জিল লগালেনে? (সুৰজিৎ নেওগ)

জিল লগালেনে?

সুৰজিৎ নেওগ

ল’ৰা-ছোৱালীহতঁৰ বছৰেকীয়া পৰীক্ষা শেষ হৈ নতুন শ্ৰেণী আৰম্ভ হোৱাৰ সময় সমাগত। কাৰো কাৰো ইতিমধ্যে নতুন শ্ৰেণী আৰম্ভ হৈ গৈছে। মনত পেলাওকছোন, আমাৰ (বা আপোনালোক সকলোৱে) পঢ়াশালীয়া এনে দিনবোৰত আমি কি কৰিছিলোঁ . . . ?

হয়, কিতাপৰ দোকানৰ পৰা নতুন পাঠ্যক্ৰমৰ কিতাপ কিনি বা দোকানত নাপালে আন জ্যেষ্ঠজনৰ পৰা পুৰণা কিতাপ আনি নতুনকৈ ‘জিল’ (এই শব্দটোৰ শুদ্ধৰূপ নাজানোঁ) লগাইছিলোঁ। দিস্তা কাগজ কিনি আনি, এডাল প্ৰকাণ্ড বেজীৰে সী লৈ বহী চিলাইছিলোঁ। অংকৰ বহীখন সদায় আন আন বহীৰ তুলনাত দুগুণ ডাঙৰ হোৱা বাবে বেজীটোৰে ফুটা কৰিব নোৱাৰি গজাল এটা মাৰি টোৱাইন সূতাৰে ভালকৈ সী লৈ খাকী কাগজৰ ‘জিল’ লগাই নতুন শ্ৰেণীলৈ যাবলৈ মনে মনে প্ৰস্তুত হওঁ। ‘জিল’ লগোৱা হোৱাৰ পিছত গোট গোট আখৰেৰে প্ৰতিখন কিতাপ-বহীৰ ওপৰত যেয়ে যিমান সুন্দৰকৈ পাৰে বিষয়, নাম, শ্ৰেণী, ৰোল নং, ছেক্‌চন্‌ সহ ‘লেবেল’ লগোৱাৰ চেষ্টা। এই বহী চিলোৱা, জিল লগোৱা, ‘লেবেল’ লেখাৰ মানদণ্ডৰ বাবে আমাৰ সমনীয়াৰ সৈতে প্ৰায়ে এক অঘোষিত প্ৰতিযোগীতা চলিছিল; কোনে কিমান ভালকৈ, ধুনীয়াকৈ আৰু নিয়াৰিকৈ এইখিনি কৰিব পাৰে। মোৰ লগৰ দুটামানে আকৌ বহীবোৰৰ তিনিকাষ কিতাপৰ দৰে সুন্দৰকৈ তাহাঁতৰ কোনো চিনাকী ‘প্ৰেছ’ত কটাই আনিছিল . . .। এনে বহীবোৰ দেখিলে মোৰ খুব হিংসা হৈছিল তাহাঁতলৈ …. ময়ো যদি পাৰিলোহেঁতেন ..!!

আনে কেনে পাইছিল নাজানোঁ, মই কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটো বা কামটো খুব উপভোগ কৰিছিলোঁ, এক অনাবিল আনন্দ পাইছিলোঁ। আৰু এতিয়া নিজৰ ল’ৰা-ছোৱালীহতঁলৈ মন কৰকছোন . . .। সকলো বস্তু, কিতাপ, বহী, ‘জিল’ৰ কাগজ, চেল’টেপ, আঠা আনকি এখন কেঁচি পৰ্য্যন্ত দিয়ে বিদ্যালয়ৰ পৰা। বহীবোৰ এতিয়া বিদ্যালয়ৰ নাম-ঠিকনা ছপা থকা একো একোখন ‘কপি’ !! চিলোৱাৰ প্ৰয়োজন নাই; ‘জিল’ লগোৱাৰ প্ৰয়োজন নাই। ১২-১৫ খন কিতাপ, সকলো বস্তুৰ যোগাৰ আছেই; বছ, মাক-বাপেকে বহি ‘জিল’ লগাই ৰেডিমেড্‌ লেবেল লগাই দিলেই কাম শেষ। ব্ৰহ্মপুৱাতে উঠি আমাৰ ল’ৰা-ছোৱালীয়ে এটা নতুন বেগত সেইবোৰ ভৰাই কাণে-নাকে কিবা এটা গুজি স্কুলবাছত উঠি বিদ্যালয় গমন। তাহাঁতৰেই বা সময় ক’ত ‘জিল’ লগোৱা কামটো উপভোগ কৰাৰ?

অজিৰ দৈনন্দিন ব্যস্ততাৰ নিগনীদৌৰত কাৰো ইমান সময় নাই যে কিতাপ এখনৰ জিল লগোৱা বা আন তেনে প্ৰাসংগিক কামৰ বাবে খুচুৰা-খুচুৰ বস্তু বিচাৰি দোকানে- দোকানে ঘুৰি ফুৰিব। সেয়ে হয়তো বিদ্যালয় কৰ্তৃপক্ষসমূহেও বিষয়টো উপলব্ধি কৰি সকলো বস্তুৰ যোগাৰ দিয়ে, কিবা এটা মূল্যৰ বিনিময়ত। আৰু ইয়াৰ ফলত সকলোপক্ষ নিশ্চয়কৈ বৈষয়িকভাৱে লাভৱান হৈছে …..।

কিন্তু সেইযে বহী চিলোৱা, ‘জিল’ লগোৱাৰ আনন্দকণৰ পৰা আমাৰ ল’ৰা-ছোৱালীহতঁ বঞ্চিত . . .

[বি.দ্র. – কথাখিনি আজিৰ সকলো ল’ৰা-ছোৱালীৰ ক্ষেত্রতে প্রযোজ্য নহ’বও পাৰে।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments