস্থিত আটাইকেইটাই বৰ তৃপ্তিৰে খালে৷ তাৰ পিছৰ পৰা কি হ’ল জানো! মা, পৰিবাৰ, খুড়ী, ভাই-বোৱাৰীহঁতে ঘৰত ৰন্ধা পোলাও দেখোন মোৰ অকণো ভাল নলগা হ’ল৷ সেই সোৱাদটোহে বিচাৰি থকা হ’লোঁ৷ ‘তোমালোকে পোলাও ৰান্ধিব নাজানাহে৷ নাৰান্ধিবা’ বুলিও মাজে মাজে চিধাচিধিকৈ কৈ পেলাওঁ৷ ১৯৯৩চনৰ কথা আছিল এইটো৷

ফ্ৰাইড ৰাইচ : ১৯৯২চনৰ মাৰ্চ মাহ৷ আমাতকৈ বয়সত ডাঙৰ যদিও ষ্টাডী লিভত পঢ়িবলৈ গৈ একে বেটচৰ হৈ পৰা আমাৰ অভিভাৱক, অগ্ৰজ ভ্ৰাতৃতুল্য সমুদ্ৰগুপ্ত ডেকাৰ ভনীয়েক আৰু ভনী-জোঁৱায়েক সেইবাৰ আমাৰ হোষ্টেললৈ ফুৰিবলৈ গৈছিল৷ দুদিন থাকিলেও৷ বাইদেউ-ভিনিদেউ দুয়োকে আমি ইটানগৰলৈ ফুৰাবলৈ নিলোঁ৷ দিনৰ সাজ খাবলৈ হোটেল ইটাফ’ৰ্টত সোমালোঁ৷ পিছে, মই কি খাওঁ এতিয়া? অৱশ্যেই নিৰামিষ বিচাৰিব লাগিল৷ মোৰ বাবে অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচৰ৷ মটৰ, গাজৰ আদিৰে সেইদিনাৰ ফ্ৰাইড ৰাইচখিনি ইমানেই ধুনীয়া আৰু সোৱাদভৰা হৈছিল যে ফ্ৰাইড ৰাইচ বুলিলেই সেই প্লেটখন আজিও চকুৰ আগত ভাহি উঠে৷

চেঁৱৈ : এই কথাটো আগতে ‘অকব’ৰ ৱালত ‘ভ্ৰমণ কাহিনী’ৰ এছোৱাত লিখিছিলোঁ৷ ২০১০চনৰ ২৭চেপ্তেম্বৰত কৰা জীৱনৰ প্ৰথম বিদেশ ভ্ৰমণৰ আকাশী-যাত্ৰাত সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫,০০০ফুট উচ্চতাত জেট এয়াৰৱেজৰ সুন্দৰী পৰিচাৰিকাই যোগান ধৰা সেই চেঁৱৈবাটিৰ সোৱাদ সঁচাকৈয়ে আছিল আগতে কাহানিও নোপোৱা ধৰণৰ, কাহানিও পাহৰিব নোৱাৰা ধৰণৰ৷ লাগি আছে জিভাত এতিয়াও৷

ভোগালীৰ পৰম্পৰাগত জা-জলপানখিনি মই ভাল পাওঁ৷ নকৈ নোৱাৰোঁ, আৰু এটা বস্তুৰ প্ৰতি মোৰ দুৰ্বলতা আছে৷ সেয়া হৈছে মাহ-প্ৰসাদ, যাক মই ‘দেৱতাৰ খাদ্য’ বুলি কওঁ আৰু আনন্দৰে খাওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments