জীয়াৰী : দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

জীয়াৰী

লিখক: দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

বিয়াৰ নিশা দত্ত আৰু তেওঁৰ নববিবাহিতা পত্নীয়ে ঠিক কৰিলে পিছদিনা ৰাতিপুৱা তেওঁলোকৰ দুৱাৰত যিয়েই টোকৰ মাৰি নামাতক কিয়, দুৱাৰখন খুলি নিদিয়ে। লাগিলে যিমান ডাঙৰ কাৰণেই নহওঁক কিয়। পিছদিনা ৰাতিপুৱা তেওঁলোকৰ দুৱাৰত টোকৰ পৰিল। বাহিৰত দত্তৰ মাক-দেউতাক। কিন্তু আগ নিশাৰ কথামতে তেওঁলোকে দুৱাৰখন নুখুলিলে। দত্তৰ মাক-দেউতাক এটা সময়ত গুচি গ’ল।

অলপ পিছত দত্তৰ পত্নীৰ মাক-দেউতাক আহি দুৱাৰত টোকৰ দিলে। দত্ত আৰু পত্নীয়ে ইজনে-সিজনৰ মুখলৈ চালে। দত্তপত্নীয়ে উচুপি উচুপি কৈ উঠিল, ‘বাহিৰত মোৰ বয়সীয়াল মা-দেউতা তেনেকৈ ৰৈ আছে, মোৰ অকণো ভাল লগা নাই।’ দত্তই একো নক’লে আৰু পত্নীক দুৱাৰখন খুলিবলৈ ইংগিত দিলে।

বেচ কিছুবছৰ পাৰ হৈ গ’ল। দত্তহঁতৰ চাৰিটা সন্তান হ’ল। প্ৰথম তিনিওটা পুত্ৰসন্তান। শেষৰজনী কন্যা সন্তান। তাইৰ জন্মৰদিনা দত্তক অতি সুখী দেখা গ’ল।ওচৰ-চুবুৰীয়াক মাতি ভোজ-ভাত খুৱালে। সকলোকে উপহাৰো দিলে। এজন চুবুৰীয়াই সুধিলে তেওঁক, ‘হেৰি, আপুনি ছোৱালী এজনী জন্ম হোৱাৰ কাৰণে ইমান ফূৰ্ত্তিকৰিছে যে? আগৰ ল’ৰাকেইজন হওঁতেতো ইমান ফূৰ্ত্তি কৰা নাছিল, কথাটো কি??’

দত্তই হাঁহি মাৰি ক’লে, ‘তায়েইতো মোক এদিন দুৱাৰখন খুলি দিব!!’

(ই-মেইলত পোৱা আধামিনিটৰ গল্প এটিৰ ভাৱানুবাদ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক