জীৱনটো এবাৰ ওভতি চাওঁ-২: সুৰজিত নেওগ

জীৱনটো এবাৰ ওভতি চাওঁ-২

সুৰজিত নেওগ

মোৰ মন যায় … মন যায় বহুত কিবা কিবি কৰিবলৈ . . . মন যায় আহিন-কাতি মহীয়া সোণোৱালী ধাননী পথাৰৰ মাজে মাজে সৰু সৰু আলিয়েদি দেই দি দেই দি দৌৰি ফুৰিবলৈ . . . এহাতত এখন ধনু, ডিঙিত এটা বাটুল গুটি ভৰ্তি মোনা, সেই কাঠনীডৰাৰ ফাঁকে ফাঁকে বান্দৰ খেদি ফুৰিবলৈ . . দুপৰীয়া ঘৰৰ যেতিয়া সকলোৱে এখন্তেক ভাত ঘুমটি মাৰে, তেতিয়া মনে মনে বৰশীডাল লৈ পিছ ফালৰ পুখুৰীত মাছ মাৰিবলৈ … মাছ পাওঁ বা নাপাওঁ, গোহালীটোৰ পিছফালে থকা গোবৰ ডৰাৰ পৰা কেচু খান্দি বৰশীৰ টোপ লগাই একান্তমনে পুঙাটোলৈ চাই থাকিবৰ মোৰ মন যায় . . . মায়ে ডবিয়াই, এই ভৰ দুপৰীয়া পুখুৰীৰ পাৰৰ পৰা আহিলিনে বুলি . . . গাত ‘বাক’ লাগি আহিব, গম পাবি তেতিয়া . . .

মনত আছে, সৰু থাকোতে আমি বছৰটোত কেইবাবাৰো মোৰ ককাৰ ঘৰলৈ দীঘলীয়াকৈ থাকিবৰ বাবে গৈছিলোঁ । তেতিয়া যাতায়ত বুলিবলৈ মাৰ্ঘেৰিটাৰ পৰা ভজোলৈ কেৱল দুখন পেচেঞ্জাৰ ট্রেইন চলিছিল । এখন ৰাতিপুৱা আৰু এখন আবেলি । যোৱাৰ আগদিনা দেউতাই দুটা বস্তু আনিছিল । এটা ডাঙৰ মাছ, মায়ে ধুই পখালি, ৰেপি ৰেপি নিমখ আৰু হালধি সানি থৈছিল আগনিশা । আমাৰ তেতিয়া ফ্রিজ নাছিল বাবে এনেকৈ থলে পিছদিনাখনলৈকে ভাল হৈ থাকিছিল । তেতিয়াৰ দিনত ডাঙৰ মাছ সহজলব্ধ নাছিল, বিশেষকৈ গাওঁ অঞ্চলত । সেয়ে দেউতাই ককা-আইতালৈ এনেকৈ মাছ এটা লৈ গৈছিল । আৰু এটা বস্তু আছিল, মলাধঁপাত । কোৱা শুনো, মাৰ্ঘেৰিটাৰ মলাধঁপাত হেনো বৰ বিখ্যাত আছিল । সেয়া ককা-আইতাৰ বাবে স্পেচিয়েল গিফ্ট । ককাৰ হোকা খোৱাৰ স্টাইলটো . . .আহ । নিজেও মনে মনে টানি চৰচৰণি খাই চকুৰে সৰিয়হৰ ফুল দেখি গৈছিলোঁ ।

যাত্রাৰ দিনা পুৱাই উঠি কুবাকুবিকৈ ৪.৩০ মান বজাত ওলাওঁ । বেগ-চেগ বোৰ দেউতাৰ ৰ’ভাৰ চাইকেলখনত লাদি বুঢ়ীদিহিং নদীৰ সিপাৰে থকা ৰেলষ্টেচনলৈ বুলি ঢাপলি মেলোঁ । ষ্টেচন পাই দেউতাই চাইকেলখন ওচৰৰ এন. কে. ঘোষৰ দোকানৰ পিচফালে থৈ আহে; ঘূৰি আহিবৰ দিনা লৈ যোৱাৰ বন্দোবস্তিৰে । দুটা ফুল আৰু এটা হাফ টিকট কিনি আমি অধীৰ আগ্রহেৰে ৰেল অহালৈ অপেক্ষা কৰো । প্র্থম ঘন্টাটো বাজিলে মানে গ’ম পাওঁ ৰেল লিডু এৰিলে । দ্বিতীয়টো মানে বৰগোলাই এৰিলে; উৎকণ্ঠাটো অলপ কমে । তৃতীয়টো বজাৰ লগে লগে প্লেটফৰ্মত থকা মানুহবোৰৰ খদম-দম লাগে । আমিও বস্তু-বাহানি বোৰ আকৌ গণি-পিতি ভালকে ধৰি থিয় হওঁ । তেনেকোৱাতে দেখোঁ, এটা ধোঁৱা বৰণীয়া চোলা পিন্ধা এজন মানুহে এডাল ডাঙৰ ৰিং হাতত লৈ ৰৈ আছে । সেই ৰিংডাল আহিব লগীয়া ৰেলখনৰ ড্রাইভাৰক তেওঁ দি দিয়ে আৰু ড্রাইভাৰে তেনেকোৱাই আন এডাল ৰিং প্লেটফৰ্মলৈ দলিয়াই দিয়ে . . . ।

ৰেলত উঠাৰ পিছত এটাই চিন্তা . . খিৰিকিৰ কাষত বহিবলৈ পাওঁ নে নাপাওঁ । কাঠৰ চিট । যেনে তেনে যোগাৰ কৰোঁ খিৰিকিৰ কাষত বহাতো । কেতিয়াবা খিৰিকি বোৰত লোহাৰ ৰেইলিং থাকে; তেতিয়া মনটো মৰি যায়, মূৰটো বাহিৰলৈ উলিয়াব নোৱাৰাৰ দুখত । চকুত প্রায়ে কয়লাৰ গুৰি সোমাইছিল । ক’লা ধোঁৱা উৰোৱাই উৰোৱাই ৰেল আগবাঢ়ে . . . পাৱৈ, ডিগবৈ . . . তিনিচুকীয়া । ইয়াতে নামি মৰিয়্নী পেচেঞ্জাৰখন ধৰিব লাগে । দৌৰা দৌৰি কৈ নামি ৰৈ থকা সিখন গাড়ীত উঠোগৈ । আকৌ ৰেল চলে . . কিছু সময়ৰ পিছত বৰডুবি … নামৰুপ, নাহৰকটীয়া . . সাপেখাটি, লংপতীয়া . . ভজো । ইয়াতে নামি পুনৰ এটা আমনিদায়ক যাত্রাৰ বাবে সাজু হওঁ । প্রায় ৫ কিমি দূৰৈৰ কাকতিবাৰী; একমাত্র বাহন চাইকেল নহলে ৰিক্সা । আগতে ঠিক কৰি থোৱা অনুসৰি ককাই পঠিয়াই দিয়া নিমাই চাইকেল দোকানীৰ দুখন ৰিক্সা সাজু হৈ থাকে ককাৰ নুমলীয়া পুতেকক পো-বোৱাৰী সহ আদৰি নিবলৈ. . . এখনত দেউতা, বস্তু বাহানিৰে সৈতে আৰু আনখনত মই আৰু মা । ভজো ৰেলষ্টেচনত দেখা মোৰ বাবে আৰু এটা অবিৰস্মৰণীয় বস্তু আছিল ২-৩ খনমান টেম্প’ ভান গাড়ী । গীয়েৰডাল আছিল বাহঁৰ, ড্রাইভাৰ ওচৰতে এটা হেল্পাৰ থাকে; সি গীয়েৰডাল ধৰি থাকে, নহলে পিচলি যায় হেনো । সেইকিখন চলিছিল সোণাৰীলৈ । মোৰ তেনে এখনত উঠি চাবলৈ বৰ মন গৈছিল তেতিয়া; কিন্তু সেয়া আজিলৈকে হৈ নুঠিল । যেইকিনহওক, ৰিক্সাত ঘেটেং মেটেং কৰি কেলধোপ কেলধোপ কৈ ঘৰ আহি পাওঁতে কিজানি ১-২ মান বাজে । প্রায় আধা ফাৰ্লং মান দীঘল পদুলি মূৰত দুজোপা নাহৰ গছে আমাক আদৰনী জনায় । পদুলিত সোমাই বাঁহৰ দলংখন পাৰ হৈ কিছু দূৰ আহি নঙলা কেইডাল খুলি দিওঁতেই আমাৰ পোহনীয়া প্রকাণ্ড কুকুৰটোৱে (টম) যেনেকৈহে নেজ জোকাৰে দেখি সকলো দুখ ভাগৰ পাহৰি যাওঁ । সি ইমান দিনৰ পিছত দেখিলেও মোক ভালকে চিনি পাইছিল; ময়ো জানোঁ, ইয়াত থকা কিদিন সিয়ে মোৰ লেঙুটিয়া য়াৰ; মোৰ ইয়াত থকাকিদিনৰ অবিচ্ছেদ্য সংগী টম । মই যলৈকে নাযাওঁ, সি মোৰ লগত যাবই । সেয়ে ককাই তাক আগদিনাই গা পা ধুৱাই চাফ চিকুনকৈ ৰাখিছিল ।

দিন বাগৰাৰ লগে লগে মই আমাৰ গাৱঁৰ ঘৰখনৰ প্ৰতিটো কাম-কাজৰ লগত পুৰণা হৈ পৰিছিলোঁ । দুপৰীয়া ভাতপানী খোৱাৰ পিছত সকলোৱে যেতিয়া এঘুমতি মাৰে, তেতিয়া মই প্রস্তুত হওঁ বৰশী বাবৰ বাবে । লগত মোৰ দোষ্ট টম । আৰু এজন ল’ৰা আছিল আমাৰ ঘৰত; তাৰ নাম পকা । আচল নাম আজিলৈকে গমেই নাপালো । মোত্কৈ কেইবাবছৰো ডাঙৰ । ককাৰ মেইন মানুহ; Man Friday । অৱশ্যে মাৰ শেন চকু সদায় মোৰ ওপৰত আছিল মই কি কৰোঁ ক’লৈ যাওঁ । যদিও মই সচৰাচৰ উৎপতীয়া স্বভাৱৰ নাছিলোঁ, তথাপিও মায়ে সদায় চকু ৰাখিছিল । অলপ আবেলি হলেই ধাননী পথাৰলৈ ধাপলি মেলোঁ । চকুৰে মণিব নোৱাৰালৈকে এখন সোণোৱালী পথাৰ । পথাৰৰ সৰু সৰু আলিয়েদি দৌৰি খুব ফুৰ্তি পাওঁ; পিছে পিছে টম । আমাৰ এখন প্র্কাণ্ড বাঁহনি আৰু কাঠনি বাৰী আছিল । ১৫ বিঘা মানৰ এখন সৰু চাহ বাগিছাও আছিল । আছিল এখন বেতবাৰী আৰু খেৰনী । মোৰ ককা যথেষ্ঠ পৰিশ্রমী আছিল । পিছত বুজিছিলো, আমৰ ১০০ বিঘাৰো ওপৰ মাটি বাৰী আছিল (আৰু এতিয়াও আছে) ।

ৰাতি (সন্ধ্যা) ককাৰ লগত বহি থকাতো হয়তো তেতিয়া মোৰ জীৱনৰ অন্যতম এক আকৰ্ষণ আছিল । জোনাক নিশা বাৰাণ্ডাত বহি হোকাটো টানি টানি ককাই বিভিন্ন কথা বুজাইছিল মই বুজি পোৱা ধৰনেৰে । আকাশৰ তৰা, হাতী, বাঘ, বান্দৰ, খোজনীয়া, শাক পাচলী, খেতি … কত যে টপিক । আমাৰ ককা এনে এজন ব্যক্তিত্বসম্পন্ন লোক আছিল যে যাৰ লগত সকলোৱে সম্ভ্রম সহকাৰে কথা পাতিছিল । ব্রিটিচৰ দিনতেই ককাই স্থানীয় চাহবাগিছা দিপলীংত (পিছলৈ Assam Tea Corporation ৰ হাতত পৰি এতিয়া মৃত্যুৰ ক্ষন গণিছে) ‘বৰবাবু’ হি্চাপে চাকৰী কৰিছিল । সন্ধিয়া আমাৰ লগত মেলত আইতাও বহিছিল চিলিম একোটা লৈ । মোৰ আইতা লাকুৱা অঞ্চলৰ বিখ্যাত ৰাজকুমাৰী (ৰাজকোৱঁৰ ) পৰিয়ালৰ আছিল আৰু সেই সময়ত যি বুজিছিলো, ককা আইতা নিজৰ মতত বিয়া হোৱা বাবে কিছু খেলিমেলিৰ সৄষ্টি হৈছিল যাৰ ফলত ককাই চিৰজীৱনৰ বাবে লাকুৱা এৰি আহি কাকতিবাৰিত থিতাপি লৈছিলহি । ৰাতি বৰ জয়াল পৰিবেশ এটাৰ সৃষ্টি হৈছিল । আমাৰ ঘৰৰ আশে পাশে কোনো জনবসতি নাছিল প্রায় ১-১/২ ফাৰ্লং মান দুৰলৈ । দুৱাৰদলিলৈকে নাহৰফুটুকী আৰু কুকুৰনেচিয়া বাঘৰ খোজ আমি প্রায়ে দেখা পাইছিলো । এনে অৱস্থাৰ বাবে আমাৰ কাৰোবাৰ বেমাৰ আজাৰ হলে বৰ আহুকাল হৈছিল । অৱশ্যে ওচৰৰ বাগিছাখনৰ ডাক্টৰজনক মাতিলেই তেখেত আহিছিল । আমি তেখেতক গগৈ বৰ্তা বুলিছিলো ।

বছৰটোৰ বিভিন্ন সময়ত আমি কাকতিবাৰীৰ ঘৰত কটাইছিলো । মোৰ বাবে আটাইতকৈ ৰঙীণ সময় আছিল বহাগ বিহুৰ সময়ত । কাৰণ তেতিয়াই ককাৰ আটাই কিজন পো-বোৱাৰী একেলগ হৈছিল বিভিন্ন ঠাইৰ পৰা আহি । মোৰ ডাঙৰ আপা (জেঠাই) ওচৰতে মাহমৰাত থাকে । পেহীদেউ আহিছিল শিৱসাগৰৰ পৰা । ডাঙৰ বৰ্তা আহিছিল গোলাঘাটৰ পৰা আৰু সৰু বৰ্তাহঁত আহিছিল কোকৰাঝাৰৰ পৰা । লগত আহিছিল এইসকলোৰে ল’ৰা-ছোৱালীবোৰ যি বেলেগ বেলেগ স্তৰত কাণ সমনীয়া আছিল । যেনে পেহীৰ দুজনী ছোৱালী আৰু সৰু বৰ্তাৰ সৰু ল‘ৰাটো মোৰ কাণ-সমনীয়া । কেনে যে ফুৰ্তি লাগিছিল তাক ভাষাৰে বৰ্ণোৱা নাযায় । যৌথপৰিয়াল কাক বোলে তেতিয়াহে হৃদয়ংগম কৰিব পাৰিছিলোঁ । বহাগমহীয়া পথাৰত ডোঙা বন্ধা পানী যুৱলীত দেউতাৰ লগত মাছ ধৰিবলৈ যোৱাৰ আনন্দই বেলেগ আছিল । ব্র্হ্ম পূৱাতে উঠি গোবৰ, তুহ গুৰিৰে সৰু সৰু লাড়ু বনাই এই পানীৰ ডোঙাবোৰত দি অহা হয় । সেয়া মাছৰ খাদ্য । মাছবোৰ যেতিয়া এই খোৱাবোৰ খাবলৈ আহি একেলগে থাকে (প্রায় ১ ঘন্টা মানৰ পিছত), তেতিয়াই জালখন পেলোৱা হয় । পুঠি, ভাঙন, সৰু বৰালী, চেং মাছ আদিয়েই প্রধানকৈ উঠে । এবাৰ এনেকৈ জাল মাৰিবলৈ যাওতে মই নিজে মাৰি জালে মানুহে পানীত পৰিছিলো গৈ । অলপ চলপ লেতেৰা পানী খালোও । পকা আৰু দেউতাই ধৰি কোনোমতে উঠালে । পিছলৈ অৱশ্যে মই মোটামুটি পাকৈত জালুৱৈ হৈছিলোঁ ।

প্রত্যেক বাৰেই এদিন আকৌ উভতি আহিবৰ হয় । আকৌ সেই একেই যাত্রা । প্রথমে ৰিক্সাত, তাৰ পিছত ট্রেইনত আৰু ফাইনেলী চাইকেলত উঠি আহি ঘৰ । পুনৰ একঘেয়েমি; পঢ়া-শুনা, স্কুল । বৰ আমনিদায়্ক । মই আজিলৈকে সম্ভৱ এটা কাম কৰি কেতিয়াও ভাল নাপালোঁ; সেইটো হৈছে স্কুল-কলেজৰ পাঠ্যপুথি পঢ়ি । পঢ়াশুনা কৰাটো মোৰ বাবে চৰম কষ্টকৰ কাম আছিল ।

এই কাহিনীবোৰ বৰ্ণাই থকিলে কেতিয়াবা যে শেষ হ’ব সন্দেহ । দিন কাল বদলি হ’ল । আমাৰ ল‘ৰাহঁতে এই কামবোৰৰ প্র্তি কোনো আকৰ্ষণ অনুভৱ নকৰে দেখোন । অৱশ্যে এদিন বা দুদিনতেনো কেনেকৈ একাত্ম বোধ কৰিব ? কিছুদিন ৰখাৰো যে উপায় নাই !! টিউচন, হ’মৱৰ্কত পিছ পৰি যাব যে । এনেকৈ গাৱঁৰ নিৰ্মল হাৱা পানী খাই বেছি দিন থাকিবলৈ হলে যে সিহঁত জীৱনৰ যুজৰ নিগনি–মেকুৰি দৌৰত বেয়াকৈ হাৰি যাব । ৯৫% নম্বৰ স্ক’ৰ বনাম নিৰ্মল আনন্দ . . . choice is yours ….!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments