জীয়াই থকাৰ হেপাঁহ (শান্তনু চাংমাই)

জীয়াই থকাৰ হেপাঁহ (শান্তনু চাংমাই)

কাঠৰ শুকান খোলা ফোপোলা হৈ শুকাই যায় | ফাঁকি দি দি মেঘৰ চন্তৰী দূৰণিলৈ পলাই যায় | পানী নাই, পাতত নাই সেউজীয়া, ধন্বন্তৰিৰ ওচৰত ঔষধি নাই | বতাহত নাই নিয়ৰৰ কণিকা, ধমনীত নাই তেজৰ অগা-দেৱা | শুকান মৰুত নাই স্বপ্নৰ বৰ্ণমালা | শূন্য কলিজাত গজালি মেলে চক্ৰবাত্‍ নিৰাশাৰ | জোৱানৰ যৌৱনত নামে অজ্ঞানতাৰ অন্ধকাৰ | তীৰ্থবাসী আচৰণত পশুহেন বিশাল প্ৰজাপতি | ঘপিয়াই ছেদ কৰা হয় তাৰ পাখি | বিহপৰুৱা বগায় মৃন্ময় ভাৰসাত | পীড়াত কেঁকাই উঠে কেইবাযুগৰ প্ৰেতাত্মাই | ভাঁহি নাহে কোনো সান্তনাৰ সংগীত |

শৰালি হাঁহ ঘৰচীয়া কৰাৰ আকাংক্ষা অস্পৃশ্য হৈ ৰয় | জীৱন-মন্থনত কেৱল হলাহল হে ওলায়- কলহে কলহে, অমৃত কোনো দস্যুৱে চুৰি কৰি লৈ যায় | হলাহলৰ সমুদ্ৰত আৰ্তনাদ কৰে অৱশ চেতনাই | জিৰণি ল’ব খোজে ভাগৰুৱা আত্মাই | বাট বহু দূৰ | মৃত্যুৱে বিকট হাঁহি মাৰে লক্ষ যোজন দূৰৰ পৰা | ক্ষান্ত হ’ব নোখোজে ভাপত উতলি থকা মনৰ আভ্যন্তৰীণ তোলপাৰ | যন্ত্ৰণাৰ গৰ্ভত মৰিব খুজিও বাৰে বাৰে পাখি গজে হেঁপাহৰ | উত্কণ্ঠাৰে আগুৱায় থৰক বৰক খোজ এটি এটিকৈ |

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments