জীৱনক অনুপম কৰি ৰখা লেচেৰীবোৰঃ ডলী শৰ্মা তামুলী

 

মানুহ বিশেষে কিমানবোৰ সমস্যা আৰু চৰিত্ৰৰ মাজত জীৱনবোৰ চলি থাকে সেই কথা ভাবিলে সঁচাকৈয়ে আচৰিত লাগে। আটাইৰে ভিন্ন সমস্যা। যেন প্ৰত্যেকেই একোটা গল্প। সাংসাৰিক, সামাজিক, অৰ্থনৈতিক, ব্যক্তিগত সমস্যা নোহোৱা ব্যক্তি হয়তো এজনো নোলাব যিয়ে এইবোৰ সমস্যাত কাহানিও খন্তেক সময়ৰ বাবে হ’লেও সন্মুখীন হৈ পোৱা নাই। বেছিভাগ সময়তে আমি নিজৰ সমস্যাবোৰকে আটাইতকৈ গভীৰ সমস্যা বুলি ভাবি নিৰাশাত ভুগোঁ। কেতিয়াবা জীৱনৰপৰা, কেতিয়াবা নিজৰপৰা পলোৱা নজিৰো অনেক আছে। সকলোবোৰ সমস্যাৰে সমাধানৰ উপায় আছে যদিও আমি বহু সময়ত কথাবোৰ আনৰ লগত ভগাই নোলোৱাৰ বাবে, বিনিময় নকৰাৰ অভাৱতে হয়তো আৰু বেছিকৈ জীয়াতু ভুগি নিজেই একোটা সমস্যা হৈ পৰোঁ। বেছিখিনি সময়তে মান, সন্মান লাঘৱ হোৱাৰ ভয়টোৱে অহেতুক খেদি ফুৰে। যদি নিজৰ সমস্যাবোৰকে সাংঘাতিক সমস্যা বুলি পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তিজন বুলি ভবা যায়, অস্থিৰ হোৱা যায়, নিসংগ যেন অনুভৱ হয়, পৰাপক্ষত তেনেসময়ত কোনো মানসিক ডাক্তৰৰ কাষ চপা উচিত। কিন্তু সেইখিনিলৈ যোৱাৰ আগতে এবাৰৰ বাবে নিজেই নিজক সুবিধা দিয়াৰ বাবে সময় আৰু ইচ্ছা থাকে তেন্তে অলপ সময়ৰ বাবে হ’লেও কোনো এখন হস্পিতাললৈ যোৱা উচিত। পাৰিলে চৰকাৰী হস্পিতাললৈ। মানুহৰ সংগ্ৰাম, ধুনীয়া পৃথিৱীখনত আৰু কেইদিনমানলৈ আয়ুস বঢ়াই জীয়াই থাকিবলৈ থকা দূৰ্বাৰ হেঁপাহৰ যুঁজ দেখি নিজক লৈ ভাবি থকা অৰ্ধেক আৰু অহেতুক ঋণাত্মক চিন্তাৰ অধিকাংশই যে কমি যাব সেয়া নিশ্চত। গভীৰ সমস্যাবোৰো অলপ হ’লেও সাধাৰণ হৈ উঠিব।

জেঠাই এগৰাকী গুৱাহাটী মেডিকেল কলেজৰ শৈল্য বিভাগৰ আইচিইউত চিকিৎসাধীন হৈ আছে। মনবোৰ উদাস। বিভিন্ন ৰোগৰ চিকাৰ হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ ৰখীয়া, আত্মীয়সকলৰ মাজত আপোনত্ববোৰ বাঢ়ি এখন আন্তৰিকাতৰ পৃথিৱী গঢ়ি উঠে চিকিৎসালয়তে। দুখবোৰৰ কথা, আৰ্থিক সমস্যাৰ কথা, তামোল, চাহ-বিস্কুতৰ ভাগ বতৰা চলি অলপ হ’লেও এজনে আনজনক মানসিক সহযোগিতাৰে সকাহ আৰু সাহস যোগায়। আমি আইচিইউৰ বৰ্হি ভাগত অপেক্ষাত থকা সময়খিনিতে চিনাকী হোৱা চটফটীয়া ছোৱলীজনীৰ দেউতাক এজন কেঞ্চাৰ ৰোগী। ২০১৭চনৰ মে’ মাহতে ধৰা পৰা ৰোগৰ চিকিৎসা গুৱাহাটীতে কৰি কিছু সুস্হ হৈছিল যদিও যোৱা কেইবাটাও দিন উশাহ লোৱাত কষ্ট হোৱাৰ বাবে ভেণ্টিলেচনত ৰাখিছেহি। মানুহজনৰ পত্নী আৰু এইবাৰ বিজ্ঞান বিভাগত স্নাতক হোৱা বৰ জীয়ৰীয়ে দিনে ৰাতিয়ে দেউতাকৰ ৰখীয়া হৈ মজিয়াতে পাটি পাৰি কেইবাদিনৰপৰাই সীমিত আৰু কম জোগাৰেৰে সৰু ঘৰ এখনেই পাতিছিল। কাষেৰে কোনোজন ৰোগীৰ আত্মীয় পাৰ হৈ গ’লেই , হঁহাৰ চেষ্টা কৰি চকুলৈ চাইছে। ‘কাৰ কি হৈছে, ৰোগীৰ কোন হয় আপুনি’ বুলি দুআষাৰ কথাও পাতিবলৈ চেষ্টা কৰিছিল। বহুপৰ থিয় হৈ থাকি আমনি পোৱাজনকো পাটিখনতে বহিবলৈ ঠাই উলিয়ায়ো দিছিল। দেউতাকৰ ৰোগক সহজভাবে স্বীকাৰ কৰি লব পৰা হৈ গৈছে তেওঁলোকে। কথাৰ প্ৰসংগত সুধিছিলোঁ, তেওঁলোকৰ ল’ৰা-ছোৱালী কেইজন! দুজনী ছোৱালীৰে সৰু সংসাৰখনৰ আনগৰাকী জীয়ৰী এইবাৰ নৱমমানত। দেউতাকৰ বেমাৰ দীঘলীয়া হৈ অহাৰ বাবে পৰিয়ালৰ মানুহে আজিকালি সময় দিব নোৱাৰা হৈ পৰিছে। সেয়াও সহজে স্বীকাৰ কৰি লৈছে তেওঁলোকে। ‘সকলো ব্যস্ত মানুহ। আমাৰ লগত এনেকৈ দীঘলীয়া সময় দিবলৈ সকলোৰে অসুবিধা হয়’। সেইবাবে সৰুজনী ছোৱালীয়ে অকলেই ঘৰখন চম্ভালি স্কুললৈয়ো অহা যোৱা কৰি আছে হেনো। কথাখিনি কৈ থকা সময়খিনিতে কাৰোবাৰ কেঁচুৱাই বৰকৈ কান্দিছিল। কান্দোন বন্ধ নোহোৱাৰ বাবে মোৰ কাষতে বহি কথাপাতি থকা গাভৰু ছোৱালীজনীৰ মাকে বেগৰ ভিতৰত থকা চকলেটৰ পেকেটোৰ পৰা চকলেট এটা উলিয়াই কান্দি থকা কনমানি ছোৱালীজনীক দি আহিবলৈ নিজৰ জীয়েকক কৈছিল। অচিনাকী আত্মীয়বোৰৰ মাজত ছোৱালীজনীক নিচুকাৱাবলৈ যেন সকলো সৰৱ হৈ উঠিছিল। কোনো এজনে পপকৰ্ণ এপেকেটো আনি দিছিল। তথাপিও তাইৰ কান্দোন বন্ধ হোৱা নাছিল। মন কৰিলোঁ তাই ডেৰ বছৰমানো বয়স হোৱা নাছিল। ‘কাৰ কোন হয়’ বুলি সোধাত তেওঁলোকে কৈছিল, ছোৱালীজনীৰ মাক কিবা অপৰাধত জেইলত কয়দী হৈ আছিল বহুতদিন। জাপানীজ এনকেফেলাইটিছত বেমাৰত আক্ৰান্ত হৈ চিকিৎসা কৰিবলৈ হস্পিতেলত ভৰ্তি হৈছিল যদিও বেমাৰে গুৰুতৰ ৰূপ ধাৰণ কৰাত আইচিউইউত ভৰ্তি কৰাইছিল। চৰকাৰী তথ্যত থকা ঠিকনাত ঘৰলৈ খৱৰ পঠিয়াইছিল যদিও কোনো আত্মীয় তেতিয়ালৈকে দেখা কৰিবলৈ অহা নাছিল। দহদিনমানৰো বেছি হৈ গৈছিল আমি দেখা দিনাখনলৈ। মাকক আইচিউইউত সোমোৱাৰ পিচত কণমানি ছোৱালীজনী এনেদৰেই আন ৰোগীৰ আত্মীয়ৰ আপোন আৰু দায়িত্ব হৈ পৰিছিল। ৰাতিও তেনেদৰেই শুই যায় কাৰোবাৰ লগত সুবিধামতে। সকলোৱে তাইৰ বয়সৰ জোখত খাবপৰা বস্তুৰে পেটতো ভৰাই ৰখোৱাৰ চেষ্টা কৰি ৰাখে। কোনোবা সময়তে পিয়াহ লাগি মাকক বিচাৰি বৰকৈ আমনিও কৰে। তেতিয়া সকলোৰে যথেষ্ট কষ্ট হয় মনাবলৈ। মাকৰ ওচৰলৈ তাইক লৈ যোৱাৰ অনুমতি নাই। সেই সময়খিনিতো সকলোৱে কিবা কিবি দেখুৱাই ফুচুলাবলৈ চেষ্টা কৰিছিল যদিও তাইৰ কান্দোন বহুপৰ বন্ধই হোৱা নাছিল। ডেকা ল’ৰা এজনে কোচত লৈ তাইক তলৰ মহলালৈ লৈ গৈ হাতমুখ ধোৱাই কিবা অলপ খুৱাই আনিছিলগৈ। শান্ত হোৱা ছোৱালীজনী ওপৰ মহলালৈ লৈ আহি থাকোতে ভাগৰত তেওঁৰ কোচতে টোপনি গৈছিল তাই। টোপনি যোৱা ছোৱালীজনীক এইবাৰ কষ্ট নোপোৱাকৈ শুৱাবলৈ আটায়ে বিচনা, আঠুৱাৰ ব্যৱস্থা কৰিবলৈ ব্যস্ত হৈ পৰিল। ইমান সময়ে সন্মুখত দেখি থকা কথাবোৰ কৰুণ আৰু মানৱতাৰ মিশ্ৰিত এখন পূৰ্ণাংগ ছৱি যেন লাগি গৈছিল। বিষাই উঠা অন্তৰখনে নিজৰ অজানিতে ভগৱানক মিনতি জনালে, নিষ্পাপ কনমানিজনীৰ পৃথিৱীখন যেন মাকক সুস্থ কৰি ৰঙীণ কৰি তোলে। ইমান কণমানি বয়সতে জীৱনে কঠিন আৰু কৰুণ বাস্তৱৰ লগত পৰিচয় কৰাই দিয়াৰ ছৱিখন হয়তো কাহানিও পাহৰিব নোৱাৰিম। লগতে পাহৰিব নোৱাৰিম এই কথাও, যাৰ কোনো নাথাকে, নেদেখাজনে তেওঁকো অদৃশ্য উপযুক্ত নিৰাপত্তাৰে বেঢ়ি ধৰাত কৃত্ৰিমালি নকৰে। সন্ধিয়া লাগি আহিছিল। আমাৰ উভতাৰ সময় হৈ অহাৰ বাবে ঘৰলৈ আহিবলৈ ওলাইছিলোঁ।

গাড়ীত বহিও বহুপৰ এই কথাবোৰেই মনৰ মাজত চলি আছিল। এপাকত গৃহস্থক ক’লোঁ, মাজে মাজে সাহস আৰু মনোবলৰ বাবেই হস্পিতেললৈ এনেই হ’লেও অহা উচিত। ‘সময় নোহোৱা, ব্যস্ত জীৱন’ বুলি অভিযোগ কৰি থকা ক্ষন্তেকীয়া জীৱনটোৰ বাবে এনেধৰণৰ জীয়া ছৱিবোৰ নিজৰ বাবে নিজে চোৱাটো বৰ প্ৰয়োজন।
তেওঁ ক’লে, ‘এদিন শ্মশানলৈ ওলাবা। সেই অভিজ্ঞতাও যদি কেতিয়াবালৈ গোটাবা পাৰা অনৰ্থক আশা, অভিমান, অভিযোগ, সুখ-শান্তি একোৱে জীবনত নাপালো বুলি পোৱাখিনিও হেৰুৱাই কৰি থকা হাহাঁকাৰবোৰ অনেকগুণে কমি যাব’।

‘যি পাইছোঁ সেই জীৱনেই বৰ অনুপম’!

————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক