জীয়া দুখবোৰঃ প্ৰীতি শৰ্মা

 

ডাক্তৰ ৰূপী “দেৱদূত” আৰু ডাক্তৰ ৰূপী “যমদূত”এই দুয়োবিধৰে লগত মোৰ সাক্ষাৎ ঘটিছে।খুব নামজ্বলা বিশেষজ্ঞা এগৰাকীয়ে মোৰ জীৱন নাট সামৰিব লৈছিলেই,তেনেতে দেৱদূত হৈ দেখা দিলে ডাঃ ভৱেশ চন্দ্ৰ ভাগৱতী দেৱ।সঠিক সময়ত তেখেতৰ ওচৰ নচপাহেঁতেন মই ২০০৬ চনতেই “ভগৱান কী প্যাৰী” হলোহেঁতেন।সেয়া অন্য এক অধ্যায়।
সেই তেতিয়াৰে পৰা অত্যন্ত জৰুৰী অৱস্থা নহলে মই ডাক্তৰৰ ওচৰলৈ নাযাওঁ আৰু গলেও প্ৰথমে ভাগৱতী চাৰৰ ওচৰলৈ হে যাওঁ। তেখেতে যদি আন কাৰোবাক ৰেফাৰ কৰে, তেতিয়াহে আন ডাক্তৰৰ ওচৰলৈ যাওঁ।সি যি কি নহওক, মই যিটো কথা কবলৈ গৈ আছোঁ তাৰ আগতে এইখিনি বকলা মেলিলো।কাৰণ মই কব খোজা ঘটনাটো ঘটিছিল ভাগৱতী চাৰৰ চেম্বাৰতে।
যোৱা মাহৰ কথা।গধূলি আঠমান বজাত আমি চাৰৰ চেম্বাৰত বহি আছোঁ।অফিচৰ পৰা আহি ৰোগী চাই বাবে তেখেতৰ তাত পৰীক্ষা কৰাওঁতে ৰাতি দহ-এঘাৰ বজাটো সাধাৰণ ঘটনা।ৰোগী সকলেও কোনো আপত্তি নকৰাকৈ ৰৈ থাকে।ধৈৰ্যৰ ফল মিঠা। ইতিমধ্যে আমাৰ আগত আৰু পাঁচজন ৰোগী আছে।এই ৰৈ থকা সময়খিনিত মই মানুহবোৰ পঢ়িবলৈ যত্ন কৰোঁ।তীব্ৰ
যন্ত্ৰণাই কোঙা কৰা কিছুমান ৰোগীৰ সন্মুখত নিজৰ কষ্টবোৰ তেনেই তুচ্ছ বোধ হয়।কিমান যন্ত্ৰণা আৰু প্ৰতিবন্ধকাতাকো নেওচি মানুহৰ জীৱন জীওৱাৰ কি যে হেপাঁহ!!
মোৰ সন্মুখৰ চকীত এগৰাকী সত্তৰোৰ্দ্ধ মহিলা।তেখেতৰ কাষৰ চকীখনত আন এগৰাকী মহিলা।বয়স পঞ্চাশৰ ওচৰা-ওচৰি হব।তাৰ কাষৰ চকী এজন চল্লিশ-পঞ্চল্লিশৰ ওচৰা-ওচৰি বয়সৰ ভদ্ৰলোক।কথাবতৰাৰ পৰা অনুমান কৰিলোঁ বৃদ্ধা তেওঁলোকৰ মাতৃ।এনেতে মোৰ চকু গ’ল আইতাজনীৰ কাণলৈ।মানুহজনীৰ এপাত কাণফুলি নাই।পিন্ধি থকা পাত সোণৰ যেনেই লাগিল।মোৰ মনটো খুদুৱাবলৈ ধৰিলে।এপাত কাণফুলি পিন্ধি মানুহজনী কিয় আহিল!!আনপাত ক’ৰবাত পৰিল নেকি তেওঁ গম নোপোৱাকৈয়ে!!ল’ৰা-ছোৱালী হালে কথাটো গম নাপায় নেকি!!এনেকুৱা এবুৰি চিন্তাত মজি মই মানুহজনীৰ কাণখনৰ ফালে চাই থাকোতে, তেখেতৰ ছোৱালীৰ লগত মোৰ চকুৱে-চকুৱে পৰিল।অকণো পলম নকৰি মই কথাটো তেখেতক কলোঁ। উত্তৰত তেখেতে যিখিনি ক’লে শুনি মোৰ আকৌ সেই অনুভৱ হ’ল ; এওঁলোকৰ তুলনাত দেখোন মোৰ কষ্ট খিনি তেনেই নগন্য!!
” আমাৰ মা। ” ‘আলজেইমাৰ’।আজি দুবছৰমান হ’ল।সকলো কথা পাহৰে।পৰহি সোণৰ ফুলিযোৰ কৰবাত পেলালে।আজি ৰাতিপুৱাই চেইনদাল জপনামুখতে পেলাই আহিছিল।পিছত পালোঁ যেনিবা।খালী কাণে নাথাকে।গতিকে ৰাতিপুৱা কিনা এযোৰকে পিন্ধিবলৈ দিলোঁ।ইয়ালৈ অহাৰ আগে-আগে তাৰে এপাতো কৰবাত পেলালে।এইপাত খুলি আহিব কৈছিলোঁ।নুখুলে বোলে।”
এনতে ল’ৰাই ক’লে,”বৰ সমস্যা হৈছে বুজিছেনে!!”
মানুহজনীৰ মুখলৈ চালোঁ।বৰ এটা ভাল পোৱা নাই তেওঁৰ কথা তেনেকৈ কোৱা বাবে।মোলৈ চাই নিজৰ কপালত আঙুলিয়াই ক’লে, “কপালত আছে যদি ভাল হ’ম দিয়া নহয়!”
বুকুখন মোচৰ খাই উঠিল।”কিয় ভাল নহব।ডাক্টৰক দেখুৱাইছে, দৰৱ খাইছে, গতিকে ভাল হবই”মই কলোঁ। মানুহজনীৰ ওঁঠেদি হাঁহিৰ ৰেশ এটা বাগৰি গ’ল।এইখিনি কথা পাতি থকা সময়তে তেওঁ চশমাযোৰ খুলি ব্লাউজৰ ভিতৰত ভৰাই আছিল।কথা শেষ হোৱালৈকে পাহৰি গ’ল চশমাযোৰ ক’ত থলে আৰু হাহাকাৰ লগাই দিলে,”মোৰ চশমাযোৰ কোনে নিলে?”মই লাহেকৈ বুকুলৈ দেখাই দিওঁতে খেপিয়াই চাই চশমাযোৰ পালে আৰু মোলৈ চাই সন্তুষ্টিৰ হাঁহি এটা মাৰিলে।ছোৱালীজনীয়ে ক’লে,”দেখিলেনে!এনেকুৱাই কাৰবাৰ।”মানুহজনীয়ে জীয়েকলৈ ঘোপাকৈ চালে।মোৰ হাঁহি উঠি গ’ল।তেৱোঁ হাঁহিলে।এনে লাগিল যেন এখন জীৱন্ত চিনেমাহে উপভোগ কৰি আছোঁ।ট্ৰেজী-কমেদি।
কৈছোৱেই, আমাৰ আগত আৰু পাঁচজন ৰোগী আছে।তাৰে তেঁওলোক তিনি নম্বৰত।ডাক্তৰৰ ওচৰত বোন্দাপৰ দিয়াটো অতি বিৰক্তিকৰ কাম।মানুহজনীয়েও হামিয়াই-হিকটিয়াই অস্থিৰ হৈ পৰিছে।মাজে-মাজে দেৱালত থকা ঘড়ীটোলৈ চাই।এইখিনিতে যদি ওচৰতে বহি থকা ছোৱালীজনীৰ চকু দুটা জাপ খাই আহে মানুহজনীয়ে তেঁওক খুচি জগাই দিয়ে।অকণমান আগলৈ হাউলি ল’ৰাটোলৈ চাই, টোপনিয়াইছে নেকি!মাজে-মাজে ছোৱালীজনীক কিবা এটা কৈ হাঁহে।ছোৱালীজনীয়ে একো এটা নুবুজি এটা শেঁতা হাঁহি মাৰে।
এনেতে তালৈ আহক মোৰ পুৰণি সহকৰ্মী এজন।তেওঁক পাই আমি কথাত মচগুল হ’লো।কথাৰ মাজতে ক’লো যে ব্যক্তিগত অসুবিধাৰ বাবে মই চাকৰিটো এৰি দিলোঁ।তেওঁ সুধিলে,”অইন ক’ৰবাত চাকৰি বিচাৰিম নেকি?”মই কলোঁ,”নিবিচাৰোঁ, মই চাকৰি কৰিলে ল’ৰা-ছোৱালী দুটাৰ ক্ষতি হয়।টকাতকৈ এতিয়া মোৰ সময়খিনিৰহে সিহঁতৰ বেছি প্ৰয়োজন।”কথাখিনি উল্লেখ কৰাৰ এটা কাৰণ আছে।আমি কথা পাতি থকা সময়তে তেঁওলোকৰ পাল অহাত ভিতৰলৈ গ’ল।মই কথাৰ মাজতে তেঁলোকক লক্ষ্য কৰি আছিলোঁ।ভিতৰলৈ যাবলৈ ছোৱালীজনীয়ে তেওঁৰ হাতখনত ধৰাত তেওঁৰ স্বাভিমান ক্ষুন্ন হৈছে।হাত খন এচাৰ মাৰি আঁতৰাই আনি কৈছে,”নধৰিবি।মই নিজে যাব পাৰিম নহয়।”অন্যথা ছোৱালীজনীয়ে তেঁওক এৰি দিলে।
ডাক্তৰৰ কোঠাৰ পৰা ওলাই আহিবৰ সময়ত ল’ৰাজনে মাকক হাঁতত ধৰিয়েই ওলাই আহিল।ছোৱালীজনী ভিতৰতে ৰ’ল কিছুসময়।চাগে মাকে নুশুনাকৈ কিবা আলচ কৰিছে ডাক্তৰৰ লগত।ল’ৰাৰ হাতৰ খামোচটো এৰুৱাবলৈ যত্ন কৰি কৰি মানুহজনী আহি মোৰ ওচৰ পালে।”তুমি (নাম এটা কলে) নহয়নে?অমুকৰ ছোৱালী!!” মই থিয় হ’লো।কিবা এটা উত্তৰ দিয়াৰ আগতেই ল’ৰাজনে ক’লে ,”নহয় নহয়।এখেতক তুমি চিনি নোপোৱা।” “কিয় নাপাম!এওঁ দেখোন অমুকৰ ছোৱালী”তেওঁ নাচোৰবান্দা।মই লাহেকৈ গাত হাতখন দি ক’লো,”মই আপুনি চিনি পোৱা অমুকৰ ছোৱালীজনী নহওঁ বাৰু।কিন্তু আপুনি মোক চিনি পায়টো।কিয়,তেতিয়াৰ পৰা আমি কথা পাতি থকা নাছিলোঁ জানো?ল’ৰাজন সন্ত্ৰষ্ট হৈ উঠিল।”বেয়া নাপাব,মায়ে যাকে-তাকে যি টি কৈ দিয়ে।”মই কলোঁ,”আপুনি ইমান কিয় ইচ্-আচ্ কৰিছে!মই বুজি পাইছোঁ তেখেতৰ অৱস্থাটো।মই একো বেয়া পোৱা নাই।”এইবাৰ মানুহজনীয়ে মোৰ গাত হাত থৈ ক’লে,”বেয়া নাপাবা।মই তোমাক অমুকৰ ছোৱালীজনী বুলি ভাবিছিলোঁ।দেখিবলৈ একেবাৰে তোমাৰ নিচিনা।”মই হাঁহি এটা মাৰিলোঁ।ইতিমধ্যে ল’ৰাজনে মানুহজনীক বাহিৰলৈ উলিয়াই নিলে।
বুকুলৈ বিষ এটা উজাই আহিল।মই একেথৰে তেওঁ ওলাই যোৱাৰ পিনে চাই ৰলোঁ।মানুহজজনী যেন সঁচাকৈয়ে মোৰ আপোন এনে লাগিল।হঠাৎ কৰোবাৰ স্পৰ্শ অনুভৱ কৰি ঘুৰি চাই দেখিলোঁ ছোৱালীজনী। “কিছুমান কথা মা লগত থাকিলে কব।নোৱাৰি মায়ে খুব বেয়া পায়।সেয়েহে অলপ আঁচুতীয়াকৈ কথা পাতিলোঁ ডাক্তৰৰ লগত।কি কব !আমাৰ কপালৰ দোষ।মা এনেকুৱা হব বুলি সপোনতো ভবা নাছিলোঁ।মা মোৰ লগতে থাকে।ভাইটিৰ ল’ৰা-ছোৱালী সৰু।বোৱাৰী জনীয়ে সিঁহতকে চাব নে মাকেই চাব! ভাইটিয়ে অফিচ, ঘৰ, মা এইবোৰ কৰি থাকোঁতে যায়।মোৰ।ছোৱালী দুজনী।বিয়া দিলোঁ।মানুহজনো গ’লগৈ।মই অকলে থাকোঁ।গতিকে মাক ময়েই ৰাখোঁ।” মানুহজনীয়ে অনৰ্গল কৈ গ’ল।অচিনাকি হ’লেও শ্ৰোতা এজন পাই বুকুৰ অৰ্গল খুলি দিছে। বুকুতে কঢ়িয়াই ফুৰা দুখ ,ক্ষোভ,হতাশা সকলোখিনি যেন ঢল ভাঙি ওলাই আহিছে। “আজি কিছুদিনৰ পৰা মায়ে মোক।দেখিব নোৱাৰা হৈছে।বিশ্বাস কৰিবনে, দিনটোৰ চব্বিশ্ ঘন্টাৰ ভিতৰত এক ছেকেণ্ড,এক ছেকেণ্ডো মায়ে নুশুৱে। দিনটোৰ ব্যস্ততাৰ অন্তত মই যেতিয়া ভাগৰি শুই যাওঁ, মায়ে দৰ্জা খুলি ওলাই যায়।আনকি ৰাতিও।সেয়ে আজিকালি মই জিৰণি লোৱা সময়খিনি মাৰ ৰূমৰ দৰ্জাত তলা লগাই থওঁ।সেইবাবেই মায়ে মোক আজিকালি বেয়া পায়।” প্ৰমাণ মই দেখিছিলোৱেই।ছোৱালীজনীৰ চকু মুদ খাই অহাৰ সময়খিনিত মাকে বাৰে-বাৰে তেওঁক জগাই থকা। “কিন্তু কিছুমান কথা মায়ে পতককে ধৰি লয়।অলপ আগতে যে আপুনি কৈ আছিল ল’ৰা-ছোৱালীক সময় দিব লাগে বাবে আপুনি চাকৰি এৰিলে।, মায়ে আপোনালোকৰ কথা খিনি শুনি আছিল আৰু লগে-লগে মোক কৈছে ‘দেখিছ!মাক হ’লে কিমান ত্যাগ কৰিব লাগে।তেওঁ চাকৰি বাদ দিছে।এয়াই মাক।’ আচলতে মই কেতিয়াবা আক্ষেপ কৰোঁ,’জীৱনটো ঘৰ সংসাৰ চাওঁতেই গ’ল।চাকৰি পাইয়ো কৰিব নোৱাৰিলোঁ।’আপোনাৰ কথা শুনি মাৰ চাগে কথাটো মনত পৰিল আৰু মোখ লগে-লগে উদাহৰণটো দি দিলে।আপোনাৰ কথাখিনি মায়ে বৰ ভাল পালে।” মই অৱাক হৈ গ’লো!সেয়েহে মানুহজনীয়ে যোৱাৰ পৰত মোক চিনাকি চিনাকি পাইছিল।আচলতে কথাকেইটা তেওঁৰ বুকুত সোমাইছিল!! “অচিনাকি হ’লেও বহুত কথাই কলোঁ।বেয়া নাপাব।আচলতে আপোনাক কিবা আপোন যেন লাগিল।কথাবোৰ কাৰোবাক কলেও বুকুখন পাতল লাগে।নাজানো আৰু কিমান সহ্য কৰিব লগা আছে।মায়েও,আমিও।ভগবানে কাকোৱেই এনেকুৱা দিন।নেদেখুৱাওক।”কথা খিনি কৈ মানুহজনী গ’লগৈ।মই ঠাইতে ডৰক লাগি ৰলোঁ।ক্ষন্তেকৰ ভিতৰতে এটা জীয়া সাধু পঢ়িলোঁ যেন লাগিল।কিমান যে দুখ আৰু যন্ত্ৰণাৰ পাহাৰ কঢ়িয়াই ফুৰে মানুহবোৰে!!এনেতে মোৰ পাল পৰিল আৰু মই ভিতৰলৈ সোমাই গ’লো।কিন্তু মানুহজনী মোৰ বুকুতে ৰৈ গ’ল।
——————————————————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক