জীনৰ লগত লটিঘটি মূলঃ ৰাস্কিন বণ্ড অনুবাদঃ নিংকু নিশা নেওগ


(প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডৰ The trouble with Jinns ৰ অসমীয়া অনুবাদ)

  মোৰ বন্ধু জিমীৰ এখনহে হাত আছে৷ তাৰ বয়স ২৫ বছৰ মান হওঁতেই সি তাৰ আনখন হাত হেৰুৱাইছিল৷ সিনো কেনেকৈ তাৰ ভাল হাতখন হেৰুৱাব লগা হৈছিল সেই কথা ক’লে মানুহে সহজে বিশ্বাস কৰিবলৈ অলপ টান পায়, কিন্তু মই শপত খাই কৈছোঁ মই জনা কথাবোৰ কিন্তু সম্পূৰ্ণ সঁচা৷
   জিমীৰ কথাবোৰ কোৱাৰ আগতেই মই জনাই লওঁ, জিমী এটা জীনহে আছিল (হয়তো এতিয়াও সি জীন হৈয়েই আছে)৷ সকলোৱেই জানে জীনবোৰ কেতিয়াও আমাৰ দৰে মানুহ নহয়৷ জীন হৈছে এক প্ৰকাৰৰ আত্মা বা এখন বেলেগ জগতৰ বাসিন্দা৷ ইহঁতে মানুহৰ অৱয়ব লৈ নিজৰ জীৱনটো কটাব লাগে৷ জিমী প্ৰকৃতপক্ষেই এটা সঁচা জীন আছিল আৰু সকলো জীনৰে বিশেষ শক্তি থকাৰ দৰে তাৰো আছিল৷ সেই মতে সি নিজৰ বাহুটো ইচ্ছানুযায়ী দীঘল কৰিব পাৰিছিল৷ প্ৰায় সকলো জীনেই এনেকৈ নিজৰ বাহুটো বিশ ত্ৰিশফুট মান দীঘল কৰি মেলি দিব পাৰে৷ জিমীয়ে কিন্তু চল্লিশ ফুটমান দীঘল কৰিব পাৰে৷ তাৰ বাহুটো মুকলি ঠাই, দেৱাল বা মজিয়াৰ ওপৰেদি এডাল ধুনীয়া সাপৰ দৰে বগাই ফুৰে৷ মই তাক এনেকৈ আম গছৰ তলৰ পৰা গছজোপাৰ একেবাৰে ওপৰৰ ডালত পকি থকা আমবোৰ পাৰি থকা দেখিছোঁ৷ আম জিমীৰ বৰ প্ৰিয়৷ জিমী প্ৰকৃততে বৰ লুভীয়া আছিল৷ আৰু সম্ভৱ এই লুভীয়া স্বভাৱটোৱেই তাক তাৰ অদ্ভুত শক্তিৰ অপব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছিল৷
   জিমী আৰু মই উত্তৰ ভাৰতৰ এখন পাহাৰীয়া ঠাইত একেখন স্কুলতে পঢ়িছিলোঁ৷ জিমীয়ে বাস্কেটবল খুব ভাল খেলিছিল৷ সি ইমানেই টেঙৰ আছিল যে অন্য মানুহে সি যে জীন, সেই কথা কেনেবাকৈ গম পায় বুলি নিজৰ বাহুটো কেতিয়াও কাৰো আগত দীঘল কৰা নাছিল৷ বক্সিং ৰিঙৰ যুঁজবোৰত সি প্ৰায়েই জিকিছিল৷ খেলত তাৰ প্ৰতিপক্ষই তাৰ অদ্ভুতভাৱে প্ৰসাৰিত বাহুৰ শক্তি ভালকৈ ধৰিবই নোৱাৰিছিল৷ সি প্ৰতিপক্ষৰ খেলুৱৈক তেজেৰে লুতুৰি-পুতুৰি হৈ ভাগৰি পৰি বক্সিং ৰিং ত্যাগ নকৰালৈকে সিহঁতৰ নাকত জোৰকৈ হেঁচা মাৰি ধৰি থাকিছিল৷
    আমাৰ হাফ টাৰ্ম পৰীক্ষা চলি থকাৰ সময়তে মই জিমীৰ গোপন ৰহস্য ধৰা পেলাইছিলোঁ৷ সেইদিনা আমাৰ বীজগণিতৰ পৰীক্ষা আছিল৷ আমাক তুলনামূলক ভাৱে এখন কঠিন প্ৰশ্নকাকত সমাধান কৰিবলৈ দিয়া হৈছিল যদিও মই কোনোমতে এযোৰ কাগজত কেইটামান অংকৰ উত্তৰ লিখিব পাৰিছিলোঁ৷ তেনেতে মোক আন এখন অতিৰিক্ত কাগজৰ প্ৰয়োজন হ’ল৷ কাগজখন আনিবলৈ বহাৰ পৰা উঠোঁতেই দেখিলোঁ মই লিখি থকা ডেস্কখনৰ ওপৰত কাৰোবাৰ হাত এখন৷ মইতো প্ৰথমে সেইখন নিৰীক্ষকৰ হাত বুলিহে ভাৱিছিলোঁ৷ কিন্তু চাৰিওফালে চাইহে দেখিলোঁ মোৰ ওচৰত দেখোন কোনোৱেই নাই৷
   তাৰ পিছত ভাৱিলোঁ সেইখন কিজানি মোৰ পিছফালে বহা ল’ৰাটোৰ হাত৷ কিন্তু সিওতো একান্তমনে উত্তৰবহীত উত্তৰ লিখাত ব্যস্ত৷ তাতে তাৰ হাত দুখনো সঠিক ঠাইতে আছে৷ ঠিক তেতিয়াই দেখিলোঁ মোৰ ডেস্কৰ ওপৰত থকা অচিনাকি হাতখনে মোৰ উত্তৰবহীখন থাপ মাৰি ধৰি সাৱধানেৰে এফালে যাবলৈ ধৰিছে৷ মই লগে লগে হাতখনক অনুসৰণ কৰিলোঁ আৰু দেখিলোঁ সেইখনতো এটা সুন্দৰ সুঠাম বাহুত সংলগ্ন হৈ আছে৷ মই দেখিছিলোঁ হাতখনে নিজৰ স্বাভাৱিক দৈৰ্ঘ্যলৈ অহাৰ আগতে ডেস্কৰ তলেৰে মনে মনে আৰু মজিয়াৰ ওপৰেৰে ফৰফৰাই ভয়ে ভয়ে গৈছিল৷ শেষত মই আচৰিত হৈছিলোঁ কাৰণ সেই হাতখনৰ গৰাকীজন আছিল বীজগণিতত আটাইতকৈ দুৰ্বল এজন৷
   সেইদিনা পৰীক্ষাৰ উত্তৰবোৰ মই উত্তৰবহীত পুনৰ লিখিব লগা হৈছিল৷ কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছতেই মই উধাতু খাই জিমীৰ ওচৰ পাইছিলোঁগৈ৷ মই যে তাৰ এনে ধৰণৰ খেল একেবাৰে ভাল পোৱা নাই তাক পোনপটিয়াকৈ জনাই দিলোঁ৷ লগতে তাৰ প্ৰকৃত স্বৰূপ সকলোৰে আগত উদঙাই দিয়াৰো ভাৱুকি দিলোঁ৷ মোৰ ওচৰত ধৰা পৰাৰ পিছত তাৰ কথাবোৰ কাকো নক’বলৈ সি মোক অনুৰোধ কৰিলে আৰু মই যি কৰিবলৈ কওঁ তাকেই কৰিব বুলি মোক আশ্বাস দিলে৷ জিমীৰ দৰে বিশেষ শক্তিৰ অধিকাৰী এজনক এনেকৈ বন্ধু হিচাপে পোৱাটো মোৰ কাৰণে একপ্ৰকাৰৰ সৌভাগ্যৰ কথাই আছিল কাৰণ তাৰ এই অস্বাভাৱিক শক্তিয়ে মোক সময়ত সহায় কৰিব বুলি মই নিশ্চিত আছিলোঁ৷ গতিকে তাৰ উত্তৰবহী চুৰিৰ কথাটো মই ক্ষমা কৰি দিবলৈ ৰাজী হ’লোঁ৷ এনেকৈয়েই আমি বৰ সোনকালেই খুব ভাল বন্ধু হৈ পৰিলোঁ৷
    জিমীৰ এই বিশেষ গুণটো ভাল কামত ব্যৱহাৰ হোৱাতকৈ যে কোনো কোনো সময়ত বৰ অশান্তিজনকহে আছিল সেই কথা আৱিষ্কাৰ কৰিবলৈ মোৰ বেছি দিন নালাগিল৷ কাৰণ জিমীৰ অনুৰ্বৰ মগজুৱে তাৰ এই বিশেষ ক্ষমতাৰ উপযুক্ত ব্যৱহাৰ ভালকৈ নাজানিছিল৷ কেতিয়াবা কেতিয়াবাতো সি তেনেই তুচ্ছ কামতো বাহুটো দীঘল কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ সি প্ৰায়েই এনেকৈ বাহুটো দীঘল কৰি মিঠাই দোকান, শ্ৰেণীকোঠা আৰু ছাত্ৰাবাসত পিনপিনাই ফুৰিছিল৷ অৱশ্যে আমি ল’ৰাবোৰে চিনেমাহলত চিনেমা চাবলৈ অনুমতি পাবৰ দিনাহে তাৰ বাহুটো দীঘলাই সি হলৰ ভিতৰৰ আন্ধাৰত তাৰ আচল ব্যৱহাৰ কৰিছিল৷
    জীনবোৰৰ নাৰীৰ প্ৰতি স্বাভাৱিকতেই দুৰ্বলতা আছিল, বিশেষকৈ নাৰীৰ দীঘল কিচকিচিয়া ক’লা চুলিটাৰিৰ প্ৰতি৷ আচলতে ক’বলৈ গ’লে জীনৰ এই দুৰ্বলতাবোৰৰ কাৰণেই আমাৰ লগত লটিঘটিবোৰ ঘটিবলৈ আৰম্ভ কৰিলে৷ নাৰীৰ চুলিকোচা যিমান বেছি দীঘল আৰু ক’লা হয় জীনে সিমানেই ভাল পায়৷ জীনে যদি নিজৰ পচন্দৰ নাৰীগৰাকীক বিচাৰি পায় তেনে প্ৰথমেই সি তাইক বশ কৰি পেলায়৷ তেতিয়াৰ পৰাই তাইৰ ধ্বংস আৰম্ভ হৈ যায়৷ দিনে দিনে তাইৰ সৌন্দৰ্য লোপ পাবলৈ ধৰে৷ সৰ্বশেষত তাইৰ ধুনীয়া কিচকিচিয়া ক’লা চুলিখিনিৰ বাহিৰে তাইৰ সকলো জাহ যায়৷
   এইটো প্ৰক্ৰিয়াৰে কাৰোবাক বশ কৰিব পৰাকৈ জিমীৰ তেতিয়ালৈকে উপযুক্ত বয়স হোৱা নাছিল৷ তথাপি সি সুযোগ পালেই সুন্দৰী নাৰীৰ ধুনীয়া ক’লা চুলিটাৰি চুবলৈ বা হাত ফুৰাই থাকিবলৈ এৰা নাছিল৷ জিমীৰ মনৰ এই প্ৰচণ্ড আসক্তি পুৰোৱাৰ বাবে চিনেমা হলেই আছিল আটাইতকৈ সুবিধাজনক ঠাই৷ কাৰণ চিনেমাহলৰ ভিতৰত তাৰ লক্ষ্যস্থান অৰ্থাৎ ক’লা দীঘল চুলি বিচাৰি সি নিজৰ ইচ্ছানুসৰি যিমান মন যায় সিমান বাহুটো প্ৰসাৰিত কৰিব পাৰে, চকীবোৰৰ পিছফালে চুকে কোণে আঙুলিৰে খেপিয়াই ফুৰিব পাৰে৷ এনেকৈ সি লক্ষ্যত উপনীত হ’লেই নাৰীগৰাকীৰ চুলিত লাহে লাহে আলফুলে হাত ফুৰাবলৈ আৰম্ভ কৰে৷ কেনেবাকৈ যদি নাৰীগৰাকীয়ে চুলিত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰি ইফালে-সিফালে চাই জিমীয়ে তত্ক্ষণাৎ নিজৰ হাতখন সাপৰ ফণাখনৰ দৰে ভাঁজ কৰি ছিটৰ পিছফালে লুকুৱাই দিয়ে আৰু পুনৰ চুলিকোচা চুবলৈ সষ্টম হৈ থাকে৷
  আমি কলেজত পঢ়ি থকাৰ দুই তিনি বছৰ মান পিছতহে জিমীয়ে তাৰ জীৱনৰ প্ৰথমটো চিকাৰ কৰাৰ সুযোগ পালে৷ জিমীৰ প্ৰথম চিকাৰ আছিল কলেজৰ অৰ্থনীতি বিভাগৰ এগৰাকী মহিলা প্ৰবক্তা৷ মহিলাগৰাকী দেখাত বৰ বেছি ধুনীয়াও নাছিল৷ কিন্তু তেওঁৰ বিশেষ সৌন্দৰ্য আছিল দীঘল ক’লা কিচকিচিয়া চুলিটাৰি যি কঁকাললৈকে বৈ পৰা আছিল৷ তেওঁ পৰাপক্ষত নিজৰ চুলিকোচা বেণী গুঠি বান্ধি ৰাখিছিল৷ কিন্তু এদিন জিমীয়ে তেওঁ মূৰ ধুই আহি বিছনাত বাগৰি চুলি শুকুৱাই থাকোঁতেই তেওঁৰ চুলিকোচা দেখিছিল৷ চুলিকোচাৰ ৰং আৰু দৈৰ্ঘ্য দেখিয়েই জিমীয়ে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ গ’ল৷ তাৰ ভিতৰৰ আত্মাটো ওলাই প্ৰবক্তাগৰাকীৰ শৰীৰত প্ৰবেশ কৰিলে৷ তাৰ পিছদিনাৰ পৰাই তেওঁৰ জ্বৰত ভোগাৰ দৰে শৰীৰটো উত্তপ্ত হ’বলৈ ধৰিলে আৰু মানুহগৰাকী অস্থিৰ উত্তেজনাত থাকিব নোৱাৰা হ’ল৷ তেওঁৰ শৰীৰটো চেতনা হেৰুৱাই অৱশ হৈ পৰিল৷ লাহে লাহে তেওঁ খোৱা-বোৱাও বাদ দি অস্থি চৰ্মসাৰ হৈ পৰিল৷ এনেকৈয়ে হাড়ে ছালে লাগি এদিন তেওঁ ঢুকাই থাকিল৷ কিন্তু আচৰিত ধৰণে তেওঁৰ চুলিকোচাই সামান্যও কমনীয়তা নেহেৰুৱাকৈ অক্ষত হৈ থাকিল৷
   এই মৰ্মান্তিক ঘটনাটোৰ পিছত মই মনত দুখ পালেও জিমীক এৰাই চলা হৈছিলোঁ৷ মই জানিছিলোঁ প্ৰবক্তাগৰাকীৰ মৃত্যুৰ বাবে জিমীয়েই দায়ী আছিল কিন্তু সেয়া প্ৰমাণ কৰিবলৈ মোৰ ওচৰত কোনো উপযুক্ত তথ্য নাছিল৷ মইতো জিমীক লগ পোৱাৰ পিছৰ পৰাই জীনৰ পৰা পৰিত্ৰাণৰ উপায় আৰু তাৰ পদ্ধতিৰ বিষয়েও অধ্যয়ন আৰম্ভ কৰি দিছিলোঁ৷
   এই ঘটনাটোৰ পিছত কেইবা বছৰলৈকে জিমী আৰু মোৰ মাজত কোনো যোগাযোগ নাছিল৷ কিন্তু এদিন পাহাৰীয়া ঠাইখনত বন্ধ উদযাপন কৰিবলৈ যাওঁতে মই থকা হোটেলখনতে জিমীক অকস্মাত লগ পাই গ’লোঁ৷ জিমীক দেখাৰ পিছত আমাৰ পুৰণা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি মই তাক বেছি সময় আওকান কৰি থাকিব নোৱাৰিলোঁ৷ তাৰ লগত একেলগে বহি কেইবটলমান বিয়েৰ গলাধকৰণ কৰাৰ পিছতে মোৰ মনলৈ আহিল মই চাগৈ কলেজৰ প্ৰবক্তাগৰাকীৰ মৃত্যুৰ বাবে ভুলতেই তাক ইমান দিন সন্দেহ কৰি আছিলোঁ৷ প্ৰবক্তাগৰাকী হয়তো কলেজ শিক্ষকৰ হোৱা কিবা অচিন বেমাৰতহে মৃত্যু মুখত পৰিছিল৷ হয়তো তাত জিমীৰ কোনো হাতেই নাছিল৷
   কথা পাতি পাতিয়েই জিমী আৰু মই ৰাস্তাৰ পৰা কিছু তললৈ থকা সেউজীয়া টিলাটোত বহি দুপৰীয়াৰ আহাৰৰ লগতে বিয়েৰ কেইবটল মান খোৱাৰ সিদ্ধান্ত কৰিলোঁ৷ তেতিয়ালৈ বেলি ঘূৰি আবেলি হ’বৰে হৈছিল আৰু বিয়েৰৰ নিচা লাগি মোৰ টোপনিও আহিছিল৷ মই যেতিয়া টোপনিৰ পৰা সাৰ পালোঁ, মই দেখিলোঁ জিমীয়ে কিবা এক অনামী উত্তেজনাত নাকেৰে ফোঁচ্ ফোঁচ্ কৰি ফোপাই আছে৷:“কি হ’লনো? “ তাৰ অৱস্থাটো দেখি মই খপজপাই সুধিলোঁ৷”: “ৰাস্তাৰ ওপৰৰ ফালে সৌ পাইন গছবোৰৰ তললৈ চোৱাচোন? সিহঁতক তুমি দেখিছানে?” সি ক’লে৷: “মই তাত দুজনী ছোৱালী দেখা পাইছো৷ তাতে কি হ’ল?”:“বাওঁফালৰ জনীক ভালকৈ লক্ষ্য কৰাচোন৷ তাইৰ চুলিকোচা দেখিছানে নাই?”: “অ’ দেখিছো৷ ছোৱালীজনীৰ চুলিখিনি ধুনীয়া, দীঘল আৰু নতুন কাট দিয়া৷ জিমী, তুমি কিন্তু নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ’ব৷“    মোৰ কথা শেষ হ’বলৈ নাপালেই, ইতিমধ্যেই জিমীৰ হাত মোৰ চকুৰ আতঁৰ হ’ল৷ তাৰ বাহুটো দীঘল হৈ হৈ পাহাৰ বগাই গৈ ৰাস্তাৰ সিপাৰ পালেগৈ৷
    মোৰ চকুৰ আগতেই তাৰ হাতটো গছৰ ডালৰ আঁৰৰ পৰাই ওলাই ছোৱালীজনীৰ ওচৰত ৰ’লগৈ আৰু সাৱধানেৰে মনে মনে তাইৰ ক’লা ধুনীয়া চুলিখিনি চুবলৈ আগবাঢ়িল৷ সি এইটো কামত ইমানেই মগ্ন হৈ পৰিল যে সেইফালে আহি থকা গাড়ীৰ হৰ্ণৰ শব্দও তাৰ কাণত নপৰিল৷ তেতিয়া ৰাস্তাৰ কেঁকুৰিটোৰ সিটো মূৰৰ পৰা মাৰ্চিডিজ বেঞ্জ ট্ৰাক এখন তীব্ৰ বেগেৰে সেইফালেই আহি আছিল৷
    জিমীয়ে সেইফালে আহি থকা ট্ৰাকখন দেখা পোৱালৈ বহুত দেৰি হৈ গৈছিল৷ দীঘল হৈ যোৱা বাহুটো সংকোচন কৰি স্বাভাৱিক কৰিবলৈ তেতিয়া আৰু সময় নাছিল৷ তাৰ বাহুটো ৰাস্তাৰ ওপৰত ইপাৰৰ পৰা সিপাৰলৈকে দীঘল হৈ মেল খাই আছিল৷ ট্ৰাকখনে যেতিয়া বাহুটোৰ ওপৰেৰে পাৰ হৈ গ’ল, বাহুটো ছিঙি গৈ আঘাতপ্ৰাপ্ত মৃত্যুমুখী অজগৰ এডালৰ দৰে ধৰফৰাবলৈ ধৰিলে৷
    জিমীৰ অৱস্থাটো দেখি মই আৰু ট্ৰাক ড্ৰাইভাৰজনে ডাক্তৰ এজন লৈ সেইখিনি পালোঁগৈ৷ তেতিয়ালৈকে জিমীৰ বাহুত লাগি থকা বাকী টুকুৰাটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ আমি লগে লগে জিমীক হস্পিতাললৈ লৈ গ’লোঁ৷ ডাক্তৰে তাৰ বাহুটো অপাৰেচন কৰি কাটি পেলাব লাগিব বুলি ক’লে৷ ট্ৰাক ড্ৰাইভাৰজনে তেতিয়াও বাৰে বাৰে জিমীৰ বাহুটো ত্ৰিছ ফুটমান দীঘল হৈ গৈছিল বুলি কৈয়েই আছিল৷ তাক পিছত মদ খাই গাড়ী চলোৱাৰ অপৰাধৰ গ্ৰেপ্তাৰ কৰিলে৷
   সেই ঘটনাটোৰ কেইসপ্তাহমানৰ পিছত মই জিমীক আকৌ লগ পালোঁ৷: “জিমী, তুমি কিয় ইমান হতাশ হৈছা? তোমাৰতো এতিয়াও এখন হাত ভালে আছে৷ তোমাৰ এইটো বাহুত সেই বিশেষ গুণটো নাই জানো?”
    তাক বিমৰ্ষ দেখিয়েই মই সুধিলোঁ৷:”মই সেয়া আগতে কেতিয়াও লক্ষ্যই কৰা নাই৷ কিন্তু এতিয়া ভাৱিছোঁ মই সেয়া প্ৰমাণ কৰি চাব লাগিব৷“ সি ক’লে৷    মই বুজিলোঁ, জিমী মন মগজুৰে সদায় এটা জীন হৈয়েই থাকিল৷ আজিকালিও সি কোনোবা নাৰীৰ ক’লা দীঘল চুলি দেখা পালে তাৰ ভাল বাহুটো দীঘলাই দি মনে মনে গৈ চুই থাকেগৈ৷ কিন্তু মই জানো সি নিজৰ পাবলগীয়া শিক্ষা ভালকৈয়ে পালে৷ সি অন্ততঃ বুজিলে, “এটা বা এসোপামান বিশেষ গুণ থকা জীন হোৱাতকৈ এটাও বিশেষ গুণ নথকা সাধাৰণ মানুহ হৈ জীয়াই থকাই শ্ৰেয়৷“

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 months ago

ধুনীয়া

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক